কবিতাবোৰ আচলতে এটা এটা সুমধুৰ গানহে

দীপক কুমাৰ কলিতা

দীপক কুমাৰ কলিতা
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতাৰ সৈতে মোৰ সম্পৰ্ক সেই সুদীৰ্ঘ দিনৰ। মোৰ শৈশৱৰ দুৱাৰমুখত খোজ দিয়াৰ সময়ৰ সেই ৰোমাণ্টিক যুগৰ কবিতাবোৰৰ সৈতে মুখামুখি হোৱা সময়ৰ পৰা, অতি উচ্ছ্বাস সমৃদ্ধ মোৰ কৈশোৰ আৰু যৌৱনৰ সময়ত মোৰ সমুখত ওলমি থকা মোৰ ভাললগা অসমীয়া আধুনিক কবিতাবোৰৰ মনোৰম সেই সান্নিধ্য পৰ্যন্ত, কবিতাৰ সৈতে মোৰ অতি সুগভীৰ আন্তৰিকতা।


আপুনি কবিতা কিয় পঢ়ে?
মই কবিতা পঢ়োঁ এইবাবেই যে, কবিতাৰ মাজত মই মানুহৰ মনোজগতৰ সেই বিপুল শৈল্পিক মাধুৰ্যতাখিনিক আৰু জীৱনৰ অতুলনীয় সৌন্দৰ্যখিনিক বিচাৰি পাওঁ। মোৰ বাবে কবিতাবোৰ আচলতে এটা এটা সুমধুৰ গানহে, য'ত মই মোৰ নিজা অনুভৱৰ সেই অনিৰ্বচনীয় জগতখনক বিচাৰি পাওঁ!


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
‘আহিছোঁ ব'ৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰ লৈ’ বুলি কোৱা গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সেই অনুপম কবিতা, দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’, নীলমণি ফুকনৰ ‘মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’, ৰাম গগৈৰ ‘পথাৰ’, ধীৰেন্দ্ৰচন্দ্ৰ দত্তৰ ‘কাঠমিস্ত্ৰীৰ ঘৰ’, নৱকান্ত বৰুৱাৰ ‘ইয়াত নদী আছিল’, হীৰেন ভট্ৰাচাৰ্যৰ ‘মোৰ আৰু পৃথিৱীৰ’, হেমাংগ বিশ্বাসৰ ‘কুল খুড়াৰ চোতাল’, সমীৰ তাঁতীৰ ‘এদিন তালৈ উভটিম’ আৰু নীলিম কুমাৰৰ প্ৰেমৰ কবিতাৰ দৰে কবিতাবোৰে মোক ভীষণ তৃপ্তি দিয়ে।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতাৰ মানচিত্ৰ অতি বহল। মননশীলতা অতি গভীৰতৰ। তিৰ্যক প্ৰকাশ, সমধুৰ শব্দ চয়ন, প্ৰতীকৰ বুদ্ধিদীপ্ত অৱতাৰণা আৰু পৰোক্ষ সূচনা এই কবিতাসমূহৰ এক আংগিক অভিনৱত্ব আছে। সাম্প্ৰতিক অসমীয়া কবিতাত নতুন চিন্তাৰ প্ৰাণচাঞ্চল্য আছে। এই সময়ৰ কবি দলৰ মাজত শুভ বুদ্ধিৰ প্ৰকাশ অতি সুস্পষ্ট। 


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
সন্মানীয় কবিসকলৰ প্ৰতি মোৰ আহ্বান, তেওঁলোকৰ কাব্য নিৰ্মাণৰ গতি অধিক প্ৰসাৰিত হওক। তেওঁলোকৰ সৃষ্ট প্ৰতিটো কবিতাই যেন ৰসোৎসাহী আৰু কাব্যপ্ৰেমী পাঠকৰ বাবে এটা এটা  'ভাল কবিতা' হওক । ভাল কবিতা চিৰ নতুন। বহুদিন, বহু বছৰ পাৰ হৈ যোৱাৰ পাছতো যিদৰে কিছুমান কবিতা আজিও নতুন-নতুন লাগে, সাম্প্ৰতিক সময়ৰ কবিসকলৰ কবিতায়ো যেন সেই স্থানলৈ অগ্ৰসৰ হয়। কবিতা এটাৰ মাজত আচলতে এটা যুগ জীয়াই থাকে।

দীপক কুমাৰ কলিতা এগৰাকী নাট্যকাৰ, অভিনেতা, পৰিচালক আৰু শিশু-সাহিত্যিক৷ শিৱসাগৰৰ সোণাৰী নিবাসী কলিতাৰ শিশু-গ্ৰন্থ নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে৷ তেওঁৰ শিশু-উপযোগী নাটকে  সাহিত্য অকাদেমীয়ে প্ৰকাশ কৰা অসমীয়া নাটকৰ নিৰ্বাচিত সংকলনত স্থান পাইছে৷

3 thoughts on “কবিতাবোৰ আচলতে এটা এটা সুমধুৰ গানহে

  1. কবিতা মানুহৰ জীৱনবোধৰ প্ৰতিলিপি | বাল্যকালৰ পৰা পৈনত মানুহলৈ… মানুহৰ পৰা নিৰ্বাণ প্ৰাপ্তিলৈ এক নিৰলস যাত্ৰা |
    আপোনাৰ অভিব্যক্তি জানি ভাল লাগিল দাদা |

  2. বৰ ভাল পালোঁ পঢ়ি। সঁচাকৈয়ে কবিতাবোৰ একো একোটা গানহে । বাজি থাকে , বাজি থাকে…

  3. দাদা, আপোনাৰ অনুভৱ পঢি আপ্লুত হলোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *