কবিতাৰ বিষয়ে এখন ৰচনা

ৰমেন শইকীয়া

ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ সমালোচক টেৰী ঈগলটনৰ মতে, “প্ৰকৃতপক্ষে আমি বৰ্তমান যাক ‘ৰোমাণ্টিক যুগ’ বুলি অভিহিত কৰিছোঁ তাৰ সৈতেই সাহিত্যৰ আমাৰ নিজৰ সংজ্ঞা বিকাশ হ’বলৈ আৰম্ভ কৰিলে। ‘সাহিত্য’ শব্দটোৰ আধুনিক অৰ্থ প্ৰকৃততে ঊনবিংশ শতিকাতহে আৰম্ভ হয়, এই অৰ্থত সাহিত্য ঐতিহাসিকভাৱে শেহতীয়া পৰিঘটনা: অষ্টাদশ শতিকাৰ অন্তিম কালছোৱাৰ আশে-পাশে কোনোবা এটা সময়ত ইয়াক উদ্ভাৱন কৰা হৈছিল…”,(It was, in fact, only with what we now call the ‘Romantic period’ that our own definitions of literature began to develop. The modern sense of the word ‘literature’ only really gets under way in the nineteenth century, Literature in this sense of the word is an historically recent phenomenon: it was invented sometime around the turn of the eighteenth century,…” (Literary Criticism)। প্ৰথমে সাহিত্যৰ বিভাগটোক তথাকথিত ‘সৃজনশীল’ বা ‘কল্পনামূলক’ কাৰ্য হিচাপে সীমিত কৰি ৰখা হৈছিল৷ ইংৰাজী সাহিত্যৰ ১৭৯৮ চনৰপৰা ১৮৩৭ চনৰ কালছোৱাক ৰোমাণ্টিক যুগ হিচাপে নিৰ্ণয় কৰা হৈছে৷ ৰোমাণ্টিকতা কোনো সাহিত্যিক গোষ্ঠীৰ বিশেষ মতবাদ নহয়৷ আনহাতে ৰোমাণ্টিকতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞাও নাই৷ ৰোমাণ্টিকতা সম্বন্ধে নানান জনৰ নানান অভিমতলৈ লক্ষ্য কৰিয়েই ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ ঐতিহাসিক লিগুই কাজামিয়াই কৈছিল, “ৰোমাণ্টিকতাৰ কোনো পৰিভাষা নাই” (Romanticism defies definition)৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হʼল, অনেক সাহিত্যৰসিকৰ মতে ইউৰোপীয় উৎকৃষ্ট সাহিত্যৰ সোৱাদ ল’বলৈ হʼলে ইংৰাজী কবিতাৰপৰা লʼব লাগিব৷ অনেকেই ইংৰাজী সাহিত্যৰ ৰোমাণ্টক যুগটোকেই কবিতাৰ স্বৰ্ণ যুগ বুলি কʼব খোজে৷ ধাৰণা হয়, কবিতাৰ ৰসাস্বাদন আৰু কবিতাৰ প্ৰতি আকৃষ্ট হোৱাৰ ক্ষেত্রত ৰোমাণ্টিক কবিতা সম্পৰ্কীয় এনেবোৰ ধ্যান-ধাৰণাই আজিও আমাক প্ৰভাৱিত কৰে৷

জোছেফ এপষ্টেইন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় লেখক আৰু The American Scholar নামৰ আলোচনীৰ সম্পাদক জোছেফ এপষ্টেইনৰ (Joseph Epstein) ১৯৮৮ চনত প্ৰকাশিত ‘কোনে কবিতাক হত্যা কৰিলে?’ (Who killed poetry?) নামৰ ৰচনাখন কেইবা দশক ধৰি সাহিত্য সমাজত আলোচনাৰ বিষয় হৈ পৰিছিল। আধুনিক কালত কবিতাৰ জনপ্ৰিয়তা হ্ৰাস হোৱা আৰু সৰ্বসাধাৰণ কবিতাৰ কাষৰপৰা আঁতৰি যোৱাৰ সম্পৰ্কত এপষ্টেইনে আগবঢ়োৱা যুক্তিবোৰৰ আজিও কিছু পৰিমাণে প্ৰাসংগিকতা আছে৷ তেওঁৰ ৰচনাখনৰ উৎকীৰ্ণ লিপিটো হʼল: “There are certain things in which mediocrity is intolerable: poetry, music, painting, public eloquence.” –La Bruyere৷ অৰ্থাৎ কবিতা, সংগীত, চিত্ৰকলা, ৰাজহুৱা বাকপটুতা আদি কিছুমান বিশেষ ক্ষেত্রত মধ্যমীয়তা অসহ্যকৰ৷ কথাষাৰে মধ্যম মানকৰ সৃষ্টিশীল কৰ্মত জড়িতসকলৰ মুখত চাবুক মৰাৰ দৰেই, কিন্তু এপষ্টেইনে আলোচনাটোত তেওঁলোকক লক্ষ্য কৰি লোৱা নাই, তেওঁৰ উদ্দেশ্য হʼল আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৎকালীন সাহিত্য-সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দৃষ্টিত ধৰা দিয়া কিছু বিশেষ বিষয়ৰ প্ৰতিহে পাঠকৰ দৃষ্টিগোচৰ কৰা৷ তেওঁৰ প্ৰথম অভিযোগটো হʼল কাব্যিক সৃষ্টিৰ সমগ্ৰ উদ্যোগটো সমাজৰ পৰা  বাহিৰলৈ উলিয়াই আনি শ্ৰেণী-কোঠাত ঠাণ্ডা কৰি পেলোৱা হৈছে৷ সাহিত্য, বিশেষকৈ কবিতা এতিয়া শিক্ষা-অনুষ্ঠান আৰু অকাডেমীৰ আলোচনাৰ বিষয়৷ এটা সময়ত এনে প্ৰচেষ্টাও কৰা হৈছিল, কাব্য ৰচনাৰ শিক্ষা দান কৰিবলৈ কবিসকলক শ্ৰেণী-কোঠালৈ নিমন্ত্ৰণ কৰি অনা হৈছিল৷ যিসকল পুৰুষ-মহিলাই প্ৰকাৰান্তে সাহিত্য সৃষ্টিৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে আৰু যি অতিমাত্ৰা সৃষ্টি কৰিছে, সেয়া প্ৰতিভা বা আত্মাৰ জোৰত নহয়, সেয়া সম্ভৱ হৈছে কবিতাৰ পেছাদাৰীকৰণৰ বাবে৷ এপষ্টেইনৰ যুক্তিৰ মূল কথাটো হ’ল: “যেতিয়া আধুনিকতাবাদী কবিক এজন শিল্পী বুলি গণ্য কৰা হৈছিল— যদিও তেওঁ লণ্ডনৰ বেংকত কাম কৰিছিল, বা হাৰ্টফোৰ্ডৰ বীমা কোম্পানীত, বা নিউ জাৰ্ছিৰ ৰাদাৰফোৰ্ডৰ চিকিৎসকৰ কাৰ্যালয়ত কাম কৰিছিল— তেনে এজন সমসাময়িক কবিক পেছাদাৰী বুলিয়েই গণ্য কৰা হয়৷” তেওঁৰ মতে “প্রথম শাৰীৰ কবি হোৱাৰ বাবে মহৎ প্রতিভাই যথেষ্ট নহয়; তেওঁ সঠিক সময়ৰ আৰু সঠিক স্থানত জন্ম লʼব লাগিব৷” এপষ্টেইনে কৈছে যে, সাধাৰণতে কবিসকলৰ এজনে অন্য এজন কবিৰ সৈতে সংযোগ ৰক্ষা কৰাৰ প্ৰৱণতা এটা থাকে যিয়ে তেওঁলোকক বাস্তৱৰ প্ৰতি উটপক্ষীৰ দৰে মূৰ লুকুৱাই থোৱাৰ প্ৰৱণতাৰ পৰা ৰক্ষা কৰে আৰু শক্তিশালী কৰে, কিন্তু সম্প্ৰতি কবিতাক একপ্ৰকাৰৰ অত্যধিক ধৰ্মপৰায়ণতাই আগুৰি ধৰিছে, যাৰ বাবে কবিসকলে নিজৰ বিশিষ্টতাৰে (exclusivity) নিজকে পুৰোহিত বুলি ভাবিবলৈ আৰম্ভ কৰিছে৷

জোছেফ এপষ্টেইনৰ দ্বিতীয় অভিযোগটো হʼল, সমসাময়িক কবিতা এতিয়া নিয়মীয়া বৌদ্ধিক আলোচনাৰ অংগ নহয়৷ যিদৰে টি.এছ. এলিয়টে ‘The Love Song of J. Alfred Prufrock’ নামৰ কবিতাটোত ‘মহিলাসকল আহে আৰু যায়/ মাইকেল এঞ্জেলোৰ কথা পাতে’ –এই শাৰীটোৰে ইংগিত দিছিল সেই সামাজিক আচাৰ-অনুষ্ঠানৰ আড্ডাবোৰৰ, য’ত মাইকেল এঞ্জেলোৰ দৰে উচ্চ সংস্কৃতিৱান ব্যক্তিসকলৰ কথা আলোচনা হৈছিল, কিন্তু আজি হোটেল-ৰেষ্টুৰাত গোট খোৱা পুৰুষ-মহিলাসকলৰ আলোচনাবোৰলৈ কাণ দিলে মাইকেল এঞ্জেলোৰ কথা পতা শুনা নায়ায়৷ অৰ্থাৎ সমাজৰ অধিকাংশ মানুহৰ মেধা আৰু বুদ্ধি-বৃত্তি মধ্যমীয়া স্তৰলৈ অৱনমিত হৈছে৷ এপষ্টেইনে কৈছে যে টি.এছ এলিয়ট, ওৱালেচ ষ্টিভেন্স, ৰবাৰ্ট ফ্ৰষ্ট, ডব্লিউ.এইচ. অডেন আদি কবিসকল যেতিয়া জীয়াই আছিল আৰু তেওঁলোকৰ শ্ৰেষ্ঠ সৃষ্টিসমূহৰ বাবে তেওঁলোকৰ খ্যাতি আছিল শীৰ্ষত, তেতিয়াও কবিতাৰ পাঠকৰ সংখ্যা বিশাল নাছিল; যি আছিল সি ব্ৰাউনিং আৰু টেনিছনৰ সময়ৰপৰা বহু পৰিমাণে হ্ৰাস পাইছিল৷ আংশিকভাৱে ইয়াৰ কাৰণ আছিল কবিতাৰ বৰ্ধিত কঠিনতা৷ টি.এছ. এলিয়টে ১৯২১ চনত মন্তব্য কৰিছিল: “এনেকুৱা ধাৰণা হয় যে আমাৰ সভ্যতাত, যিদৰে বৰ্তমান সময়ত দেখা গৈছে, কবিসকলৰ সৃষ্টিয়ে জটিল ৰূপ লৈছে৷”(It appears likely that poets in our civilization, as it exists, at present, must be difficult.) এই জটিলতাৰ পক্ষে এলিয়টৰ যুক্তিযুক্ততা হ’ল— যিটো যথেষ্ট প্ৰত্যয়জনক বুলি ধাৰণা নহয়— যে কবিতা সভ্যতাৰ বৰ্ণনাৰ দৰেই জটিল হ’ব লাগিব, যাৰ প্ৰভাৱত আধুনিক কবিজন হৈ পৰে “অধিক ব্যাপক, অধিক ইংগিতপূৰ্ণ, অধিক পৰোক্ষ”৷ এপষ্টেইনৰ মতে এই সকলোবোৰে আধুনিক কবিক অধিক একচেটিয়া কৰি তোলাৰ কামহে কৰিলে।

এপষ্টেইনৰ তৃতীয় অভিযোগটো হ’ল সম্প্ৰতি বৃহৎ প্ৰকাশন গোষ্ঠীসমূহে কবিতাৰ কিতাপ প্ৰকাশ কৰিবলৈ অনিচ্ছুক হৈছে৷ কেৱল বিশ্ববিদ্যালয়সমূহে পাঠ্যক্ৰম হিচাপে কবিতাৰ সংকলন প্ৰকাশ কৰে৷ যিসকল সৰু-সুৰা প্ৰকাশকে কবিতাৰ পুথি ছপাইছে সেইবোৰৰ বিক্ৰী সম্ভৱতঃ অতি কম৷ কবিতা লিখি জীৱিকা উপাৰ্জন কৰা অকল্পনীয়৷ কোৱা হয় যে আমেৰিকাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ কবিজন যি, নিজৰ ৰচনা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল সেইজন আছিল ৰবাৰ্ট ফ্ৰষ্ট, কিন্তু ড’নাল্ড হলৰ মতে আনকি ফ্ৰষ্টেও জীৱনৰ শেষৰ ফালেহে সেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এপষ্টেইনৰ মতে এলেন গিন্সবার্গ আমেৰিকাৰ বিখ্যাত কবি, কিন্তু কবিতাৰ বাবে তেওঁ বিখ্যাত নহয়: তেওঁৰ খ্যাতি ৰাজনীতি আৰু সমকামিতাৰ বাবেহে৷ অৱশ্যে গিন্সবার্গৰ ক্ষেত্রত দেখা গৈছিল তেওঁ পথে-ঘাটে আৰু নিমন্ত্ৰিত অনুষ্ঠানত কবিতা পাঠ কৰি ফুৰিছিল৷ তাৰ বাবে তেওঁ পাৰিশ্ৰমিকো দাবী কৰিছিল৷ প্রচাৰৰ ওপৰত তেওঁৰ খ্যাতি নির্ভৰ কৰিছিল৷ আনহাতে উৎকৃষ্ট কবিতাৰ প্ৰসংগত তেওঁ কবি ৰবাৰ্ট ফ্ৰষ্টৰ বিখ্যাত উক্তিটোৰ কথা উল্লেখ কৰিছে, য’ত ফ্ৰষ্টে কৈছিল, ভাল কবিতাই তেওঁক আঘাত কৰা মুহূৰ্ততে ক’ব পাৰে যে “তেওঁ এটা চিৰস্থায়ী আঘাত (immortal wound) গ্ৰহণ কৰিছে, যাৰ পৰা তেওঁ কেতিয়াও উপশম লাভ কৰিব নোৱাৰে৷” এপষ্টেইনে এই কথাও কৈছে যে আগৰ প্ৰজন্মৰ কবিসকলে, বিশেষকৈ ৰোমাণ্টিক যুগৰ কবিয়ে যিদৰে মন-মগজুত ভাষা ৰোপণ কৰিব পাৰিছিল, সেইদৰে অন্য যুগৰ কবিসকলৰ কোনোৱেই পাঠকৰ মন-মগজুত ভাষা ৰোপণ কৰিবলৈ সক্ষম হোৱা নাই৷ মন-মগজুত স্থায়ী হৈ পৰা কবিতাৰ উদাহৰণ হিচাপে কেইজনমান কবিৰ স্মৰণীয় কবিতাৰ কিছু পংক্তি তেওঁ উদ্ধৃত কৰিছে: ৰবাৰ্ট ফ্ৰষ্টৰ “But I have promises to keep/ And miles to go before I sleep”; এলিয়টৰ “In the room the women come and go/ Talking of Michelangelo”; “Let us go then, you and I, When the evening is spread out against the sky like a patient etherised upon a table”; ইযাৰ লগতে আমি যোগ কৰি দিব পাৰোঁ ডব্লিও বি. য়েটছৰ “Wherever green is worn,/ Are changed, changed utterly:/ A terrible beauty is born.” (‘Easter 1916’), কীটছৰ “A thing of beauty is a joy forever”, “Beauty is truth, truth beauty”, “Heard melodies are sweet, but those unheard are sweeter” (‘Ode on a Grecian Urn’)৷ ওৱৰ্ডছৱৰ্থৰ “but hearing oftentimes/ The still sad music of humanity” (‘Lines Composed a Few Miles Above Tintern Abbey’); ওৱাল্ট হুইটমেনৰ “O Captain! my Captain!” অসমীয়া কবিতাৰ পৰাও সেইদৰে আমি উল্লেখ কৰিব পাৰোঁ আমাৰ মনত ৰোপণ কৰিবলৈ সক্ষম হোৱা নৱকান্ত বৰুৱাৰ কবিতাৰ কিছু পংক্তি: “কিন্তু মৰুভূমি আহে, লাহে লাহে মাহে মাহে বছৰে বছৰে”, “ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ/ কিশোৰৰ স’তে৷ য’ত/ গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,/ ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ আবিলতা,/ অনায়াস গ্ৰহণ কেৱল ক্লীৱতা”; “বাৰিষাৰ ৰাতি তোমাৰ কবিক/ মনত পৰেনে, অৰুন্ধতী?”; “কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান/ কলং কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়।/ বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল।” কবি হীৰেন ভট্টাচাৰ্যৰ— “প্ৰতীক্ষাৰ আহত দিন, শূন্যৰে জঁপিয়াই যায/ মায়াৱী হৰিণ/ কালি ৰাতি মোৰ টোপনি নাছিল/ হাতৰ মুঠিত মোৰ দুখৰ ডালিম”; “ধান কাটি দাৱনিজাক/ এতিয়াও/ মাজ পথাৰত ৰৈ আছে/ কমৰেড ৰাভা এই বাটে/ আহিব উভটি”; “দেশ বুলিলে নালাগে আদেশ”৷ কবি নীলমণি ফুকনৰ “ৰাতি হ’লে/ সূৰ্য হেনো/ নামি আহে/ এই নদীয়েদি/ ৰক্তক্ষৰা ভুজঙ্গিনীৰ দৰে এই নদী/ নাম, ক’ত আছে/ একো কথা ভূগোলত নাই”। উল্লেখ কৰিব পাৰি বাংলা কবি সুকান্ত ভট্টাচাৰ্যৰ, “আমি এক দুৰ্ভিক্ষেৰ কবি,/ আমাৰ বসন্ত কাটে খাদ্যেৰ শাৰীতে প্ৰতীক্ষায়”(‘ৰবীন্দ্ৰনাথেৰ প্ৰতি’); “বিপ্লব স্পন্দিত বুকে, মনে হয় আমিই লেনিন” (‘লেনিন’); “ৰানাৰ ৰানাৰ… সময় হয়েছে নতুন খবৰ আনাৰ” (‘ৰানাৰ’); “ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময়/ পূৰ্ণিমাৰ চাঁদ যেন ঝলসানো ৰুটী” (‘হে মহাজীবন’)৷ কবি জীবনানন্দ দাশৰ, “আমি ক্লান্ত প্ৰাণ এক, চাৰদিকে জীবনেৰ সমুদ্ৰ সফেন”; “চুল তাৰ কবেকাৰ অন্ধকাৰ বিদিশাৰ নিশা/ মুখ তাৰ শ্ৰাবস্তিৰ কাৰুকাৰ্য: অতিদূৰ সমুদ্ৰেৰ পৰ/ হাল ভেঙে যে নাবিক হাৰায়েছে দিশা/ সমুদ্ৰ ঘাসেৰ দেশ যখন যে চোখে দেখে দাৰুচিনি দ্বীপেৰ ভিতৰ তেমনি দেখেছি তাৰে অন্ধকাৰে”; “পাখীৰ নীড়েৰ মতো চোখ তুলে” (‘বনলতা সেন’); “কল্পনাৰ হাঁস সব- পৃথিৱীৰ সব ধ্বনি সব ৰঙ মুছে গেলে পৰ,/ উৰুক উৰুক তাৰা হৃদয়েৰ শব্দহীন জ্যোৎস্নাৰ ভিতৰ” (‘বুনু হাঁস’)৷ এপষ্টেইনে প্ৰশ্ন কৰিছে, “সেই সকলোবোৰ মাৰ্জিত, শক্তিশালী, মৰমলগা ভাষা ক’লৈ গ’ল; বা অধিক নিখুঁতভাৱে ক’বলৈ গ’লে এনে ভাষা সৃষ্টিৰ ক্ষমতা ক’লৈ গ’ল? উদ্ধৃত কৰা কবিতাৰ পংক্তিবোৰ আজিও কিয় জনপ্ৰিয়তাৰ শাৰীত থিয় দি আছে তাৰ বিশেষ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ এই কবিসকলে তেওঁলোকৰ কবিতাত যি তন্ময়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল, সি আজি বিৰল৷ কবিতাৰ জনপ্ৰিয়তাৰ অৱনতিৰ কাৰণ কাব্যত এনে “শক্তিশালী, মৰমলগা ভাষা”ৰ অভাৱ হোৱাৰ বাবেই নেকি?

জোছেফ এপষ্টেইনৰ চতুৰ্থ অভিযোগটো হ’ল, তেওঁৰ মতে কবিতাৰ পৰম্পৰাগত ৰূপ আৰু মানৱতাবাদী মূল্যবোধৰ পৰা আঁতৰি যোৱা আৰু মনোযোগৰ পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰকে কবিতাৰ জনপ্ৰিয়তাৰ অৱনতিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে৷ কবিসকলে বৃহৎ পাঠকসমাজৰ সৈতে সংযোগ স্থাপনতকৈ বৌদ্ধিকতা আৰু আনুষ্ঠানিক উদ্ভাৱনৰ প্ৰতি প্ৰায়ে বেছি মনোযোগ দিয়ে, ইয়েই তেওঁলোকৰ সৃষ্টিক সাধাৰণ পাঠকৰপৰা বিচ্ছিন্ন কৰি পেলাইছে। আজিৰ কবিতা ক্ষেত্রত পৰিতাপৰ বিষয়টো হৈছে যে, এসময়ত কবিতা আছিল সমাজ জীৱনৰ নিচেই কাষৰ, সেই কবিতাই আজি বিস্তৃত সাংস্কৃতিক প্ৰাসংগিকতা হেৰুৱাই এটা বিশেষ সাধানাত পৰিণত হৈছে। এপষ্টেইনে কবিৰ প্ৰতিভা অথবা মধ্যমীয়তাৰ সম্পৰ্কত কোনা আলোচনা আগবঢ়োৱা নাই। কেৱল মহৎ কবিতাৰ ক্ষেত্রত তেওঁ ডেলম’ৰ শ্ব’ৱাৰ্টজৰ (Delmore Schwartz) উক্তি এটা উদ্ধৃত কৰিছে, “মহান কবিতাৰ বাবে মহান কবি থকাটো প্ৰয়োজনীয়।”

সম্প্ৰতি আমাৰ সাহিত্যৰ সমালোচনাৰ ক্ষেত্রত দুটা দিশ চিন্তাজনক। এক, সদ্য প্ৰকাশিত উপন্যাস, গল্প আৰু কবিতাৰ সংখ্যা ইমান বিশাল যে, এই সকলোবোৰ অধ্যয়ন কৰি মূল্যায়ন কৰাটো দুই-এজন সমালোচকৰ পক্ষে প্ৰায় অসম্ভৱ৷ অথচ এই বিপুল সাহিত্যসম্ভাৰে অসমীয়া ভাষা আৰু সাহিত্যৰ উত্তৰণত কি ভাৱে অৰিহণা যোগাইছে বা সাহিত্যক সমৃদ্ধ কৰিছে তাৰ এটা খতিয়ান লোৱাটো অতি প্ৰয়োজনীয়৷ দুই, বৰ্তমান গুৰুত্ত্বপূৰ্ণ (critical) সমালোচনাৰ অভাৱ ঘটিছে৷ বেছি ভাগ লিখাই পৰিচয়াত্মক আৰু উদগনিমূলক৷ সমালোচকসকল বিতৰ্কৰ আশংকাত সাহিত্যৰ প্ৰকৃত গুণাগুণ বিচাৰৰপৰা বিৰত থকা অনুচিত৷ তাহানিতে হোমেন বৰগোহাঞিয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল: “প্ৰতিভাক নিন্দাই ধ্বংস কৰিব পৰা নাইবা প্ৰশংসায়ো কোনো প্ৰতিভাৱান মানুহক প্ৰতিষ্ঠা কৰিব পৰা নাই।” ইংৰাজ কবি কীটছৰ জীৱিতকালতেই সমালোচকসকলে কীটছক হত্যা কৰি পেলোৱাৰ নিচিনা অৱস্থা এটাই আহি পৰিছিল৷ কিন্তু কীটছৰ প্ৰতিভাৰ অথবা কবিতাৰ কোনোটোৰেই অপমৃত্যু ঘটা নাছিল। তেওঁ কৈ য়োৱা কাব্যৰ “negative capability”ৰ পৰ্যায় আজিও চৰ্চাৰ বিষয় হৈ আছে। এই “negative capability” হৈছে শিল্পীসকলৰ সৌন্দৰ্য্যৰ আদৰ্শ, পৰিপূৰ্ণতা আৰু মহত্বক অনুসৰণ কৰাৰ ক্ষমতা। এই অনুসৰণে তেওঁলোকক বৌদ্ধিক বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ মাজলৈ লৈ যোৱাৰ সময়তো তেওঁলোকে দাৰ্শনিক নিশ্চয়তাৰ বিপৰীতে সৌন্দৰ্যৰ উচ্চতাৰ আদৰ্শক অনুসৰণ কৰাৰ পথটোকেই বাছি লয়।

কবিতাৰ প্ৰতি মানুহক ভয়মুক্ত কৰি কবিতাক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ প্ৰয়াসেৰে ডিব্ৰুগড়ৰ কবিতা অধ্যয়ন গোটে য়েট্ৰী উইডাউট ফীয়াৰ নামৰ আলোচনী এখন বৈদ্যুতিন মাধ্যমত প্ৰকাশ কৰাৰ যি উদ্যোগ লৈছে সি নিশ্চিতভাৱেই প্ৰশংসনীয়৷ ত্ৰৈমাসিক আলোচনীখন ২০২২ চনৰ পৰাই নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ কবিতাৰ আলোচনী এখন ছপাৰ মাধ্যমত প্ৰকাশ কৰি চলাই থাকিবলগীয়া হোৱাহেঁতন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন। বৈদ্যুতিন মাধ্যমে সম্পাদক আৰু প্ৰকাশকক এই প্ৰত্যাহ্বানৰ পৰা মুক্ত কৰি দিছে৷ কিন্তু সৰ্বসাধাৰণৰ মাজত এই বৈদ্যুতিন মাধ্যমৰ ব্যৱহাৰ সীমিত হোৱাৰ বাবে বৈদ্যুতিন আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰ সীমিত পৰিসৰৰ মাজতে আবদ্ধ হৈ থকাৰ সম্ভৱনাও নোহোৱা নহয়৷ আনহাতে আজিও আমাৰ বহু পাঠকক ছপা আখৰেহে বেছি আকৃষ্ট কৰে৷ সম্প্ৰতি জিলাই জিলাই অনুষ্ঠিত বৃহৎ গ্ৰন্থমেলাবোৰেই তাৰ প্ৰমাণ৷ গতিকে ইয়াৰ এটা খতিয়ান ল’ব পাৰিলে ভাল আছিল৷ এই ব্যৱস্থায়ো কবিতাক সীমিত পৰিসৰৰ মাজত একচেটিয়া কৰি তোলাৰ কামহে কৰিছে নেকি?

জোছফ এপষ্টেইনৰ পঞ্চম অভিযোগটো হ’ল, কাব্যলৈ ধাৰণা বা তত্ত্বৰ আমদানি আৰু কবিতাক সত্য প্ৰকাশৰ বাহন হিচাপে চোৱাৰ প্ৰৱণতায়ো কবিতাৰ ক্ষতি সাধন কৰিছে৷ কবিসকলৰ আৰু এটা প্ৰৱণতা হৈছে কাহিনীৰ প্ৰতি দুৰ্বলতা৷ প্ৰাচীন আৰু ধ্ৰুপদী কাব্যবোৰ মুখ্যতঃ কাহিনীপ্ৰধান৷ অৱশ্যে এই প্ৰৱণতাই কবিতাক ক্ষতি কৰিছে নেকি অথবা ই কবিতাৰ বাবে এক অপৰিহাৰ্য উপাদান নেকি, তাক সঠিকভাৱে নিৰ্ণয় কৰা কঠিন৷ আনহাতে দেখা গৈছে যে, কবিসকল গল্প কোৱাৰ প্ৰৱণতাৰপৰা একেবাৰেই হাৰ মনা নাই৷ ৰবাৰ্ট ফ্ৰষ্টৰ কিছুমান শ্ৰেষ্ঠ কবিতা হৈছে আখ্যান৷ আনকি এলিয়টৰ The Waste Land যদিও খণ্ডিত আৰু বিচ্ছিন্ন, ই এটা কাহিনীকে কয়৷ কবিতাৰ কাহিনী কোৱাৰ প্ৰৱণতা প্ৰভাৱিত হৈছে ইয়াৰ ঐতিহাসিক শিপাৰ পৰা৷ কবিতাৰ আৱেগিক আৰু বৌদ্ধিক দুয়োটা দিশ মানুহৰ ব্যক্তিগত বা সমষ্টিগত অভিজ্ঞতা আৰু ঘটনাপ্ৰৱাহৰ সৈতে সংযুক্ত৷ গতিকে কবিতাক বোধকৰো আখ্যানৰপৰা মুক্ত কৰিব পৰা নাযাব, কিন্তু আখ্যানৰ অতিমাত্রা পয়োভৰ কবিতাৰ পক্ষে ক্ষতিকৰ৷

বিশ্বৰ চলচ্চিত্রৰ ইতিহাসত সাহিত্য বা কবিতাক বিষয় হিচাপে লৈ ছবি নিৰ্মাণ কৰাৰ ঘটনা বিৰল৷ হলীউডৰ পিটাৰ ৱেইৰ (Peter Weir) নামৰ পৰিচালক এজনে সাহিত্যৰ ওপৰত নিৰ্মাণ কৰিছিল Dead Poets Society (১৯৮৯) নামৰ এখন চলচ্চিত্র৷ ছবিখনে তৎকালীন দৰ্শক সমাজত বিশেষ সমাদৰ লাভ কৰিছিল আৰু পৰিচালনা, অভিনয়, স্ক্রিপ্ট ৰাইটিঙৰ বাবে পুৰস্কাৰো লাভ কৰিছিল৷ ছবিখনত দেখুৱা হৈছে জন কিটিং নামৰ এজন ইংৰাজী শিক্ষকে অগতানুগতিক পদ্ধতিৰ জড়িয়তে পাঠদান কৰি ছাত্র-ছাত্ৰীসকলক কবিতাক আঁকোৱালি ল’বলৈ আহ্বান জনাইছে, লগতে স্বাধীনভাৱে চিন্তা কৰিবলৈ আৰু কৰ্তৃপক্ষৰ আনুষ্ঠানিক পৰম্পৰাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰিছে৷ আনহাতে তেওঁ ছাত্রসকলক এজন বুদ্ধিজীৱীৰ “Understanding of Poetry” নামৰ কিতাপখনৰ প্ৰস্তাৱনাৰ পৃষ্ঠাটো ফালি পেলাবলৈ প্ৰৰোচিত কৰিছে। ছবিখনৰ কাহিনীটোত ছাত্ৰ-ছাত্ৰীৰ এটা দল, বিশেষকৈ নীল, টড আৰু নক্সৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে— যিসকলে অভিভাৱকৰ ব্যক্তিগত আকাংক্ষা পূৰণৰ বাবে দিয়া হেঁচা আৰু সমাজ-সৃষ্ট চাপৰ সৈতে যুঁজিছে৷ ছবিখনৰ প্ৰাৰম্ভিক কাহিনীভাগত ক’তো ট্ৰেজিক ঘটনা ঘটা নাই, কিন্তু নীলে দেউতাকৰ ইচ্ছাক অৱজ্ঞা কৰাৰ পৰিণতিত সি যেতিয়া কৰুণ মৃত্যু সাবটি ল’বলগীয়া হয়, তেতিয়া ট্ৰেজেডীৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে কিটিঙক স্কুলৰপৰা বৰ্খাস্ত কৰা হয়, কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত তেওঁৰ প্ৰভাৱ বৰ্তি থাকে, বিশেষকৈ তেওঁ বিদ্যালয়খন এৰি যোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ প্ৰতি সন্মানৰ প্ৰতীকাত্মক ইংগিত হিচাবে ডে’স্কত থিয় হৈ কৰ্তৃপক্ষৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে৷

লগতে পঢ়ক: ৰমেন শইকীয়া : কাৰ বাবে কবিতা?

কেভিন ডেটমাৰ নামৰ এজন চলচ্চিত্র সমালোচকে The Atlantic নামৰ পত্রিকাত ছবিখনৰ বিষয়ে মন্তব্য কৰে যে, জনপ্ৰিয় ছবিখনৰ সাহিত্য অধ্যয়নৰ চিত্ৰণ বিভ্ৰান্তিকৰ আৰু গভীৰভাৱে প্ৰলোভনমূলক৷ তেওঁৰ মতে ছবিখনে ছাত্রসকলক “a kind of vague enthusiasm”-ৰ বাহিৰে অন্য একো দিয়া নাই। এইটোৱেই ছবিখনৰ ফান্দ (pitfall)। তেওঁৰ মতে ই আক্ষৰিকভাৱে সমৰ্থকবাদীৰ (fandom) সমতুল্য, তাতোতকৈ নিকৃষ্ট বিষয়টো হৈছে ছবিখনত প্ৰদৰ্শিত বৌদ্ধিক বিৰোধী স্থিতি৷ কিটিঙে বুদ্ধিজীৱীগৰাকীৰ কবিতা অধ্যয়ন পদ্ধতিটোক “কবিতা জোখা” পদ্ধতি বুলি উলাই কৰিছে৷ অৱশ্যে কবিতাৰ দৰে সৃষ্টিশীল কৰ্মত বুদ্ধিমত্তাৰ হস্তক্ষেপে কাব্যৰ মহিমাক নিষ্প্ৰভ কৰিব পাৰে৷ ওৱৰ্ডছৱৰ্থে কৈছিল, আমি আমাৰ “হস্তক্ষেপকাৰী বুদ্ধিমত্তা”ৰে সাহিত্যক নহয়, প্ৰকৃতিক হত্যা কৰোঁ৷ চলচ্চিত্র সমালোচকগৰাকীৰ মতে যদি ওৱৰ্ডছৱৰ্থ আৰু ৰোমাণ্টিক কবিসকলে কেতিয়াবা প্ৰকৃতিৰ সৈতে বৌদ্ধিক বিৰোধী (বা কেৱল অবৌদ্ধিক) সম্পৰ্কৰ পক্ষে যুক্তি আগবঢ়াইছে, তেন্তে তেওঁলোকে এইটো কেতিয়াও পঢ়াৰ তত্ত্ব হিচাপে আগবঢ়োৱা নাই—যিদৰে শিক্ষকগৰাকীয়ে ছবিখনত ধাৰাবাহিকভাৱে কৰি গৈছে৷ কিটিঙে ছাত্ৰসকলক “নিজৰ কণ্ঠ বিচাৰি উলিওৱা”ৰ কথা কৈছে যদিও তেওঁ আচলতে ছাত্ৰসকলক মৌলিক চিন্তাৰ সুযোগ কৰি দিয়া নাই৷ চলচ্চিত্র সমালোচকগৰাকীৰ মতে ডেড পয়েটছ চাইটি মানৱীয় বিজ্ঞানৰ শিক্ষা দিয়াৰ বিষয়ে এতিয়ালৈকে নিৰ্মিত আটাইতকৈ জনপ্ৰিয় ছবি হ’ব পাৰে, কিন্তু বহু ইংৰাজী অধ্যাপকে ছবিখনক অপছন্দ কৰে। সকলো প্ৰকাৰৰ বিশ্লেষণতে ভাৰসাম্য ৰক্ষা কৰাটো আৱশ্যক। “বিশ্লেষণৰ দ্বাৰা পক্ষাঘাত” (paralysis by analysis) বুলিও এষাৰ কথাৰ প্ৰচলন আছে।

লগতে পঢ়ক: ৰমেন শইকীয়া : কবি, কবিতা আৰু স্মৃতি

ছবিখনে মানৱীয় শিক্ষাবিজ্ঞানৰ সংকটক (Crisis in humanities) সমাজৰ গুৰুত্বপূৰ্ণ সমস্যা হিচাপে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে, কিন্তু কেভিন ডেটমাৰৰ মতে মানৱীয় শিক্ষাবিজ্ঞানৰ উপৰি শিক্ষাৰ অনেক বিভাগ আছে, যেনে বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনীয়াৰিং, গণিত, যাক STEM হিচাপে অভিহিত কৰা হয়, সেইবোৰৰো গুৰুত্ব কম নহয়৷ আনহাতে যি সময়ত সমাজৰ ইমানবোৰ মানুহ অৰ্থনৈতিক সংকটত ভুগি আছে, তেনে সময়ত সমাজে কেৱল মানৱবিজ্ঞানক কিয় সমৰ্থন কৰিব লাগে? ডেড পয়েটছ চাইটিৰ মানুহবোৰে মৃত কবিসকলৰ কবিতা পঢ়ে— শিক্ষকজনৰ ভাষাতেই যি কবিসকলৰ দেহ আজি ডেফ’ডিলছৰ সাৰ হৈ পৰিছে৷ এনে ধৰণৰ সাহিত্যৰ অধ্যয়নত নিয়োজিত হোৱাৰ অৰ্থ কি? এই মৃত কবি সমাজখন আৰু মানৱীয় জ্ঞানৰ সংবেদনশীল (sentimentalized) সংস্কৰণটো আমাৰ আৰ্হি হ’ব নোৱাৰে৷ আমাৰ বৰ্তমানৰ অচলাৱস্থাৰ পৰা ওলাই আহিবলৈ কৰা চেষ্টাত ছবিখনে কোনো সহায় নকৰে আৰু যিমানখিনিলৈকে ই অজ্ঞাতে মানৱীয় শিক্ষাবিজ্ঞানৰ বাবে থিয় দিছে ই সিমানখিনি প্ৰকৃততে ক্ষতিহে কৰিছে।

লগতে পঢ়ক: ৰমেন শইকীয়া : কাব্যিক মৰ্মৰ উপলব্ধি আৰু টেৰী ঈগলটনৰ গ্ৰন্থ ʼহাউ টু ৰীড এ পয়েমʼ

কবিতা-চৰ্চাৰ কেন্দ্ৰীয় স্থল আৰু কবিতাৰ পৃষ্ঠপোষক আছিল মধ্যবিত্ত সমাজ৷ আজি মধ্যবিত্ত সমাজৰ অধিকাংশ মানুহ আৰ্থিক সংকটত জুৰুলা৷ তেওঁলোকৰ গ্ৰীষ্ম, বৰ্ষা, শৰৎ, শীত, হেমন্ত, বসন্ত পাৰ হয় জীৱিকাৰ সন্ধানত৷ কবিতাৰ বাবে চিন্তা কৰিবলৈ বা কবিতাক আদৰিবলৈ এনে মানুহবোৰৰ কাৰ আহৰি থাকে? এই কাৰণতে তেওঁলোক কবিতাৰ কাষৰপৰা আঁতৰ হৈ গৈছে নেকি? নে বিপন্ন কালত কবিতা তেওঁলোকৰ কাষত নাই বাবে তেওঁলোকো কবিতাৰ কাষৰপৰা আঁতৰি গৈছে? আচলতে কবিতাক কোনে হত্যা কৰিছে? কবিতাক সঁচাকৈ হত্যা কৰা হৈছে নেকি? জোছেফ এপষ্টেইনৰ ৰচনাখন প্ৰকাশ হোৱাৰ প্ৰায় পঁচিশ বছৰ হ’ল৷ তেওঁৰ সমলোচকসকলৰ মতে কবিতাক কোনেও হত্যা কৰা নাছিল৷ এপষ্টেইনৰ দৰে মানুহবোৰে কোনোবা সপোনৰ দেশ আমেৰিকাৰ কথা শুনি ভাল পায় য’ত মানুহে পুৱা উঠি চৰাইবোৰে গান গোৱাৰ বাবে খিৰিকী খুলি দিছিল আৰু যেতিয়া তেওঁলোকে নিজৰ আত্মাক উন্নত হোৱা যেন অনুভৱ কৰিছিল তেতিয়া তেওঁলোকে অপেক্ষাৰত পৃথিৱীক আমেৰিকাৰ কবিতা আবৃত্তি কৰি শুনাইছিল৷ এপষ্টেইনৰ ৰচনাখনত  এই কথাটো স্পষ্ট হৈ পৰিছে যে, আধুনিক কবিতা তেওঁৰ খুব পছন্দৰ নহয়৷ নতুন-পুৰণি কবিতাৰ এই বিতৰ্কৰ বোধকৰো আচল কথাটো হ’ল নতুন অথবা পৰিৱৰ্তনক আদৰি ল’বলৈ মানুহৰ সময় লাগে৷ যিদৰে বিজ্ঞানৰ অভূতপূৰ্ব অগ্ৰগতিৰ পিছতো আজিও মানুহ সংস্কাৰমুক্ত হ’ব পৰা নাই, সেইদৰে কবিতাৰ বিষয়তো আধুনিকতাৰ বাবে মনটোক মানুহে উন্মুক্ত কৰি দিব পৰা নাই, কাৰণ পূৰ্বৰ কবিসকলৰ কবিতাৰ শিপা বিয়পি আছে কাব্য-প্ৰেমী মানুহৰ অন্তৰৰ অটল গভীৰলৈকে আৰু ইয়াৰ বিস্তৃতি অতি বিশাল৷

লগতে পঢ়ক: ৰমেন শইকীয়া : কাব্যিক সংবেদনশীলতা আৰু এন্টি-পয়েট্ৰি

উপসংহাৰ

কবি আৰু চিত্রশিল্পীসকলৰ মাজত প্ৰচলিত এক বিবাদ আছে৷ চিত্রশিল্পীসকলে কবিতাক শব্দৰ অপব্যয় বুলি ভাবে৷ এটা চীনৰ প্ৰবচন অনুযায়ী, “A picture is worth a thousand words.” লিওনাৰ্ডো দা ভিঞ্চিৰ মতে এজন চিত্ৰশিল্পীয়ে নিমিষতে যি আঁকিব পাৰে, এজন কবিয়ে সেই কথা শব্দৰে বৰ্ণনা কৰাৰ আগতে তেওঁক টোপনি আৰু ভোকে আগুৰি ধৰিব৷ ৰাছিয়ান লেখক আইভান টুৰ্গেনেভৰ মতেও, “কিতাপ এখনৰ পৃষ্ঠাত যি বিস্তৃতভাৱে থাকিব পাৰে, চিত্ৰখনে মোক এবাৰতে দেখুৱাই দিয়ে৷” নাপ’লেয় বোনাপাৰ্টেও কৈছিল “দীঘলীয়া ভাষণতকৈ ভাল স্কেচ বেছি মূল্যৱান৷”

কিন্তু কবিতাই তুলি ধৰা অন্তৰাত্মাৰ দাপোণখন ছবি এখনে দেখুৱাই দিব পাৰেনে?

লগতে পঢ়ক: ৰমেন শইকীয়া : কেইজনমান বিদেশী কবিৰ কবিতা আৰু টিউলিপৰ হত্যা ইত্যাদি