অনুভৱ তুলসী
প্ৰেম বিমূৰ্ত এক ভাবনা। ব্যাকৰণৰ গুণবাচক বিশেষ্য। ক্ৰিয়াপদটো ক’ত?
প্ৰেমৰ ক্ৰিয়াপদটো মোৰ নহ’লেই নহয়, পদাৰ্থৰ অভিকেন্দ্ৰলৈ যাব লাগে।
ক্ৰিয়াপদৰ উদ্দীপনা লাগে তাৰ বাবে। পদাৰ্থৰ অভিকেন্দ্ৰলৈ মই নগ’লে কোন যাব? মই যাবই লাগিব। মোৰ যোৱা এক ক্ৰীড়া; এক কেলি বিৰল পথাৰত, ধান আৰু গাখীৰতী বতাহৰ। টোপনি যোৱা বিচনা নহয়। টোপনিও বিৰল ক্ৰিয়াপদ বিচাৰি যোৱা, আৰু আজিকোপতি ঘূৰি নহা। যাৰ ঘূৰি অহালৈ মই ৰৈ থকা নাই। মই অভিকেন্দ্ৰ বিচাৰি ফুৰিছোঁ। পদাৰ্থ, অ-পদাৰ্থ হয়তো প্ৰেম। যাৰ ক্ৰিয়াপদ মোক অবিলম্বে লাগে। যাৰ মতে মই কবিতা লিখিবই লাগে। কবিতা মানে প্ৰেমৰ ক্ৰিয়াপদ।
মই কিয় লিখোঁ—প্ৰশ্নটো মনত উদিত হ’লেই মন হৈ পৰে গভীৰভাৱে অশান্ত; অস্থিৰ এক সাগৰ যেন। এনে অস্থিৰ, অশান্ত অৱস্থাত কোৱা কথাবোৰৰ আয়ুস কিমান? নিতান্তই কিবা নক’লেই নহয়। সেয়ে কিছু কৃত্ৰিমতাত আশ্ৰয়–ক’বলৈ বিচৰা কথাবোৰ মনৰ কেতবোৰ আচহুৱা সংৰচনা। যোচেফ ব্ৰডস্কিৰ কবিতাৰে যদি কওঁ— I sit by the window in the dark. Like an express,/the waves behind the wavelike curtain crash.//… I sit in the dark. And it would be hard to figure out/which is worse: the dark inside, or the darkness out.//
আগতে ভাবিছিলোঁ অৱচেতনৰ ফচলহে কবিতা। সম্প্ৰতি মনলৈ অনুপ্ৰৱেশ ঘটিছে এই কথাৰ ‘poetry writing itself is a civilizing act’ প্ৰথমটোৰ তুলনাত মোৰ মনত দ্বিতীয়টোৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে নেকি? এনেকুৱা কথা এটা মহান কবি পাবলো নেৰুডাই কৈছিল, ‘poetry is inner calling in man’।
এবাৰ এনেকৈয়ো ভাবিছিলোঁ—আমাৰ আইৰ মুখৰ ভাষাত কবিতা লিখা সতীৰ্থসকলৰ অনুপ্ৰেৰণাই মোক কবি কৰিছে—আকৌ উদভ্ৰান্তৰ দৰে ভাবিছোঁ, আমাৰ ভাষাত কোনেও যদিহে আগতে কবিতা লিখা নাছিল, প্ৰথম কবিজন হোৱাৰ জোখাৰে প্ৰয়োজনীয় কোষ কেইটামান মোৰ মন-মগজুত আছে—সিও পিতৃপ্ৰদত্ত নহয়, মোৰ, স্বকীয় আৰু একক কোষ।
সাঁজলগা পৰত আগফালৰ বাৰাণ্ডাত বহোতে উজলি উঠা তৰাকিটাৰ লগতে জিকমিক অনেক জোনাকী প্ৰশ্নৰ স’তে মোৰ ভাব বিনিময় হয়—কবিতা তাৰেই ফচল।
সৰুতে হাতত কাঁচিখন লৈ মাজ পথাৰত থাকোতে আকাশৰ ৰবাব বৰণীয়া মেঘ আৰু মেঘৰ ছবিবোৰৰ স’তে মোৰ ভাব বিনিময় হৈছিল—সেই বচনাতীত বিনিময়েই মোৰ কবিতা।
কেঁচা তেজ দেখিলে মই থিৰেৰে থাকিব নোৱাৰোঁ, মোৰ চিন্তা-ভাবনা-দুশ্চিন্তা সকলো তেজত লুতুৰি-পুতুৰি হৈ পৰে। তাৰপৰাই নদী এখন উজাই আহে মোৰ মন-মগজুৰ অশান্ত-অস্থিৰলৈ—সেই নদীখনেই মোৰ কবিতা।
কবি উইলিয়াম বাটলাৰ য়েৎছ কথিত ‘চেইলিং টু বাইজেনটিয়াম’ নামৰ কবিতাৰ বাইজেনটিয়ামৰ, প্ৰাচীন গ্ৰীচৰ সেই সোণাৰীজন হৈ বিশ্ব প্ৰপঞ্চৰ সৌন্দৰ্য-কদৰ্য কৰ্ষণ কৰিব খোজোঁ—সেই কৰ্ষণৰেই এটা ৰূপ হয়তো মোৰ কবিতা।
আধুনিক কলাৰ এক অতিকৈ প্ৰভাৱশালী উপাদান চিনেমাৰ প্ৰতি মোৰ অনুৰাগ—সেই দিশৰপৰা অহা অনুপ্ৰেৰণাৰ মনৰ ভাব-চিন্তানুভূতিত এক কলাজ, মণ্টাজৰ সংৰচনা—সেয়েই হয়তো মোৰ কবিতা।
লগতে পঢ়ক অনুভৱ তুলসীৰ সৈতে কথোপকথন
মানৱীয় সম্পৰ্কৰ অন্তঃগূঢ় ৰহস্যৰ প্ৰতি মোৰ মনৰ যিটো টান, প্ৰকৃতি, অপ্ৰকৃতি, অতিপ্ৰকৃতি আদিৰ প্ৰতি যিটো আকৰ্ষণ আৰু মিলন বিচ্ছেদৰ যি ৰূপ আৰু ৰূপান্তৰ—সিবোৰৰ প্ৰতিচ্ছবি, প্ৰতিধ্বনিয়েই হয়তো মোৰ কবিতা।
সৰুতে ৰেডিঅ’ত কথা আৰু গান শুনি বিস্ময়াভিভূত হৈছিলোঁ, মনলৈ এনে ভাব আহিছিল, ৰেডিঅ’ৰ ভিতৰত নিশ্চয় মানুহ সোমাই আছে—তেনে ভাব-কৌতূহল মনত লৈ ৰেডিঅ’ৰ আগফাল-পাছফাল ভালকৈ চাইছিলোঁ; কোনো মানুহ নেদেখি মনৰ কৌতূহল আৰু বাঢ়িছিল। তেনেকৈয়ে কুমলীয়া বয়সতে পঢ়া পদ্যবোৰৰ প্ৰাণ টানি নিয়া পংক্তিবোৰৰ শক্তিয়ে মনলৈ বিস্ময় আনিছিল, ভাবিবলৈ বাধ্য হৈছিলোঁ, শব্দৰ ভিতৰতো, শব্দৰ আত্মাতো তেনেকৈয়ে সোমাই থাকে কিজানি উকমুকৰ পোৱালী—এই উকমুকৰ পোৱালীৰ সন্ধানতেই হয়তো পিছলৈ নিজেও পদ্য ৰচনাৰ প্ৰতি আগ্ৰহী হৈ উঠিছিলোঁ।
কবিতা কি কাৰণে লিখোঁ, কি কাৰকৰ প্ৰভাবত লিখোঁ, প্ৰশ্নটোৰ হয়তো এক সঠিক আৰু সৰ্বগ্ৰহণযোগ্য উত্তৰ নাই। প্ৰতিজন মানুহৰ মনৰ ভিন্নতাৰ কাৰণ, কাৰক আৰু বৰ্জন-গ্ৰহণ ভিন্ন ধৰণৰ হ’ব পাৰে।
কবিতাক কবিতা বা পদ্য যি নামেৰেই নামাতো কিয়, মোৰ কবি জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত দুই-এক শব্দ পোনতে মনলৈ আহিছিল, মনৰ ভিতৰত থকা সঙ্গ-নিঃসঙ্গ আন কেতবোৰ শব্দ আৰু ভাব-অনুভূতিৰ লগ লাগি পদ্য বা কবিতা হৈছিল বা নহৈছিলগৈ। মনলৈ শব্দ ক’ৰপৰা আহে—এই প্ৰশ্নটোৱে মন-মননত দোলা দিবলৈ ধৰে। পিছলৈ এই কৌতূহল আৰু অধিক তীব্ৰ হৈ উঠে। ক’ৰ পৰা আহে শব্দ, এই অহাটো কেনেকুৱা প্ৰপঞ্চ? যিমানে দিন যায় সিমানে আগ্ৰহ বাঢ়ি যাবলৈ ধৰে। এসময়ত মনলৈ এনে এক প্ৰত্যয় আহিল, কবিতাৰ এক প্ৰত্নপাঠ, প্ৰত্নবীজ অদৃশ্য হৈ থাকে। মূলৰ কবিতাটো সদায়েই অদৃশ্য, সদায়েই বচনাতীত—সেই কবিতাৰ প্ৰত্নবীজে হয়তো কবিক প্ৰৰোচিত কৰে সংবেদী, অনুৰূপ পাঠ ৰচনাৰ বাবে। অদৃশ্য কবিতাটো নীৰৱ ভাষাৰপৰা তুলি অনা কামটো কবিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। এনে প্ৰত্যাহ্বানৰ প্ৰতি সদৰ্থক সঁহাৰিয়েই মোৰ কবিতা।
লোককবিতাৰ যি বিস্ময়কৰ যাদুগুণ সেই বিষয়ে সামান্যভাবে অবহিত হোৱাৰ পিছত মনলৈ এনে ভাব আহিল—কবিতা লিখিবৰ বাবে বিদ্যাৰ্জন, বহু পুথিচৰ্চা, বহু বিষয়ৰ বিশেষজ্ঞ হোৱা, কৃত্ৰিম জ্ঞানাৰ্জন মুঠেই প্ৰয়োজনীয় নহয়। কবিতা বিশ্ব প্ৰপঞ্চৰ, পদাৰ্থৰ প্ৰাণবস্তুৰ স’তে মনৰ অন্তঃগূঢ় সংলাপহে। এক যোগাযোগহে।—এই সংলাপ আৰু যোগাযোগ মানুহৰ সহজাত প্ৰবৃত্তি। এই সংলাপ আৰু যোগাযোগৰ মই জনা ভাষালৈ লিপ্যন্তৰ, প্ৰতিলিপি কৰাৰ প্ৰয়াস চলিবলৈ ধৰে—সেইবোৰৰ অধিকাংশই বিফল প্ৰয়াস—বিফলতাৰো কিবা এক অৰ্থ থাকিব পাৰে বুলি ধৰি লৈ মই লিখি যাওঁ, তেনেকৈয়ে মই লিখি আছোঁ।
ইংৰাজী ভাষাৰ প্ৰাক-ৰমন্যাসিক কবি উইলিয়াম ব্লেইকৰ ছংছ অব ইন‘ছেন্স নামৰ এখন কবিতাপুথি আছে। এই পুথিৰ ইন’ছেন্স শব্দটোৱে মনত বিশেষভাবে ক্ৰিয়া কৰে। ইন’ছেন্স মনৰ নিৰ্জ্ঞান অৱস্থা হয়তো—এই ইন’ছেন্স সংবেদী মনৰ এক ধুমুহা হয়তো, প্ৰহেলিকা, উন্মাদনা, কিজানি অন্ধতা, কিজানি প্ৰেম—কবিতাৰ বহিঃ আৰু অন্তঃ পাঠ নিৰ্মাণত এই অন্তৰ্নিহিত শক্তিবোৰৰ ভূমিকা প্ৰধান আৰু অধিক গুৰুত্বপূৰ্ণ। এই শক্তিবোৰৰ ক্ৰিয়াশীলতাৰ গুণতেই হয়তো মই কবিতা লিখোঁ—আন কথাত, এই শক্তিবোৰৰ ক্ৰিয়াশীলতাৰ দৃশ্যগ্ৰাহ্য বোধগ্ৰাহ্য ভাষিক ৰূপেই হয়তো মোৰ কবিতা।
মই ক’ব নোৱৰাকৈয়ে এক ধৰণৰ চহা মন লৈ চলি আহিছোঁ। সেয়ে কবিতা আৰু ইয়াৰ চৌপাশে গঢ় লৈ উঠা ৰাজনৈতিক ৰহস্যৰ গোন্ধ-ভাপ মই নাপাওঁ।
মোৰ সংবেদনৰ শিপাডাল আমাৰ গাঁৱৰ সাৰুৱা-সুফলা মাটিত—কিয়নো মই জন্মিছিলোঁ এক কৃষিজীৱী পৰিয়ালত, খেতি-বাতিৰ মাজেৰে মোৰ শৈশৱ-কৈশোৰ অতিবাহিত হৈছিল। সেয়ে মোৰ ভাব-ভাষাও চহা ৰূপৰেই। মই কবিতা কিয় লিখোঁ কথাটো এক চহা উপমাৰেই ক’বলৈ প্ৰয়াস কৰিম—এইটোৱেই মোৰ অভিব্যক্তিৰ স্বাভাৱিক গুণ। মৎস্যজীৱী নোহোৱাকৈ অত্তাবিঅ’ পাথে যদি মাছ আৰু পানীৰ উপমাৰে কবিতাৰ ভাষিক কালিকাৰ বিষয়ে নতুন দিকনিৰ্ণায়ক কথা ক’ব পাৰে—কৃষিজীৱী হৈ মইনো নোৱাৰিম কিয়—এই ৰূপকটো হ’ল ঘাঁহ আৰু গৰুৰ। জীৱনৰ প্ৰয়োজনত পথাৰৰ ৰ’দত গা ধুই থকা ঘাঁহৰ গৰু-গাই কাষ চাপি যায়। যিমান পাৰে সিমান সেউজ ঘাঁহৰ আগ টুকি লয়—আজৰি পৰত সেইবোৰ পাগুলে আৰু তাৰপৰা যিখিনি সাৰবস্তু সংগ্ৰহ হয়, তাৰেই জীৱন চলি যায়। সেউজ ঘাঁহৰ আগে গৰু-গাইৰ জীৱনীশক্তি কেনেকৈ বৃদ্ধি কৰে, গৰু-গাই সেই কথা কোৱাত অপাৰগ। সবাতোকৈ জ্ঞানী গৰু বা গাইজনীয়েও একো নোৱাৰে ক’ব। সেইটো এক বিস্ময়। আমিও জীৱনত নানান অভিজ্ঞতা আৰ্জো। সেইবোৰৰ সাৰসত্তাৰপৰা কেনেকৈ কবিতা নিৰ্গত হয়—বুজাই ক’ব নোৱাৰি। সেইটোও বিস্ময়েই। এই বিস্ময়ৰ যিমান পাৰি কাষ চাপি যোৱাৰ মন—এইটো এক সম্পৰ্কৰো বাট—আৰু মোৰ কবিতা বিস্ময়ৰ স’তে এক সম্পৰ্কৰ সংৰচনা।
ছাত্ৰজীৱনৰ দ্বিতীয় ঢাপতে এনে এজন ব্যক্তিৰ সান্নিধ্য লাভৰ সৌভাগ্য হৈছিল, যিয়ে আমাৰ ভাষাৰ জঁতুৱা, ফঁকৰা-যোজনা-পটন্তৰ আদিৰ বিনন্দীয়া ৰূপটো আমাৰ আগত মেলি ধৰিছিল—জীৱন ৰহস্যৰ অভিব্যক্তি হিচাপে ভাষাৰ সেই অপৰূপ ৰূপৰ সন্মোহনেই কিজানি মোৰ কবিতা।
যোৱা শতিকাৰ এজন সৰ্বজনপৰিচিত কবি হ’ল ফ্ৰেডেৰিক’ গাৰ্চিয়া লৰকা। সন্ধান কালত তেওঁৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছোঁ। কবিজনৰ পিতাক আছিল অগাধ ভূসম্পত্তিৰ গৰাকী, মাক শিক্ষক আৰু সঙ্গীতানুৰাগী। পুতেক পঢ়া-শুনাৰ প্ৰতি সিমান মনোযোগী নহয়। পঢ়াশুনাৰ মাজেৰে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ নকৰি কবি হোৱাটোকে তেওঁ জীৱনৰ লক্ষ্য কৰি লৈছিল। সেই লক্ষ্য পূৰণৰ বাবেই তেওঁ কবিতা লিখিছিল। হয়তো মনৰ সুপ্ত কবি প্ৰতিভাৰ কিবা উমান পাইছিল তেওঁ। আমাৰ দেশৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, নিম্নবৰ্গ পৰিয়ালৰ সন্তানে হয়তো এনে সপোন নেদেখে। আমাৰ জীৱনৰ প্ৰধান উদ্দেশ্য হ’ল জীৱিকা অৰ্জন—পঢ়া-শুনা কৰি উঠি এটা চৰকাৰী চাকৰিৰ মাজেৰে জীৱনৰ সুস্থিৰতা অৰ্জন—কবি হোৱা কাৰো জীৱনৰ লক্ষ্য নহয়। সেই অনুসৰি কবি হ’বৰ বাবে কোনো লক্ষ্য স্থিৰ নকৰাকৈয়ে মই লিখি আহিছোঁ—মনৰ তাগিদ—সমাজৰ অভিঘাতবোৰৰ পৰা অহা সংবেদনৰ তাগিদতে।
গাঁৱত থাকোতে গঞাৰ কিছু সামুহিক কাম-বনলৈ বিশেষভাবে চকু দিছিলোঁ। ৰাজহুৱা মাটিত গাঁৱৰ সকলো মিলি একেলগে হাল বোৱা, কোৰ মৰা, ধান সিঁচা, সকলোৰে মনঃপূত হোৱাকৈ কথা কোৱা, গীত গোৱা—এই ধৰণৰ কামবোৰ সমুহীয়াভাবে কেনেকৈ সম্ভৱ হৈছিল—এতিয়া ভাবিব নোৱৰা কথা। স্কুলঘৰ আৰু নামঘৰৰ চাল খেৰৰ থাকোতে গঞা-গয়ৰহ মিলি নতুনকৈ সেইবোৰ ঘৰৰ চাল চোৱা আদি কাম মনৰ উলাহ-উছাহেৰে কেনেকৈ কম সময়ৰ ভিতৰতে কৰি অঁটাইছিল—সিও এক বিস্ময়েই। এই ধৰণৰ সমুহীয়া গুণটো অসমীয়া কবিতালৈ তেনেকৈ অহাই নাই বুলি ক’ব পাৰি। আমাৰ কবিতাবোৰ এটা বিষয়বস্তু, এটা মুডৰ চালনাতে শেষ—সমুহীয়া, চিম্ফনীৰ যিটো গুণ অসমীয়া কবিতালৈ কিমান আহিছে সেয়া বিচক্ষণ পঢ়ুৱৈয়ে মোতকৈ ভালকৈ জানিব আৰু জনাব পাৰিব। এই সমুহীয়া, চিম্ফনীৰ গুণটো কবিতালৈ কেনেকৈ আনিব পাৰি—মোৰ মনৰ এক শেষ হ’ব নোখোজা কৌতূহল—এই কৌতূহল নিৰসন ঘটাবৰ বাবেই মই কবিতা লিখোঁ।
অসমৰ অসমীয়াৰ মন-মনন মাটিৰ বুকুৰ পৰা উজাই অহা, তেনেকুৱা কিছুমান উছৱ-পাৰ্বন আছে, যিবোৰ এই অঞ্চলৰ মানুহৰ মন আৰু সংবেদন গঢ়ি তুলিছে—এই এই উছব-পাৰ্বনবোৰৰ মাজেৰে পৰিস্ফুট হোৱা অসমীয়া মন-মননৰ স্বকীয়তা কবিতাৰ মাজেৰে ফুটাই তোলাটো অসমীয়া ভাষাৰ কবি হিচাপে তাৰ লগত জীৱন-বীক্ষা সংযোজন কৰি প্ৰকাশ কৰা—যিটো কাম অসমীয়াই নকৰিলে আন কোনেও নকৰে—আই মাটিক ভালপোৱা—এই কামটো বিশ্বৰ সকলো জনগোষ্ঠীয়ে কৰি গৌৰৱবোধ কৰে—মইনো নকৰিম কিয়—এই হেঁপাহ মোৰ মনৰ তলিৰে ফল্গুৰ দৰে বৈ থাকে অনবৰতে। ই মোৰ এজেণ্ডা নহয়, আত্মিক আহ্বানহে। এই আত্মিক আহ্বানৰ প্ৰতি আন্তৰিক, আৱেগিক, বৌদ্ধিক সঁহাৰি হিচাপে মই কবিতা লিখোঁ।
অনুভৱ তুলসী এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক।