অনু: শোণিত বৰঠাকুৰ
প’ল লৰেঞ্চ ডানবাৰ (২৭ জুন, ১৮৭২-৯ ফেব্ৰুৱাৰী, ১৯০৬) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটিগল্প লেখক৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধৰ পূৰ্বে কেণ্টাকী প্ৰদেশত দাসত্বক আঁকোৱালি ল’বলৈ বাধ্য হোৱা এক কৃষ্ণাঙ্গ দম্পতীৰ সন্তান আছিল তেওঁ৷ শৈশৱৰে পৰা কবিতা আৰু কাহিনী ৰচনা কৰা ডানবাৰৰ প্ৰথম কবিতা প্ৰকাশ পায় ষোল বছৰ বয়সত৷ তেওঁৰ প্ৰধান কবিতা-সংকলন কেইখনমান হ’ল– অ’ক এণ্ড ইভী (১৮৯৩); মেজৰ্ছ এণ্ড মাইনৰ্ছ (১৮৯৫); লীৰিকছ অৱ ল’ৱলী লাইফ (১৮৯৬); লীৰিকছ অৱ লাভ এণ্ড লাফটাৰ (১৯০৩) আৰু লীৰিকছ অৱ ছানশ্বাইন এণ্ড শ্বেডো (১৯০৫)৷ তেওঁৰ প্ৰখ্যাত কবিতাসমূহৰ কেইটামান হ’ল– ‘সহানুভূতি’ (Sympathy), ‘ক্ষতিপূৰণ’ (Compensation), ‘জীৱন’ (Life), ‘কবি আৰু তেওঁৰ গান’ (The Poet and His Songs), ‘বৃষ্টিগীত’ (Rain Songs), ‘পুৱা’ (Morning), ‘শুভৰাত্ৰি’ (Good Night), ‘কণমানি মুগাবৰণীয়া শিশু’ (Little Brown Baby) আদি৷
আমি মুখাধাৰী
পিন্ধো আমি মুখা, যি মাৰে মিচিকি হাঁহি আৰু কয় মিছা কথা,
লুকুৱাই ইয়ে আমাৰ হঠকাৰিতাক আৰু হয় ঢাকনি আমাৰ চকুযুৰিৰ–
কৰোঁ আমি পৰিশোধ এই ঋণ মানৱ কপটতাৰ অৰ্থে,
বিভাজিত, ভঙ্গুৰ আৰু হৃদয় ৰক্তাক্ত হোৱা সত্ত্বেও থাকোঁ আমি হাঁহি সৰ্বদা,
আৰু আমাৰ মুখবোৰো যে অগণন কপটতাৰে ভৰা৷
কিয়নো এই পৃথিৱী হৈছে অতিশয় বিচক্ষণ,
আমাৰ সকলো চকুপানী আৰু দীৰ্ঘশ্বাসৰ গণনাৰ মুহূৰ্তত?
নহয়, প্ৰদান কৰা তেওঁলোকক অনুমতি চাবলৈ আমাক, যেতিয়া
পিন্ধি থাকোঁ আমি যে মুখা৷
হাঁহিলেও আমি, কিন্তু, হে মহান যীশু, আমি লগতে কান্দো যে একেদৰে
তোমাৰ পৰাই হৈছে উত্থিত এনে নিপীড়িত আত্মাৰ দল৷
গাওঁ আমি গান, অহ্ পিছে পঙ্কবোৰো যে দূষিত হ’ল
আমাৰ পদযুগলৰ তলত আৰু ই মাইলৰ দৰে দীঘল;
তথাপি পৃথিৱীক অন্য ধৰণে সপোন দেখিবলৈ দিয়া,
আমি সকলোৱে পিন্ধো মুখা!
(মূল: ‘We wear the mask’)
কৃষ্ণাঙ্গৰ এক প্ৰেমগীত
দেখিছিলোঁ মই মোৰ ভদ্ৰ মহিলাক যোৱা ৰাতি,
দিয়া জাঁপ পিছলৈ, মৰমী, মাৰা পিছলৈ জাঁপ৷
ধৰা, তেওঁৰ হাতখনো ভালকৈ টানি ধৰা,
জাঁপ মাৰা পিছলৈ, মৰমী, পিছলৈ জাঁপ দিয়া৷
যোৱা আগুৱাই যোৱা, লোৱা যে এক দীৰ্ঘশ্বাস,
দেখিছোঁ এক পোহৰ জিলিকণি, মই মোৰ চকুযুৰিৰে,
তথা এক হাঁহিও হৈছে দ্ৰুতভাৱে গমনৰত,
দিয়া জাঁপ পিছলৈ, মৰমী, মাৰা পিছলৈ জাঁপ৷
দেখুওৱা বতাহক বাট যাতে পাইনকো কঁপাই যায়,
জাঁপ মাৰা পিছলৈ, মৰমী, পিছলৈ জাঁপ দিয়া৷
বিদ্ৰূপ কৰা পক্ষীটোৱে চোন সুন্দৰ গীত গায়,
দিয়া জাঁপ পিছলৈ, মৰমী, মাৰা পিছলৈ জাঁপ৷
আৰু আছিল যে মোৰ হৃদয়খনো ইমানেই ধপধপাই,
যেতিয়া মই হ’লোঁহি মোৰ ভদ্ৰ মহিলাৰ কাষতেই উপস্থিত,
যাৰ বাবে ময়ো নোৱাৰিলোঁ তালৈ—
জাঁপ মাৰা পিছলৈ, মৰমী, পিছলৈ জাঁপ দিয়া৷
হুঃ ৰাখোঁ মই মোৰ হাতখন মই নিজৰেই কঁকালত,
দিয়া জাঁপ পিছলৈ, মৰমী, মাৰা পিছলৈ জাঁপ৷
হৈ উত্থিত মোৰ অধৰযুৰিয়ে ল’লে যে এক স্বাদ,
জাঁপ মাৰা পিছলৈ, মৰমী, পিছলৈ জাঁপ দিয়া৷
ভালপোৱা মোক, মৰমী, মোক জানো সঁচাকৈয়ে ভালপোৱা?
ভালপোৱা মোক ভালদৰে, যিদৰে মই জানো ভালপাওঁ তোমাক?
আৰু দিলে তেওঁ উত্তৰ এইদৰে, ‘‘ময়ো ভালপাওঁ বুলি’’—
দিয়া জাঁপ পিছলৈ, মৰমী, মাৰা পিছলৈ জাঁপ৷
(মূল: ‘A Negro Love Song’)
এক আবেদন
কৰা মোক ভালদৰে আচৰণ, কুমাৰী মেণ্ডী জেন,
কৰা মোক ভালদৰে আচৰণ৷
হয়তো বান্ধিব পাৰে মোৰ প্ৰেমে মস্তিষ্কত পিঠাগুড়িৰ লদা;
তথাপি কৰা মোক ভালদৰে আচৰণ৷
কৰা নাই মই এতিয়াও একোকে লজ্জাজনক,
হয় যে সকলো প্ৰেমিকেই একে ধৰণৰ
নাজানো জানো তুমি, আমি যে নোৱাৰোঁ কৰিব কাকোকে দোষাৰোপ?
কৰা মোৰ প্ৰতি ভাল আচৰণ!
যিহেতুকে জানো যে মই ক’লোঁ মই হিংস্ৰভাৱে;
মোৰ প্ৰতি কৰক ভাল আচৰণ;
নোৱাৰো মই পাতিব তোমাৰ সৈতে কথা হে পুত্ৰ, শিশু মৰমৰ,
কৰা মোক ভালদৰে আচৰণ;
কিনো পাৰে কৰিবলৈ কোনো জনে,
যেতিয়া কৰে তেওঁ ঘৃণা সহকাৰে তোমাকেই প্ৰত্যাখ্যান
সকলোৱেই যে হয় কম্পিত সমভাৱে?
অনুগ্ৰহ কৰি মোৰ প্ৰতি কৰক ভাল আচৰণ৷
বোধকৰো মই যাব লাগিব অধিক গভীৰলৈ
অন্যসকলৰ দৰেই
প্ৰেমীসকলৰ লিঙ্গ বিচাৰ নতুবা আচৰণ মহিলাসকলৰ,
হয়তো তুমিও
কৰিব জানো আপুনি নিজেই কোৱাৰ দৰেই সকলো,
হয়তো পিছৰ অন্য এক দিনত
যেতিয়া মই কৰোঁ আপোনাক প্ৰাৰ্থনা, আপুনি হয়তো
মোৰ প্ৰতি কৰিব ভাল আচৰণ!
(মূল: ‘A Plea’)
ক্ষতিপূৰণ
কাৰণ আছিল মোৰ প্ৰেম গভীৰ,
যিহেতুকে আছিল প্ৰেম মোৰো দীঘলীয়া,
ঈশ্বৰো যে মহান মমতাময়ী
দিলে যে মোকো গীতৰ উপহাৰ৷
কাৰণ ভাল পালোঁ ইমানদিনে মই বৃথাতে,
আৰু গালোঁ যে গান এনে অস্থিৰ নিঃশ্বাস লৈ,
দেখোঁ প্ৰভুৰো অসীম কৰুণা
কৰে প্ৰদান মৃত্যুৰ আশীৰ্বাদ৷
(মূল: ‘Compensation’)
ঋণ
এয়াই হৈছে মোৰ ঋণ পৰিশোধ্য
সেই মাৰণময় উত্তাল দিনৰ অৰ্থে মাত্ৰ,
আছে অনুশোচনা আৰু দুখভৰা বছৰ অনেক,
সকাহ বিনে পৰিলক্ষিত দুখো লগতে দেধাৰ৷
শেষলৈকে কৰি যাম ময়ো ইয়াৰ পৰিশোধ—
সমাধি পৰ্যন্ত, হে বন্ধু মোৰ,
দিব ইয়েই মোক মুক্তি প্ৰকৃত—
তথা শান্তিৰ আলিঙ্গন মধুৰ৷
আছিল যে ক্ৰয় মোৰ যৎসামান্য,
ভাবিছিলোঁ মই মোৰ ঋণ ক্ষুদ্ৰ,
দৰিদ্ৰই হৈছে ঋণ শ্ৰেষ্ঠ—
হে ঈশ্বৰ! কিন্তু আগ্ৰহ যে হয় সুদৰ!
(মূল: ‘The Debt’)
জীৰ্ণ
দিলা যে তুমি মোক নিৰ্দেশ ধাৰণ কৰিবলৈ শান্তি নিজৰ
তথা আদেশ শুকুৱাবলৈ নিষ্ফল চকুপানীক,
পাহৰি গৈ কষ্ট সহোঁ মই
এক যান্ত্ৰণা মোৰ বছৰৰ বাহিৰত৷
উচিত যে হঁহাটো তোমাৰ মতে মই
লগতে লাগে আঁতৰাব অন্ধকাৰক;
কৰিম, পিছে ৰ’দ আৰু হাঁহিয়ে
জীৱনৰ অন্ধকাৰ দিনটো গৈছে মোৰ বাবে এৰি থৈ৷
দেখাত সকলো সময়েই যেন হয় ঠাণ্ডা তথা শূন্য,
আৰু নাথাকে তাৰ চকুলোৰ বিনে আন একো;
বাজে জীৱনৰ সঙ্গীত
মোৰ বাবে এক বিষাদময় আঘাতৰ সুৰ হৈ৷
আছিলোঁ যে মই প্ৰথমে আশাবাদী
পিছে এতিয়া আশা গ’ল মৰহি অতীতৰ দৰে;
আৰু বৰ্তমানে কোনো কিৰণৰ অবিহনে
মোক উল্লাসহীন জীৱনটোৱে টানি লৈ যায়৷
ভস্মৰ দাগ লগা অগ্নিশালৰ দৰে
যেতিয়া ইয়াৰ সকলো অনলৰো ব্যয় হৈ যায়,
এক শৰৎ কাষ্ঠৰ লেখীয়াকৈ
ধুমুহাৰ বতাহেও নিষ্ঠুৰতাৰে মহতিয়াই যায়,
দুখী যে মোৰ হৃদয়খনো,
আশা আৰু শান্তিৰ বিনে হয় নিৰ্বস্ত্ৰ;
নিবিচাৰে ই আনন্দ পুনৰাই
কিন্তু মুক্তি যে ইয়াৰ একমাত্ৰ কাম্য৷ [১৮৯৩]
(মূল: ‘Worn Out’)