‘পথাৰ’ৰ কবি ৰাম গগৈ : কবিতা আৰু মানুহজন

চেনীৰাম গগৈ

ৰাম গগৈ

থাৰৰ কবি’ বুলি পৰিচিত অসমীয়া কবি ৰাম গগৈক তেওঁৰ বহুতো গুণমুগ্ধই ‘পৃথিৱীৰ কবি’ বুলিও অভিহিত কৰিছে৷ এনে অত্যুৎসাহে কবিজনক জোখতকৈ বেছি বিখ্যাত হোৱা বা তেওঁৰ পাঠক বৃদ্ধি হোৱাত সহায় কৰা নাই৷ এমুঠি অসমীয়া পঢ়ুৱৈৰ মাজত প্ৰতিষ্ঠিত কবি এজনে ‘মই পৃথিৱীৰ কবি’ বুলি কবিতা এটা লিখিলেই তেওঁ পৃথিৱীৰ কবি হ’ব নোৱাৰে৷ পৃথিৱীৰ কবি হ’বলৈ হ’লে ভাৰতবৰ্ষ আৰু অন্য দেশতো তেওঁৰ কবিতাৰ মান নিশ্চিত হ’ব লাগিব৷ কেইটামান কবিতা অন্য ভাষালৈ অনূদিত হোৱাটোৱে কবি এজনক ৰবীন্দ্ৰনাথ, এলিয়ট বা নেৰুডাৰ সমান কৰিব নোৱাৰে৷ সেয়ে কবি ৰাম গগৈক ‘পৃথিৱীৰ কবি’ নুবুলি তেওঁৰ বহু পঠিত কবিতা ‘পথাৰ’ৰ প্ৰাসংগিকতাৰে ‘পথাৰৰ কবি’ বুলিলেই ভাল হয়৷ এই পথাৰৰ কবি ৰাম গগৈ এসময়ত বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সদস্য আছিল; সাধাৰণ মানুহ, শ্ৰমিক-কৃষকৰ চেতনাক উজ্জীৱিত কৰিবৰ কাৰণেই তেওঁ কবিতা, গল্প আৰু উপন্যাস ৰচনা কৰিছিল৷ ৰাম গগৈৰ কবিতা সম্পৰ্কে হেম বৰুৱাই সঠিক ৰূপত লিখিছিল, “Ram Gogoi’s poetry has a Marxist touch, not of book learnt type, but one that springs from self realization due to natural contact that the poet has with vital spring of life.”

পথাৰৰ কবি ৰাম গগৈয়ে এসময়ত অসমৰ এমূৰৰপৰা আন মূৰলৈ গৈ কবি সন্মিলন, কবিতাৰ সংগঠন কৰি ঘূৰি ফুৰোতে আমি কেইবাবাৰো লগ পাইছিলোঁ৷ স্নাতক পৰ্যায়ত অসমীয়া পাঠ্যক্ৰমত তেওঁৰ কবিতা ‘পথাৰ’ পঢ়ি পৰীক্ষাত উত্তৰ লিখিবলগীয়া হৈছিল আৰু তাৰ অলপ দিনৰ পাছতে অসম সাহিত্য সভাই আয়োজন কৰা এটি লেখক শিৱিৰত যোগ দিবলৈ গৈ ড বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, ডলক্ষ্মীনন্দন বৰা, মহিম বৰা, ড নগেন শইকীয়া আদি বৰেণ্য সাহিত্যিকসকলৰ সৈতে প্ৰথমবাৰৰ বাবে তেওঁক দেখাৰ সৌভাগ্য হৈছিল৷ তেওঁক দেখি সেইদিনা মোৰ সাউতকৰে হো চি মিনৰ ছবিখন মনলৈ আহিছিল৷ পৰৱৰ্তী কালত অসমৰ বিভিন্ন ঠাই, যেনে গুৱাহাটী, টেঙাখাত, বোকাখাত, কামপুৰ, নগাঁও, নাহৰকটীয়া, ডিব্ৰুগড় আদি ঠাইত অনুষ্ঠিত কবিৰ সভাবোৰত লগ পাই, কথা পাতি তেওঁৰ কবি-ব্যক্তিত্বৰ উমান ল’ব খুজিছিলোঁ৷ নতুনকৈ কবিতা লিখিবলৈ লোৱা নবীন আৰু তৰুণ কবিসকলক তেওঁ বৰ মৰম কৰিছিল, লিখিবলৈ আৰু পঢ়িবলৈ উৎসাহ যোগাইছিল৷ তেওঁ প্ৰায়েই কপাহী কাপোৰৰ পৰিষ্কাৰ চোলা-চুৰীয়া পিন্ধি ডিঙিত গামোচা আৰু কান্ধত এটা সেউজীয়া মোনা লৈ কবিতাৰ সভাবোৰলৈ আহিছিল৷ তেওঁৰ সহজ-সৰল ব্যৱহাৰে সকলোকে মুগ্ধ কৰিছিল৷

কবি ৰাম গগৈক লগ পোৱাৰ পাছৰপৰাই তেওঁৰ আটাইবোৰ কবিতা পঢ়াৰ ইচ্ছা হৈছিল আৰু সেইখিনিৰ মাজৰ ‘মাটিৰ স্বপ্ন’, ‘পথাৰ’, ‘এটম বোমা’, ‘পেট্ৰিক লুলুম্বা’, ‘কলিকতা’, ‘নগাপাহাৰ’ আদি কবিতা পঢ়ি তেওঁৰ দৰ্শন আৰু চেতনাৰ নীৰৱ উত্তেজনা অনুভৱ কৰিছিলোঁ৷ গদ্যৰ স্পন্দন, ছন্দৰ মুক্তক উঠা-নমা, কেতিয়াবা আটিল আৰু কেতিয়াবা শিথিল শব্দ চয়নেৰে সজোৱা কবিতাবোৰৰ বক্তব্য সদায় স্পষ্ট আৰু যিকোনা পাঠকেই সহজে বুজিব পৰা৷

কবিজনৰ বহুপঠিত ‘পথাৰ’ কবিতাটো পঢ়ি ধাৰণা হয় যে কবিতাটোৰ লিখন অথবা নিৰ্মাণৰ বেলিকা যেন বিশেষ যত্নৰ প্ৰচেষ্টা নাই, তাৰ স্তৱকবোৰৰ মাজৰ গতিশীল চিন্তা আৰু চেতনাৰ তীব্ৰতাক সততে বিচাৰি পোৱা কিছুমান শব্দই লয়লাস ভংগীৰে আগবঢ়াই লৈ গৈছে৷ কবিতাটোৰ সামগ্ৰিকতাই পথাৰখনক এক পতিয়নযোগ্য চিত্ৰকল্পত পৰিণত কৰিছে আৰু ই পাঠকক অনুপ্ৰাণিত কৰিছে যে বিদ্ৰোহ আৰু সংগ্ৰামৰ ক্ষেত্ৰত এই পথাৰখনেই হ’ব পাৰে তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ পাঠশালা৷

“সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজৰঙা ইতিহাস লিখা হয়৷
পৰিৱৰ্তন৷ আৰু হাল কোৰ দা লৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক-কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি, সমস্ত শোষক :
বানপানী পাৰ ভাঙি আহিব নোৱাৰে৷
সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়, বাকৰিত সোণগুটি লাগে৷”

“হে’ সৃষ্টিসম্ভৱা বিশাল পথাৰ
তোমাক নমস্কাৰ৷” (‘পথাৰ’)

ৰাম গগৈৰ আনবোৰ কবিতাত কবিতা থাককেই বা নাথাকক, সমাজৰ নিপীড়িত সাধাৰণজনৰ প্ৰতি থকা তেওঁৰ দায়ৱদ্ধতা প্ৰকাশ কৰাত অলপো হীন-ডেঢ়ি হোৱা নাই৷ তেওঁৰ কবিতাৰ বিষয় অসমৰ নেলী-গহপুৰৰপৰা নাৎসীৰ গেছ চেম্বাৰ, হিৰোচিমা-নাগাচাকি, ইথিওপিয়ালৈকে বিস্তৃত৷ ক’ব পাৰি যে কবি ৰাম গগৈয়ে তেওঁৰ ৰাজনৈতিক দৰ্শনৰ দ্বাৰা প্ৰৰোচিত হৈ লিখা কিছুমান কবিতা অৱশ্যে তেনেই সহজ শ্লগানলৈ পৰ্যবশিত হৈছিল৷

ৰাম গগৈক বিচাৰি এদিন ডিব্ৰুগড়ত

এসময়ত মই কৰ্মসূত্ৰে ডিব্ৰুগড়ৰ ওচৰৰ ডিকমত আছিলোঁ৷ বন্ধৰ দিন এটাত ডিব্ৰুগড়ত ঘূৰি ফুৰোতে হঠাৎ দেখিলোঁ যে ৰাম গগৈ ৰিক্সা এখনত বহি এফাল গৈ আছে৷ মই আলিবাটটোৰ সিপাৰৰপৰা গগৈদা, গগৈদা বুলি চিঞৰি ভীৰৰ মাজেৰে কুকুৰখুজীয়াকৈ দৌৰিছোঁ যদিও তেওঁ মোক ঘূৰি চোৱা নাই৷ শেষত মই যেতিয়া ৰিক্সাৰ গতি অতিক্ৰমি আগফালৰপৰা মাতিলোঁ, তেওঁ ৰিক্সা ৰখাই মোক চিনি পোৱা নাই বুলি ক’লে৷ মই মোৰ নাম কৈ তেওঁক আগতে বহুবাৰ লগ পোৱাৰ কথা ক’লোঁ, কিন্তু মই আৰু অধিক কিবা কোৱাৰ আগতেই তেওঁ মাথোন ক’লে, “তুমি ভুল কৰিছা, ৰাম নহয়, মই তেওঁৰ ভায়েক লক্ষ্মণহে! আমি দুয়োজন দেখাত একেই৷”

ৰাম গগৈৰ বন্ধু কবি অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ সৰকাৰ আৰু চুজাউদ্দিন আহমেদ

নামৰূপত সভা পাতি ‘সদৌ অসম কবি সন্মিলন’ গঠনৰ সময়ত কবি অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ সৰকাৰ আৰু প্ৰায় কবিৰে দীঘল দীঘল কবিতাবোৰ মুখস্থ কৰিব পৰা কবি চুজাউদ্দিন আহমেদৰ সহযোগিতা আছিল৷ তেওঁলোকৰ মাজৰ বন্ধুত্ব ৰাম গগৈৰ মৃত্যু পৰ্যন্ত বৰ্তি আছিল৷ বিশিষ্ট কবি, অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়া বীৰেন গগৈয়ে টেঙাখাতত আয়োজন কৰা এখন কবি সন্মিলনৰ নিমন্ত্ৰিত অতিথি হৈ অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ সৰকাৰ আগতীয়াকৈ আহি ৰাম গগৈৰ ঘৰতে আছিল আৰু অনুষ্ঠানলৈ একেলগে আহি আমাৰ দৰে তৰুণসকলক উৎসাহিত কৰিছিল৷ কবি সন্মিলনৰ অন্তত সন্ধিয়া ঘৰুৱা পান-ভোজনৰ আড্ডাত তেওঁলোকে কৰা কবিতাৰ সৰস আলোচনাত উপস্থিত থাকি মুগ্ধ হৈছিলোঁ৷ কবিৰ সৈতে মানুহ আৰু শ্ৰেণী-বিভক্ত সমাজৰ সম্পৰ্ক কেনে হোৱা উচিত, ৰাজনৈতিক দৰ্শন কবিৰ বাবে কিমান গুৰুত্বপূৰ্ণ ইত্যাদি কথাবোৰ তেওঁলোকে কৈছিল৷ সেইদিনাৰ আড্ডাত অংশ লৈ আমি প্ৰথমবাৰৰ বাবে গম পাইছিলোঁ যে ৰাম গগৈ প্ৰকৃততেই এগৰাকী নিৰহংকাৰী, সৰল মনৰ মানুহ আছিল৷ তেওঁ সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাইছিল৷

লগতে পঢ়ক: ৰবীন্দ্ৰ সৰকাৰ :  সত্তৰৰ পদাতিক

ৰাম গগৈৰ জীৱনপঞ্জী

জন্ম: ১৯৩১৷ টিংখাঙৰ ওচৰৰ ২নং ঘূৰণীয়া গাঁও৷

শিক্ষা: টিংখাং হাইস্কুল, খোৱাং হাইস্কুল, কটন কলেজ৷ স্নাতক৷

কটন কলেজৰ সহপাঠীসকল: হোমেন বৰগোহাঞি, প্ৰফুল্ল ভূঞা, বীৰেন দত্ত, বীৰেশ্বৰ বৰুৱা আদি সাহিত্যিকসকল৷

কৰ্ম-জীৱন: চাচনী, ঔফুলীয়া আদি অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক৷ শেষত চাচনি গেথুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক৷

পৰিয়াল: ১৯৫৬ চনত নিৰলা চাংমাইৰ সৈতে বিবাহ৷ পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যাৰ পিতৃ৷ কবি-লেখক ডাঃ গোলোক গগৈ আৰু কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীৰ এসময়ৰ গ্ৰন্থাগাৰিক, গীতিকাৰ কুল গগৈ তেওঁৰ দুই জ্যেষ্ঠ ভাতৃ৷

প্ৰকাশিত গ্ৰন্থসমূহ: কবিতা-পুথি— মাটিৰ স্বপ্ন (১৯৬৩); মই পৃথিৱীৰ কবি; হে’ পৃথিৱী অন্তৰতমা (১৯৮৬); কোমল গান্ধাৰ (১৯৯৪)৷ উপন্যাস— স্বপ্ন, হৃদয় নদী; সমুদ্ৰ সুদূৰ; বিশল্য কৰণী৷ গল্প— কেঞাবন

একালত ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সক্ৰিয় সদস্য৷ ১৯৬২ চনত অসম বিধান সভাৰ নিৰ্বাচনত জয়পুৰ (নাহৰকটীয়া-টিংখাং) সমষ্টিৰ পৰাজিত নিৰ্দলীয় প্ৰাৰ্থী৷

অসম সাহিত্য সভাৰ উপ-সভাপতি (১৯৯੦-১৯৯১)৷

চীন চৰকাৰৰ দ্বাৰা আমন্ত্ৰিত ভাৰতীয় সাহিত্যিক দলৰ সদস্য হৈ চীন দেশ ভ্ৰমণ (১৯৮৫)৷

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি৷

মৃত্যু: ৯ জুলাই, ১৯৯৪৷

চেনীৰাম গগৈ এগৰাকী জ্যেষ্ঠ কবি।