হিতেন শৰ্মা
উইলফ্ৰেড ওৱেন প্ৰথম মহাসমৰৰ ইংৰাজী ভাষাৰ শ্ৰেষ্ঠতম কবি। উইলফ্ৰেড ওৱেনৰ প্ৰতি ডিলান থমাছৰ গভীৰ মমত্ববোধ আছিল। মই জনাত ওৱেনৰ কবিতাৰ মোল আটাইতকৈ বেছি গভীৰভাৱে উপলব্ধি কৰিছিল ডিলান থমাছে। থমাছৰ ‘Wilfred Owen’ শীৰ্ষক ৰচনাখন আৰম্ভ হৈছে এইদৰে—
“এই কিতাপখন ধীৰোদাত্তসকলৰ বিষয়ে নহয়। ইংৰাজী কাব্য এতিয়াও তেওঁলোকৰ বিষয়ে ক'ব পৰাকৈ সক্ষম হৈ উঠা নাই। নতুবা এইখন কোনো মহৎ সাফল্য বা দেশৰ বিষয়েও নহয়, নহয় কোনো যশস্যা, সন্মান, ৰাজত্ব অথবা ক্ষমতাৰ বিষয়ে, যুদ্ধৰ ব্যতিৰেকে। সৰ্বোপৰি, এই কিতাপখনৰ কবিতাৰ সৈতেও সম্পৰ্ক নাই। ইয়াৰ বিষয়-ভাৰ যুদ্ধ, আৰু যুদ্ধৰ কাৰুণ্য। সেই কাৰুণ্যৰ ভিতৰতে আছে কবিতা। তথাপি এই শোকগাথাবোৰ এইটো প্ৰজন্মৰ কাৰণে নহয়, এইখন কোনো ধৰণে সমবেদনামূলক নহয়। পৰৱৰ্তী কালত সেইবোৰ হ'লেও হ'ব পাৰে। আজি কবিয়ে অকল সতৰ্কহে কৰিব পাৰে। সেই কাৰণেই প্ৰকৃত কবিসকল সত্যবাদী হ'বই লাগিব।
আৰু এইখনেই আছিল উইলফ্ৰেড ওৱেনৰ প্ৰকাশ হৈ ওলাবলগীয়া কবিতাৰ গ্ৰন্থখনৰ পাতনি। এই গ্ৰন্থখনে ইংলেণ্ডৰ লগতে অসহনশীল জগতখনৰ সম্মুখত দাঙি ধৰিলেহেঁতেন যুদ্ধৰ মূৰ্খামি, অপ্ৰকৃতিস্থতা, সন্ত্ৰাস, অমানৱীয়তা, আৰু অসমৰ্থনযোগ্যতা, আৰু উদঙাই দিলেহেঁতেন এই সকলোবোৰৰ স্বৰূপ, যাতে আটায়ে দুৰ্ভোগ ভূঞ্জি বুজি পালেহেঁতেন প্ৰকাণ্ড ছলনাবোৰ, তৰুণ সকলক জ্যেষ্ঠসকলে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ প্ৰৱণতাবোৰ, সৈনিকসকলৰ দুঃখাৱহ আত্মাবোৰৰ প্ৰতি থকা উদাসীন মনোভাববোৰ।
এই কবিতাৰ গ্ৰন্থখনে ওৱেনে কল্পনা কৰা অনুসাৰে ট্ৰেন্সৰ অন্ধকাৰ চেলৰ গাঁতবোৰৰ, হাস্পতালবোৰৰ, যুদ্ধৰ উন্মাদ কেন্দ্ৰবোৰৰ, অসুস্থতাৰ ছুটীবোৰৰ সমাপ্তি আদিৰ ভয়াৱহ মৌনতাৰ ওৰ পেলালেহেঁতেন৷ কিন্তু এই কিতাপখনত অন্তৰ্ভুক্ত হ’বলগীয়া বহুতো কবিতা এতিয়াও সজীৱ হৈ আছে, সিবিলাকৰ বেদনা উপশম হোৱা নাই, সিবিলাকৰ সৌন্দৰ্য চিৰন্তন, সিবিলাকৰ সত্য এতিয়াও ঘোষিত হৈ আছে, সিবিলাকৰ সতৰ্ক বাণীবোৰ এতিয়াও কৰ্ণগোচৰ হোৱা নাই।
উইলফ্ৰেড ওৱেনৰ জন্ম হৈছিল ১৮৯৩ চনত আৰু মৃত্যু হৈছিল ১৯১৮ চনত। পঁচিছ বছৰ বয়সত তেওঁ আছিল প্ৰথম মহাসমৰৰ শ্ৰেষ্ঠতম কবি। হয়তোবা, ভৱিষ্যতে যদি মানুহ থাকে তেতিয়ালৈকে পঢ়িবলৈ—মই বুজাব খুজিছোঁ যে মানুহ যদি নিঃশেষ হৈ নেযায়— তেওঁ সকলোবোৰ যুদ্ধৰে এজন মহৎ কবি হিচাপে স্বীকৃতি লাভ কৰি থাকিব। কিন্তু অকল যুদ্ধইহে তেওঁৰ অথবা আন যিকোনো কবিৰে কবিতাৰ চূড়ান্ত সত্যৰ সমস্যাটো সমাধান কৰিব পাৰিব : যুদ্ধ বা ইয়াৰ নিবৃত্তি।
আৰু এতিয়া, আমেৰিকাৰ এজন সমালোচকৰ কথাৰে, যেতিয়া পৃথিৱীৰ শ্ৰোতামণ্ডলীয়ে প্ৰত্যক্ষ কৰিছে সেই শেষ আঘাতটো যিটোৱে তেওঁলোকৰ নিজৰ কৰুণ পৰিস্থিতিটো ওচৰ চপাই আনিছে আৰু বিবেকশূন্য হৈ প্ৰধান ভাৱৰীয়াসকলক এটা প্ৰবল হুলস্থূল সৃষ্টি কৰিবলৈ হেঁচা দিছে, উইলফ্ৰেড ওৱেনৰ কণ্ঠস্বৰে ত্ৰিছ বছৰ ব্যাপি আৱৰ্তিত হৈ থকা মঞ্চখন ওফৰাই আমাক সাংঘাতিক এক নতুন সাৰ্থকতা আৰু শক্তিৰ বাৰ্তাৰে উৎসাহিত কৰে। আমি তেওঁৰ কবিতাৰ কথা পাহৰি যোৱা নাই, কিন্তু হয়তো আমি ভাবিবলৈ লৈছিলোঁ যে এই কণ্ঠস্বৰ কোনো এক নিৰ্দিষ্ট সময়, এক নিৰ্দিষ্ট স্থান বা নিৰ্দিষ্ট যুদ্ধৰ বাবেহে প্ৰণোদিত হৈছিল। এতিয়া, যিটো পাৰমাণৱিক যুগৰ আৰম্ভণি হৈছে, সেইটো হয়তোবা অৱধাৰিত কাৰণতে ভৱিষ্যতৰ ঐতিহাসিকসকলে একো গমকে নেপাব; আমি দেখিবলৈ পাইছোঁ যে তেতিয়ালৈকে হয়তো কোনো ঐতিহাসিক জীয়াই নেথাকিব—ওৱেনৰ কবিতা পুনৰ অধ্যয়ন কৰি উপলব্ধি কৰিছোঁ যে তেওঁ সৰ্বকালৰ, সকলো স্থানৰ আৰু সকলো যুদ্ধৰে কবি। পৃথিৱীত মাথোন একেখন যুদ্ধ চলি আছে; সেইখন হৈছে মানুহে মানুহৰ বিৰুদ্ধে কৰা যুদ্ধ।
ওৱেনে আমাৰ বাবে ষাঠিটাতকৈও কম সংখ্যক কবিতা এৰি থৈ গৈছে, তাৰে বহু সংখ্যকে বিশুদ্ধ কলাৰ কৃতি, কিছু সংখ্যক আংশিক, কিছুমান একোটাহঁত কবিতাৰ সংশোধনীৰ বিভিন্ন ৰূপ, একেবাৰে শেষৰটো কবিতা এটা শাৰীৰ মাজ ডোখৰতে শেষ হৈছে… ‘এতিয়া আমি শোওঁগৈ ব’লা…।’ তেওঁৰ আদৰৰ কীটছৰ অনুকৰণেৰে আৰম্ভ হৈ সেই ‘নিদ্ৰা’ৰ বিস্ময়কৰ ফুচফুচনি ভূ-পৃষ্ঠৰ অন্তৰ্ভাগৰ ধ্বনিত-প্ৰতিধ্বনিত সুৰংগবোৰত— “আশ্চৰ্য্জনক মিলন”(Strange Meeting)ত শেষ হোৱা তেওঁৰ চমু জীৱনটোৰ বৰ্ণনা দিবলৈ মই চেষ্টা নকৰোঁ। এডমাণ্ড ব্লাণ্ডেনে ওৱেনৰ কবিতাসমূহৰ প্ৰত্যয়জনক যিটো সংস্কৰণ সম্পাদনা কৰিছে তাৰ পাতনিখন নিপুণ আৰু প্ৰীতিপূৰ্ণ। তেওঁৰ কবিতাসমগ্ৰ ক্ষুদ্ৰ কিন্তু বহুত মহত্বপূৰ্ণ, তেওঁ যি প্ৰচণ্ড শক্তিৰে সেই কবিতাবোৰ ৰচনা কৰিছিল বা যি কবিত্বৰ মহিমা তেওঁ সেইবোৰত আৰোপ কৰিছিল সেয়া এতিয়াও পাঠকসকলৰ মনোজগতত সক্ৰিয় হৈ আছে—ভাষাৰ মনোমোহা অলংকৰণ, পৰম্পৰাৰ পৰা আহৰণ কৰা সাংগীতিক লয়ৰ উজ্জ্বল প্ৰয়োগ, প্ৰাকৃত ভাবানুষংগ, গধূৰ স্বৰসংহতিৰ ক্ৰম, কাব্যিক পদ সম্ভাৰক পৰিশুদ্ধিৰ প্ৰক্ৰিয়াৰে পেশীকৰণ, ক্ষোভিত কাৰুণ্য আৰু ভৱিষ্যমুখী তেজাল আশাৰ প্ৰভাৱেৰে।
কিন্তু এইবোৰ শব্দ মাত্ৰ, মোৰ শব্দ। ফ্ৰান্স আৰু পৃথিৱীৰ যুদ্ধক্ষেত্ৰসমূহৰ অগ্ন্যুজ্জ্বল প্ৰেক্ষাপটত তেওঁক দেখাৰ আগতে তেওঁক আমি শুনো আহক। এই কবিতাটোৰ শিৰোনাম ‘উন্মীলন’ (Exposure):
আমাৰ মগজুবোৰ বিষাইছে, নিষ্ঠুৰ হিম-চেঁচা পূৰ্বী-বতাহৰ সোঁতে চোকা ছুৰীৰে আমাক ৰেপি ৰেপি কাটি আছে... পৰিশ্ৰান্ত হৈ আমি সাৰে আছোঁ কাৰণ ৰাতিটো নীৰৱ”1
এই কবিতাটোৰ আলোচনা প্ৰসংগত থমাছে ১৯১৭ চনত চফল ডেকা ওৱেনে মৃত্যুৰ মাত্ৰ এবছৰ আগতে ফ্ৰান্সৰ চোম্মেৰ পৰা মাকলৈ সেই নাৰকীয় শীতৰ মাজতে লিখা চিঠি এখনৰ উদ্ধৃতিৰে উল্লেখ কৰিছে, “ফ্ৰান্সত থকা-মেলাৰ এটা মজাৰ অনুভূতি উপলব্ধি কৰিছোঁ, আৰু মই বেছ স্ফুৰ্তিতে আছোঁ” আৰু সঙ্গীসকলৰ উল্লেখ কৰি কৈছে, “মই একেলগে থকা আটাইতকৈ বেছি দুৰ্দান্ত বদমাছৰ দল এইটো”৷ প্ৰথম বন্দুকৰ গুলিৰ শব্দ শুনি তেওঁ কৈছিল, “এই শব্দটোত এটা সৰগীয় প্ৰভাৱ নথকা নহয়” থমাছে এইটোও কৈছে যে প্ৰথম প্ৰথম সৈন্য বাহিনীত যোগদান কৰাৰ পিছত তৰুণ ওৱেনে ‘যুদ্ধৰ মহিমা’ও পাৰস্পৰিক ধৰণে অনুভৱ নকৰাকৈ থকা নাছিল, যদিও শেহলৈ সেই ধাৰণাটো উৱলি গৈছিল।
থমাছে কৈছিল সংসাৰখনক তেওঁ উপলব্ধি কৰিছিল আৰু য়েটছে এবাৰ কোৱাৰ নিচিনাকৈ আটাইবোৰ অভিজ্ঞতাই তেওঁৰ চৈতন্যৰ আলোকপ্ৰপাতত উজলি উঠিছিল। সংসাৰখন তেওঁৰ মাজত অভিজ্ঞাত হৈছিল। ইয়াৰ সকলো যন্ত্ৰণা তেওঁৰ বাহিৰে-ভিতৰে সক্ৰিয় হৈ আছিল। আৰু তেওঁৰ সকলোবোৰ মানৱীয় ত্ৰাস, বেদনা আৰু আৰ্তিৰ প্ৰতি অনুভৱ কৰা নিবিড় কাৰুণ্যৰ বোধটোক ৰণ-শিঙাৰ জিহ্বাখন প্ৰদান কৰিছিল। …তেওঁ জানিছিল মানুহৰ মাজত তেওঁ অকলশৰে থিয় হৈছিল, তেওঁলোকৰ যন্ত্ৰণাৰ হেতু তেওঁ যুঁজিব লাগিব; অজ্ঞতা, অহংকাৰ, গীৰ্জাঘৰ আৰু ৰাষ্ট্ৰশক্তিৰ প্ৰাচীৰ ভাঙি চূৰমাৰ কৰিব লাগিব। তেওঁ জন-শূন্য দেশত ত্ৰাতা ৰূপে পৰিত্ৰাণৰ পথ মোকলাব লাগিব। …আৰু এই বোধেৰে অনুপ্ৰাণিত হৈ তেওঁ লিখিছিল ‘বৃহত্তৰ প্ৰেম’ নামৰ কবিতাটো৷
যন্ত্ৰণাৰ ভাগ নোলোৱাকৈ থকাটো তেওঁৰ কাৰণে অসম্ভৱ আছিল। তেওঁ প্ৰতিটো আঘাতকে নিজৰ বুলি অনুভৱ কৰিছিল৷ মৰিবৰ বাবে তেওঁৰ যে কিমানবোৰ মৃত্যু আছিল, অথচ সেই সকলোবোৰ ভোগ কৰাৰ বাবে তেওঁৰ যে জীৱনটো কিমান চুটি আছিল! জীয়াই থকাহেঁতেন তেওঁ যে কি হ’লহেঁতেন সেইটো ভাবিবই নোৱাৰি! ছাব্বিচ বছৰ বয়সতে বা তেনেকুৱাতে তেওঁ হৰ্ষমূৰ্ছা (হিষ্টিৰীয়া) ৰোগত আক্ৰান্ত হয়। …এজন মানুহৰ কবিতাবোৰ, যদি সেইবোৰ সাৰ্থক কবিতা হয়, কবিজনৰ তুলনাত বহুত বছৰ বেছি জীয়াই থাকে; আৰু কেতিয়াবা কেতিয়াবা সেইবোৰ কালাতীত হয়। …ওৱেন জীয়াই থকাহেঁতেন, ইংৰাজী কবিতাৰ ধাৰাটো এতিয়াৰ দৰে হৈ নেথাকিলহেঁতেন৷ কবিতাৰ ধাৰাটো কিছুমান আপতিক ঘটনাৰ দ্বাৰা নিৰ্ণীত হয়৷ তথাপি, পৰৱতী কালৰ ইংৰাজী ভাষাৰ কবিসকলৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা চাৰিজন কবিৰ ভিতৰত ওৱেনও এজন; আন তিনিজন কবি হৈছে জেৰাৰ্ড মেনলি হপকিন্স, শেহ বয়সৰ ডব্লিউ. বি. য়েটছ আৰু টি. এছ. এলিয়ট।
লগতে পঢ়ক একেজন লেখকৰ : কবিতাৰ সন্দৰ্ভত
তেওঁ ভুল কৰিবলৈ, অঁকৰামূৰীয়া আৰু প্ৰায়ে ভেমৰ বশৱৰ্তী হ’বলৈ, দ্ব্যৰ্থক আৰু বিমূঢ় হ’বলৈ বাধ্য হৈছিল৷ শেষত প্ৰতিজন মানুহে কৰাৰ নিচিনাকৈ, তেওঁৰ গোটেই যুঁজখন নিজেই যুঁজিবলৈ বাধ্য হৈছিল৷ তেওঁ হাৰি হাৰিও জিকিছিল। তেওঁ জীৱনৰ অন্তিম অৱস্থাত বহুতো মৃত্যুৰ পিছত এখন চিঠিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ এফাকি কবিতাৰ উদ্বৃতি দি থৈ গৈছিল, “মই ইয়াৰ পৰা যেতিয়া গুচি যাম, এইটোৱেই হওক মোৰ বিদায়ৰ বাণী যে মই যি দেখিলোঁ সেয়া তুলনা বিহীন৷”2
.................................................. টোকা:
- এই কবিতাটোৰ দুটা অংশ৷ প্ৰথমটো অংশত চাৰিটা স্তৱক আছে৷ দ্বিতীয় স্তৱকটোৰ বাহিৰে বাকী তিনিটা স্তৱকত সামৰণী শাৰীটো পুনৰাবৃত্তি কৰিছে; সেইটো হৈছে: “একোটোৱে নঘটে।”দ্বিতীয় স্তৱকটোৰ সামৰণী শাৰীটো এটা হৃদয় বিদাৰক প্ৰশ্ন–“আমি ইয়াত কি কৰি আছোঁ?”
দ্বিতীয় অংশটোৰ আৰম্ভণীটোও মৰ্মস্পৰ্শী:
“শেতা কপহুৱা তুষাৰখণ্ডবোৰে ধীৰে ধীৰে গোপনে চুই চাবলৈ আহে আমাৰ মুখমণ্ডলবোৰ—
আমি গাঁতত কুঁচি-মুচি সোমাই পাহৰা সপোনবোৰ পাগুলি আছোঁ…
এইবাৰ প্ৰথমটো স্তৱকৰ সামৰণী শাৰীটো আমাৰ ভিতৰখন খান্দি খহাই যোৱা এটা প্ৰশ্ন :
“এয়া কি আমি মৰিব লাগিছোঁ নেকি?”
বাকী তিনিটা স্তৱকৰ সামৰণী শাৰীটো পুনৰাবৃত্তি কৰিছে:
“আমি আমাৰ মৰণৰ পিনে উভতি গৈ আছোঁ” ↩︎ - গীতাঞ্জলি, ‘যাবাৰ দিন’। ↩︎
ডিলান থমাচৰ এই আলোচনাটো ১৯৪৬ চনৰ ১৭ জুলাই তাৰিখে বিবিচিৰ প্ৰাচ্য সেৱা বিভাগে সম্প্ৰচাৰ কৰিছিল। পিছত তেওঁ এইটো Quite Early One Morning নামৰ সংকলনখনত প্ৰকাশ কৰিছিল। প্ৰকাশকঃ J.M. DEMT & SONS, London, ১৯৪৬ নৱেম্বৰ। উল্লেখ থাকে যে এই কিতাপখন ইমান জনপ্ৰিয় হৈছিল যে একেটা মাহতে ইয়াৰ দুটা সংস্কৰণ প্ৰকাশ হৈ ওলাইছিল৷
হিতেন শৰ্মা এগৰাকী কবি, অনুবাদক আৰু লেখক৷ তেওঁ ডিগবৈ মহাবিদ্যায়লৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক৷