ৰাজীৱ বৰাৰ ‘এইফালেও কবি আছে’

প্ৰাঞ্জল জ্যোতি দত্ত

মানুহ চেৰাই কবিতা হ’ব নোৱাৰে। মানুহৰ পৰা ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ গৈ থকা কবিতাক মানুহৰ কাষ চপাই অনাৰ বা নিয়াৰ কথা যিমান আলচ কৰা হয় সিমানখিনি বাস্তৱ প্ৰচেষ্টা সততে কমকৈ চকুত পৰে। মাজে-সময়ে তেনে গোটাচেৰেক কবিতা পঢ়িবলৈ পাওঁ বা সংকলিত হোৱাও দেখা যায় যদিও সেয়া এক কথাত ক’বলৈ গ’লে এপাচি শাকত এটা জালুকৰ লেখিয়াহে।

শেহতীয়াকৈ পঢ়া কবি ৰাজীৱ বৰাৰ এইফালেও কবি আছে (২੦২৩) শীৰ্ষক কাব্যগ্ৰন্থখনে সেই দিশত এটা গজগজীয়া খোজ পেলোৱা পৰিলক্ষিত হৈছে। পুথিখনৰ যোগেদি সিদ্ধ হোৱা কামটো কবিতাৰ বাবে খুবেই অনুকূল আৰু আশাব্যঞ্জক কথা। কাব্যগ্ৰন্থখনৰ নামটোৰ নেপথ্যত এক কৰুণ প্ৰতিবাদ আছে। সেইবাবেই পুথিখন উছৰ্গা কৰা হৈছে ‘যোগ্যতা থাকিও প্ৰাপ্তি আৰু প্ৰতিষ্ঠাৰপৰা বঞ্চিত কবিসকলৰ হাতত’। কবিৰ এই ভাব-চিন্তা অমূলকো নহয়। সেয়া বাৰু অন্য এক বিষয়। সেই বঞ্চনাৰ প্ৰতিবাদ কৰাৰ সমান্তৰালভাবে কবিয়ে সততাৰে কবিতাৰ প্ৰতি সমৰ্পিত কবিসকলক আত্মসমালোচনা আৰু নিজ দায়বদ্ধতাৰ বিষয়ে সকীয়াই দিবলৈকো পাহৰা নাই। এই নিৰপেক্ষ চৰিত্ৰই পুথিখনক গাম্ভীৰ্য প্ৰদানৰ উপৰি সাম্প্ৰতিক কাব্যচৰ্চাৰ পৰিৱেশটোক অত্যন্ত গুৰুত্বপূৰ্ণ কৰি তুলিছে। এই পংক্তিটোলৈ মন কৰক:

আকৌ এঠাইত কবিয়ে কৈছে:

এই পংক্তিবোৰৰ নিজা কিছু ক’বলগা আছে যিখিনি সকলো কবিৰ কাৰণেই পথ প্ৰদৰ্শক হৈ উঠিব পাৰে।

এনে বৈপৰীত্য, এনে স্ব-বিৰোধে কবি আৰু কবিতাৰ বিশ্বাসযোগ্যতাক নসাৎ কৰে। কবিতা এজন সঁচা কবিৰ আত্মাৰ নিভাজ স্বৰ।

এই যে আৰম্ভণিতে ওপৰত উনুকিয়াই অহা হৈছে মানুহৰ কাষলৈ কবিতাক লৈ যোৱাৰ প্ৰসংগটো, তাৰেই নিদৰ্শন কেইটামান সৰল শাৰীৰে কবিয়ে কেনেকৈ আমাৰ বুকুবোৰ শালিছে  চাওক:

নিৰ্মম হ’লেও এয়াই সঁচা। কবিতা মানুহৰ শিল্প। অথচ সাধাৰণ মানুহৰপৰা হাজাৰ যোজন আঁতৰত কবি আৰু সমালোচকৰ বৈঠকখানাতহে কবিতাৰ অৱস্থান। এয়া প্ৰহসন। ধাপ্পাবাজী। কবিতাৰ বজাৰত এনে ধাপ্পাবাজৰে দেখোন জয়জয়কাৰ।

সঁচা কথা কবিতাক এক ছিৰিয়াছ শিল্প হিচাপে গ্ৰহণ কৰি সততাৰে অনুশীলন কৰা এমুঠি কবি এতিয়াও আছে এই মুলুকত।‌ কিন্ত তেওঁলোকৰ অৱস্থান বাঘা বাঘা সাহিত্যৰ আলোচক-সমালোচকৰ পৰা বহু আঁতৰত। তেওঁলোকে কিন্ত শহা-দৌৰত চামিল নোহোৱাকৈ কবিতা লিখিয়েই আছে। তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় বেচা-কিনাৰ বজৰুৱা কিটিপবোৰ। তেওঁলোকৰ থাকে একোখন অকলশৰীয়া পৃথিৱী। সোণে নিজক সোণ বুলি জাহিৰ নকৰিলেও জানো সোণৰ চমকনিক উলাই কৰা যায়। তথাপি সেয়াই হৈছে। সেই কৰুণ উপলব্ধিক কবিয়ে উদঙাইছে এনেকৈ:

অকল কবি আৰু কবিতাৰ কথাই নে? ওহো নহয়, সেয়া মাথোঁ এক কিয়দংশহে। পুথিখনৰ প্ৰায় আটাইখিনি কবিতাই মানুহ, জীৱন আৰু সমাজনিৰ্ভৰ কিছু সুকীয়া চিন্তা,পৰ্যবেক্ষণ আৰু উত্তৰণৰ ইংগিতময়তাৰে সৰৱ।

 আৱেগসৰ্বস্ব তৰল উচ্ছ্বাস অথবা উদাত্ত শ্লোগানৰ বাহাৰ এইখিনি কবিতাত পোৱা নাযায়। তেনেদৰে এই কবিতা উত্তৰ আধুনিক কবিতাৰ নামত কৰা উদ্দাম সম্পৰীক্ষাও নহয় অথবা নহয় আত্মাৰহিত কবিতাৰ একোটা শৰীৰো। কবিৰ চেতন, মনন আৰু সৃজনৰ সমগ্ৰ সত্তাটোক আৱৰি আছে চৌপাশৰ মানুহবোৰে, সমাজখনে আৰু ভৰিৰ তলৰ মাটিডোখৰে। অথচ তাৰ ব্যাপ্তি ভৌগোলিকভাবে এক ক্ষুদ্ৰাংশতে সীমিত হৈ থকা নাই। সেইবাবেই কবিতাৰ মাজলৈ আহিছে ট্ৰাইডেণ্ট দুই, কাজবেক, হাৰাৰিৰ কথা; আহিছে বৰ্ণবাদৰ প্ৰসংগ আৰু ৰোহিত ভেমুল্লাৰ কথাও।

বহুকেইটা কবিতাৰ মাজত প্ৰকাশ পোৱা তীব্ৰ ব্যংগ আৰু শ্লেষে পাঠকৰ আত্মাক জুই-জিভাৰে চেলেকি গৈছে। এনে বোধ পাঠকৰ বাৰে বাৰে হয় যেন ক’ৰবাত আমিও দেখোন এই প্ৰেক্ষাপটবোৰৰ অংশ কিম্বা উৎসেচক। কথাবোৰে আকৌ এবাৰ ভবাই তোলে, খুলি দিয়ে আত্মবীক্ষণৰ দুৱাৰ। হয়তো তেনেকৈয়ে আত্মশুদ্ধিৰ সম্ভাৱনাৰো।

সেয়াই দেখোন হৈ আছে সৰ্বত্ৰ। কণ্ঠ ৰুদ্ধ। হাটত হেৰাইছে মাত। য’ত পানীৰ দৰত বন্ধকত থোৱা যায় বিবেক, তাত  কবিতাৰ কি কদৰ! প্ৰসাধন সনা কবিৰ দুনীয়াত কবিতাই উশাহ ল’ব কেনেকৈ—উশাহ দিব কেনেকৈ! উত্তৰবিহীন প্ৰশ্ন।‌

আন দুশাৰী চাওক:

চিকুট এটা মাৰি নিদিয়েনে  গাত ? ইমান ক্ষুদ্ৰত্বৰে জীয়াই থকাও জানো জীৱন!

পুথিখনত সন্নিৱিষ্ট এক বুজন সংখ্যক কবিতাৰ মাজত সাম্প্ৰতিক সামাজিক, ধৰ্মীয়, ৰাজনৈতিক আৰু নৈতিক কিছু স্পৰ্শকাতৰ বিষয়ত কবিৰ সুস্পষ্ট ব্যক্তব্য আৰু সোচ্চাৰ কণ্ঠ প্ৰকট হৈ পৰিছে। একে আষাৰে এইখিনিক প্ৰতিবাদী কবিতা বুলি ক’ব পাৰি।

আকৌ আন এটা কবিতাত কোৱা হৈছে:

মন কৰিবলগীয়া কথাটো হ’ল যে এয়া নিৰাপদ দূৰত্বত ৰৈ মৰা পানী-শৰ নহয়। জঁট নোহোৱা, পোনপটীয়া, ধাৰাল।‌ এয়া কবিতাৰ বাবে শুভ লক্ষণ।

পপকৰ্ন কবিতাৰ দপদপনিৰ মাজত এনে কবিতাবোৰ আত্মাৰ আহাৰেই নহয় চিন্তাৰো দিক-দৰ্শক। দেশ, মাটি, সমাজ, সময়, ভাষা-সংস্কৃতিৰ সৈতে জড়িত আৰু অনেক সংবেদনশীল বিষয় আৰু অনুষংগ পুথিখনৰ কবিতাবিলাকৰ মাজলৈ আহিছে যিবিলাকৰ পোনপটীয়া সংযোগ সাধাৰণ মানুহৰ জীৱন আৰু জগতখনৰ সৈতে, সংগ্ৰামখিনিৰ সৈতে, মানৱীয় সম্পৰ্কবিলাকৰ সৈতে।

জীৱন‌‌ৰ চিৰন্তন সৌন্দৰ্য আৰু দৰ্শনেৰে সংপৃক্ত বহু উক্তি বহুকেইটা কবিতাত হৃদয়স্পৰ্শীভাবে প্ৰকাশিত হৈছে। জীৱনৰ অন্তৰতম কোণত প্ৰৱেশি কিছুমান চিৰাচৰিত সত্যৰ কিছু বিকল্প স্বৰূপ আৱিষ্কাৰৰ তাড়না নাথাকিলে এনে কবিতা লিখা সম্ভৱ নহয়। দুটামান উদাহৰণ তুলি দিয়াৰ হেঁপাহ জাগিছে:

পুথিখনত সন্নিৱিষ্ট কবিতাৰ ভাষা আপোনাৰ-মোৰ ওঁঠৰ ভাষা। য’ত ভাষাৰ অপ্ৰয়োজনীয় কাৰচাজি নাই, শব্দৰ অনুপ্ৰৱেশ নাই। আছে এক পৰিশীলিত কাব্যময় উপস্থাপন যি সৰল হৈও সুগভীৰ আৰু অন্তৰস্পৰ্শী। এনে ভাষাৰ সাঁকোৰেহে মানুহৰ ভিতৰলৈ  প্ৰৱেশ কৰিব পাৰি—যি কবিতাৰ প্ৰাথমিক উদ্দেশ্য আৰু চৰিত্ৰও।

অসমীয়া কবিতা এক জটিল সন্ধিক্ষণত অৱস্থান কৰিছে। এই কথা অনস্বীকাৰ্য যে সমকালীন কাব্যচৰ্চাই সাধাৰণ পাঠকক কবিতাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা নাই৷ বৰঞ্চ লাহে লাহে অনাগ্ৰহীহে কৰি তুলিছে। তাৰ মূল কাৰণ সম্পৰীক্ষাৰ নামত কবিতাৰ অত্যধিক জটিলকৰণ। কবিতা মানুহৰ বাবে। তাৰ বাবে এক সচেষ্ট প্ৰয়াস লাগিব। সম্পৰীক্ষা আৰু নতুন ধ্যান-ধাৰণাও লাগিব। সৰলতাৰ নামত গদ্যপদ্যৰ তফাৎ নথকা কবিতাৰ নামত অকবিতাৰ পোষকতা কৰা হোৱা নাই। ভাল কবিতা এটা হৃদয়ংগম কৰিবলৈ পাঠক এজনৰ প্ৰস্তুতিও লাগিব। সেইখিনি কথা মানি লৈও কাব্যগুণ বিচ্যুত নোহোৱাকৈ কবিতা কেনেকৈ মানুহৰ কাষলৈ, মানুহৰ মাজলৈ উভতিব পাৰে তাৰ চিন্তা-চৰ্চা কৰাৰ সময় সমাগত।

এইফালেও কবি আছে  কাব্য-সংকলনখন পঢ়ি উঠাৰ পাছত সেই প্ৰত্যাশা বাঢ়িছে। আশ্বস্তও হৈছোঁ।

প্ৰাঞ্জল জ্যোতি দত্ত এগৰাকী কবি৷