পাৰিপার্শ্বিক বিষয়ক কবিতা

সত্যজিৎ গগৈৰ আজিও আহিছিল অৰণ্যখন

চেনীৰাম গগৈ

কবি সত্যজিৎ গগৈয়ে সেৰেঙাকৈ হ’লেও কবিতা লিখি ইতিমধ্যে এমুঠি পাঠকৰ মাজত অকণমান ঠাই উলিয়াই লৈছে। গগৈৰ কবিবোৰ সহজ, থলুৱা আৰু পোনপটীয়া। কবিজনে অসমৰ আকাশ-বতাহ, নদ-নদী, পর্বত-পাহাৰ, মানুহৰ খেতি-পথাৰৰ পৰা পোৱা সমলবোৰকে প্রতীক, চিত্রকল্প, ৰূপক-উপমালৈ ৰূপান্তৰ কৰি পাঠকৰ সৈতে সম্পর্ক স্থাপন কৰাৰ চেষ্টা চলায়। শেহতীয়াকৈ প্রকাশিত তেওঁৰ আজিও আহিছিল অৰণ্যখন পাৰিপার্শ্বিক বিষয়ক লৈ লিখা পঁইত্ৰিছটা কবিতাৰ এখন ধুনীয়া সংকলন৷ প্ৰকাশক পি.ডব্লিউ.এফ. অর্থাৎ ‘পয়েট্ৰী উইডাউট ফিয়াৰ’; প্রকাশকাল ২੦২৪।

সংকলনখনৰ কবিতাখিনি পঢ়িলে উপলব্ধি নিশ্চয় হয় যে আমি বাস কৰা গ্রহটোৰ বায়ুমণ্ডল দূষিত হৈ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে আৰু তাকে লৈ কবিও আন বহু নাগৰিকৰ দৰেই সমানে উদ্বিগ্ন হৈছে। সমুখত পৰি থকা টকলা পাহাৰ, অৱলীলাক্রমে মৰি যোৱা নদী আৰু হেৰাই যোৱা অৰণ্যবোৰকে মূল হিচাপে লৈ শব্দৰ সহায়েৰে সিবিলাকক পাঠকৰ চেতনালৈ লৈ যোৱাই কবিজনৰ লক্ষ্য৷ প্রকৃতিৰ হানি নকৰাকৈ মানুহ জীয়াই থাকিব নোৱাৰে, কিন্তু মানুহে কৰা নিয়ম ভংগই এই ন্যায্যতা ৰক্ষা কৰি চলা নাই৷ আধুনিক প্রযুক্তিৰ প্রবেশ, ঔদ্যোগীকৰণ, মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ পৰিৱর্তনে প্রকৃতিৰ অস্তিত্বক নস্যাৎ কৰি জীৱকূলক লুপ্তপ্রায় অবস্থালৈ লৈ যোৱাৰ আগতেই কবিয়ে ইয়াৰ পৰা পৰিত্রাণ বিচাৰিছে৷ বিপদগ্রস্ত, প্রতিকূল এই পাৰিপার্শ্বিক সংকটৰ কাৰণ আৰু কাৰকসমূহ বিচাৰি কবিজনে বিষয়টোৰ প্রতি পাঠকৰ দৃষ্টি আকর্ষণ কৰিছে:

পৃথিৱীৰ প্রায় সকলো দেশৰ চৰকাৰবোৰ আৰু বৃহৎ পুঁজিৰ মালিকসকলে সম্পদ আহৰণৰ বাবে কৰা কামবোৰেই পৰিৱেশ ধ্বংসৰ অন্যতম কাৰণ আৰু এইবোৰ অতিকায় শক্তিয়ে আত্মসম্বৰণ নকৰিলে সাধাৰণ মানুহে কেৱল গছ ৰুই বতাহ নির্মল কৰি ৰাখিব নোৱাৰে৷ হ’লেও, আমি তলৰ পর্যায়ত জনসাধাৰণৰ কৰণীয়খিনিৰ প্রতি সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাই থাকিব লাগিব আৰু এই কাৰণেই উদ্বিগ্ন কবিৰ কবিতাবোৰত বাৰে বাৰে ‘গছ’ শব্দৰ ব্যৱহাৰ হৈছে। ‘গছ’ক বিভিন্ন পৰিস্থিতিৰ সৈতে থিয় কৰাই কবিয়ে অর্থৱহ কৰি তুলিছে৷

সংকলনটোত সন্নিৱিষ্ট কেইটামান কবিতাৰ ৰচনা-কৌশল ভাল হৈছে আৰু এই কবিতাকেইটাই কবিৰ ভৱিষ্যৎ নিৰ্মাণত সহায়ক হৈ উঠিছে। ‘তাইৰ জ্বৰ’ কবিতাটো সাতটা শাৰীৰে শেষ হৈ পাঠকৰ উৎকণ্ঠা মৰিষণ কৰাত সফল হৈছে:

‘গছক ক’লোঁ’, ‘গছজোপাই এতিয়া হাত মেলি দিছে’, ‘শুকান মাটিত শিতান লৈ’ ইতাদি কবিতাকেইটা পঢ়ি কবিৰ সচেতন নির্মাণ, শব্দবোধ, অতিকথন-বিৰোধী সাৱধানতা লক্ষ্য কৰিব পাৰি৷ গতানুগতিক প্ৰকাশভংগী, তৰল চয়ন, পোনপটীয়া বাণী-নিক্ষেপণ এৰাই চলা কবিতা অৰ্থঘন হৈ পাঠক-প্ৰয়াসী হ’ব পাৰে আৰু কবি সতজিৎ গগৈয়ে তেনে এক পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেই তেওঁৰ কবিতাখিনি সজাই-পৰাই উলিয়াইছে। কবিৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰিলোঁ।