কিৰণ দাস
সাহিত্যত পাৰিপাৰ্শ্ব চেতনা অথবা প্ৰকৃতি চেতনা এটা নতুন বিষয়৷ বৰ্তমান সাহিত্যত প্ৰকৃতি চেতনাক লৈ বিভিন্ন আলোচনা-বিলোচনা হোৱা দেখা যায়৷ সাধাৰণ অৰ্থত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনা হৈছে সাহিত্যত পৰিৱেশ সম্পৰ্কে কৰা অধ্যয়ন৷ এই প্ৰকাৰৰ সাহিত্য সমালোচনাক ‘সেউজ অধ্যয়ন’, ‘পাৰিপাশ্বিৰ্ক কাব্য আৰু পৰিৱেশ সাহিত্য সমালোচনা’ হিচাপেও জনা যায়৷
প্ৰকৃতিক কবিতাৰ এটা মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা কবি যোগেন টাইডে প্ৰকৃতিক প্ৰতীক, ব্যঞ্জনা হিচাপে বিভিন্ন কবিতাত ব্যৱহাৰ কৰিছে৷ তেওঁৰ আধাখিনি কবিতাই হয়তো প্ৰকৃতিৰ সৈতে জড়িত৷ কবিৰ নিজা ভাষাত, ‘‘প্ৰকৃতিৰ সৈতে মোৰ জন্মৰ পৰাই এৰাব নোৱাৰা সম্পৰ্ক৷ মই সদায় পাৰ হোৱা সোৱণশিৰি নৈখন, সৰিয়হৰ হালধীয়া ফুলবোৰ, সেউজীয়া পথাৰখন, আনহাতে খহনীয়াত জাহ যোৱা মোৰ গাঁৱৰ মানুহবোৰ, ধুমুহাই ভঙা ঘৰবোৰ –এই আটাইবোৰ ঘটনা, ছবিক কেন্দ্ৰ কৰিয়েই মই কবিতা লিখোঁ৷ বানে সাত-আঠবাৰ ঘৰ ভাঙি নিয়াৰ পিছতো আকৌ আমাৰ গাঁৱলীয়াই একে ঠাইতে ঘৰ বনাই৷ খেতি কৰে, বেপাৰ কৰে৷ তথাপিও এই ঘাগৰ(কবিৰ অঞ্চলৰ নাম)ক এৰি যাবলৈ মন নকৰে৷ মইনো কেনেকৈ কবিতাত নেৰাকৈ থাকোঁ৷’’
যিহেতু পাৰিপাৰ্শ্ব সমালোচনাই মূলতঃ চাৰিটা দিশক আগুৰি লয়৷ সেইকেইটা হৈছে–
[ক] নান্দনিক দিশ
[খ] সামাজিক দিশ
[গ] বৈজ্ঞানিক দিশ আৰু
[ঘ] সাংস্কৃতিক দিশ (‘পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনা’ -জয়ন্ত শইকীয়া, সতীৰ্থ.ইন)
এই আলোচনাত যোগেন টাইডৰ কবিতাত প্ৰকাশিত পাৰিপাৰ্শ্ব চেতনাৰ আটাইকেইটা দিশৰ বিষয়ে আলোচনাৰ প্ৰয়াস কৰা হ’ব৷
যোগেন টাইডৰ কবিতাত প্ৰকাশিত প্ৰকৃতিৰ নান্দনিক দিশ
প্ৰকৃতিৰ নান্দনিক দিশ বুলি কওঁতে প্ৰকৃতিৰ সৌন্দৰ্য, আদিমতাক গুৰুত্ব দিয়া হয়৷ তদুপৰি নান্দনিক দিশৰ যোগেদি মানুহৰ সৈতে প্ৰকৃতিৰ অৱস্থান কেনেকুৱা, মানুহে ভাবধাৰাৰে প্ৰকৃতিক বিচাৰ কৰে, কেনেদৰে প্ৰকৃতিৰ প্ৰতি মুগ্ধ হয় সেই প্ৰসংগও অধ্যয়ন কৰা হয়৷ ৰোমাণ্টিক যুগৰ অসমীয়া কবিসকলৰ কবিতাত প্ৰকৃতিৰ বিচিত্ৰ বন্দনা দেখিবলৈ পোৱা যায়৷ ৰঘুনাথ চৌধাৰী, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা ইয়াৰ উল্লেখযোগ্য উদাহৰণ৷ আধুনিক ভাবধাৰাৰে কবি টাইডে প্ৰকৃতিক অতি সুন্দৰ ৰূপত বৰ্ণনা কৰিছে৷ ‘তুমি আহিবা বুলি উৰিয়াম গছৰ ফেৰেঙনিত’ শীৰ্ষক কবিতাত কবিয়ে প্ৰকৃতিক উপস্থাপন কৰিছে এইদৰে–
“মেৰবিলৰ সিপাৰে তোমালোকৰ সৰিয়হডৰা ফুলিছে
তুমি আহিবা আহিবা বুলি উৰিয়াম গছৰ ফেৰেঙনিত জোনটো
বহি বহি আমৰলি পৰুৱাৰ কামোৰ খাই অভিমান কৰি এইমাত্ৰ গুচি গৈছে...”
প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে সৰিয়হ, উৰিয়াম গছ, আমৰলি পৰুৱা, জোন আদিক কাব্যিক উপমাৰে নিৰ্মাণ কৰি কবিয়ে পঢ়ুৱৈৰ মনত সৃষ্টি কৰাবলৈ সক্ষম হৈছে এটা সুন্দৰ চিত্ৰকল্প৷ এই কবিতাফাকিত কবিয়ে চিত্ৰকল্পৰ মাজেদি প্ৰকৃতিৰ মায়াৱী ৰূপ উপস্থাপন কৰাত সফল হৈছে৷ কৃষিজীৱী নৈপৰীয়া সমাজখনৰ বিভিন্ন চিত্ৰ কবিয়ে বৰ্ণনা কৰাত সফল হৈছে৷ মূলতঃ প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল কবিৰ সমাজ৷ ‘বৰষুণত তিতি থকা ধানৰ পথাৰ’ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্ৰাপ্তি বৰ্ণনা কৰিছে এইদৰে–
“বৰষুণৰ খহনীয়াত বিয়পি পৰিছে
গোটেই পথাৰত আকাশৰ নীলা
পনীয়া পনীয়া নীলা কুঁৱলীৰ কাপোৰ মেৰিয়াই লৈছে”
কবিয়ে প্ৰকৃতিৰ সহজ বৰ্ণনা কৰিছে যদিও প্ৰকৃতিৰ উপাদানসমূহক প্ৰতীক আৰু ব্যঞ্জনাৰে সজাই নিৰ্মাণ কৰিছে এক আকৰ্ষণীয় চিত্ৰকল্প৷ ‘বৰষুণৰ খহনীয়া’, ‘পথাৰত আকাশৰ নীলা’, ‘নীলা কুঁৱলীৰ কাপোৰ’ আদি প্ৰতীক-চিত্ৰকল্পই টাইডৰ কবিতাক অন্য এখন আসনলৈ লৈ যোৱাত সফল কৰি তুলিছে৷ এই আটাইবোৰ প্ৰতীকৰ মূল হৈছে প্ৰকৃতি আৰু মৎস্যজীৱী মানুহৰ আশা-আকাংক্ষা, দুখ আৰু হতাশা৷
অসমীয়া সমাজৰ খাদ্যাভাস¸ৰ মূল উৎস ধান৷ নৈপৰীয়া পথাৰৰ ধাননিডৰা, সৰিয়হডৰা হৈছে কবি টাইডৰ কবিতাৰ অন্যতম প্ৰেৰণা তথা বিষয়বস্তু৷ ‘শালিধানবোৰ হালিছে’ কবিতাত কবিয়ে ধানৰ অপৰূপ সৌন্দৰ্যক বৰ্ণনা কৰিছে—
“ইমানদিনে ভালপোৱা বৰষুণৰ স্পৰ্শত ধানবোৰ সগৌৰৱে থিয় হৈ আছিল
যেতিয়া বৰষুণৰ সলনি ৰ’দ আৰু কুঁৱলীয়ে পথাৰখনত নিজৰ নিজৰ
প্ৰভাৱ বিস্তাৰ আৰম্ভ কৰিছে
ধানবোৰ থিয় হৈ নাথাকি প্ৰচুৰ আনন্দত শুবলৈ ধৰিলে
শুই শুই চুঁচৰিবলৈ ধৰিলে
চুঁচৰি চুঁচৰি যেন সীমা পাৰ হৈ তোমালোকৰ ভঁৰালত ভালদৰে জিৰাবগৈ”
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক কবিয়ে কবিতাত বিভিন্ন উপমা, প্ৰতীকৰ জৰিয়তে স্থান দিয়াৰ উপৰি সেই সৌন্দৰ্যক উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ দিছে৷ যি নিমন্ত্ৰণত উজ্জীৱিত হৈ উঠিছে অসমৰ গ্ৰামীণ সমাজ আৰু প্ৰাকৃতিক সৌন্দৰ্য।
“কঁহুৱা আৰু কুমলীয়া কুঁৱলীৰ সতেজ সংগমত গঢ়ি উঠা
শুভ্ৰ নগৰীখন এবাৰ চাবলৈ আহক মহাশয়”
শীতৰ বৰ্ণনা আৰু শীতে শুভ্ৰ কৰি তোলা কবিৰ গাঁওখনক শুভ্ৰ নগৰ ৰূপে কবিয়ে প্ৰতিষ্ঠা কৰিছে৷ প্ৰকৃতিয়ে ঋতুৱে প্ৰতি সলনি কৰা অপৰূপ ৰূপক সৃষ্টিশীল লেখকে নিজৰ ৰচনাৰ মাজেদি সাৱলীল ৰূপত উপস্থাপন কৰে৷
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা আলোচনালৈ আহিলে পোনতে আমাৰ মনলৈ আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা৷ পৃথিৱী বিখ্যাত এই উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা অসমীয়া সাহিত্যত বিভিন্নজন সাহিত্যিকে বিভিন্ন বিধাৰ মাজেৰে প্ৰকাশ কৰিছে৷ তদুপৰি অসমৰ পৰিৱেশক সজীৱ আৰু সুন্দৰ কৰি ৰখাত কাজিৰঙাৰ ভূমিকা উল্লেখযোগ্য৷ কবি টাইডে ‘কাজিৰঙা’ শীৰ্ষক কবিতাত কাজিৰঙাৰ সৌন্দৰ্যক বৰ্ণনা কৰিছে—
“সেউজীয়া ইকৰাণিৰ পৰা অহা ঘিউবৰণীয়া
জলধাৰা উত্তাল কৰি আমালৈ ফৰ্মুটিয়াই আছে
পিঠিত শেলুৱৈ বগোৱা চিতল মাছবোৰ”
আন এটা স্তৱকত কবিয়ে কাজিৰঙা তথা অসম গৌৰৱ গঁড়ৰ বৰ্ণনা কৰিছে এইদৰে–
“সীহ বৰণীয়া গঁড় এটা কাষৰ ইকৰাণিত আপোনমনে ঘাঁহ পাগুলি আছে
তপিনাৰ পৰা শকত ডিঙিটোৰ কাষলৈকে বিয়পি থকা
লোহা যেন লগা দুটা পঘাই গঁড়টো শৌৰ্য ঘোষণা কৰি আছে”
পোনপটীয়াকৈ কবিয়ে অসমীয়া সমাজ জীৱনৰ অন্যতম উপাদান বাঁহগছৰ বৰ্ণনা কৰিছে ‘প্ৰিয় বাঁহবোৰ’ কবিতাৰ জৰিয়তে৷ নিম্ন মধ্যবিত্ত সমাজ এখনৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা উপাদান হৈছে বাঁহগছ৷ বসবাস, জীৱিকা, সৌন্দৰ্য, উচ্চাকাংক্ষাৰ প্ৰতীক হৈছে বাঁহ গছ৷
“অথবা এনেকৈয়ো ক’ব পাৰোঁ যে তৃণজাতীয় উদ্ভিদবোৰৰ ভিতৰত
তোমালোকৰ আধিপত্য ঈৰ্ষণীয়
আহাৰে আহাৰে শাওণে শাওণে ৰাতি ৰাতি জোপা জোপা
বাঁহবোৰৰ ফাঁকে ফাঁকে চুঁচৰি অহা বিজুলীবোৰৰ চমকনিত
সচকিত হৈ পৰিছিলোঁ...”
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাতে কবি সীমাৱদ্ধ হৈ থকা নাই৷ কবিৰ গুজৰাট ভ্ৰমণৰ পিছত গুজৰাটৰ প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰিছে ‘গুজৰাটৰ তেজগড়ত এদিন ৰাতিপুৱা’ শীৰ্ষক কবিতাত৷ উল্লেখনীয় যে প্ৰকৃতিৰ বৰ্ণনা কৰা প্ৰতিটো কবিতাতে কবিৰ মনৰ সংশয় আৰু ভৱিষ্যতৰ অন্ধকাৰ এখন পৃথিৱীৰ ছাঁ আমি দেখিবলৈ পাওঁ৷ প্ৰকৃতি বৰ্ণনৰ লগে লগে প্ৰায়বোৰ কবিতাতে প্ৰকৃতিক সংৰক্ষণ কৰাৰ আহ্বানো কবিয়ে কৰা আমি দেখিবলৈ পাওঁ৷
“বাওঁধানৰ দৰে কুঁহিয়াৰৰ খেতি
তোমাৰ টোপনিৰ উপত্যকাৰ দৰে শ্যামলঘন কপাহ পথাৰৰ মাজে মাজে”
আন এটা স্তৱকত কবিয়ে লিখিছে–
“তেজগড়ত সেইদিনা ৰাতিপুৱা গোমধান আৰু কপাহ ফুলবোৰে
নিজৰ নিজৰ প্ৰতিভা উজাৰি দিছে
আমি শিলাময় পাহাৰ এটাত লৰালৰিকৈ বগাইছোঁ
অজস্ৰ প্ৰাচীন শিলৰ জঙঘলে ৰাজত্ব কৰি আছে সেই পাহাৰ
শিলৰ বহল চোলাবোৰত বহি কেইবাজনীও ময়ূৰ চৰায়ে
আমালৈ সচকিত আৰু আক্ৰমণাত্মক নয়নেৰে চাই আছে”
কবিয়ে গুজৰাট ভ্ৰমণৰ অভিজ্ঞতা যে কেৱল প্ৰকৃতিৰ বৰ্ণনাৰ যোগেদিয়েই প্ৰকাশ কৰিলে, তাৰ পৰাই যোগেন টাইডৰ প্ৰকৃতি চেতনা আৰু পৰিৱেশৰ প্ৰতি থকা দায়বদ্ধতাৰ উমান পাব পাৰি৷ প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যক কবি যোগেন টাইডে কবিতাৰ মাধ্যমেদি প্ৰকাশ কৰি এক অনন্য প্ৰকৃতিপ্ৰীতিৰ পৰিচয় দিছে৷
যোগেন টাইডৰ কবিতাত প্ৰকৃতি চেতনাৰ সামাজিক দিশ
প্ৰকৃতি চেতনাৰ সামাজিক দিশ বুলি কওঁতে সমাজ এখনে অৰ্থাৎ মানুহে প্ৰকৃতিক কেনেদৰে মূল্যায়ন কৰে সেইসমূহ দিশ বিচাৰ কৰা হয়৷ মানুহ আৰু প্ৰকৃতিৰ মাজত থকা ধনাত্মক আৰু ঋণাত্মক দিশসমূহ এই ধাৰাই অধ্যয়ন কৰে৷ মানুহে প্ৰকৃতিক কেনেদৰে সৃষ্টি কৰে, কেনেদৰে ধ্বংস কৰে, প্ৰকৃতিৰ পৰা সমাজ এখনত হোৱা উপকাৰ, অপকাৰৰ অধ্যয়ন এই শাখাৰ অন্তৰ্গত৷ কবি যোগেন টাইডে তেওঁৰ কবিতাত প্ৰকৃতিৰ এই সামাজিক দিশসমূহ সুন্দৰভাৱে উপস্থাপন কৰাত সফল হৈছে৷ ধান আৰু মানুহৰ সম্পৰ্কক কবিয়ে নিপুণভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছে৷ সেউজীয়াৰ সৈতে নৈপৰীয়া সমাজৰ সম্পৰ্ক আৰু প্ৰকৃতিৰ ছবিখন ‘শালিধানবোৰ হালিছে’ কবিতাত ফুটি উঠিছে৷
“যোৱা মাহত তোমাতকৈ ওখ বুলি ধানবোৰে তোমাক অহঙ্কাৰেৰে অতিষ্ঠ কৰি তুলিছিল তোমাৰ আঙুলিৰ আঙুৰবোৰতকৈ ধান গছবোৰৰ বতাহবোৰ বেছি মিঠা বুলি হাঁহিৰে উফৰাইছিল ধানবোৰে তোমাৰ আঙুলিৰ আগমন আৰু চেনেহৰ অপেক্ষাত এতিয়া উদগ্ৰীৱ হৈ আছে৷”
প্ৰকৃতিক নিজ স্বাৰ্থ আৰু লালসাৰ বাবে মানুহে কৰা অত্যাচাৰৰ ছবিখনো কবিয়ে তেওঁৰ কবিতাত উল্লেখ কৰিছে৷ বৰ্তমান সময়ত মানুহে বনাঞ্চল ধ্বংস, ভূমি খনন আদিৰ দৰে প্ৰকৃতিবিৰুদ্ধ কামসমূহ কৰি প্ৰকৃতিৰ ভাৰসাম্যতা বিনষ্ট কৰি পেলাইছে৷ সেইখন ছবিয়ে কবিয়ে ‘আৰ্দ্ৰভূমি’ কবিতাত তুলি ধৰিছে—
“আপুনি যেতিয়া বৃদ্ধ উৰিয়ামজোপাৰ গুৰিত প্ৰচণ্ড আঘাত হানিছিল
উৰিয়াম গছজোপাৰ ওপৰত সোণালী কণ্ঠৰ উৎসৱৰ আয়োজন
কৰা ভাটৌ আৰু হাইঠা চৰাইবোৰ নিজৰ পৰিচয় হেৰুৱাই
হাহাকাৰৰ এটা বন্দৰত আশ্ৰয় লৈছিল৷”
বিলুপ্ত হ’বলৈ ধৰা হাইঠা আৰু ভাটৌ চৰাইবোৰক ধ্বংস নকৰিবলৈ এই কবিতাৰ জৰিয়তে কবিয়ে আহ্বান জনাইছে৷ মাটি আৰু মানুহৰ সম্পৰ্কক কবিয়ে ‘মাটিৰ উৎসৱ’ কবিতাত তুলি ধৰিছে–
“মই কেনেকৈ তোমাৰ বুকুত জোনাক চাবলৈ যাম
এৰি থৈ এই মাটিৰ হালধীয়া উৎসৱৰ উল্লাসত”
অসমীয়া গ্ৰাম্য সমাজ ঘাইকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কৃষি অবিহনে অসমীয়া সমাজ যেন কিছু ক্ষেত্ৰত পিছপৰা৷ কবিয়ে নিজেই কোৱা মতে, ‘‘প্ৰকৃতি অবিহনে মোৰ কবিতা লিখা সম্ভৱ নহ’লহেঁতেন৷ সোৱণশিৰি নৈখন, সৰিয়হবোৰ, বিস্তীৰ্ণ এলেকাৰ পথাৰবোৰ, ঘাঘৰৰ হাবিখনৰ সেউজীয়াবোৰৰ অবিহনে মই কবিতা লিখিব কিজানি নোৱাৰিলোঁহেঁতেন৷’’
‘খেতিয়ক’ শীৰ্ষক কবিতাত কবিয়ে এজন খেতিয়কৰ সৈতে থকা প্ৰকৃতিৰ সম্পৰ্কৰ কথা উপস্থাপন কৰাৰ লগতে প্ৰকৃতিৰ অবিহনে যে মানুহৰ জীৱন অচল সেই কথা উল্লেখ কৰিছে—
“অসুস্থ মাটিৰ গৰ্ভ চপৰীয়াই মই প্ৰাৰ্থনা কৰোঁ
হে মেঘ! তুমি শুনানে
নাৱৰীয়া আৰু মাছমৰীয়াৰ শোকজৰ্জৰ হুমুনিয়াহ ধাৰণ কৰি
ক্লান্ত হৈ নদী! এদিন মাথোঁ এদিন
এই ফালে এই ফালে শইচৰ তৃষ্ণাতুৰ ওঁঠৰ অৰণ্যৰ ফালে বৈ আহা”
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা গঁড় হত্যা অসমৰ এটা অন্যতম সমস্যা৷ টকাৰ স্বাৰ্থত চোৰাং চিকাৰীয়ে এই গঁড়বোৰক দিনে প্ৰতি হত্যা কৰি অহা দেখা গৈছে৷ এই এশিঙীয়া গঁড় কেৱল অসমৰ কাজিৰঙাতহে পোৱা যায়৷ ‘গঁড’ শীৰ্ষক কবিতাত কবিয়ে গঁড়ৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা বৰ্ণনা কৰাৰ লগতে মানুহে গঁড়ক হত্যা কৰাৰ ছবিখনো ক্ষোভ আৰু হতাশাৰে বৰ্ণনা কৰিছে—
“যিবোৰ গঁড় পোৱালিৰ মাকবোৰ ইতিমধ্যে চিকাৰীৰ লুভীয়া
দৃষ্টিৰ আঘাতত ইকৰানিত কৰ্ফাল খাই পৰি আছে
সেই মাকক হেৰুওৱা পোৱালিবোৰে যোৱা ৰাতি মোক ইমানকৈ আমনি কৰিছে যে”
আন এটা স্তৱকত মানুহৰ লালসাৰ বলি হৈ মৃত্যুমুখত পৰা এটা গঁড় আৰু¸ এজনী শামুকভঙা চৰাইৰ মাজৰ সম্পৰ্কৰ এখন কাতৰ ছবিৰ কথা উল্লেখ কৰিছে এইদৰে–
“গঁড়টোৱে মৃত্যুৰ প্ৰাকমুহূৰ্তত নিশ্চয় শামুকভঙা চৰাইজনীৰ চকুযুৰিৰ কথা ভাবিছিল
শামুকভঙাজনীয়ে টোটোলা ভৰাই মাছ-ভেকুলী খাই তাৰ
ক’লা পিঠিখনত জিৰাবলৈ আহিছিল
পিঠি নহয় যেন তাৰ কাৰণে এখন কোমল বিছনাহে”
একেটা কবিতাতে এজন পৰ্যটকৰ প্ৰকৃতিৰ লগত থকা অগাধ ভালপোৱা আৰু প্ৰকৃতিৰ বাবে থকা সামাজিক দায়বদ্ধতাৰ কথা উল্লেখ কৰিছে।
“ডেনীগাম কাজিৰঙাত থকা হ’লে নিশ্চয় তাৰ আৰ্ত চিৎকাৰ শুনি
লৱৰি আহিলহেঁতেন
ক্ষতাংগ পানীৰে ধুই কাপোৰ মেৰিয়াই দিলেহেঁতেন”
নৈপৰীয়া মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে খহনীয়া৷ খহনীয়াই ইতিমধ্যে মাজুলী, লখিমপুৰৰ নৈপৰীয়া অঞ্চলসমূহক এফালৰ পৰা ধ্বংস কৰি আনিছে৷ ই বৰ্তমান সমগ্ৰ অসমৰে এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈছে৷ খহনীয়াই সমাজ এখনৰ আৰ্থ-সামাজিক দিশটোক বিভিন্ন প্ৰকাৰে ধ্বংস কৰি পেলায়৷ সেই খহনীয়াৰ কথা কবিয়ে ‘দিচাংমুখ’ শীৰ্ষক কবিতাৰ মাজেদি উপস্থাপন কৰিছে–
“খহনীয়াই দ্ৰুততৰ কৰি তুলিছে মানুহবোৰৰ হৃদকম্পন
এইমাত্ৰ ককাদেউতাৰ বয়সৰ এজাৰজোপা
পকনীয়াৰ পঘাই দীঘে দীঘে টানি লৈ গ’ল”
মাটি থকাৰ পিছতো প্ৰয়োজনীয় ঠাই এখনত ঘৰ এখন সাজিব নোৱাৰা নৈপৰীয়া সমাজখনৰ দৰিদ্ৰতাই কবিক চুই গৈছে৷ কবিও সেই ঠাইৰে প্ৰতিনিধি৷ সেইবাবে প্ৰকৃতি-মানুহৰ এনেধৰণৰ ঘাত-প্ৰতিঘাতসমূহ মূৰ্ত হৈ উঠিছে কবিতাৰ যোগেদি—
“মাটি থাকিও মাটিবিহীন ঘৰ থাকিও হাহাকাৰ
মানুহবোৰ কঢ়িয়াই কঢ়িয়াই ফেৰীখন নিজেও হৈ পৰিছে বিধ্বস্ত৷”
এনেদৰেই প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কক কবি যোগেন টাইডে কবিতাৰ মাজেদি ফুটাই তুলিবলৈ সক্ষম হৈছে৷ নিসৰ্গৰ প্ৰাচুৰ্যৰ মাজত ডাঙৰ-দীঘল হোৱা কবি টাইডে প্ৰকৃতিৰ ধ্বংসাত্মক ছবিখনো প্ৰত্যক্ষ কৰিছে আৰু প্ৰকৃতিৰ মানুহৰ সৈতে থকা নিবিড় ছবিখনৰো প্ৰত্যক্ষদৰ্শী৷ সেইবাবে তেওঁৰ প্ৰায়বোৰ কবিতাতেই প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ ছবিখন দেখিবলৈ পোৱা যায়৷
প্ৰকৃতিৰ বিচিত্ৰতাই অসমভূমিক পূৰ্বৰে পৰা ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ তুলনাত কিছু পৃথক হিচাপে উপস্থাপন কৰি আহিছে৷ বছৰৰ ছটা ঋতুত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিভিন্নতা প্ৰকাশ পায়৷ প্ৰকৃতিৰ এই বিভিন্নতা অসমীয়া সাহিত্যত ভিন ভিন দৃষ্টিকোণৰ মাজেদি প্ৰৱেশ কৰিছে৷ এই সম্পৰ্ক যে কেৱল সাহিত্য আৰু প্ৰকৃতিৰ মাজতে সীমাৱদ্ধ এনে নহয়৷ সামাজিক-বৈজ্ঞানিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো ইয়াৰ সম্পৰ্ক শক্তিশালী৷ কবি যোগেন টাইডে সমসাময়িক অসমীয়া সমাজৰ বিভিন্ন সাংস্কৃতিক প্ৰেক্ষাপটক অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সহায় লৈ কবিতাৰ মাধ্যমেদি প্ৰকাশ কৰিছে–
“চুচুক চামাককৈ হোলাটোলৈ ফুৰিবলৈ অহা ডাউক এজনীৰ স’তে
তৰাণিৰ এন্ধাৰত সোমামগৈ৷ তৰাপাতৰ ছাঁত সমগ্ৰ গুহা
চলাথ কৰি হেঁপাহৰ নয়নত খুচি লম
ৰিবি গাচেঙৰ পাৰিৰ দৰে কেইটামান সপোন৷” (‘এজাক লিহিৰি বতাহ হৈ’)
এফালে অসমৰ পৰিৱেশত পোৱা ডাউক চৰাইৰ স’তে মানুহৰ সম্পৰ্কৰ কথা উনুকিয়াই কবিয়ে মিচিং জনগোষ্ঠীৰ পোছাক ৰিবি-গাচেঙৰ কথা উল্লেখ কৰিছে৷ য’ত নেকি প্ৰকৃতি-মানুহ-সংস্কৃতিৰ ৰেখাডাল স্পষ্টকৈ প্ৰকাশ পাইছে৷ সেউজীয়া হৈছে সমৃদ্ধি আৰু প্ৰকৃতিৰ প্ৰতীক৷ ‘খেতিয়ক’ শীৰ্ষক কবিতাত কবি টাইডে সেউজীয়াক প্ৰকৃতিৰ প্ৰতীক হিচাপে লৈ প্ৰকৃতিৰ সৈতে সংস্কৃতিৰ সম্পৰ্কৰ ৰেখাডাল অধিক মজবুত কৰা দেখা যায়–
“অনেক বীজৰ বন্ধ নয়ন উন্মোচনৰ বাবে তুমি আয়োজন কৰা বিশেষ আনন্দ
পঃ ৰ আপং বাকি, মেগেলা গছ গুজি
কি আছিল কি আছিল অ, অ, কপাহ থাপি
তুমি উদ্যাপন কৰা বীজৰ সেউজীয়া উৎসৱ”
অতি সতৰ্কতাৰে কবি টাইডে গোলকীকৰণে গোটেই পৃথিৱীতে বিস্তাৰ লাভ কৰাৰ পিছতো, বিজ্ঞানৰ অপূৰ্ব উন্নতিৰ সময়তো সেই সফলতাক আওকাণ কৰি প্ৰকৃতিৰ বিভিন্ন অৱস্থিতিক উপস্থাপন কৰাৰ কৌশল মন কৰিবলগীয়া—
“আপুনি যদি ইয়ালৈ আহে
নাপাব ৰিক্সা, অ’টো অথবা ট্ৰামবাছ
নাপাব আপুনি কাঠফুলাৰ দৰে ফুলি উঠা শ্লামবোৰ
ইয়াৰ একমাত্ৰ আদিমতম অথচ নিৰ্ভৰযোগ্য বাহন হৈছে
অপৰূপা গাভৰুৰ চেলাউৰিৰ দৰে স্বচ্চ নাওবোৰ” (‘শুভ্ৰনগৰী’)
সামগ্ৰিকভাৱে আমি দেখিবলৈ পালোঁ যে হীৰেন ভট্টাচাৰ্যৰ পিছৰে পৰা সাম্প্ৰতিক অসমীয়া কবিতাত এটা নতুন স্তৰৰ সৃষ্টি হৈছে৷ এই স্তৰৰ কবিসকলৰ বক্তব্য স্পষ্ট আৰু আৱেগৰ গাঢ়তা কম৷ সৰহ সংখ্যক কবিৰ লগতে যোগেন টাইডৰ কবিতাৰ ঘাই বিষয়বস্তু হ’ল প্ৰকৃতিপ্ৰেম, অসমীয়া লোকজীৱনক সবল ৰূপত উপস্থাপন আৰু সমাজৰ নিষ্ঠুৰতাৰ প্ৰতি সজাগতা৷ যোগেন টাইডে নিভাজ অসমীয়া শব্দভাণ্ডাৰৰ সহায় লৈ, অসমীয়া জনজীৱনৰ বিভিন্ন অনুষংগ যেনে— দুখ-দুৰ্দশা, দৈনন্দিন জীৱনশৈলী, সমসাময়িক ৰাজনৈতিক প্ৰেক্ষাপট আদিক বিষয়বস্তু হিচাপে গ্ৰহণ কৰি প্ৰতীক, চিত্ৰকল্প, সুৰৰ মাধ্যমেদি পাঠকৰ বোধগম্য হোৱাকৈ কবিতা ৰচনা কৰিছে৷ টাইডৰ কবিতা সাধাৰণ ভাষাৰ হৈয়ো বহন কৰিছে এক বিশ্বজনীন আবেদন৷
গ্ৰন্থপঞ্জী
আহমেদ, কামালুদ্দিন(সম্পা.)। আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ।প্ৰথম সংস্কৰণ, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০০৯৷
টাইড, যোগেন। আজি ৰাতি থাকি যোৱা হ’লে। প্ৰথম প্ৰকাশ, ডকপুন অপে’, ২০১৭৷
টাইড, যোগেন। বৰষুণত গাভৰুবোৰ। প্ৰথম প্ৰকাশ, হাজৰিকা বুক হাউছ, ২০০৩৷
নাথ, ভনিতা (সম্পা.)। আধুনিক অসমীয়া কবি আৰু কবিতা- ৰামধেনুৰ পৰা সাম্প্ৰতিকলৈ।প্ৰথম প্ৰকাশ, পূৰ্বায়ণ প্ৰকাশন, ২০১৭৷
পায়েং, সদানন্দ। ঘুণাসুঁতিৰ প্ৰেমগাথা। প্ৰথম প্ৰকাশ, আলিবাট, ২০১৫৷
কিৰণ দাস মিৰ্জাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক৷