অংকুৰ ডেকা
“শব্দবোৰেই মোৰ/ একমাত্ৰ ৰত্ন/ শব্দবোৰেই মই পিন্ধা/ একমাত্ৰ বস্ত্ৰ/ শব্দবোৰেই মোৰ একমাত্ৰ খাদ্য/ যি মোক জীয়াই ৰাখিছে/ শব্দবোৰেই মোৰ একমাত্ৰ ধন-সম্পদ/ মানুহৰ মাজত মই বিলাই দিওঁ/ তুকাই কয়/ শব্দবোৰক প্ৰত্যক্ষ কৰা/ তেৱেঁই ঈশ্বৰ/ শব্দৰে/ মই তেওঁক পূজা কৰোঁ৷”
বিশিষ্ট কবি, কলা সমালোচক, অনুবাদক, প্ৰবন্ধকাৰ, কৃতী শিক্ষক নীলমণি ফুকনৰ (জ. ১੦ ছেপ্টেম্বৰ, ১৯৩৩-মৃ. ১৯ জানুৱাৰী, ২੦২৩) প্ৰসংগত অৱলীলাক্ৰমে ফুকনে এসময়ত নিজে ভাঙনি কৰা মধ্যযুগৰ ভক্ত কবি তুকাৰামৰ উল্লিখিত এই কবিতাটোলৈ মনত পৰে—ঋষিতুল্য নীলমণি ফুকনৰ বাবেও শব্দই আছিল ঈশ্বৰ! ‘নীলমণি ফুকন’—এই শব্দযুগলে পৃথিৱীৰ কত মানুহক চুম্বকৰ দৰে টানে যে তাৰ লেখ-জোখ নাই৷
আমৃত্যু নীলমণি ফুকনৰ বাবে কবিতা আছিল ভাষা-শিল্প আৰু জীৱন-শিল্পও৷ এক দীঘলীয়া প্ৰস্তুতি আৰু অন্তহীন প্ৰতীক্ষাৰ অন্তত একো একোটা তন্ময়ৰ মুহূৰ্তত তেওঁ লিখিছিল একো একোটা কবিতা; অথচ কি ভয়ংকৰ নিৰ্লিপ্তিৰে তেওঁ কৈছিল, “লিখোঁ এটা কবিতা বা অকবিতা৷” তেওঁৰ স্বনিৰ্মাণৰ বিস্ময়ক প্ৰক্ৰিয়া সঁচাকৈ (মোৰা বাবে) আজিও এক ঈৰ্ষাৰ বিষয়৷ তেওঁতো ৰাতাৰাতি নীলমণি ফুকন হৈ উঠা নাছিল; মুহূৰ্তে মুহূৰ্তে নিজকে নিৰ্মাণ কৰি গৈছিল৷ নিজকে দিন প্ৰতিদিন সমৃদ্ধ কৰি গৈছিল৷
জাতে-পাতে কবি ফুকনে সুদীৰ্ঘ ৭੦ বছৰৰ কাব্য-পৰিক্ৰমাত মুঠ মৌলিক কবিতা লিখিছিল প্ৰায় ২৫੦টা; অৰ্থাৎ, নব্বৈ বছৰীয়া জীৱনকালত আৰু সত্তৰ বছৰীয়া সৃষ্টিশীল জীৱনত তেওঁ বছৰি গড়ে ৩ বা ৪টাতকৈ বেছি কবিতা লিখা নাছিল৷ কবিতাৰ পৰিমাৰ্জনা (revision) কৰা কামটো তেওঁৰ নিজৰ উশাহ-নিশাহৰ দৰেই জীৱনৰ অবিচ্ছেদ্য অংগ আছিল৷ তেৱেঁ আছিল তেওঁৰ নিজৰ কবিতাৰ কঠোৰ আত্মসমালোচক৷ আনহে নালাগে ‘এগৰাকী জাপানী কবিক সুঁৱৰি’ নামৰ অন্তিম কবিতাটো ছপাবলৈ দি উঠি এই অকিঞ্চনক দিয়া সৰু টোকাটোও সেই সত্যৰে সাক্ষী; তেওঁ লিখিছিল, “আকৌ অংকুৰে প্ৰায় তিনি মাহমান কুটুৰি কুটুৰি কবিতা এটা নি গৰীয়সীত ছপালেগৈ; মই কিন্তু ছপাব খোজা নাছিলোঁ৷ সুদীৰ্ঘ আঠ বছৰৰ বিৰতিৰ পিছত লিখিলোঁ৷ –নীলমণি ফুকন৷ ২৮-৬-১৮” তেওঁ আছিল আত্মতুষ্টিৰ পৰা বহু দূৰৈত সদায়৷
অৱশ্যে মাথোঁ মৌলিক কবিতাৰ সংখ্যাৰ ভিত্তিতে বৰেণ্য কবিগৰাকীক বিচাৰ কৰিলে অক্ষমনীয় অন্যায় হ’ব৷ মৌলিক কবিতা লিখাৰ সমান্তৰালকৈ মাজে মাজে তেওঁ দেশী-বিদেশী কবিতাৰ ভাঙনিও কৰিছিল৷ ভাঙনিৰ বেলিকাও তেওঁ মৌলিক কবিতাৰ সমানেই প্ৰচুৰ পৰিশ্ৰম কৰিছিল৷ ফলত তেওঁ চাৰি শতাধিক জাপানী, চীনা আদি কবিতাৰ অসমীয়া ভাঙনিৰে আধুনিক অসমীয়া অনুবাদ সাহিত্যক স্বৰূপাৰ্থতে সমৃদ্ধ কৰি থৈ গৈছে৷
কবি নীলমণি ফুকন আকৌ আধুনিক অসমীয়া শিল্প-সমালোচনাৰ বাটকটীয়াও৷ তেওঁৰ শিল্পকলা বিষয়ক পুথিকেইখন আমাৰ দৰে শিল্পানুৰাগীৰ বাবে হাতপুথিৰ দৰেই হৈ পৰিছে৷ শিল্পকলা বিষয়ক বহুতো ইংৰাজী শব্দৰ তেওঁ উপযুক্ত অসমীয়া প্ৰতিশব্দও আমাক দি থৈ গৈছে৷ আমি তেওঁৰ ওচৰত কৃতজ্ঞ৷
তেওঁ বুৰঞ্জীৰ এগৰাকী সফল অধ্যাপক আছিল—কি অখণ্ড মনোযোগ আৰু নিষ্ঠাৰে তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত পঢ়ুৱাইছিল, সেই কাহিনী তেওঁৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে কোৱা-কুই কৰা শুনিছোঁ৷ বিজ্ঞানৰ শিক্ষাৰ্থীয়েও হেনো তেওঁৰ শ্ৰেণীকোঠাৰ বাহিৰত ৰৈ তেওঁৰ মনোৰম বক্তৃতা শুনিছিল৷ প্ৰসংগক্ৰমে উল্লেখ্য যে কাব্য-জীৱনৰ আৰম্ভণিৰ ফালে লিখা তেওঁৰ এটা বিখ্যাত কবিতা হ’ল : “আমি আকৌ ধোঁৱা আৰু নিশাৰ মাজেৰে/ ধীৰে ধীৰে নাও মেলি দিছিলোঁ৷” (‘বুৰঞ্জী’, নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা, পৃ. ৪৮)
অসমীয়া ভাষাৰ কালিকা জানিবলৈ আমি সকলোৱে তেওঁৰ পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলোঁ যি নামৰ আত্মজীৱনীমূলক ৰচনাৰ সংগ্ৰহ দুটা পুনঃপুনঃ পঢ়া উচিত৷ তেওঁৰ বিচিত্ৰ লেখা নামৰ ভিন্নসুৰীয়া সংকলনটিও আমাৰ সাহিত্যৰ এক নজহা-নপমা সম্পদ৷
ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ত আই-এ আৰু বি-এ পঢ়া নীলমণি ফুকনৰ জীৱনত মহাবিদ্যালয়খনে এক নিৰ্ণায়ক ভূমিকা লৈছিল—তেওঁ ‘কটন কলেজত চাৰিটা ঋতু’ শীৰ্ষক ৰচনাখনত অকপটে স্বীকাৰো কৰিছে, “কটনলৈ অহাৰ পিছতে লাহে লাহে মোৰ জীৱনে আগৰ সুঁতি সলাই এটা নতুন সুঁতি ল’বলৈ আৰম্ভ কৰিলে”। তেওঁ কটনত সোমায়েই আই-এৰ প্ৰথম বাৰ্ষিকতে কেইবাটাও কবিতা লিখিছিল৷ কটন কলেজৰ বাৰ্ষিক মুখপত্ৰ কটনিয়ানত ছাত্ৰ নীলমণি ফুকনৰ তিনিটা কবিতা প্ৰকাশ পাইছিল৷ কটনিয়ানত প্ৰকাশিত নীলমণি ফুকনৰ প্ৰথমটো কবিতা আছিল ‘জাৰুৱালীৰ কবিতা’৷ ১৯৫৪ চনত প্ৰকাশিত সেই সংখ্যা কটনিয়ানৰ সম্পাদক আছিল বসন্ত কুমাৰ শইকীয়া৷ প্ৰায়ে ফুকন ছাৰে আমাক কৈছিল, “পৃথিৱীখন বৰ ধুনীয়াহে৷” ‘জাৰুৱালীৰ কবিতা’তো তেওঁ এখন ধুনীয়া পৃথিৱীৰ সপোন দেখিছিল, “ডাৱৰত উঠিব পৰা হ’লে বিজুলীবোৰ/মুঠিয়ে মুঠিয়ে আনি সিহঁতৰ/ ঘৰবোৰত ছটিয়াই দিলোঁহেঁতেন৷/ তেতিয়া বাৰু/ পৃথিৱীখন কিমান ধুনীয়া হ’লহেঁতেন?/ জাৰুৱালী!/ ইমান ভাল লাগে তোক মোৰ!” প্ৰাসংগিক যে একেটা চনতে দীননাথ শৰ্মা সম্পাদিত আৱাহনত ওলাইছিল তেওঁৰ ‘জুই’ নামৰ আন এটা কবিতা৷ নক’লেও বোধগম্য যে একেটা বছৰতে দুটাকৈ কবিতা প্ৰকাশ হোৱাত তেওঁ কবিতা লিখিবলৈ উছাহ পাইছিল৷ কটনৰ পুথিভঁৰালেও অনুসন্ধিৎসু নীলমণি ফুকনক বাৰুকৈ সমৃদ্ধ কৰিছিল৷ নানা বিষয়ৰ গ্ৰন্থ পঢ়িবলৈ পাইছিল৷
‘জাৰুৱালীৰ কবিতা’ বা ‘জুই’ পঞ্চাছৰ দশকৰ ছাত্ৰসকলৰ মাজত, প্ৰধানতঃ ছাত্ৰ ফেডাৰেশ্যনৰ মাজেদি অহা বাওঁপন্থী আদৰ্শৰ প্ৰভাৱ উপলব্ধি কৰিব পাৰি৷ ‘জাৰুৱালীৰ কবিতা’ক কবিয়ে তেওঁৰ কোনোটো কবিতা-সংকলনতে অন্তৰ্ভুক্ত কৰা নাছিল যদিও ‘কথা’ই ২੦১২ চনত প্ৰকাশ কৰা নীলমণি ফুকন ৰচনাৱলীত পৰিশিষ্টত সেইটো ছপা হৈছিল৷
ৰোহিণী কুমাৰ মহন্ত সম্পাদিত আৰু ১৯৫৫ চনত প্ৰকাশিত কটনিয়ানত প্ৰকাশ পাইছিল ‘প্ৰতিশ্ৰুতি’—তুলনামূলকভাৱে ‘জাৰুৱালীৰ কবিতা’তকৈ ‘প্ৰতিশ্ৰুতি’ বেছি প্ৰতিশ্ৰুতিসম্পন্ন আছিল, “নিঃসংগ ৰাতিৰ স্থবিৰতালৈ/ পথে পথে সিঁচি দিলোঁ মই/ জন্ম আৰু মৃত্যুৰ/ আৰু তোমাৰ হাঁহিৰ/ বিভীষিকা,/ উচুপনি সুৰভিময় : কত ৰাতিৰ/ মেঘমুক্ত হেজাৰ অবাক ৰাতিৰ৷” ১৯৫৬ চনৰ কটনিয়ানত অৱশ্যে নাছিল নীলমণি ফুকনৰ কবিতা৷
১৯৫৭ চনত শ্যামভদ্ৰ মেধিৰ সম্পাদনাত ওলোৱা কটনিয়ানত প্ৰকাশ পাইছিল কলা শাখাৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ নীলমণি ফুকনৰ ‘বিদায়ৰ দান’ শীৰ্ষক নিটোল কবিতাটো—প্ৰকৃত প্ৰকৃতিপ্ৰেমীৰ আকুলতাৰে কৈছিল, “কেতিয়াবা যদি উভতি আহা, আহিবা৷ মই নাথাকিলে/ চৰাই আৰু ফুলবোৰে তোমাক মৰম কৰিব৷” উল্লেখ্য যে চৰাই আৰু ফুলবোৰে নীলমণি ফুকনৰ পৰৱৰ্তী কেইবাটাও সাৰ্থক কবিতাতো ভুমুকিয়াইছে৷ চৰাই, ফুল, নিয়ৰ, বৰষুণ আদি আৰু মানুহ আছিল তেওঁৰ খুব প্ৰিয়—তেওঁ কৈছিল, “জীৱন্ত জড় বস্তুবোৰক বাদ দি থকাটো মানুহৰ কাৰণে সম্ভৱ নহ’ব আৰু সম্ভৱ হ’লেও সি সম্পূৰ্ণ নহ’ব।” কবিতাৰ একনিষ্ঠ সাধক নীলমণি ফুকনে বিশ্বাস কৰিছিল, “কবিতা মাটিৰ চাকি৷” আকৌ তেৱেঁ প্ৰশ্নও কৰিছিল, “কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ পৰিস্থিতিত যথেষ্ট নে?” আত্মবিশ্বাসী স্বয়ং নীলমণি ফুকনৰ দৃঢ় উত্তৰ, “যথেষ্ট, যদি মানুহে কেৱল মনত ৰাখে মাটিক৷”
অংকুৰ ডেকা এগৰাকী প্ৰবন্ধকাৰ, কলা সমালোচক আৰু গৰীয়সী সাহিত্য আলোচনীৰ প্ৰাক্তন সহকাৰী সম্পাদক৷ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল তুমি ৰ’দৰ উৎসৱ; চিত্ৰকলা আৰু মূলতঃ সাহিত্য (প্ৰকাশৰ পথত)৷