নীলিমা ঠাকুৰীয়া হক
মানৱ ইতিহাসৰ প্ৰথম স্তৰত বোধহয় প্ৰথমতে ধ্বনি আৰু ছবিৰ সৃষ্টি হৈছিল, পিছতহে ধ্বনি আৰু লিপিৰ প্ৰচলন হ’ল। মন আৰু ভাবনাত প্ৰবাহিত যি ললিত চিন্তাধাৰা বা কাব্যিক অনুভব—সেয়া যদি শব্দ গাঁথনিৰ মাধ্যমেৰে প্ৰকাশিত হয়, সেয়া কবিতা আৰু যদি, ৰং-তুলিৰে প্ৰকাশ কৰা হয়, সি হ’ব চিত্ৰকলা। মোৰ বোধেৰে কবিতা হ’ল শব্দেৰে অঁকা একোখন ছবি আৰু ছবিখন ৰং-ৰেখাৰে অঁকা কবিতা।
‘কিয় কবিতা লিখোঁ’ বুলি সুধিলে পোনপটীয়া উত্তৰ দিব নোৱাৰিম। কিয়নো সময় আৰু অভিজ্ঞতাই কবিতাক ন ন ৰূপেৰে মোৰ সন্মুখত উন্মোচিত কৰিছে, এতিয়া আগৰ দৰে আৱেগৰ উচ্ছলতা নাই। শব্দবোৰে সংহত আৰু সৰল জীৱন যাপন বিচাৰিছে।
সৰুতে পাঠ্যপুথিৰ পদ্য পঢ়োঁতে কোমল শব্দ আৰু শব্দ-গাঁথনিৰ লয় আৰু ছন্দই মন মুহিছিল। ভালে-বেয়াই কবিতা লিখাৰ চখ হৈছিল। এতিয়া ক’বলৈ দ্বিধা নাই যে ছপা আখৰত নিজৰ নামটো চাবলৈও প্ৰবল ইচ্ছা জাগিছিল! হয়তো সচেতনভাবে নহ’লেও সবৰে মনত আত্মপ্ৰেম আৰু আত্মপ্ৰকাশৰ তাড়না সৰুৰে পৰা থাকে। এইবোৰৰ প্ৰভাবত এমা-ডিমা কবিতা দুটামান লিখিছলোঁ—বিদ্যালয় আৰু মহাবিদ্যালয়ৰ আলোচনীত। সেইবোৰ জানো কবিতা?
তাৰপিছত চিকিৎসাবিজ্ঞান পঢ়োঁতে এইবোৰ প্ৰয়াস তল পৰিল। অসম আন্দোলনৰ সময়ত স্কুল-কলেজ বন্ধ হৈ থকা বাবে ছবি অঁকা শিকিবলৈ গুৱাহাটী আৰ্টিষ্টছ গীল্ডলৈ গ’লোঁ আৰু চিত্ৰকলাৰ প্ৰেমত পৰিলোঁ। সেই সময়ত গীল্ডৰ লগত অন্তৰঙ্গভাবে জড়িত কবি হীৰেন ভট্টাচাৰ্য্য, নৱকান্ত বৰুৱা ছাৰ আৰু নীলমণি ফুকন ছাৰ সকলক দেখি আৰু তেতিয়া গীল্ডৰ সদস্য আৰু শিক্ষাগুৰুসকলৰ কাব্যপ্ৰীতিয়ে মোকো কবিতাৰ প্ৰতি বিশেষভাবে আগ্ৰহী কৰি তুলিলে। তেতিয়া কবিতা নিলিখিলেও কবিতাৰ কিতাপ পঢ়িবলৈ লৈছিলোঁ, ৰসাস্বাদন কৰিবলৈ শিকিব ধৰিছিলোঁ। এসময়ত অসবৰ্ণ বিবাহৰ সংগ্ৰাম-সংঘাত চম্ভালি চাকৰিত যোগদান দিয়াৰ পৰা সন্তানৰ তিনি/চাৰি বছৰ বয়সলৈ ‘কবিতা লিখা’ৰ কথাটো ভাবিবলৈ আহৰি পোৱা নাছিলোঁ।
তাৰপিছত যেতিয়া অলপ অলপকৈ সময় উলিয়াব পাৰিলোঁ, তেতিয়া গতানুগতিক কামবোৰৰ উপৰি কিবা ‘সৃষ্টিশীল’ কাম কৰিবলৈ মনৰ ভিতৰৰপৰা তাগিদা আহিবলৈ ধৰিলে। সেইসময়ত কৰ্মসূত্ৰে গুৱাহাটী বিমানবন্দৰ সংলগ্ন আজাৰা নামৰ ধুনীয়া গাঁওখনত আছিলোঁ। গাঁওখন আৰু মানুহবোৰৰ গোন্ধ আৰু সৰলতাই, দিপৰ বিলৰ অনাবিল সান্নিধ্যই মোক কবিতা লিখিবলৈ অনুপ্ৰাণিত কৰিবলৈ ধৰিলে।
ইংৰাজী ভাষাত কবিতা লিখা ইউৰোপীয় কবি ৰেনি ডিক্সনে লিখা কথাখিনিয়ে যেন মোৰ মনৰ কথাৰ লগত কিছু খাপ খাই পৰে–”Writing poetry is a passion, ignited by thoughts, fueled by ink. A way to travel through another mind where souvenirs of tears are tucked away inside your soul. Or leave you with smiles for miles, depending on which routes you go.”
আজি আঢ়ৈ দশক জুৰি কবিতা লিখি থকাৰ পিছত উপলব্ধি কৰিছোঁ যে কবিতাৰ অধ্যয়ন আৰু চৰ্চা এটা জটিল আৰু প্ৰণালীবদ্ধ প্ৰক্ৰিয়া। সেইদৰে ‘কিয় কবিতা লিখোঁ’ৰ ব্যাখ্যাও সময় আৰু পৰিৱেশ ভেদে কিছু সলনি হৈ থাকিব।
বাহিৰত “ভালে আছোঁ”ৰ ছাব মৰা হাঁহিটো লৈ শান্তভাবে জীৱন-নদী বৈ থকা যেন লাগিলেও মনৰ ভিতৰত নৈৰ তলগৰীয়া সুঁতিৰ দৰে অহৰহ ভাবনা-চিন্তা, দ্বন্দ্ব-অন্তৰ্দ্বন্দ্ব, আনন্দ-হতাশা, অভিজ্ঞতা-উপলব্ধিৰ স্ৰোত বৈ থাকে। উশাহ বিচাৰি ছটফটাই-ধৰফৰাই পানীৰ পৃষ্ঠভাগলৈ উফৰি আহে অশান্ত যাতনাকাতৰ মন আৰু আত্মা! কিবা এটা অৱলম্বন বিচাৰে ওপঙি থাকিবলৈ, সাঁতুৰিবলৈও।পানীত উটি যোৱা জাঁজৰি, পানীমেটেকা বা খেৰ-কুটাকো সাৱটি ল’ব পাৰে…। তেনেকৈ ভাহি-ভাহি যিটো সত্ত্বাই সান্ত্বনা দিয়ে, সেয়ে হয়তো মোৰ কবিতাৰ উৎস।
যি কঠিন মাধ্যমেৰে মই নিজৰ চিন্তা-ভাবনাক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ, তাতে ব্যক্তিগত শোক-দুখ, আনন্দ-বেদনাৰ লগতে সামাজিক ঘটনাপ্ৰৱাহেও মনক আলোড়িত কৰে।
অত্যাধিক স্পৰ্শকাতৰতা মোৰ দুৰ্বলতা; বিষাদ আৰু অস্থিৰতাৰো কাৰক। তথাপি ইয়ে বৰষুণ হৈ আপডাল কৰে মোৰ শব্দ-শইচৰ পথাৰখন।
আজি, এই মূহূৰ্তত ‘কিয় কবিতা লিখোঁ’ বুলি সুধিলে নিশ্চিতভাবে ক’ম যে মানুহৰ বাবে কবিতা লিখোঁ। সেয়া মই, আপুনি বা জনগণ হ’ব পাৰে। কবি মুলতঃ স্বাধীন হ’লেও সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক ঘটনাপ্ৰৱাহে মোক আলোড়িত কৰে। ক’বলগীয়া কথাবোৰে কবিতাৰ মাজেৰে কথা ক’ব খোজে।
নীলিমা ঠাকুৰীয়া হক অসমৰ এগৰাকী জ্যেষ্ঠ কবি আৰু চিত্ৰশিল্পী৷
Everything is very open with a very clear explanation of the challenges. It was really informative. Your website is very helpful. Many thanks for sharing!
Everything is very open with a clear clarification of the issues. It was really informative. Your website is useful. Many thanks for sharing!
কবিতাৰ দৰেই নীলিমাৰ গদ্য। হৃদয় ভৰি পৰে