মেঘৰ বিৰুদ্ধে কবিতা-সংকলনৰ প্ৰেক্ষাপট
এম. কামালুদ্দিন আহমেদ
২০২২ চনৰ পৰা ২০২৪ চনৰ অক্টোবৰ মাহলৈ লিখা কবিতা এই সংকলনটিত সন্নিৱিষ্ট হৈছে৷ এই সংকলনটোত প্ৰতিফলিত হৈছে ব্যক্তিগত প্ৰেৰণা, সাহিত্যিক প্ৰভাৱ আৰু সমসাময়িক বিষয়ৰ সৈতে গভীৰ অন্তৰংগতা৷ এইখিনিতে কেইটামান কবিতাৰ প্ৰসংগ আৰু প্ৰেৰণা সম্পৰ্কে ক’বলৈ লৈছোঁ৷ ‘লিচু’ নামৰ কবিতাটিত চিত্ৰকৰ টিছানৰ প্ৰসংগ আহিছে৷ টিছান পঞ্চদশ শতিকাৰ ইটালিত জন্মগ্ৰহণ কৰা বিশ্ববিখ্যাত চিত্ৰকৰ৷ প্ৰকৃতিৰ সমানে সমানে টিছানে অকলশৰীয়াকৈ বাট বুলিছিল৷ ৰং, পোহৰ আৰু অভিব্যক্তিৰ সমাৰ্থক আছিল টিছান৷ তেওঁ চিত্ৰকলাত কবিতা ৰচিছিল৷ মোৰ কবিতাটোত টিছান প্ৰসংগক্ৰমেহে আহিছে৷ গোলকীকৰণহে কবিতাটোৰ মূল উপজীৱ্য৷ তেনেদৰে মিশ্বেল ফুকোৰ (১৯২৬-১৯৮৪) History of Sexuality-এ মোৰ কাব্যভাবনাক এটা সময়ত আচ্ছন্ন কৰি থৈছিল৷ সংকলনটিত সন্নিৱিষ্ট ‘পৰমানন্দ’ কবিতাটিৰ প্ৰেৰণা মিশ্বেল ফুকোৰ The Care of the Self.
আধুনিকতাবাদী কবি এগৰাকীয়ে মহানগৰীৰ মানচিত্ৰ এখনকে বুকুত সাবটি থাকে৷ নগৰ, মহানগৰীৰ অভিঘাত মোৰ কবিতাত সহজেই অনুধাৱন কৰিব পাৰি: ‘এই নগৰীত’, ‘ৰক্তাক্ত অস্তিত্ব’ৰ দৰে কবিতাত তেনে বিভিন্ন অনুষংগ আছে:
“শ্বপিং মলটোলৈ
তুমি সোমাই যোৱা
তাৰ পোহৰৰ চিকমিকনিত
এটা নতুন গ্ৰহৰ
আস্বাদ পোৱা৷” (‘ৰক্তাক্ত অস্তিত্ব’)
পাৰিপাশ্বিৰ্কতাৰ প্ৰতি সঁহাৰিৰ চিনস্বৰূপে এই সংকলনটিত আছে ‘বিলীয়মান’, ‘শিৱসাগৰ পুখুৰী’, ‘পাতলগ্ন’ আৰু ‘গুৱাহাটী বিশ্ববিদ্যালয়’ শীৰ্ষক কবিতা৷
একান্ত নিজা অনুভূতিৰ প্ৰকাশৰ ক্ষেত্ৰত কিমান মোহমুক্ত (detached) হ’ব পাৰিছোঁ তাৰ সম্পৰীক্ষা ইয়াৰ কেইবাটাও কবিতাত কৰিছোঁ৷ নিজৰ পৰা দূৰত্বৰ মাত্ৰা সকলো কবিতাতে সমান নহয়৷ ‘অৱশেষ’ ৰাজনৈতিক দুৰ্দিনৰ প্ৰেক্ষাপটত চোৱা হৈছে৷ সাম্প্ৰতিক সময়ছোৱাত তথ্য-প্ৰযুক্তিৰ ব্যাপক প্ৰসাৰণে আমাৰ দৈনন্দিন জীৱন আলোড়িত কৰাৰ লগতে ব্যাপকতৰ মানসিক অভিঘাত প্ৰদান কৰিছে৷ আমাৰ নৈসৰ্গিক পৃথিৱীও দ্বন্দ্বৰ মুখামুখি হৈছে৷ তেনে চিন্তা-চেতনাৰ ফলশ্ৰুতি হিচাপে ‘কল্পদৃষ্টি’, ‘গ্ৰহান্তৰ’ আদি কবিতা চাব পাৰি৷ আকাশৰ মেঘবোৰে সিঁচি দিয়ে নেকি ৰোমাণ্টিকতাৰ বীজ?… তথাপি আকাশলৈ নাচামনে? মোৰ কবিতা সেয়ে ‘মেঘৰ বিৰুদ্ধে’৷
এইখিনি সময়ত (২০২২-২০২৪) মোৰ মনোযোগ আকৰ্ষিত হৈছিল কেইখনমান সাহিত্য সমালোচনামূলক ৰচনাৰ প্ৰতি৷ তাৰে এখন হ’ল অক্টাভিঅ’ পাজ(১৯১৪-১৯৯৮)ৰ ‘What Does Poetry Name?’৷ পাজে ইয়াত মন্তব্য আগবঢ়াইছে যে, কবিতাৰ ভাব (Object) হ’ল ভাষা আৰু কবিতাত শব্দৰ পৰা অৰ্থক নিলগাই চাব নোৱাৰি৷ টেৰী ঈগলটন(জ. ১৯৪৩)ৰ ‘What is Poetry’ শীৰ্ষক ৰচনাখনে মোৰ মনত মচিব নোৱৰা চিন পেলাইছে৷ টেৰী ঈগলটনে ডি.এইচ লৰেন্স(১৮৮৫-১৯৩০)ৰ ‘Two Women, As Far AS I’m Concerned’ কবিতাটো উদ্ধৃত কৰিছে৷ এই কবিতাটোত সকলো প্ৰকাৰৰ কাব্যিকতা পৰিহাৰ কৰা হৈছে৷ ৰিচাৰ্ড গ্ৰে’ৰ ৰচনা ‘Poetry and the Subject of the Poem: Wallace Stevens’-এ কবিতাৰ গাঁঠনিত কিদৰে শক্তিমত্তা থাকে সেয়া মোক দেখুৱাই দিছে৷
এই সংকলনটিৰ প্ৰায় আটাইখিনি কবিতাৰ সৃষ্টি প্ৰক্ৰিয়াৰপৰা তাৰ চূড়ান্ত ৰূপ দিয়ালৈকে মোৰ গৱেষক-ছাত্ৰ শ্ৰীদীপজ্যোতি বৰুৱাৰ নিৰৱচ্ছিন্ন মনোযোগৰ কথা সদায়েই মনত থাকিব৷ কবিতা এটা লিখি উঠাৰ পিছতে পঢ়ুৱৈ হিচাপে তেওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মোক ভাবিবলৈ বাধ্য কৰিছে৷ তেওঁৰ উত্তৰোত্তৰ বৌদ্ধিক বিকাশ মই আন্তৰিকতাৰে কামনা কৰিলোঁ৷