কবিতাৰ অনুবাদ আৰু পৰ্যায়বাচী অন্বেষণৰ সমস্যা

গোৱিন্দ প্ৰসাদ ভূঞা

বাল্মীকি ৰামায়ণৰ অযোধ্যাকাণ্ডত ৰামে বন গমন কৰাৰ পিছত ৰজা দশৰথ শোকত ম্ৰিয়মাণ হয় আৰু শেষত মূৰ্চ্ছিত হৈ পৰে। পিছত চেতনা পাই দশৰথে পৰম দুখৰ হুমুনিয়া এৰি সঘনাই উশাহ লোৱাৰ চিত্ৰ বাল্মীকিয়ে এনেদৰে অংকন কৰিছে:

মাধৱ কন্দলীয়ে উৎসপাঠৰ এই উপমাটোৰ উপাদান সংগ্ৰহ কৰি অসমীয়া লোক-জীৱনৰ সৈতে ৰজিতা খোৱাকৈ এনেদৰে প্ৰকাশ কৰিছে:

হাতীধৰা প্ৰথাৰ সৈতে সমগ্ৰ অসমৰ জনসাধাৰণ পৰিচিত নাছিল। কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল অসমৰ সকলো পাঠকৰ বাবে, সকলোৱে বুজিব পৰাকৈ (“সৰ্বজন বোধে”)। সেয়ে, কন্দলীয়ে উৎসপাঠৰ “দশৰথে নতুনকৈ ধৰি অনা হাতীটোৰ দৰে ফোঁ‌পাইছে” বুলি নকৈ “কমাৰৰ ভাটিৰ দৰে ফোঁ‌পাইছে” বুলি নিকটতম স্বাভাৱিক পৰ্যায়বাচীৰ ব্যৱহাৰ কৰিছে। ফলত অনুবাদ ফলপ্ৰসূ হৈ পৰিছে।

আধুনিক ভাষাবিজ্ঞানে লক্ষ্যপাঠকৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্ব সমৰ্থন কৰিছে। ই এ নাইডাই আক্ষৰিক (literal), মুক্ত (free) আৰু বিশ্বাসযোগ্য অনুবাদ —এনেধৰণৰ পুৰণি শব্দগুচ্ছ আঁ‌তৰাই ইয়াৰ ঠাইত  ৰূপতত্ত্বমূলক (formal) আৰু গতিশীল (dynamic) —এই দুই বুনিয়াদী সমতুল্যতাৰ কথা উল্লেখ কৰিছে। ৰূপতত্ত্বমূলক সমতুল্যতাই অনুবাদত অনুবাদকৰ ধাৰণা আৰু চিন্তাৰ সংযোগ নকৰাকৈ উৎসপাঠৰ সৈতে যথাসম্ভৱ নিকট সম্পৰ্ক ৰাখিব বিচাৰে। গতিশীল সমতুল্যতা হৈছে অনুবাদৰ এনে এক পদ্ধতি, য’ত  ৰূপতত্ত্বমূলক সমতুল্যতাৰ দৰে আক্ষৰিক অনুবাদৰ পৰিৱৰ্তে উৎসপাঠৰ ভাবানুবাদ কৰা হয় । ওপৰত উদ্ধৃত কৰা “ঠাঠাৰিৰ ভাটি” গতিশীল সমতুল্যতাৰ উদাহৰণ।

গতিশীল সমতুল্যতাৰ ক্ষেত্ৰত উৎসপাঠৰ সাইলাখ শব্দ, শব্দগুচ্ছ, বাক্য বা বাক্যাংশ ব্যৱহাৰ কৰাটো বাধ্যতামূলক নহয়, উৎসপাঠৰ প্ৰতিটো শব্দ, শব্দগুচ্ছ, বাক্য বা বাক্যাংশৰ ভাব লক্ষ্যপাঠত একে অৰ্থ বহন কৰা বাক্যলৈ ৰূপান্তৰ কৰাত মনোযোগ দিয়া হয়। গতিশীল সমতুল্যতাৰ জৰিয়তে আক্ষৰিক অনুবাদৰ সময়ত বিভ্ৰান্তিকৰ হ’ব পৰা নিৰ্মাণসমূহৰ পুনৰ বাক্যাংশ গঠন কৰি পঠনযোগ্যতা উন্নত কৰি তুলিব পৰা যায়।  

লক্ষ্যভাষাৰ পাঠত উৎস ভাষা-পৰম্পৰাৰ ৰীতি-নীতি (customs), চিন্তাৰ ধৰণ আৰু প্ৰকাশৰ উপায় যিমান পাৰি বুজিব পৰাকৈ ৰূপতত্ত্বমূলক সমতুল্যতা ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত বিষয়বস্তু যিমান পাৰি নিষ্ঠাৰে, বিশ্বাসযোগ্যতাৰে পুনৰুৎপাদন কৰা হয়। উদাহণস্বৰূপে ভাঙনি কোঁ‌ৱৰ আনন্দচন্দ্ৰ আগৰৱালাৰ সকলোৱে পঢ়ি ভালপোৱা, সকলোকে প্ৰেৰণা যোগাব পৰা হেনৰী ৱৰ্ডজৱৰ্থ লংফেল’ৰ ‘The Psalm of Life’ কবিতাৰ সুখপাঠ্য অসমীয়া ৰূপান্তৰ ‘জীৱন সংগীত’ৰ শেষৰটো স্তৱক:

উৎসপাঠৰ স্তৱকটি:

এই ধাৰণাৰ বিপৰীতে গতিশীল সমতুল্যতাই উৎসভাষাৰ প্ৰেক্ষাপটত সাংস্কৃতিক আৰ্হিবোৰ বুজি পাব লাগিবই বুলি জোৰ নিদিয়াকৈয়ে গ্ৰহীতাৰ নিজা সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত প্ৰাসংগিক আচৰণৰ ধাৰণাসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰে।

লগতে পঢ়ক: নীৰাজনা মহন্ত বেজবৰাৰ ‘অনুবাদভীতি (কবিতাৰ পৰিপ্রেক্ষাত)’

নাইডাৰ মতে, উৎসভাষা প্ৰসংগৰ সাংস্কৃতিক আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰি সমস্যাসমূহৰ পৰিসৰ ভিন্ন ধৰণৰ হ’ব পাৰে। নাইডাই বাইবেলৰ অনুবাদৰ পৰা এটা উদাহৰণ দিছে। বাইবেলৰ “Lamb of God” বাক্যাংশ এক্সিম’সকলৰ বাবে “Seal of God” হিচাপে প্ৰস্তুত কৰিব পৰা যায়, কাৰণ, এক্সিম’সকলৰ সংস্কৃতিত ভেড়াক নিৰীহতাৰ প্ৰতীক হিচাপে ধৰা নহয়। গতিকে দেখা গ’ল, ৰূপতত্ত্বমূলক সমতুল্যতাৰ ব্যৱহাৰে পৃথক সংস্কৃতিত আকাংক্ষিত অৰ্থ সম্প্ৰেৰণ কৰাত ব্যৰ্থ হ’লে গতিশীল সমতুল্যতাৰ আশ্ৰয় লোৱা হয়। ভুপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে/হাহাকাৰ শুনি নিঃশব্দে নীৰৱে/বুঢ়ালুইত তুমি বোৱা কিয়”—এই গীতটো বাংলা ভাষাত গাওঁ‌তে “বুঢ়ালুইত”ৰ পৰিৱৰ্তে “গংগা” বুলি কোৱা হৈছে। “বুঢ়ালুইত” বুলি কওঁ‌তে অসমীয়াৰ মনত যি অন্তৰ্লীণ আৱেগ উথলি উঠে, সেয়া বাংলা বা অন্যান্য ভাষা-ভাষীৰ ক্ষেত্ৰত সম্ভৱ নহয়। গতিশীল পৰ্যায়বাচীৰ ই অন্য এক ভাল উদাহৰণ। যতীন্দ্ৰনাথ দুৱৰাই কৰা টেনিছন, শ্যেলী আদিৰ ইংৰাজী কবিতাৰ অনুবাদবোৰত ৰূপতত্ত্বমূলক আৰু গতিশীল দুয়োবিধ সমতুল্যতাৰ ব্যৱহাৰেৰে উপাদেয় হৈ পৰিছে। টেনিছনৰ “Crossing The Bar”ৰ এটি পংক্তি : “Twilight, and evening bell/And after that the dark,/ Let there be no sadness if farewell/When I embark”ৰ দুৱৰাৰ ভাবানুবাদত মৰ্মদাহী নিবেদন ৰূপে প্ৰকাশিত হৈছে এনেদৰে:

ৰূপতত্ত্বমূলক সমতুল্যতাক প্ৰাধান্য দিয়া অনুবাদ-চিন্তকসকলে আক্ষৰিক অনুবাদ উৎসপাঠৰ ওচৰচপা বুলি বিশ্বাস কৰে আৰু সেয়েহে এনে সমতুল্যতা উৎকৃষ্ট বুলি তেওঁ‌বিলাকে মত প্ৰকাশ কৰে। গতিশীল সমতুল্যতাৰ সমস্যাটো হ’ল ইতিমধ্যে পাঠকে গ্ৰহণ কৰা বেছিভাগ সিদ্ধান্তৰ সৈতে তেওঁ‌বিলাক পাঠটোৰ সন্মুখীন হয়। জন ড্ৰাইডেনে (১৬৩১-১৭০০) “The Life of Lucian”ৰ পাতনিত উল্লেখ কৰিছে যে, অনুবাদকে পৰিপূৰ্ণভাৱে মূল পাঠৰ তাৎপৰ্য হৃদয়ংগম কৰি লোৱা উচিত, মূল পাঠৰ বৈশিষ্ট্য আৰু উপস্থাপন পদ্ধতিৰ ধৰণৰ বিষয়েও জানি লোৱা উচিত। ফলত তেওঁ‌ৰ অনূদিত পাঠটো মূলৰ দৰেই হ’ব; কিন্তু আখৰে আখৰে মূলৰ অনুসৰণ কৰা অনুবাদ বিৰক্তিদায়ক হয় আৰু মূল পাঠৰ মৰ্মাৰ্থও ব্যাহত হয়। গতিকে, অনুবাদৰ বেলিকা কোনধৰণৰ পৰ্যায়বাচী ব্যৱহাৰ কৰিব দক্ষ অনুবাদকে ওপৰৰ আটাইবোৰ কথালৈ চকু ৰাখি সেয়া নিৰ্ণয় কৰি লয়।

জাৰ্মানীৰ ভাষাতাত্ত্বিক আৰু অনুবাদ চিন্তক কেথেৰিণা ৰেইছ(১৯২৩-২০১৮)এ অনুবাদৰ সময়ত অনুবাদকে উৎসপাঠ আৰু লক্ষ্যপাঠৰ মাজত ব্যাৱহাৰিক ভাৰসাম্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে ‘সাংস্কৃতিক পৰিশোধক’ (cultural filter) প্ৰয়োগ কৰাৰ বিষয়ে কৈছে। ভাষা-সাহিত্য-সংস্কৃতি, জ্ঞান-বিচাৰ, ধ্যান-ধাৰণা, মন-মানসিকতা, ৰুচি, প্ৰকৃতি-পৰম্পৰা আদি উৎসপাঠৰ পাঠক নাইবা শ্ৰোতাৰ ব্যাৱহাৰিক পৃষ্ঠভূমি বিবেচনালৈ আনি অনুবাদকে এনে সাংস্কৃতিক পৰিশোধক ব্যৱহাৰ কৰে। এনে সাংস্কৃতিক পৰিশোধক ব্যৱহাৰ কৰিলে অনুবাদ উপাদেয় হৈ পৰে। “ঠাঠাৰিৰ ভাটি” এনে সাংস্কৃতিক পৰিশোধকৰো সুন্দৰ উদাহৰণ।

লগতে পঢ়ক: বিবেকানন্দ চৌধুৰীৰ ‘অনুবাদ আৰু অনুবাদকৰ অনুভৱ’

অনুবাদ-তত্ত্বলৈ গ্ৰহীতা-ভিত্তিক অভিমুখিতা প্ৰৱৰ্তন কৰাত নাইডাৰ ৰূপতত্ত্বমূলক আৰু গতিশীল সমতুল্যতাৰ ধাৰণা অত্যন্ত গুৰুত্বপূৰ্ণ।

গোৱিন্দ প্ৰসাদ ভূঞা এগৰাকী লেখক আৰু অনুবাদক৷ তেওঁ বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। লেখকৰ ইমেইল: gpbn2023@gmail.com৷