মূল : ডিলান থমাছ
অনুবাদ: হিতেন শৰ্মা
(ছাউথ ৱেলছৰ ছোৱানচি নামৰ চহৰ এখনত ডিলান মাৰ্লেইছ থমাছৰ ১৯১৪ চনৰ ২৭ অক্টোবৰ তাৰিখে জন্ম হৈছিল আৰু মৃত্যু হৈছিল নিউয়ৰ্ক চহৰত ১৯৫৩ চনৰ ৯ নৱেম্বৰ তাৰিখে। এলিয়ট আৰু এজৰা পাউণ্ডৰ বুদ্ধিদীপ্ত আৰু গভীৰ পঠন-পাঠনৰ প্ৰভাৱেৰে কবিতাৰ জগতখনত ৰসগ্ৰাহী পাঠকসকলৰ মাজত জটিল চাপৰ সৃষ্টিকাৰী পৰিৱেশ এটাৰ বিপৰীতে একে সময়তে অ’ডেনৰ নেতৃত্বত আন এদল কবিয়ে নিৰস আৰু নিৰ্জীৱ সামাজিক-ৰাজনৈতিক কবিতাৰে বিৰুদ্ধবাদী ঢৌ এটাৰ সহায়ত তদানীন্তন ইংৰাজী কবিতাৰ ৰসাস্বাদনকাৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। দোমোজাৰ এই সন্ধিক্ষণত ডিলান থমাছে কবি হিচাপে আত্মপ্ৰকাশ কৰি তেওঁৰ স্বকীয় প্ৰতিভা আৰু অৱচেতন মনত কঢ়িয়াই অনা ওৱেলছৰ প্ৰাণোচ্ছ্বল কাব্যিক পৰম্পৰাটোৰ জৰিয়তে এটা মনপৰশা আৰু মন্ত্ৰৰ মহিমাৰে হৃদয় আলোড়িত কৰিব পৰা নতুন কাব্যিক ভাষাৰ উদ্ভাৱন কৰিছিল। সেই ভাষাক তেওঁ গভীৰতা দান কৰিছিল প্ৰায় ধৰ্মীয় স্তৰৰ অটল মানৱীয় আস্থাৰে। তেওঁৰ কবিতাই আটলান্টিক মহাসাগৰৰ দুয়োটা পাৰতেই মানুহৰ চৈতন্যত মাৰ নোযোৱা এক উচ্চল খলকনিৰ সৃষ্টি কৰিছিল। ১৯৫২ চনত প্ৰকাশ হৈ ওলোৱা তেওঁৰ Collected Poems 1934-1952 সেই সময়ত পৃথিৱীৰ সৰ্বোচ্চ বিক্ৰী হোৱা কাব্য-সংকলন আছিল। তেওঁৰ কবিতাই মানুহক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। আজিও তেওঁৰ কবিতাৰ সেই প্ৰভাৱ অক্ষুণ্ণ।
চি. বি. কক্স নামৰ এগৰাকী যশস্বী সমালোচকে থমাছৰ কাব্যিক প্ৰভাৱৰ উৎস এইদৰে ফহীয়াই দেখুৱাইছে— “By exhortation, bardic gestures, and assertive rhythms he labours to coerce his readers and himself into acceptance of life”। আন এগৰাকী কৃতী সমালোচক কাৰ্ল ছেপিৰ’ৱে শ্ৰোতামণ্ডলীৰ ওপৰত থমাছে নিজে কৰা তেওঁৰ কবিতাৰ আবৃত্তিৰ প্ৰভাৱ সম্পৰ্কে মন্তব্য কৰি কৈছে— “This audience sees Thomas as a male Edna St. Vincent Millay, or perhaps a Charlie Chaplin; they hear the extraordinary vibrato, a voice of elation and anguish singing over their heads. They know it is acting. They know this is poetry and they know it is for them.”)
সংগীতৰ আচৰত গোৱা গীতবোৰ ভাল কবিতা হ’ব পাৰে বুলি মই মানি লওঁ– তেনেকৈয়ে বহা কোঠাত অথবা বাণীবদ্ধ কৰা কোঠাত আবৃত্তি কৰা আপদীয়া পদ্যবোৰো–কিন্তু খুহুটীয়া প্ৰবচন আদিক কোনো কালেই কবিতা বুলি স্বীকৃতি দিব নোৱাৰিম। ষ্টিফেন্স, মই ভাবোঁ আপুনি মোৰ তুলনামূলকভাৱে অপৈণত কাব্য সত্তাক লেং মাৰিছে। তৰুণ প্ৰজন্মক তেওঁলোকৰ জ্যেষ্ঠসকলে তৰলমতি বুলি আখ্যা দিছিল। কিন্তু এতিয়া আৰু নোৱাৰে। এতিয়া আমিহে তেওঁলোকৰ কৃত্ৰিমতাক নিন্দা কৰোঁহক। মই বৰং সেই সূক্ষ্মদৰ্শী সৰু ছোৱালীজনীয়ে ম্যেক্সবীয়েৰবোমৰ চিত্ৰত থকা মেথ্যু আৰ্নল্ডক ভর্ৎসনা কৰি “কিয়, মেথ্যু খুৰা, ওঁহ কিয়, আপুনি নিৰন্তৰে পূৰাপূৰি গহীন হ’ব নোৱাৰে?” বুলি কৰা প্ৰশ্নটোৰ সৈতে সহমৰ্মিতা অনুভৱ কৰোঁ। মই কবিতাৰ আলোচনাৰপৰা বিপজ্জনক মূৰ্খামিক বৰ্জন কৰাৰ পক্ষপাতী; ময়ো আপোনাৰ সমানেই কাণে কাণে ফুচফুচাই কোৱা কথাবোৰক আৰু একেবাৰে উত্তাল গুণ-কীৰ্তনকো ঘৃণা কৰোঁ, আৰু মই দুতৰপীয়া ভণ্ডামিৰ পদ্ধতিটোকো, যিটোৱে এই বুলি ছলাহী কৰি দাবী কৰে যে “মই হৈছোঁ ক্ৰমওৱেলে মৃদুভাৱে খুন্দিয়াই যোৱা ধ্বংসস্তূপসমূহৰ মাজৰ এটা” –এইটো কাউপাৰ অথবা ফ্ৰান্সিচ থম্পছনৰ কথাৰে ক’বলৈ গ’লে, গহীন আৰু অগতানুগতিক কবিতাসমূহতকৈ বেছি ভাল কবিতা বুলি মত দিব নোৱাৰিম। এইটো মাত্ৰ এটা বৰ বেলেগ ধৰণৰ কবিতা।
কবিতা সম্পৰ্কে কোৱা প্ৰায় প্ৰতিখিনি কথাই আন যি কোনোৱে কোৱা কথাৰ সমানেই সঁচা আৰু গুৰুত্বপূৰ্ণ। কিছুমান মানুহে কবিতাৰ যাদুকৰী প্ৰভাৱৰ ক্ষেত্ৰত শাৰীৰিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে– যেনে, পৰম বিশ্বস্বনীয় সত্যৰ উদ্ভাস, আত্মিক সংবেদ, ব্যক্তিগত অভিজ্ঞতাৰ উচ্চতম স্তৰৰ প্ৰকাশৰ সৈতে একাত্ম সাযুজ্য ইত্যাদি : তেওঁলোকে কয় তেওঁলোকৰ চকুলো বোৱাই অনা নাড়ীকেইডাল ছিগি যোৱাৰ উমান তেওঁলোকে পাইছে, নতুবা তালুত কিহবাই দংশন কৰিছে, নতুবা ৰাজহাড়ত কিহবাই পিৰপিৰাইছে অথবা কলিজা বুলি ভবা অংশটোত কম্পন অনুভৱ কৰিছে। আন সকলে কয় যে “এইটোৱেই আচল বস্তু” –এইধৰণৰ কিবা এটা অস্পষ্ট ধাৰণা ক’ৰবাত অনুভৱ কৰে। আন কিছুমানে দাবী কৰে যে কবিতাৰ “শুদ্ধ নান্দনিক আবেগ” পদাংশসমূহৰ আংশিক ধ্বনিগত সাদৃশ্য আৰু আদ্যাক্ষৰ অথবা ধ্বনিৰ ওচৰা-উচৰি পদসমূহৰ সৈতে থকা মিলৰ ফলত উদ্ভৱ হয়। আৰু কিছুমানে, প্ৰথম প্ৰথম ওলোৱা চিনেমাৰ ছবিসমূহ দেখি মন্তব্য কৰাৰ নিচিনাকৈ কয়, “হে হৰি, ইয়ে আমাক মুগ্ধ কৰিছে!” এৰা, স্বাভাৱিকতেই, ঈশ্বৰৰ শপত, ইয়ে আমাক মুগ্ধ কৰে, কিয়নো, বাস্তৱত যি অতীত সেয়াই হৈছে কবিতাৰ মোহিনীৰ অন্য এক অভিধা।
কবিতাৰ মোহিনী সদায়ে আকস্মিক। কোনো কবিয়ে কবিতাৰ জটিল শিল্প-নিৰ্মিতিৰ ওপৰত নিবিড় শ্ৰম নকৰিলেহেঁতেন যদিহে তেওঁৰ অন্তৰত দৈৱাৎ, অপ্ৰত্যাশিতভাৱে তেনে মোহিনী উদ্ভৱ হ’ব বুলি আশাৰ ৰেঙনি নেথাকিলহেঁতেন। তেৱোঁ চেষ্টাৰ্টনৰ সৈতে ঐকমত্য হ’ব লাগিব যে বিস্ময়কৰ ঘটনাসমূহ অকস্মাৎভাবেই সংঘটিত হয়। আৰু শ্ৰেষ্ঠতম কবিতাটো সেইটোৱেই যিটোৰ পৰিশ্ৰমী যাদুকৰী শক্তিবিহীন দফাসমূহ গাঁথনি আৰু ঘনত্বৰ ফালৰ পৰা মোহিনী-সমৃদ্ধ আকস্মিকতাৰ আটাইতকৈ বেছি ওচৰ চপা।
আৰু এটা ক’বলগীয়া কথা। এজন কবিৰ বাবে তেওঁৰ কবিতা জগতৰ আটাইতকৈ বেছি মূল্যবান বস্তু। এটা ভাল কবিতা বাস্তৱ সমাজখনলৈ এটা অৰিহণা। এটা ভাল কবিতা সংযোজনৰ পিছত পৃথিৱীখন কেতিয়াও একেই হৈ নেথাকে। এটা ভাল কবিতা বিশ্বখনৰ ৰেহ-ৰূপ আৰু সাৰ্থকতাৰ পৰিৱৰ্তন ঘটোৱাত সহায়ক হয়, প্ৰতিজন ব্যক্তিৰে আত্মজ্ঞানৰ পৰিসৰৰ লগতে তেওঁৰ চাৰিওফালৰ পৃথিৱীখনৰ জ্ঞানৰ পৰিসীমাও বিস্তৃত কৰে।
মই ভাবোঁ এইখিনিতে এক বিষম ধৰণৰ আত্মম্ভৰিতাৰ স্থিতি হৈছে– আৰু এক উদ্ভট যুক্তিৰ অৱতাৰণা কৰা হৈছে– নিজৰ কবিতাৰ বিক্ৰীৰ মন্দাৱস্থাক লৈ কবিয়ে গৌৰৱ বোধ কৰিছে। স্বাভাৱিকতে প্ৰায় প্ৰতিজন কবিয়ে বিচাৰে যে তেওঁৰ কবিতাবোৰ সম্ভৱপৰ আটাইতকৈ বেছি সংখ্যক মানুহে পঢ়ক। কাৰণ শিল্পীসকলে তেওঁলোকৰ সৃষ্টিসমূহ পিৰালিৰ চুকত পেলাই থ’ব নিবিচাৰে। আৰু সম্ভাৱ্য পাঠকসকলক সামৰি থকা সমাজখনৰ প্ৰতি অৱজ্ঞা মানে কবিৰ আপোন প্ৰতিভাৰ গভীৰ অৰ্থময়তাক অৱজ্ঞা কৰা। আপুনি যদি ভাবি থাকে যে আপোনাৰ সৃষ্টি কোনেও পঢ়িব নেলাগে, এটা সময়ত দেখিব যে সঁচাসঁচি সেইটোৱে হৈছে : কোনোৱে সেয়া পঢ়াৰ প্ৰয়োজনবোধ নকৰিব, কাৰণ সেই কবিতা আপুনি একমাত্ৰ আপোনাৰ বাবেই লিখিছে : আৰু ৰাইজে আপোনাৰ পদূলিৰ জপনা জোৰ-জবৰদস্তিৰে খুলি আপোনাৰ ব্যক্তিগত অনুষ্ঠানত ভাগ লোৱাৰ কোনো প্ৰৱণতা অনুভৱ নকৰিব। তদুপৰি, আপোনাৰ সমকালীন সকলৰ লেখাক যদি গুৰুত্ব নিদিয়ে সেয়া হ’ব আপুনি বাস কৰা জগতখনৰ সমস্ত মজ্জা অংশটোকে অৱজ্ঞা কৰা, আৰু অৱশ্যেই আপোনাৰ কৃতিকেই নিশকতীয়া কৰা। তাৰ ক্ষেত্ৰীয় পৰিসীমা আৰু সম্ভাৱনা সংকুচিত কৰা : লিখি থকা অৱস্থাতে অৰ্ধমৃত হোৱা।
ইয়াৰ উপৰি, এজন কবি তেওঁৰ জীৱদ্দশাৰ এটা অতি ক্ষুদ্ৰ ভাগৰ বাবেহে কবি : বাকী থকা বৃহৎ ভাগেই তেওঁ এজন মানুহ যাৰ দায়িত্বসমূহৰ এটা হৈছে যিমানে বেছি পৰা যায় সিমানে বেছি তেওঁক আৰু তেওঁৰ অন্তৰখনক আৱৰি থকা সংসাৰখনক জানিব লাগে আৰু উপলব্ধি কৰিব লাগে যাতে তেওঁ লিখিবলৈ লোৱা কবিতাবোৰে যেন ১৯৪৬ৰ এই বিশেষ সময়ৰ আপাতদৃষ্টিত নৰক-গামী পৃথিৱীখনৰ সামূহিক অভিজ্ঞতাৰ চূড়ান্ত ৰূপটো সাৰ্থকভাৱে ব্যঞ্জিত কৰাৰ এক প্ৰচেষ্টা কৰিব পাৰে।*
* এই লেখাটো BBCৰ ‘Light Programme’ শীৰ্ষক অনুষ্ঠানত ১৯৪৬ চনৰ ১৮ জুন তাৰিখে প্ৰচাৰিত হৈছিল। জেমছ স্টিফেন্সৰ সৈতে থমাছৰ ‘Poets on Poetry’ লানি আলোচনাৰ মূল পাঠৰ উদ্ধৃত অংশটো Quite Early One Morning নামৰ গ্ৰন্থখনত সংকলিত। প্ৰকাশক : J.M. DEMT & SONS, London, 1954। আলোচনা লানিৰ অধ্যক্ষ আছিল জেৰাল্ড বুলেট।
হিতেন শৰ্মা এগৰাকী কবি, অনুবাদক আৰু লেখক৷ তেওঁ ডিগবৈ মহাবিদ্যায়লৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক৷