অনিৰ্বাণ দত্ত
পৰিৱেশ্য কবিতা (Performance Poetry) হ’ল শ্ৰোতা-দৰ্শকৰ সন্মুখত পৰিৱেশনৰ উদ্দেশ্যৰে বিশেষ শৈলীত ৰচনা কৰা এক নতুন ধাৰাৰ কবিতা৷ ই পৰম্পৰাগত কবিতাৰ আংগিক আৰু ৰূপৰ বিপৰীতে গৈ নিৰ্মাণ কৰা কবিতা৷ এনেধৰণৰ কবিতাবোৰ পৰিকল্পিতভাৱে আগতীয়াকৈ লিখি প্ৰস্তুত কৰি লোৱা হয় বা দৰ্শকৰ বিপুল উপস্থিতিৰ মাজত ঠাইতে লিখি বা অলিখিত ৰূপত প্ৰস্তুত কৰি লোৱা হয়৷ এনে কবিতা পৰিৱেশনৰ বেলিকা বিভিন্ন ছন্দ, বিচিত্ৰ উপস্থাপন শৈলী, সুৰ, উপ-ভাষাৰ শব্দ, বাদ্যযন্ত্ৰ, অভিনয় আদিক সুনিপুণভাৱে সংযোগ কৰা হয়৷ মুঠতে, কবিতাক অধিক গণমুখী কৰি তুলিবলৈকে এই প্ৰচেষ্টা৷ বিংশ শতিকাৰ মাজভাগত উদ্ভৱ হোৱা সাহিত্যিক আন্দোলন ‘উত্তৰ আধুনিকতাবাদী সাহিত্য আন্দোলন’ৰ অংশ হিচাপে এই কবিতা শৈলীৰ বিকাশ ঘটিছিল৷ আমেৰিকাৰ কবি তথা সৃষ্টিশীল লেখিক হেডৱিগ আইৰিন গৰ্স্কি(Hedwig Irene Gorski)য়ে সৰ্বপ্ৰথম ১৯৮২ চনত পৰিৱেশ্য কবিতা বা performance poetry শব্দযুগল ব্যৱহাৰ কৰিছিল আৰু পৰিৱেশ্য কলা(performing art)ৰপৰা আঁতৰাই পৰিৱেশ্য কবিতাক পৃথক পৰিচয় দান কৰিছিল৷
পৰিৱেশ্য বা পৰিৱেশন কবিতাক ‘ফুটাই পঢ়া কবিতা’ (spoken word poetry) বুলিও কোৱা হয়৷ কবিতাক উদ্দেশ্যপূৰ্ণ আৰু কলাত্মক ৰূপত পাঠকৰ ওচৰ চপাই নিয়াৰ ই এক নতুন কৌশল৷ কবিতা লিখি অঁতালেই কবিৰ দায়িত্ব শেষ নহয়, বৰং কবিতাৰ ভাববস্তুক নি পাঠকৰ চেতনাত সংৰোপণ কৰালৈকে কবিয়ে নিজৰ দায়িত্ব পালিব লাগে৷ জীৱন্ত দৰ্শকৰ সন্মুখত বৰ্ণাঢ্য ৰূপত পৰিৱেশিত নোহোৱা পৰ্যন্ত পৰিৱেশ্য কবিতা সম্পূৰ্ণ নহয়৷ ইংৰাজ কবি এড্ৰিয়ান মিচেল(Adrian Mitchell, ১৯৩২-২੦੦৮)-এ কৈছে, “লিখিত কবিতা পৃথক৷ পৰিৱেশ্য ৰূপত কবিতাটো সৰ্বপ্ৰথম চাবলৈ পোৱাটো সৰ্বোত্তম, তাৰ পিছত পঢ়ক৷ প্ৰদৰ্শন অধিক উদগনিমূলক৷” (Written poetry is different. Best thing is to see it in performance first, then read it. Performance is more provocative.) এক নতুন শৈলীৰূপত জনপ্ৰিয় হৈ পৰা পৰিৱেশ্য কবিতা (performing poetry) আৰু কাকত-আলোচনী বা কিতাপৰ পাতত লিখিত ৰূপত থকা কবিতা(writing poetry)ৰ মাজত বহুখিনি পাৰ্থক্য আছে৷
ক) লিখিত কবিতা ( Writing Poetry)
(১) সৃষ্টিশীল প্ৰক্ৰিয়া (creative process): কবিতা লিখাটো এটা সৃষ্টিশীল প্ৰক্ৰিয়া৷ কবিতা লিখা মানে কবিতাৰ পাঠ এটা লিখা৷ তাৰ বাবে লেখকে সৰ্বোৎকৃষ্ট শব্দ নিৰ্বাচন কৰা, উপমা, অলংকাৰ, চিত্ৰকল্প বাছনি কৰা আদি কামবোৰ সাৱধানে কৰিব লাগে৷ কবিতাৰ বাৰ্তাটো যাতে ঢাক খাই নপৰে আৰু পাঠকে স্ব-পঠনত যাতে তাক গভীৰভাৱে উপলব্ধি কৰিব পাৰে তাৰ বাবে যথাস্থানত আৱেগ-অনুভূতিৰ লেপন দি যাব লাগে৷
(২) কবিতাৰ গাঁথনি আৰু আংগিক(structure and form): লেখকে বিভিন্ন গাঁথনি আৰু আংগিকৰ কবিতা ৰচনা কৰিব পাৰে৷ যেনে— ছনেট, হাইকু, মুক্তক ছন্দ পদ্য আদি৷ লেখকে শব্দৰ সহায়ত ভাব আৰু ছন্দৰ সৈতে খেলিব পাৰে৷
(৩) পুনৰীক্ষণ (revision): লিখা প্ৰক্ৰিয়াত লেখকে একাধিকবাৰ কবিতাৰ পাঠটো পুনৰীক্ষণ কৰিব পাৰে৷ পৰিশোধন কৰি কবিতাৰ অৰ্থ বৃদ্ধি কৰিব পাৰে৷
(৪) ব্যক্তিগত প্ৰতিফলন (personal reflection): লেখা এটা অকলে কৰা কাম৷ নিৰলে কৰা কাম৷ ইয়াত লেখকৰ ব্যক্তিগত চিন্তা-দৰ্শন প্ৰতিফলিত হয়, ভাব-অনুভূতিৰ বৈচিত্ৰ্য মুকলি হয়৷
(৫) পাঠকে নিজে পঢ়িব লাগিব (reader have to read himself): এনে কবিতা কাকত-আলোচনী বা কিতাপৰ পাতত থাকে আৰু পাঠকে নিজে আগ্ৰহ কৰি পঢ়িব লাগিব৷ কবিতাটো পঢ়িবলৈ, বুজিবলৈ আৰু উপলব্ধি কৰিবলৈ লেখকৰ ফালৰ পৰা বিশেষ উদগনি নাথাকে৷ উদ্যোগ পাঠকৰ নিজা৷
খ) পৰিৱেশ্য বা পৰিৱেশন কবিতা (Performing Poetry)
(১) মৌখিক প্ৰকাশ (oral expression): পৰিৱেশ্য কবিতাত কবিতাৰ পাঠটোতকৈ কবিতাটো কিদৰে মৌখিক প্ৰকাশ কৰিছে তাতহে গুৰুত্ব দিয়া হয়৷ লিখা ৰূপটো নহয় পৰিৱেশন পদ্ধতিটোহে গুৰুত্বপূৰ্ণ৷ পৰিৱেশন কালত শ্ৰোতা-দৰ্শকৰ মনোযোগ আদায় কৰিবলৈ কবিতাৰ আবৃত্তিক মনোমোহা কৰি তোলা হয়৷ শ্ৰোতা-দৰ্শকৰ চিন্তা-চেতনা আৰু সংবেদনাক জোঁকাৰি দিব পৰা ধৰণেৰে কবিতা পৰিৱেশন কৰা হয়৷ পৰিৱেশকে নিজৰ স্বৰগ্ৰামৰ পৰিৱৰ্তন, কণ্ঠৰ তীব্ৰতাৰ সালসলনি (modulation), বিৰতি (pacing) আৰু শৰীৰৰ অংগ-ভংগীৰ কলাসুলভ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে৷
(২) শ্ৰোতা–দৰ্শকৰ লগত নিয়োজিত হোৱা (engagement with audience): শ্ৰোতা-দৰ্শকৰ লগত পৰিৱেশনকাৰী কবিয়ে আশানুৰূপ সংযোগ সাধন কৰিব পাৰিবই লাগিব৷ শ্ৰোতা-দৰ্শকৰ নিৰুৎসাহ দূৰ কৰি সহযোগ আদায় কৰিব পাৰিব লাগিব৷ তেওঁলোকৰ প্ৰতিক্ৰিয়া. উৎসাহ-উদ্যমক যথোপযুক্ত ব্যৱহাৰ কৰি লক্ষ্য অভিমুখে ধাৱমান হ’ব লাগিব৷
(৩) ব্যাখ্যা (interpretation): পৰিৱেশক কবিয়ে কবিতাৰ পাঠটোৰ ব্যাখ্যা অনন্য ৰূপত কৰি যাব পাৰে৷ অৰ্থৰ বিভিন্ন ব্যাখ্যা আৰোপ কৰি শ্ৰোতা-দৰ্শকক ৰোমাঞ্চিত কৰিব পাৰে৷ তেওঁৰ মৌখিক ব্যাখ্যাক মনোমোহা কৰি তুলিবলৈ যথাবিধি আৱেগৰ প্ৰলেপ লগাব পাৰে৷ শাৰীৰিক অংগ-ভংগী আৰু চকু-মুখৰ প্ৰকাশ বৈচিত্ৰ্যক ব্যৱহাৰ কৰিব পাৰে৷
(৪) সক্ৰিয় উপস্থিতি আৰু সন্মোহনী গুণ (active presence and charisma): কবিতাৰ মঞ্চত পৰিৱেশনকাৰী কবিৰ সক্ৰিয় উপস্থিতি অতি দৰকাৰ৷ শ্ৰোতা-দৰ্শকৰ মন বিষয়বস্তুত এবাৰ নিৱিষ্ট হোৱাৰ পাছত লক্ষ্য সিদ্ধি নোহোৱা পৰ্যন্ত তেওঁলোকক সন্মোহিত কৰি ৰাখিব পৰা গুণৰ অধিকাৰী হ’ব লাগে তেওঁ৷
(৫) কবিৰ অন্যান্য দক্ষতা (versatility): কবিগৰাকী একাধাৰে গায়ক, অভিনেতা আৰু বাকপটু লোক হ’লে পৰিৱেশ্য কবিতা সহজে সৰ্বসাধাৰণ ৰাইজৰ মাজ পাইগৈ৷ সাধাৰণ লোকেও কবিতাৰ ভাববস্তু সহজে অনুধাৱন কৰিব পাৰে৷
সি যি নহওক, পৰিৱেশ্য কবিতা হৈছে জীৱন্ত দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিবলৈ উদ্দেশ্যপূৰ্ণভাৱে ৰচনা কৰা কবিতা/ কবিতাৰ খচৰা বা পৰিৱেশন কালতে সংবৰ্ধন (enlarge) কৰি যোৱা কবিতা৷ বেচিল বাণ্টিং(Basil Bunting, ১৯੦੦-১৯৮৫)ৰদৰে একাংশ কবিয়ে কৈছিল যে কবিতা এটা ৰচনা কৰি পাঠকক পাঠ পৰিবলৈ আগবঢ়াই দিয়াতকৈ কবিয়ে নিজে ক’ব (spoke) লাগে— অৰ্থাৎ পৰিৱেশন কৰিব লাগে৷ কবিয়ে জীৱন্ত দৰ্শকৰ সন্মুখত নিজে কৰা পৰিৱেশনতহে কবিতাৰ ভাববস্তু পাঠকৰ অধিক বোধগম্য হয়৷ কবিতাক জনতাৰ মাজলৈ লৈ যোৱাৰ বাবে ই এক ফলপ্ৰসূ পদক্ষেপ৷ আবৃত্তি(recitation)তকৈ পৰিৱেশন(performing)ৰ অৰ্থ বহল আৰু ইয়াৰ কাৰুকাৰ্য(artistic work)ও অধিক৷ সুৰ লগাই কবিতা শৰীৰ পঠনেই আবৃত্তি, কিন্তু কবিতা এটা পৰিৱেশন কৰিবলৈ গ’লে পৰিৱেশকে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰি যাব লাগিব৷ যেনে—বাকপটুতা ৰক্ষা, শ্ৰোতা-দৰ্শকৰ সহযোগিতা আদায় আৰু কবিতাত অন্তৰ্ভুক্তি, শৰীৰৰ সংগতিপূৰ্ণ সঞ্চালন, অংগ-ভংগীৰ ব্যৱহাৰ, প্ৰয়োজন সাপেক্ষে উপকাহিনীৰ সংযোগ, নৃত্য-গীতৰ সুৰ-মাত-কথাৰ সংযোগ, আৱেগ নিক্ষেপণ, প্ৰত্যুৎপন্নমতিতা(improvisation)ৰ প্ৰয়োগ, পোছাক-পৰিচ্ছদৰ সংগতি ৰক্ষা ইত্যাদি৷ মুঠতে, ই এক গতিশীল আৰু শ্ৰোতা-দৰ্শকৰ সহযোগ আদায় কৰি সমাপন কৰা প্ৰভাৱশালী শিল্পকৰ্ম৷ বিপৰীতে, কবিতা আবৃত্তি একপক্ষীয় আৰু নতুনত্বহীন অনুষ্ঠান৷ পৰিৱেশ্য কবিতা কবিগৰাকীয়ে নিজে পৰিৱেশন কৰিব পাৰিব লাগে৷ কাৰণ কবিয়ে ক’ম বোলা কথাবোৰৰ ভেদ নিজে ভাঙি শ্ৰোতা-দৰ্শকক বুজাই দিবলৈ সহজ, আনৰ বাবে জটিল৷
পৰিৱেশ্য কবিতাৰ বিষয়বস্তু: যিকোনো বিষয়বস্তু লৈয়ে পৰিৱেশ্য কবিতা হ’ব পাৰে৷ প্ৰথমৰ সময়খিনিত আমেৰিকা আৰু ইউৰোপত চলতি থকা বৰ্ণ-বিদ্বেষ, শ্ৰেণী-বৈষম্য, ৰাজনৈতিক অচলাৱস্থা, আৰ্থিক বিপৰ্যয়, যুদ্ধৰ ভয়াৱহতা, সামাজিক বিপৰ্যয় আৰু ব্যক্তিগত সমস্যা আদিক লৈ পৰিৱেশ্য কবিতা আগবাঢ়িছিল৷ বিশেষকৈ, আফ্ৰ’-আমেৰিকান সম্প্ৰদায়ৰ সমস্যা আৰু সংঘাতক লৈ কবিতা পৰিৱেশন হৈছিল৷ বৰ্তমান পাৰিপাৰ্শ্বিক সমস্যা, জনবিস্ফোৰণ, প্ৰব্ৰজন আদি সমস্যাবোৰক লৈও পৰিৱেশ্য কবিতা সৰৱ হৈ পৰিছে৷
পৰিৱেশ্য কবিতাৰ কবি: প্ৰকৃত শিল্পানুৰাগী প্ৰতিগৰাকী কবিয়েই একোগৰাকী পৰিৱেশ্য কবি হ’ব পাৰে৷ আচলতে, পৰিৱেশ্য কবি হ’ল এনে এগৰাকী শিল্পী যি সমবেত দৰ্শক-শ্ৰোতাৰ সন্মুখত কবিতাৰ ভাবাৰ্থ ফুটাই উচ্চস্বৰে কবিতা পঢ়িব জানে৷ তেওঁলোকে লিখিত সাধাৰণ শব্দবোৰকে অসাধাৰণ শৈলীত পৰিৱেশন কৰিব পৰা কলাৰ বিশেষজ্ঞ৷ তেওঁলোকে নিজৰ কণ্ঠ, শৰীৰৰ ভাষা আৰু মঞ্চৰ উপস্থিতি ব্যৱহাৰ কৰি নিজৰ কবিতাক জীৱন্ত কৰি তুলিব পাৰে৷ ছন্দ, সুৰ, লয় আৰু আৱেগ ব্যৱহাৰ কৰি শ্ৰোতা-দৰ্শকৰ যোগদান আদায় কৰিব পাৰে৷ পৰিৱেশ্য কবিতা অকলে বা এটা সৰু দল একত্ৰ হৈ পৰিৱেশন কৰিব পাৰে৷
পৰিৱেশ্য কবিতাৰ প্ৰকাৰ: শতিকাজুৰি পৰিৱেশ্য কবিতাৰ পৰিৱেশন হৈ আহিছে আৰু সময়ৰ লগে লগে ই বিভিন্ন ভাগত বিভক্তও হৈ পৰিছে৷ যেনে—
(১) কথনভংগিৰ কবিতা (spoken word): কথনভংগিৰ কবিতাই লিখিত ৰূপ নাপাবও পাৰে৷ মৌখিক ৰূপতে দৰ্শকৰ সন্মুখত পৰিৱেশন হ’ব পাৰে৷ এনে কবিতা পৰিৱেশনত নাট্য উপাদান— সুৰ, অভিনয়, বচন (dialogue), বাদ্য (sound of musical instrument) আদি সংযোগ কৰা হয়৷ এইধৰণৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্য হ’ল— পুনৰাবৃত্তি, ছন্দ আৰু শব্দৰ খেল৷ শব্দৰ খেল দেখুৱাই দৰ্শকক বিমোহিত কৰিব পাৰি৷
(২) কাব্য পাঠ (poetry reading): কিছুমান পৰিৱেশনযোগ্য লিখিত কবিতাক বাৰে বাৰে সভা-সমিতিত পাঠ কৰি থকা দেখা যায়৷ পৰিৱেশকে কবিতাটোৰ শব্দ-ছন্দ-সুৰক লৈ নিজাববীয়াকৈ কিছু পৰীক্ষা-নিৰীক্ষা চলায়৷ কবিতাৰ ভাববস্তু বুজাত শ্ৰোতা-দৰ্শকে কিছু সহায় পোৱাৰ লগতে কবিতাৰ সৌন্দৰ্য্ৰ প্ৰতিও কিছু আকৰ্ষিত হয়৷
লগতে পঢ়ক: অনিৰ্বাণ দত্ত: কুইয়েৰ কবিতা: কবিতাৰ এক বিশেষ ধাৰা
(৩) শ্লেম কবিতা বা শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ কবিতা (slam poetry): প্ৰতিযোগিতা পাতি তাত পৰিৱেশন কৰিব পৰাকৈ নিৰ্মাণ কৰা পৰিৱেশ্য কবিতাবোৰকে শ্লেম কবিতা বোলা হয়৷ প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠজন পৰিৱেশকক বাছি উলিওৱা হয়৷ এনে কবিতাৰ পৰিৱেশন অতি সজীৱ আৰু উৎসাহ-উদ্দীপনাৰে ভৰা৷ এনে কবিতাৰ উদ্দেশ্য হ’ল বিদ্যায়তনিক পৰিধিৰ পৰা বাহিৰলৈ উলিয়াই কবিতাক সৰ্বসাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয় কৰি তোলা৷ আমেৰিকা আৰু ইউৰোপত উচ্চস্বৰ আৰু উদ্দাম নৃত্য-গীতৰ সমাহাৰত চলা জনপ্ৰিয় শ্লেম সংগীতানুষ্ঠানবোৰৰ আৰ্হিত কবিতাৰ শ্লেমবোৰ ঠন ধৰি উঠিছিল৷ ১৯৮৪ চনত চিকাগো চহৰৰ ‘গেট মি হাই লাউঞ্জ’ত মাৰ্ক স্মিথে প্ৰথমটো কবিতা শ্লেম আয়োজন কৰিছিল৷ ডাঙৰ কথাটো হ’ল— শ্লেম কবিতা পৰিৱেশনত সহায়কাৰী দল আৰু সংগীত থাকিব নোৱাৰিব৷ পৰিবেশকে অকলেই কবিতা আগুৱাই নিব লাগিব৷
লগতে পঢ়ক: অনিৰ্বাণ দত্ত: ‘অসমীয়া পাৰিপাৰ্শ্বিক কবিতা’ আৰু প্ৰাসংগিক কথাবোৰ
(৪) জেজ কবিতা (Jazz poetry): আমেৰিকাৰত জেজ সংগীত হ’ল এক অতি জনপ্ৰিয় সংগীত ধাৰা৷ ই অতি উচ্চ স্বৰ আৰু দ্ৰুত তালৰ সংগীত, যত উন্নত আৰু আধুনিক বাদ্যযন্ত্ৰবোৰ বজোৱা হয়৷ ইয়াত পৰিৱেশকে ইচ্ছানুযায়ী গীতৰ পাঠ সালসলনি কৰি গাই গৈ থাকিব পাৰে৷ জেজ কবিতা হ’ল জেজ সংগীতৰ সৈতে পৰিৱেশ্য কবিতা সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা এটা সাহিত্যিক ৰূপ৷ কবিতাক জেজ সংগীতৰ শৈলীত পৰিৱেশন কৰি জনপ্ৰিয় কৰি তোলাৰ ই এক নতুন প্ৰচেষ্টা৷
লগতে পঢ়ক: অনিৰ্বাণ দত্ত: জ্যোতিপ্ৰসাদৰ কবিতাৰ অন্তঃপ্ৰৱাহ প্ৰসংগত
পৰিৱেশ্য কবিতাৰ সংক্ষিপ্ত বুৰঞ্জী: বিংশ শতিকাৰ প্ৰথমাৰ্ধতে সংগঠিত হোৱা পৰিৱেশ্য কবিতাৰ ধাৰাটোক জনপ্ৰিয় কৰি তুলিছিল আমেৰিকাৰ বিট জেনেৰেশ্যনৰ কবিসকলে৷ জনপ্ৰিয় ব্ৰিটিছ বিট মিউজিকৰ আৰ্হিত আমেৰিকাত বিট জেনেৰেশ্যন গঢ় লৈ উঠিছিল৷ বিট জেনেৰেশ্যন হ’ল ১৯৪০ চনৰ শেষৰ ফালে নিউয়ৰ্কত গঢ় লৈ উঠা আৰু ১৯৬০ চনৰ মাজভাগলৈকে চলি থকা উত্তৰ আধুনিক সাহিত্যৰ এক বিখ্যাত আন্দোলন। ১৯৫০-৬০ দশকত এলেন গিন্সবাৰ্গ (Allen Ginsberg) আৰু তেওঁৰ সংগীসকলে কাগজৰ পাতত নহয়, মৌখিকভাৱে টেপ্ৰেকৰ্ডাৰত কবিতা বাণীবদ্ধ কৰি প্ৰচাৰ কৰিছিল৷ ১৯৪০ দশকত হেডৱিগ আইৰিন গৰ্স্কি আৰু East and Eden ব্ৰেণ্ডৰ সহযোগী একাংশ প্ৰখ্যাত শিল্পীয়ে নিউয়ৰ্ক, ছানফ্ৰাঞ্চিস্ক’, অষ্টিন আদি চহৰত পৰিৱেশ্য কবিতা পৰিৱেশন কৰি বিপুল জনপ্ৰিয়তা লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত কবিতা পৰিৱেশনৰ বাবে কিছুমান ক্লাব আৰু কাফে গঢ় লৈ উঠিছিল, যত কবিতাৰ শ্লেম(পৰিৱেশ্য কবিতাৰ প্ৰতিযোগিতা)বোৰ অনুষ্ঠিত হৈছিল৷ আজি আমেৰিকাৰ সাহিত্যানুৰাগীৰ মাজত পৰিৱেশ্য কবিতা বিপুলভাৱে জনপ্ৰিয়৷ ‘দ্য এডিনবাৰ্গ ফ্ৰিঞ্জ’ৰ দৰে বিখ্যাত কলা উৎসৱ আৰু ‘দ্য নিউইয়ৰ্ক চিটি পয়েত্ৰী ফেষ্টিভেল’ৰ দৰে বিখ্যাত কবিতাৰ অনুষ্ঠানত পৰিৱেশ্য কবিতাৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হৈ আছে৷
লগতে পঢ়ক: অনিৰ্বাণ দত্ত: বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ ভাবাদৰ্শ
পৰিৱেশ্য কবিতাৰ অসমীয়া ভেটি: অসমত কবিতা পাঠ বা আবৃত্তিৰ অনুষ্ঠান জনপ্ৰিয় যদিও আধুনিক শৈলীৰ পৰিৱেশ্য কবিতাৰ অনুষ্ঠান কৰবাত অনুষ্ঠিত গৈছে বুলি জানিব পৰা হোৱা নাই৷ কিন্তু, আজি বিশ্বত পৰিৱেশ্য কবিতাৰ যি জনপ্ৰিয় শৈলী চলতি আছে ঠিক সেইধৰণৰ অনুষ্ঠানৰ আন এক ভেটি বুলি আমাৰ প্ৰাক-শংকৰী যুগৰ ওজাপালি আৰু শংকৰীযুগৰ কীৰ্তন, ভাগৱত আৰু ঘোষা পাঠৰ অনুষ্ঠানবোৰক ইংগিত কৰিব নোৱাৰোঁনে? এইবোৰো দেখোন কবিতা পাঠ আৰু প্ৰদৰ্শনৰে এক ৰসাল অনুষ্ঠান! অম্বিকাগিৰী, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাৰ কিছুমান কবিতা/গীতক সহজেই পৰিৱেশ্য কবিতা হিচাপে পৰিৱেশন কৰাৰ সুবিধা আছে৷
সামৰণি: কবিতাক লৈ আটাইতকৈ ডাঙৰ অভিযোগ হ’ল কবিতাৰ দুৰূহতা আৰু পাঠকেৰে সংযোগহীনতা৷ এই অভিযোগ আঁতৰ কৰি কবিতাক গণমুখী কৰি তুলিবলৈ পৰিৱেশ্য কবিতাৰ ৰচনা আৰু পৰিৱেশন এক ফলপ্ৰসূ উপায় বুলি বিবেচনা কৰিব পাৰি৷
প্ৰসংগ:
1. 'Performance Poetry: New Languages and New Literary Circuits?', Article written by Cornelia Grabner.
2. Poetry Slam: The Competetive Art of Performance Poetry. Edited by Gary Mex Glazner.