প্ৰণতি বৰুৱা
জনচেতনাৰ কবি ৰাম গগৈৰ উদ্যোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত জন্ম হৈছিল সদৌ অসম কবি সন্মিলনৰ৷ এই অনুষ্ঠানে সম্প্ৰতি ৩৭ বছৰত ভৰি দিলে৷ ৰাম গগৈৰ আন্তৰিক আৰু নিঃস্বাৰ্থ প্ৰচেষ্টাত নামৰূপত প্ৰতিষ্ঠা লাভ কৰা অনুষ্ঠানটোৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাপক সম্পাদক আছিল শ্ৰীআনন্দ দত্ত আৰু সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল প্ৰথমগৰাকী সভাপতি ৰাম গগৈ৷ আৰম্ভণিকালত এই অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত ব্যক্তিসকল আছিল— চুজাউদ্দিন আহমদ, ৰাম গোস্বামী, অৱনী চক্ৰৱৰ্তী, বীৰেন বৰকটকী, জনাৰ্দন মহন্ত, প্ৰেম গগৈ, মাণিক গগৈ, বীৰেন হাজৰিকা, জুলিয়ানা বেগম, মাখন দত্ত, জয়ৰাম নাথ, শান্তিছায়া শইকীয়া, ৰবীন্দ্ৰ বৰা, শ্বৰীফা খাতুন চৌধুৰী, প্ৰণতি বৰুৱা, ৰবীন্দ্ৰ সৰকাৰ, স্নিগ্ধাৰণী গগৈৰ লগতে বহু সংখ্যক কাব্যপ্ৰেমী৷ পৰৱৰ্তী সময়ত কবি সন্মিলনৰ সৈতে জডিতসকলৰ ভিতৰত নীলকান্ত শইকীয়া, বংশী বৰা, পৰাগজ্যোতি মহন্ত, ৰঞ্জুমণি বেজবৰুৱা, হৰেন গগৈ, উজ্জ্বল পাওগাম, পাৰভেজ হোছেইন, তুফেল জিলানী, গংগামোহন মিলি, দিলীপ ফুকন, দীপালি ভট্টাচাৰ্য, বিশাল অনুৰাগ, পুঞ্জন বৰুৱা, যোগেশ বিকাশ গগৈ, অনিমা বৰুৱা দেউৰী অন্যতম৷
সদৌ অসম কবি সন্মিলনৰ জন্মৰ ইতিহাসত নামৰূপৰ সমলয় কবিচক্ৰৰ সাহচৰ্য অৱশ্যেই স্বীকাৰ্য৷ ১৯৮২ চনত সাংগঠনিক দৃঢ়তাৰে সমলয় কবিচক্ৰই পাতনি মেলিছিল৷ উত্তৰ পূৰ্বাঞ্চলৰ কাব্য-চৰ্চাৰ অন্যতম অনুষ্ঠান আছিল এই কবিচক্ৰ৷ ৰাম গগৈ আছিল সভাপতি আৰু আনন্দ দত্ত আছিল কবিচক্ৰৰ সম্পাদক৷ প্ৰথম অৱস্থাত সমলয় কবিচক্ৰ যদিও নামৰূপতে আবদ্ধ আছিল, পিছলৈ সমলয় নামেৰে প্ৰকাশ কৰা কাব্য আলোচনীখনে শদিয়াৰপৰা ধুবুৰীলৈকে কবিসকলক সামৰি লৈছিল৷
উল্লেখযোগ্য যে ১৯৮৭ চনৰ ৬ আৰু ৭ ছেপ্টেম্বৰত অনুষ্ঠিত সমলয় কবিচক্ৰৰ অভিৱৰ্তনৰ অন্যতম কাৰ্যসূচী কবিসন্মিলনত অসমৰ বিভিন্ন স্থানৰ কবিসকলে অংশ গ্ৰহণ কৰিছিল৷ দ্বিতীয় দিনাৰ বিশেষ কাৰ্যসূচী আছিল কবিসকলৰ মুকলি আলোচনা সভা৷ অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা কবিসকলে আলোচনাত অংশগ্ৰহণ কৰি কাব্য-চৰ্চাৰ এখন উমৈহতীয়া মঞ্চৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত সেইদিনা অৰ্থাৎ ৬ ছেপ্টেম্বৰৰ দিনা সদৌ অসম কবি সন্মিলন নামেৰে এই সংগঠনৰ জন্ম দিয়া হয়৷ ৰাম গগৈক সভাপতি আৰু আনন্দ দত্তক সম্পাদক হিচাপে মনোনীত কৰি সদৌ অসম কবি সন্মিলনৰ এখন সমিতি গঠন কৰা হয়৷ গুৱাহাটীৰ অৱনী চক্ৰৱৰ্তী, শিৱসাগৰৰ বীৰেন হাজিৰকাক সহকাৰী সম্পাদক, তিনিচুকীয়াৰ সুশীল গগৈক কোষাধ্যক্ষ হিচাপে সমিতিখন গঠন কৰা হৈছিল৷ এইদৰেই সদৌ অসম কবি সন্মিলনে নামৰূপৰ সমলয় কবিচক্ৰৰ বুকুতে সোণালী যাত্ৰা আৰম্ভ কৰিলে৷
সদৌ অসম কবি সন্মিলনৰ সংবিধানখন ১৯৮৮ চনত শোনিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাত গৃহীত হৈছিল৷ প্ৰস্তাৱক আছিল ৰাম গোস্বামী আৰু সমৰ্থক আছিল অৱনীন্দ্ৰচন্দ্ৰ বৰা৷ সৰ্বসন্মতিক্ৰমে সভাপতি ৰাম গগৈৰ স্বাক্ষৰ সহ সংবিধানখন গ্ৰহণ কৰা হৈছিল৷ অৱশ্যে ২੦১৩ চনত সংবিধানখনৰ কিছু সংশোধন কৰা হৈছিল৷ সংবিধানৰ তেৰটা পৰিচ্ছেদত সন্মিলনৰ মুখ্য উদ্দশ্যে আৰু লক্ষ্য সহ সকলো আনুষংগিক দিশ সামৰি গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য সন্মিলনৰ পতাকা, প্ৰতীক, পুঁজি, সংগঠন, কাৰ্যক্ষেত্ৰ, সংবিধান সংশোধন, কাৰ্যালয়, কাব্য মন্ত্ৰ প্ৰধান৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ হৃদয়স্পৰ্শী কবিতাৰ শাৰী ‘সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে’ কবি সন্মিলনৰ কাব্যমন্ত্ৰ ৰূপে গ্ৰহণ কৰা হয়৷ উক্ত কাব্য মন্ত্ৰ উচ্চাৰণৰ যোগেদি কাব্যচৰ্চাৰ লগতে আমাৰ ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে আগবাঢ়ি যোৱাৰ পবিত্ৰ সংকল্প গ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনে যাত্ৰা কৰি আহিছে৷
অসমীয়া কাব্য সাহিত্যক এক বিশেষ স্থান দিয়াৰ ক্ষেত্ৰত প্ৰতিজ্ঞাৱদ্ধ কবি সন্মিলনে সকলো কাব্য অনুৰাগীক একেখন মঞ্চত সংগৱদ্ধ ৰূপত অগ্ৰসৰ হ’বলৈ এখন পতাকা গ্ৰহণ কৰে৷ সংবিধানৰ ৯নং পৰিচ্ছেদত পতাকাখনৰ সবিশেষ উল্লেখ আছে এইদৰে— পতাকাৰ ৰং পাতল সেউজীয়া৷ নিৰ্দিষ্ট জোখ ২:৩ অনুপাত৷ মাজৰ অংশত থাকিব কবি সন্মিলনৰ প্ৰতীক৷ উল্লেখযোগ্য যে প্ৰতীকৰ প্ৰতিটো অংশৰে আছে তাৎপৰ্যপূৰ্ণ দিশ৷ অসমীয়া সংস্কৃতিৰ প্ৰতিনিধিত্ব ৰাখি এখন শৰাইৰ আৰ্হিত প্ৰতীকৰ অংকন কৰা হৈছে৷ ভিতৰৰ অংশত ক’লা শক্তিৰ কল্পনাৰে মাজৰ অংশত অন্ধকাৰৰ প্ৰাচীৰ অংকন কৰা হৈছে৷ আনহাতে ক’লা শক্তি বা অন্ধকাৰৰ বিৰু্দ্ধে কবিতাৰ সংগ্ৰামী সত্তাৰে প্ৰতিবাদৰ দৃঢ় শক্তিশালী হাতৰ মুঠিত দিয়া হৈছে এটা কলম৷ কলমৰ ঊৰ্ধ্ব অংশত অৰ্থাৎ নিবটোত দিয়া হৈছে শান্তিৰ বাৰ্তা কঢ়িয়াই নিব পৰা এজনী সৰু চৰাই৷ হাতৰ মুঠিৰ দুই কাষে থকা তিনিডাল বক্ৰ ৰেখাই তৰংগায়িত বহ্নিমান নদীৰ জৰিয়তে কবিতাৰ গতিশীল ৰূপ প্ৰকাশ কৰিছে৷ প্ৰতীকৰ নিম্নভাগত আছে সন্মিলনৰ কাব্য মন্ত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘সুন্দৰে যে ফুলাৰ মন্ত্ৰ…’৷
সদৌ অসম কবি সন্মিলনে বছৰটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে৷ প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে ৬ ছেপ্টেম্বৰ দিনটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ তদুপৰি সন্মিলনৰ অন্তৰ্গত শাখাসমূহেও উক্ত দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে৷ সন্মিলনৰ দ্বাৰা অনুষ্ঠিত কৰা আন কেতবোৰ কাৰ্যসূচী হ’ল— কাব্য গুঞ্জন, কাব্য সন্ধ্যা, কবি মেল, কবি আৰু কবিতা, ৰাষ্ট্ৰীয় কবি সন্মিলন কাব্য ৰজনী, মহিলা কবিৰ অনুষ্ঠান কাব্য নন্দিনী, চৰৈৱতী, অকণিৰ কাব্য অনুষ্ঠান কাব্য কিশলয় আদি৷ উল্লেখযোগ্য কবিতা আৰু আবৃত্তি দুয়োটা বিষয়তে গুৰুত্ব দি অনুষ্ঠিত কৰা উল্লিখিত বিভিন্ন কাৰ্যসূচীসমূহ নৱ্য সামাজিক মাধ্যমৰ যোগেৰে অনলাইনতো অনুষ্ঠিত কৰি আহিছে৷ বিভিন্ন সময়ত সদৌ অসম কবি সন্মিলনে অনুষ্ঠিত কৰা আন কিছু উল্লেখযোগ্য অনুষ্ঠান হৈছে— কবি অমূল্য বৰুৱাৰ স্মৃতিত কৰা ‘যুদ্ধ, সন্ত্ৰাস আৰু সাম্প্ৰদায়িকতা বিৰোধী দিৱস’, ৰাম গগৈৰ সোঁৱৰণি অনুষ্ঠান, নীলমণি ফুকনৰ স্মৃতি অনুষ্ঠান, অৱনী চক্ৰৱৰ্তী, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, জ্যোতিপ্ৰসাদৰ স্মৃতি দিৱস আদি৷ কবিতাৰ চৰ্চা আৰু আলোচনা সামৰি সন্মিলনে প্ৰকাশ কৰি আহিছে দুমহীয়া মুখপত্ৰ নতুন কবিতা আৰু বাৰ্ষিক পত্ৰিকা সমলয়৷ ইতিমধ্যে সন্মিলনে বহুকেইখন পুথি প্ৰকাশ কৰি উলিয়াইেছ৷ চুজাউদ্দিন আহমদৰ কবিতা সমগ্ৰ, কুতুবুদ্দিন আহমদৰ শায়েৰী সংকলন, কবি সন্মিলনৰ আৰম্ভণিকালৰপৰা বৰ্তমানলৈ কাৰ্য সম্পাদনা কৰা সভাপতি আৰু সম্পাদকসকলৰ কবিতাৰ সম্পৰ্কত আলোচনা কাব্য চিন্তন, জনগোষ্ঠীয় ভাষাৰ কবিতাৰ অনুবাদৰ ১৬টা খণ্ডৰ প্ৰকাশৰ উদ্যোগ তাৰ ভিতৰত উল্লেখযোগ্য৷ ইতিমধ্যে কাৰবি, বডো, দেউৰী আৰু মৰাণ জনগোষ্ঠীৰ প্ৰথমখন অনূদিত কাব্য সংকলন প্ৰকাশ হৈছে৷ তদুপৰি নৱ্য সামাজিক মাধ্যমৰ যোগেদি ইক’ ব্ৰহ্মপুত্ৰ আৰু মেঘদূতসন্মিলনে প্ৰকাশ কৰিছে৷
সদৌ অসম কবি সন্মিলনে পৰৱৰ্তী সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰি কাৰ্যতঃ আগবাঢ়িছে৷ পৰিকল্পনাসমূহ হৈছে— কবি ৰাম গগৈ গৱেষণা কেন্দ্ৰ, কেন্দ্ৰীয় পুথিভঁৰাল, অধ্যয়ন কেন্দ্ৰ, মূলতঃ কবিতাক লৈ বিশ্ববিদ্যালয় স্থাপন আদি৷ সন্মিলনৰ আন এক উল্লেখযোগ্য দিশ হৈছে বঁটা আৰু সন্মান প্ৰদান৷ বিভিন্নজন প্ৰতিভাধৰ ব্যক্তিক আগবঢ়োৱা হৈছে সাহিত্য ভাস্কৰ, কাব্য ৰত্ন, কবি প্ৰাণ, কাব্য মহিয়সী, ড০ কুতুবুদ্দিন আহমদ সোঁৱৰণী বঁটা, থানেশ্বৰ গোস্বামী কাব্য বঁটা, ৰাম গগৈ বঁটা, কাব্য প্ৰাণ চুজাউদ্দিন আহমদ বঁটা (৪੦ বছৰ অনূৰ্ধ্ব কবিৰ বাবে), অৱনী চক্ৰৱৰ্তী বঁটা (৩੦ বছৰ অনূৰ্ধ্ব কবিৰ কবিতাৰ পাণ্ডুলিপিৰ বাবে), বেণু চিৰিং বঁটা, সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা (৪੦ বছৰ অনূৰ্ধ্ব কবিৰ পাণ্ডুলিপিৰ বাবে), সমাজকৰ্মী বিকিৰাম পাওগাম সোঁৱৰণী কাব্য সন্মান, পৰেশমল্ল বৰুৱা সোঁৱৰণী অনুবাদ বঁটা, শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান, কাব্যশ্ৰী হাজৰিকা বঁটা (শিশু কবিৰ বাবে), কবিপ্ৰাণ আনন্দ দত্ত কাব্য বঁটা (শ্ৰেষ্ঠ সংগঠকৰ বাবে) আদি৷
বৰ্তমান সাতত্ৰিছ বছৰ অতিক্ৰম কৰা সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় যোৰহাট জিলাৰ মেলেঙত যোৱা ১৫ ডিচেম্বৰ, ২੦২৪ তাৰিখে শুভাৰম্ভ হয়৷ উল্লেখযোগ্য, ড০ কুতুবুদ্দিন আহমদৰ পৰিবাৰ শ্ৰীএলিজা বেগমে আগবঢ়োৱা ভূমিত নিৰ্মাণ কৰা কাৰ্যালয়টি কুতুবুদ্দিন আহমদ ভৱন নামেৰে নামকৰণ কৰা হৈছে৷ এই ভৱন উদ্বোধনৰ দিনটোতে কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈ, প্ৰতিষ্ঠাপক সম্পাদক শ্ৰীআনন্দ দত্ত আৰু কুতুবুদ্দিন আহমদৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়৷ অসমৰ সকলো স্তৰৰ কবিক একত্ৰিত কৰি কাব্য-চৰ্চাৰ লগতে ভাষা-সাহিত্যৰ সেৱা কৰাৰ ক্ষেত্ৰত সদৌ অসম কবি সন্মিলনৰ ঐকান্তিক প্ৰচেষ্টা আৰু পদক্ষেপ নিশ্চয় প্ৰশংসনীয়৷ সন্মিলনৰ প্ৰথম মুকলি সভাত সভাপতিৰ অভিভাষণত প্ৰতিষ্ঠাপক সভাপতি পথাৰৰ কবি ৰাম গগৈয়ে এইদৰে প্ৰকাশ কৰিছিল, “‘আমি বিশ্বাস কৰোঁ অসমৰ সাহিত্যানুৰাগী, বিশেষকৈ অসমীয়া কাব্য সাহিত্যৰ লগত পৰিচয় থকা সকলো সজ্জন বন্ধুৱেই স্বীকাৰ কৰিব যে সাম্প্ৰতিক কালছোৱাত অসমীয়া কবিতাৰ জগতত এক ব্যাপক আলোড়নৰ সৃষ্টি হৈছে৷”