কবিতাৰ সপক্ষে

[A Defense of Poetryৰ অসমীয়া অনুবাদ]

পাৰ্ছী বীছ্ শ্বেলী

অনু.: বিবেকানন্দ চৌধুৰী

কবিতা মানেই আনন্দৰ এক অনাবিল অনুভূতি। যিবোৰ আত্মাত ই উপগত হয়, সেইবোৰে নিজৰ আনন্দৰ সৈতে মিহলি হৈ থকা প্ৰজ্ঞাক গ্ৰহণ কৰিবলৈ নিজকে মুক্ত কৰি দিয়ে। সৃষ্টিৰ আদিকালত কবি বা তেওঁলোকৰ নিৰীক্ষকসকলেও কবিতাৰ উৎকৃষ্টতাৰ বিষয়ে সম্পূৰ্ণৰূপে সচেতন নাছিল: কাৰণ ই ঐশ্বৰিক চেতনাৰ বোধশক্তিৰ বাহিৰত আৰু অজ্ঞাতভাৱে কাম কৰে; আৰু তেওঁলোকৰ মিলনৰ সকলো শক্তি আৰু মহিমাৰ আটাইতকৈ প্ৰভাৱশালী কাৰণসমূহ আৰু প্ৰভাৱৰ বিষয়ে চিন্তা আৰু জোখ লোৱাটো ভৱিষ্যত প্ৰজন্মৰ দায়িত্ব। আধুনিক যুগতো কোনো জীৱন্ত কবিয়ে কেতিয়াও তেওঁৰ খ্যাতিৰ পূৰ্ণতাত উপনীত হোৱা নাই; কবিৰ ওপৰত বিচাৰত বহি থকা বিচাৰকসকল তেওঁৰ সমনীয়াৰ দৰেই হ’ব লাগিব: ইয়াক বহু প্ৰজন্মৰ জ্ঞানীসকলৰ ভিতৰত নিৰ্বাচিতসকলৰ পৰা সময়ে ঠেলি দিব লাগিব। কবি হৈছে এটি দহিকতৰা, যিয়ে আন্ধাৰত বহি মিঠা শব্দৰে নিজৰ নিঃসংগতাক আনন্দপূৰ্ণ কৰিবলৈ গান গায়; তেওঁৰ বিশ্লেষকসকল তথা অনুৰাগীসকল প্ৰত্যেকে এজন অদৃশ্য সংগীতজ্ঞৰ সুৰত মোহিত হোৱা মানুহৰ দৰে, যিয়ে অনুভৱ কৰে যে তেওঁলোক মোহিত হৈছে আৰু কোমল হৈ পৰিছে, তথাপি ক’ৰ পৰা বা কিয় নাজানে। হোমাৰ আৰু তেওঁৰ সমসাময়িকসকলৰ কবিতা আছিল সদ্যোজাত গ্ৰীচৰ বাবে আনন্দদায়ক; সেইবোৰ আছিল সেই সামাজিক ব্যৱস্থাৰ উপাদান যিটো হৈছে সেই বুনিয়াদ যাৰ ওপৰত পৰৱৰ্তী সকলো সভ্যতাই গঢ় লৈ উঠিছে। হোমাৰে নিজৰ যুগৰ আদৰ্শ উৎকৰ্ষতাক মানৱ চৰিত্ৰত মূৰ্ত কৰি তুলিছিল; আমি এয়াও সন্দেহ কৰিব নোৱাৰোঁ যে তেওঁৰ পদ্য পঢ়াসকলৰ মনত একিলিছ, হেক্টৰ আৰু ইউলিছিছৰ দৰে হোৱাৰ উচ্চাকাংক্ষা জাগ্ৰত হৈছিল: বন্ধুত্ব, দেশপ্ৰেম আৰু কোনো বস্তুৰ প্ৰতি অধ্যৱসায়ী ভক্তিৰ সত্য আৰু সৌন্দৰ্যৰ গভীৰতা এই অমৰ সৃষ্টিসমূহত উন্মোচিত হৈছিল: নিৰীক্ষকসকলৰ আৱেগ নিশ্চয় এনে মহান আৰু মোহনীয় অনুকৰণৰ সহানুভূতিৰ দ্বাৰা পৰিশোধিত আৰু বৰ্ধিত হৈছিল, যেতিয়ালৈকে তেওঁলোকে অনুকৰণ কৰা প্ৰশংসাৰ পৰা আৰু অনুকৰণৰ পৰা তেওঁলোকে নিজকে তেওঁলোকৰ প্ৰশংসাৰ পদৰ সৈতে চিনাক্ত কৰা নাছিল। এই চৰিত্ৰবোৰ নৈতিক সিদ্ধতাৰ পৰা দূৰৈত বুলিও আপত্তি কৰা নচলিব, আৰু ইয়াক কোনো কাৰণতে সাধাৰণ অনুকৰণৰ বাবে গঠনমূলক আৰ্হি হিচাপে গণ্য কৰিব নোৱাৰি। প্ৰতিটো যুগে কম-বেছি পৰিমাণে নিজৰ বিশেষ ভুলবোৰ ঈশ্বৰীকৰণ কৰি থৈছে; প্ৰতিশোধ হৈছে অৰ্ধ বৰ্বৰ যুগৰ পূজাৰ উলংগ মূৰ্তি: আৰু আত্মপ্ৰতাৰণা হৈছে অজ্ঞাত বেয়াৰ ওৰণি লোৱা প্ৰতিচ্ছবি, যাৰ সন্মুখত বিলাসীতা আৰু তৃপ্তি সাষ্টাঙ্গে প্ৰণিপাত কৰি পৰি আছে। কিন্তু এজন কবিয়ে সমসাময়িকসকলৰ কু-অভ্যাসক সেই সাময়িক সাজ-পোছাক বুলি গণ্য কৰে, য’ত তেওঁৰ সৃষ্টিবোৰ সজ্জিত হ’ব লাগিব, আৰু যিবোৰে নিজৰ সৌন্দৰ্যৰ চিৰন্তন অনুপাত লুকুৱাই নোলোৱাকৈ আবৰি ৰাখে। এজন মহাকাব্যিক বা নাটকীয় ব্যক্তিয়ে নিজৰ আত্মাৰ চাৰিওফালে সেইবোৰ পিন্ধি থকা বুলি ধৰি লোৱা যায়, যিদৰে তেওঁ প্ৰাচীন কৱচ বা আধুনিক গণৱেশ নিজৰ শৰীৰত মেৰিয়াই ল’ব পাৰে; যি ক্ষেত্ৰত এই দুয়োটাতকৈ অধিক লাৱণ্যময় সাজ-পোছাক ধাৰণ কৰাটো সহজ। আভ্যন্তৰীণ প্ৰকৃতিৰ সৌন্দৰ্যক ইয়াৰ আকস্মিক সাজ-পোছাকৰ দ্বাৰা ইমান দূৰলৈকে লুকুৱাই ৰাখিব নোৱাৰি, কিন্তু ইয়াৰ সেই ৰূপটোৰ আত্মাই নিজকে ছদ্মবেশটোৰ লগত যোগাযোগ কৰিব, আৰু ইয়াক পিন্ধা ধৰণৰ পৰা লুকুৱাই ৰখা আকৃতিৰ ইংগিত বহন কৰিব। এটা মহিমামণ্ডিত ৰূপ আৰু ৰূপৱতী গতিবেগে অতি বৰ্বৰ আৰু ৰুচিহীন সাজ-পোছাকৰ জৰিয়তে নিজকে প্ৰকাশ কৰিব। উচ্চতম শ্ৰেণীৰ কবি কমেইহে আছে যিয়ে নিজৰ ধাৰণাসমূহৰ সৌন্দৰ্যক ইয়াৰ উলংগ সত্য আৰু ঐশ্বৰ্যৰ আভাত প্ৰদৰ্শন কৰিবলৈ বাছি লৈছে; আৰু এয়া সন্দেহাতীত যে মৰণশীলসকলৰ শ্ৰৱণৰ বাবে এই জাগতিক সংগীতক বিকৃতকৰণ কৰিবলৈ সাজ-পোছাক, অভ্যাস আদিৰ সামগ্ৰিক সংমিশ্ৰণৰ কিবা প্ৰয়োজন আছে।

কবিতাৰ অনৈতিকতাৰ ক্ষেত্ৰত সমগ্ৰ আপত্তিটো অৱশ্যে কবিতাই মানৱৰ নৈতিক উন্নতি উৎপন্ন কৰিবলৈ কেনেদৰে কাম কৰে তাৰ ভুল ধাৰণা এটাৰ ওপৰত প্ৰতিস্থিত। নৈতিক বিজ্ঞানে কবিতাই সৃষ্টি কৰা উপাদানসমূহ একধৰণে সজাই লয়, আৰু নাগৰিক বা সামাজিক আৰু ঘৰুৱা জীৱনৰ আঁচনি তথা উদাহৰণ আগবঢ়ায়: নতুবা মানুহে ঘৃণা কৰা, তুচ্ছজ্ঞান কৰা, নিন্দা কৰা, প্ৰতাৰণা কৰা, বশ কৰা প্ৰশংসনীয় মতবাদৰ অভাৱৰ বাবেও নহয়। কিন্তু কবিতাই আন এক স্বৰ্গীয় ৰূপত কাম কৰে। ই মনটোক হাজাৰটা অজ্ঞাত চিন্তাৰ সংমিশ্ৰণৰ আধাৰ হিচাপে গঢ়ি তুলি নিজকে জগাই তোলে আৰু বৃদ্ধি কৰে। কবিতাই পৃথিৱীৰ লুকাই থকা সৌন্দৰ্যৰ পৰা ওৰণি তুলি লয়, আৰু চিনাকি বস্তুবোৰক আচহুৱা যেন কৰি তোলে; ই প্ৰতিনিধিত্ব কৰা সকলোবোৰকে পুনৰুৎপাদন কৰে আৰু স্বৰ্গীয় আলোকত পৰিধান কৰা ইয়াৰ ছদ্মৱেশবোৰ সেই মুহূৰ্তৰ পৰাই সেই কোমল আৰু মহিমামণ্ডিত বিষয়বস্তুৰ ওপৰত চিন্তা কৰাসকলৰ মনত স্মৃতি হিচাপে স্থায়ী হৈ থাকে যিয়ে ই সহাৱস্থান কৰা সকলো চিন্তা আৰু কাৰ্যৰ ওপৰত নিজকে বিস্তৃত কৰে। নৈতিকতাৰ মহান ৰহস্য হ’ল প্ৰেম; বা আমাৰ স্বভাৱৰ দেৱাল ভাঙি বাহিৰ হোৱা, আৰু নিজকে চিন্তা, কৰ্ম বা ব্যক্তিত্বত বিদ্যমান সুন্দৰতাৰ সৈতে নিজৰ সত্তাৰ বাহিৰত আত্মলীন কৰোৱা। এজন মানুহে অতি ভাল হ’বলৈ হ’লে তীব্ৰ আৰু ব্যাপকভাৱে কল্পনা কৰিব পাৰিব লাগিব; তেওঁ নিজকে আনৰ আৰু আন বহুতৰ ঠাইত ৰাখি চাব জানিব লাগিব; তেওঁৰ প্ৰজাতিৰ যন্ত্ৰণা আৰু সুখবোৰ তেওঁৰ নিজৰ হৈ পৰিব লাগিব। নৈতিক মংগলৰ মহান আহিলা হ’ল কল্পনা; আৰু কবিতাই কাৰণৰ ওপৰত কাম কৰি প্ৰভাৱ পৰিচালনা কৰে।

কবিতাই নিত্য নতুন আনন্দৰ চিন্তাৰে পুনৰ ভৰাই তুলি কল্পনাৰ পৰিধি বৃদ্ধি কৰে, যিয়ে আন সকলো চিন্তাক নিজৰ স্বভাৱৰ প্ৰতি আকৰ্ষণ কৰি জীণ নিওৱাৰ শক্তি ৰাখে, আৰু যিবোৰে নতুন ব্যৱধান আৰু ফাটৰ গঠন কৰে— যি শূন্যতাই চিৰকাল সতেজ খাদ্যৰ বাবে হাহাকাৰ কৰে। কবিতাই মানুহৰ নৈতিক স্বভাৱৰ নিয়ন্ত্ৰণ কৰা অংগক শক্তিশালী কৰে, ঠিক যিদৰে ব্যায়ামে একো একোটা অংগক শক্তিশালী কৰে। সেয়েহে এজন কবিয়ে তেওঁৰ নিজৰ স্থান আৰু কালৰ ধাৰণাৰ ভিত্তিত প্ৰতিস্থিত নিজৰ ভুল আৰু শুদ্ধৰ ধাৰণাক, যিবোৰে দুয়োটাৰ কোনোটোতে অংশগ্ৰহণ নকৰে তাক তেওঁৰ কাব্যিক সৃষ্টিত মূৰ্ত কৰি তোলাতো সম্যক নহ’ব। প্ৰভাৱৰ ব্যাখ্যাৰ তুচ্ছ পদৰ এই ধাৰণাটোৰ দ্বাৰা তেওঁ কাৰ্যত অংশগ্ৰহণৰ গৌৰৱৰ পৰা পদত্যাগ কৰিব য’ত হয়তো আটাইবোৰৰ পিছতো তেওঁ নিজকে আংশিকভাৱে হ’লেও দোষমুক্ত কৰিব পাৰে। হোমাৰে বা কোনো চিৰন্তন কবিৰ ক্ষেত্ৰত কোনো ধৰণৰ ন্যূনতম বিপদো নাছিল, য’ত নিজকে ইমান দূৰলৈকে ভুল বুজিব লাগিছিল যে নিজৰ বিশাল আধিপত্যৰ এই সিংহাসনখনখনৰ অধিকাৰ অস্বীকাৰ কৰিব লগা প্ৰশ্ন উঠিছিল। ইউৰিপিডিছ, লুকান, টাছ’, স্পেন্সৰৰ দৰে যিসকলৰ কাব্যিক ক্ষমতা মহান যদিও তীব্ৰতাৰ ৰেশ কিছু কম, তেওঁলোকে সঘনাই এক নৈতিক লক্ষ্যক প্ৰভাৱিত কৰিছে আৰু তেওঁলোকৰ কবিতাৰ প্ৰভাৱ ঠিক সেইটো অনুপাতত হ্ৰাস পাইছে যি পৰ্যায়লৈ আমাক একেটা উদ্দেশ্যেৰ বান্ধোনত ৰাখিবলৈ সক্ষম হৈছে।

হোমাৰ আৰু সেইকালৰ কবিসকলৰ পাছত এটা নিৰ্দিষ্ট ব্যৱধানত অহা এথেন্সৰ নাটকীয় আৰু গীতিময় কবিসকলে কাব্যিক ক্ষমতাৰ অতিশয় নিখুঁত আৰু আত্মিক প্ৰকাশভংগীত সকলোবোৰে সমসাময়িকভাৱে উজলি উঠিছিল; স্থাপত্য, চিত্ৰকলা, সংগীত, নৃত্য, ভাস্কৰ্য, দৰ্শন, তথা নাগৰিক জীৱনৰ ৰূপসমূহতো একেই ঘটা বুলি আমি ক’ব পাৰোঁহক। কিয়নো যদিও এথেন্সৰ সামাজিক জীৱনৰ কাৰবাৰবোৰ বহুতো আধৰুৱা কামৰ ফলশ্ৰুতিত বিকৃত হৈ পৰিছিল যিবোৰ পদলেহনতা আৰু খ্ৰীষ্টান ধৰ্মত বিদ্যমান কবিতাই আধুনিক ইউৰোপৰ দৈনন্দিন জীৱন তথা প্ৰতিষ্ঠানৰ পৰা মচি পেলাইছে; তথাপি আন কোনো সময়ত ইমান শক্তি, সৌন্দৰ্য আৰু গুণৰ বিকাশ হোৱা নাই; অথবা, চক্ৰেটিছৰ মৃত্যুৰ পূৰ্বৰ শতিকাৰ দৰে সুন্দৰ আৰু সত্যৰ নিৰ্দেশৰ প্ৰতি কম ঘৃণনীয় ইচ্ছাৰ অন্ধ শক্তি আৰু জেদী ৰূপ কেতিয়াও ইমান অনুশাসনপূৰ্ণ আৰু মানুহৰ ইচ্ছাৰ অধীনত কৰা হোৱা নাছিল। আমাৰ প্ৰজাতিৰ ইতিহাসৰ আন কোনো যুগৰ আমি মানুহৰ মাজত থকা দেৱত্বৰ প্ৰতিচ্ছবিৰে ইমান দৃশ্যমানভাৱে নথিভুক্ত কৰা তথ্য আৰু খণ্ডবোৰ পোৱা নাই। কিন্তু কেৱল কবিতাই, ৰূপত, কৰ্মত বা ভাষাত এই যুগক আন সকলোতকৈ স্মৰণীয় কৰি তুলিছে আৰু চিৰকাললৈকে উদাহৰণৰ ভঁৰাল কৰি তুলিছে। কাৰণ সেই যুগত লিখিত কবিতাৰ অস্তিত্ব আছিল আন কলাৰ সৈতে একেলগে, আৰু কোনে পোহৰ দিলে আৰু কোনে লাভ কৰিলে বুলি দাবী কৰাটো এক অসাৰ অনুসন্ধান, যিটো সকলোৱে, এটা সাধাৰণ কেন্দ্ৰৰ পৰা হোৱাৰ দৰে, পৰৱৰ্তী সময়ৰ আটাইতকৈ অন্ধকাৰ কালছোৱাত সিঁচৰতি কৰি পেলাইছে। আমি কাৰণ আৰু প্ৰভাৱৰ বিষয়ে অহৰহ পৰিঘটনাৰ সংগতিতকৈ বেছি নাজানো: মানুহৰ সুখ আৰু সিদ্ধতাত অৰিহণা যোগোৱা আন যিকোনো কলাৰ সৈতে কবিতাক সদায়েই সহাৱস্থান কৰা দেখা যায়। ইতিমধ্যে যিবোৰ প্ৰতিষ্ঠা হৈছে, তাৰ কাৰণ আৰু প্ৰভাৱৰ মাজত পাৰ্থক্য প্ৰতিষ্ঠা কৰাটো প্ৰয়োজনীয় আৰু তাকে কৰিবলৈ মই আহ্বান জনাওঁ। (ক্ৰমশঃ)

লগতে পঢ়ক: পাৰ্ছ বীছি শ্বেলীৰ ‘কবিতাৰ সপক্ষে’ ৩

লগতে পঢ়ক: পাৰ্ছ বীছি শ্বেলীৰ ‘কবিতাৰ সপক্ষে’ ২

লগতে পঢ়ক: পাৰ্ছ বীছি শ্বেলীৰ ‘কবিতাৰ সপক্ষে’ ১

বিবেকানন্দ চৌধুৰী এগৰাকী অনুবাদক আৰু লেখক৷ বৃত্তিত এগৰাকী অভিযন্তা চৌধুৰীয়ে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অনুবাদ কৰিছে৷