তলা আৰু চাবি
তলা আৰু চাবি
দুয়ো দুয়োৰে
এটাৰ বাবে আনটো
তথাপিও দুয়ো একে নহয়
তলা গদ্যৰ দৰে গহীন
চাবি কবিৰ দৰে অস্থিৰ
তলাৰ হাতত সকলো গতাই দি
শান্তিৰে টোপনি যায় মানুহ
দূৰদূৰণিলৈ গুচি যায় মানুহ
চাবিক কিন্তু লৈ ফুৰে লগতে
তথাপিও চাবি হেৰাই যায়
কোনেও গম নোপোৱাকৈ
তলাই গম নোপোৱাকৈ
চাবিক হেৰুৱাই তলাই
টোপনি যাব নোৱাৰে
উশাহ ল’ব নোৱাৰে
ঢৌবিহীন নদীৰ পানী নিশ্চল
চাবিবিহীন তলাও অচল
চাবিক বিচাৰি যাব নোৱাৰা তলাবোৰ
নিজৰ ঠাইতে ওলমি থাকে
বিষণ্ণতাৰ কঠিন ভাস্কৰ্য হৈ
এদিন অদৃশ্য দুৱাৰ এখনত
চাবি হেৰুৱাই ওলমি থকা
কঠিন ভাস্কৰ্যটোৱে মোক দেখি ক’লে—
অবিশ্বাসী মানুহৰ বাবেই
আমাৰ জন্ম হৈছিল এদিন
আজি আমাকো বিশ্বাস নকৰি মানুহে
দুৱাৰত ‘চেঞ্চৰ’ লগায়
অ’ এইটোচোন কথা কোৱা তলা
কথা পাতিবলৈ লগ এটা পালোঁ
ঘৰ
ঘৰ এটা বান্ধিলা
ঘৰৰ গেটত তোমাৰ নামফলক লগালা
প্ৰাপ্তিৰ সুখবোৰ যাতে ওলাই যাব নোৱাৰে
তাৰ বাবে ৰাতিৰ গেটত গ্ৰীলত তলা
ঘৰ এটা বান্ধিলা
অঘৰী হোৱাৰপৰা বাচিলা
অৱশ্যে হকে-বিহকে বাঢ়িল তোমাৰ উদ্বিগ্নতা
ঘৰ ঘৰ বুলি কিন্তু তুমি বলিয়া হ’লা
ঘৰৰ ভিতৰতে থাকিলে ওলাই যাবলৈ
ওলাই গ’লে ঘৰলৈ উভতিবলৈ অস্থিৰ হ’লা
পিছে, ঘৰৰ ভিতৰতে থাকিও
ভাবনাৰ বৰষুণত জুৰুলি-জুপুৰি হ’লা
কুমলীয়া ৰ’দতে দেখোন জঁই পৰি গ’ল
তোমাৰ সপোনৰ কুঁহিপাত
ঘৰৰ ভিতৰতেইচোন শংকাৰ বুলেটে
ধৰাশায়ী কৰে তোমাক
বুজি নাপালা দেহি
ঘৰৰ শৰীৰটো যে সঁচা
তোমাৰটোহে মিছা
সঁচাই মিছাক ৰক্ষা নকৰে
আৰু একেলগে বাস নকৰে
ঘৰ স্থিৰ আৰু অচঞ্চল
তুমি অস্থিৰ আৰু চঞ্চল
ঘৰ বাকহীন আৰু তুমি বাংময়
কথাবোৰ নিমিলিল
তথাপি এদিন কিজানি
তুমি বন্ধা ঘৰৰ দেৱালতে
ওলমি থাকিব পাৰা
এখন তৈলচিত্ৰ হৈ
থাকিবও পাৰা নাথাকিবও পাৰা
An English translation of the poems.