কবিলৈ কিয় ইমান ভয়?

সুবোধ সৰকাৰ

জিৰপৰা একৈছ বছৰ আগতে পেৰিছৰ মুখ্য কাৰ্যালয়ত বহি ইউনেস্কোৱে ২১ মাৰ্চক বিশ্ব কবিতা দিৱস হিচাপে ঘোষণা কৰোতে তেওঁলোকে জানিছিলনে যে কবিতা লিখি যুদ্ধ বন্ধ কৰিব নোৱাৰি? কবিতা লিখি মানুহৰ মুখত ৰুটি তুলি দিব নোৱাৰি? মানুহৰ মুখত অনেক ডাঙৰ কথা, কিন্তু কোনো কবিয়ে পাৰেনে কবিতা লিখি নিজৰ কাৰণে দুখন ৰুটি যোগাৰ কৰিব? কবিতা লিখি কবিয়ে পাৰেনে তেওঁৰ বান্ধৱীক ঘূৰাই আনিব? কবিতাই যদি একোৱেই কৰিব নোৱাৰে, তেন্তে ইমানবোৰ মানুহে কবিতা কিয় লিখে? ইমানবোৰ মানুহে কবিতা কিয় পঢ়ে? ইমানবোৰ মানুহে কবিতা কিয় শুনে?

সকলো প্ৰশ্নৰে উত্তৰ আছে, এইবোৰ প্ৰশ্নৰ উত্তৰ নাই : ২১ মাৰ্চ বিশ্ব কবিতা দিৱসে পুনৰ জোৰ দি কৈ গ’ল। এনে কি ভাষা আছে য’ত কবিতা লিখা নহয়? এথনোলগ গাইড অনুসৰি পৃথিৱীত ৭১৩৯টা ভাষা আছে, সংখ্যাটো বাঢ়ে আৰু কমে। কমে— যেতিয়া ভাষাৰ মৃত্যু ঘটে, বাঢ়ে— যেতিয়া নতুন ভাষা মানুহে বিচাৰি পায়, নতুনকৈ আৱিষ্কৃত ভূখণ্ডত। সিদিনা মায়া সভ্যতাৰ কিশ্বে ভাষাৰ কবিতা শুনি যিদৰে অবাক হৈছিলোঁ, তেনেকৈয়ে অবাক হৈছিলোঁ উত্তৰ বংগলৈ গৈ কুডুখ ভাষাত কবিতা শুনি। কিশ্বে বা কুডুখ ভাষাত কবিতা লিখা হৈছে, মাত্ৰ দুজনমানে পঢ়িব, বা শুনিব, তাতে কি হ’ল? শ্বেইক্সপীয়েৰে যিসময়ত লিখিছিল, মাত্ৰ কেইজনমান ‘বৰ্বৰ’ ইংৰাজেতো শুনিছিল বা দেখিছিল বা পঢ়িছিল।

কবিসকলে যেতিয়া কবিতা লিখি খাবলৈ নাপায়, মূৰৰ ওপৰত চালি নাপায়, এতিয়াও দাৰ্শনিক বাউল কবিসকলে গছৰ তলত ভিক্ষা কৰে— যাৰ একো একোটা দৰ্শনে জীৱন সলাই দিব পাৰে— তথাপি কবি মানে হ’ল ছাই পেলোৱা ভঙা কুলা, যি কুলাৰে ছাইৰ বাদে আন একোৱেই পেলাব নোৱাৰি। এটা ঘৰ আৰু দুবেলা দুসাজ কবিসকলে পাব নোৱাৰে নেকি? কবিসকলৰ ওপৰত ৰাষ্ট্ৰৰ ইমান খং কিয়? ভাৰ্জিলক নিৰ্বাসিত কৰা হৈছিল। ওভিডক আঁতৰোৱা হৈছিল। মহাৰাষ্ট্ৰত সমাজৰ মগজু ব্ৰাহ্মণসকলে শূদ্ৰ কবি তুকাৰামক হত্যা কৰিছিল। কোনো পুলিচক মৰা নাছিল, তথাপি বেঞ্জামিন মোলওয়াজক ফাঁচি দিয়া হৈছিল। জাৰ্মানি আৰু ছোভিয়েট ৰাছিয়াত হিটলাৰ আৰু স্তালিনে কবিসকলৰ কবৰস্থানত পিকনিক কৰিছিল। ইয়াৰ পিছতো এজন কবিয়ে কিয় কবিতা লিখে? ই এক বিস্ময়! কোনো কবিয়ে ‘নোবেল পাম’ বুলি কবিতা নিলিখে। কোনো কবিয়ে বিএমডব্লিউ কিনিম বুলি কবিতা নিলিখে। লিখিলে তেওঁৰ গাড়ীও নহ’ব, কবিতাও নহ’ব।

তৰুণ কবি ৰেফাত আলিয়ে গাজাত এখন বিশ্ববিদ্যালয়ত শ্বেইক্সপীয়েৰ পঢ়াইছিল। তেওঁ তীব্ৰ ভাষাত ইজৰাইলক হত্যাকাৰী দেশ বুলি কৈছিল। তীব্ৰ প্ৰতিবাদত তেওঁৰ কবিতা জ্বলি উঠিছিল। তাৰ মূল্য ভৰিবলগীয়া হ’ল জীৱন দি। ইজৰাইলৰ বোমাৰু বিমানে তৰুণ কবিক হত্যা কৰিলে। তেওঁৰ পৰিয়ালৰ অন্য চাৰিজনৰো জীৱন শেষ হৈ গ’ল। তেওঁৰ পত্নী জীয়াই আছে। তেওঁৰ স্বপ্ন জীয়াই আছে। গাজাত তেওঁ “উই আৰ নট নাম্বাৰ্ছ” তাক প্ৰতিষ্ঠা কৰিছে, ৰাখি গৈছে স্বপ্ন, সেয়াই কবিতা, “ইফ আই মাষ্ট ডাই, লেট ইট ব্ৰিং হ’প, লেট ইট বি আ টেল।”

গাজা এনে এক ভূখণ্ড, য’ৰ কবিসকল চিৰনিৰ্বাসিত। যুদ্ধ আৰম্ভ হোৱাৰ পিছতে মোবাইল নম্বৰ চাই চাই তেৰজন কবিক হত্যা কৰা হৈছে। বিশ্ব কবিতা দিৱস পাৰ হৈ গ’ল, সেই দিনটোৰ স্মৰণত আমাৰ বাৰ্তা এয়ে হোৱা উচিত যে আমি পেলেষ্টাইনৰ কবিসকলৰ কাষত আছোঁ। য’ত য’ত কবিসকলৰ ওপৰত নিৰ্যাতন হৈছে, আমি যদি প্ৰতিবাদ নকৰোঁ, কোনে কৰিব? হে ৰাষ্ট্ৰনায়কৰ দল, তোমালোকে যে কবিসকলক হত্যা কৰিছা, তোমালোকক ভাষা কোনে দিব? কন্দাৰ সময়ত কোনে তোমালোকৰ মূৰত হাত থ’ব? পৰাজয়ৰ সময়ত কাষত কোন থাকিব? আনন্দৰ সময়ত কোনে আনন্দ কৰিব? গাজাত আজি কবিসকলে যেনেকৈ প্ৰতিৰোধ গঢ়ি তুলিছে সেয়া দেখি মনত পৰিছে, পেৰিছৰ ৰাস্তাই ৰাস্তাই হিটলাৰৰ ইহুদী নিধনৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ কবিসকলে অৱৰোধ গঢ়ি তোলা সময়ৰ কথা। আজি ইজৰাইলৰ বোমাই প্ৰাণ লৈছে পেলেষ্টাইনৰ তৰুণ কবিসকলৰ। তোমালোকৰ কাৰণে আমি প্ৰাণ দিছিলোঁ, সেই তোমালোকেই আমাৰ প্ৰাণ লৈছা। নিয়তিৰ কোনো অট্টহাস্যত কবিতা বন্দী হৈ পৰিছে আজি। ৰাষ্ট্ৰই কবিতাক বচাব নোৱাৰে, ৰাষ্ট্ৰই কবিতাক হত্যা কৰিব নোৱাৰে। তথাপি কবিক মৃত পঁইতাচোৰাৰ নিচিনাকৈ তুলি পেলাই দিয়া হয়। ইমান ভয় কিয় কবিলৈ? এটা দুটা শাৰীলৈ ইমান ভয়? স্তৱকলৈ কিয় ইমান ভয় আপোনালোকৰ?

ছিৰিয়াৰ আটাইতকৈ বিখ্যাত কবি এডোনিছ, যাৰ নাম প্ৰত্যেক বছৰ ষ্টকহমৰ নোবেল সমিতিলৈ যায়, সেইজন কবি যি ছুৰিয়েলিজিম আৰু চুফীজিমক এটা বাদামৰ খোলাৰ ভিতৰত দুটা দানাৰ নিচিনাকৈ ধাৰণ কৰিছে, সেইজন কবিয়ে গোটেই জীৱন নিৰ্বাসনৰ কবিতা লিখি যাবলগীয়া হ’ল। ৰাষ্ট্ৰই তেওঁক নিবিচাৰে। তেৱোঁ ৰাষ্ট্ৰক বিচৰা নাই। কিন্তু ইচ্ছা কৰিলেও কবিক হত্যা কৰা নাযায়। এলেন গিনছবাৰ্গে যেতিয়া ‘হাউল’ লিখিছিল, তেতিয়া সেয়া আছিল হোৱাইট হাউছৰ ওপৰত এটা বোমা থৈ অহাৰ নিচিনা। হোৱাইট হাউছে সেই বোমা গিলি পেলাইছিল। পাকস্থলী এনে এক ঠাই য’ত সকলো বোমা নিষ্ক্ৰিয় হৈ পৰে।

চিলিৰ কবি ৰাউল ছুৰিটা আৰু ছিৰিয়াৰ কবি এডোনিছ

কেইদিনমানৰ আগতে চিলিৰ কবি ৰাউল ছুৰিটাক লগ পাইছিলোঁ। নিকানোৰ পাৰাৰ পিছত চিলিৰ আটাইতকৈ বিখ্যাত কবি। পিনোচৰ পুলিচে তেওঁক ইমান অত্যাচাৰ কৰিছিল যে তেওঁ এই বৃদ্ধ বয়সত বহি থাকিব নোৱাৰে, উঠিলেও থিয় হৈ থাকিব নোৱাৰে। সকলো সময়তে তেওঁৰ সৰ্বাংগ কঁপি থাকে। যৌৱনত তেওঁক পুলিচে এনেকৈ প্ৰহাৰ কৰিছিল যে পঁইসত্তৰ বছৰ বয়সতো তেওঁ কঁপি থাকে। কবিতা লিখাৰ কাৰণে ইমান কষ্ট পাবলৈ পৃথিৱীলৈ আহে নেকি? ছাণ্টিয়াগোৰ ল’ৰা-ছোৱালীবোৰে, তৰুণ কবিসকলে তেওঁৰ ঘৰৰ সমুখত থিয় হৈ তেওঁৰে কবিতা মুখস্থ মাতি যায়। তেওঁ হয়তো বুজিবও নোৱাৰে, কাৰ কবিতা। কেৱল তেওঁৰ আঙুলিবোৰ থৰথৰকৈ কঁপি থাকে।

কবিতা পঢ়িবলৈ মই য’লৈকে যাওঁ— সেয়া গ্ৰীচৰ পাৰোছ দ্বীপ হওক বা দিনহাটা, প্ৰাগৰ মিলান কুন্দেৰাই এৰি যোৱা চুবুৰী হওক অথবা ছত্তীছগঢ়ৰ বস্তাৰ— মই তৰুণ কবিসকলৰ সন্ধান কৰোঁ। তেওঁলোকৰ সৈতে অলপ বহোঁ। তেওঁলোকৰ কবিতা শুনো। তেওঁলোকৰ মুখতে লুকাই আছে কবিতাৰ ভৱিষ্যৎ; যিটো মই পৰা নাই, যিটো আমি পৰা নাই সেয়া যেন তেওঁলোকৰ স্পৰ্ধা আৰু বিপন্নতাৰ মাজত জাগ্ৰত হৈ আছে। তৰুণ কবিৰ কবিতা পঢ়ি যেতিয়া চমকিত হওঁ, হাতত তুলি লওঁ বালুৰঘাটৰপৰা চল্লিছ মাইল দূৰত থকা ছোহেল ইছলামৰ কবিতা কিংবা প্ৰেচিডেন্সীৰপৰা স্নাতকোত্তৰ কৰা দীপশেখৰ চক্ৰৱৰ্তীৰ কবিতা, তেতিয়া ভাব হয় আহা কবিতা, দৌৰি আহা, মোক ধৰা, মোক বচোৱা, মই ৰাউল ছুৰিটাৰ নিচিনাকৈ গোটেই জীৱন কঁপিবলগীয়া যেন নহয়।

যোৱা সপ্তাহত সাহিত্য অকাদেমিৰ উদ্যোগত এশ পঞ্চাছটা ভাষাত কবিতা আৰু গদ্য পাঠ কৰা হৈছিল প্ৰায় দহ ঘণ্টা ধৰি, যিটোক ক’ব পাৰি এক বিশ্ব অভিলেখ। ভাৰতত চব্বিছটা ভাষা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত, কিন্তু তাৰ বাহিৰত আছে এহাজাৰৰো অধিক ভাষা। প্ৰতিটো ভাষাতে কবিতা লিখা হয়। সেই আটাইবোৰ ভাষাৰ কবিতা ধীৰে ধীৰে আৱিষ্কৃত হৈছে। এই আটাইবোৰ কবিতা এঠাইত গোট খুৱালে গোটেই ভাৰত হৈ উঠিব এক ‘গ্ল’বেল পাৱাৰ’। সেয়া পাঁচটা নোবেলতকৈয়ো শক্তিশালী।

তিনিশ কবিক হয়তো এটা উছৱলৈ মতা হয়, কিন্তু বাহিৰত আৰু তিনিশ থাকি যায়— তেওঁলোকৰ মাজতো হীৰা লুকাই আছে। এজন বুদ্ধদেৱ বসুৱে পাৰিছিল সমস্ত বৃত্তৰ বাহিৰত থকা এটা হীৰাৰ আঙঠি বুটলি আনিব, তেনেকৈ এজন প্ৰকৃত কবিৰ কাম হ’ল এজন কবিক আৱিষ্কাৰ কৰা। মোক কোনেও মনত নাৰাখিব, কিন্তু মই যদি এজন ভাল কবিক থৈ যাব পাৰোঁ, তেৱেঁই হৈ উঠিব আমাৰ জোনাকেৰে আলোকিত শস্যভূমি।

অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী

সুবোধ সৰকাৰ বাংলা ভাষাৰ এগৰাকী ভাৰতীয় কবি, লেখক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ২০১৩ চনত বাংলা ভাষাত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। উক্ত প্ৰবন্ধটি আনন্দবাজাৰ পত্ৰিকাৰ ২৪ মাৰ্চ, ২০২৪ সংখ্যাত প্ৰকাশ পাইছিল। কবিৰ অনুমতি সাপেক্ষে প্ৰবন্ধটিৰ অসমীয়া অনুবাদ PWFৰ পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *