ড০ গৰিমা কলিতা
কবিতাৰ বিষয়ে এটি লেখা প্ৰস্তুত কৰাৰ আগতে সি যিকোনো দিশৰপৰাই নহওক, এটা সাধাৰণ প্ৰবৃত্তিয়ে প্ৰায়েই কাম কৰে যেন লাগে আৰু সেয়া হৈছে লেখকৰ কবিতাৰ প্ৰতি থকা মোহ আৰু আ্কৰ্ষণৰ বাবে কবিতাৰ সাধাৰণ প্ৰকৃতিৰ বিষয়ে যেন কিবা এষাৰ কৈ ল’বই লাগিব। ই মোৰ মতে আচলতে কবিতাৰ ভাব আৰু ভাষাৰ প্ৰতি থকা একপ্ৰকাৰ আত্মিক সংযোগ।
লগতে পঢ়ক : কবিতা পঢ়াৰ আনন্দ বনাম তাত্ত্বিক ব্যাখ্যা — ড০ পৰী হিলৈদাৰী
সামাজিক, ৰাজনৈতিক বা ব্যক্তিগত যিধৰণৰ কবিতাই নহওক কিয়—ভাষা আৰু ভাবৰ মূৰ্ততা একপ্ৰকাৰৰ নৈৰ্ব্যক্তিকতাত লীন হ’বই লাগিব। তেতিয়াহে এটা ভাল কবিতাৰ জন্ম হয়। উইলিয়াম কাৰ্লোছ উইিলয়ামছ নামৰ আমেৰিকান কবিজনে কবিতা লিখিছিল তেওঁৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত, বিশেষকৈ জড় বা জীৱহীন সামগ্ৰীসমূহে এক অনন্য মাত্ৰা লাভ কৰিছিল তেওঁৰ কবিতাত। তেওঁৰ কবিতাত থকা animate আৰু inanimateৰ মাজৰ পাৰ্থক্য এক সজীৱ আত্মসচেতনতাৰে বাংময় হৈ উঠে আৰু জড়জগতৰ লগত থকা জীৱন বা আমাৰ আত্মীয়তাই যেন প্ৰতিৰূপ ধাৰণ কৰে।
তেওঁৰ ‘The Red Wheelbarrow’ নামৰ কবিতাটো মন কৰক—
‘’So much depends upon A red wheelbarrow Glazed with rainwater Beside the white Chickens’’
শস্য বা বাগানৰ সামগ্ৰী কঢ়িওৱা ৰঙা চকা লগোৱা গাড়ীখনে কৰা এই চিত্ৰৰ ব্যঞ্জনা অনেক। এই চিত্ৰই এথোপা বা একেলগে সংযুথিত অন্য কেইটামান ব্যঞ্জনাৰো সৃষ্টি কৰে। খেতিপথাৰ, শ্ৰমজীৱী লোকৰ জীৱনশৈলী, অভিজ্ঞতা আৰু দৰ্শন সকলোবোৰ এই চিত্ৰকল্পধৰ্মী কবিতাত পৰিস্ফুট হৈ আছে।
লগতে পঢ়ক : কাৰ বাবে কবিতা? — ৰমেন শইকীয়া
ব্যক্তিগত অনুভূতি আৰু সমাজ সচেতনতা —এই দুই পৰ্যায়ত পাঠকৰ মনে কাম কৰে। তাৰমানে ব্যক্তিগত আৰু নৈৰ্ব্যক্তিক তথা সামাজিক পৰিৱেশ চেতনাৰে কবিৰ পাঠ সংপৃক্ত হৈ থাকে, সেয়ে তাক ৰসাস্বাদন কৰিবলৈ পাঠকৰ অনুসন্ধিৎসুৱে দুখন জগতত বিচৰণ কৰি ফুৰিব লাগিব আৰু এই দুই জগতৰ মাজত কবিয়ে কেনেদৰে সম্বন্ধ স্থাপন কৰিছে সিও পাঠকৰ বাবে লক্ষ্যণীয় বিষয় হ’ব।
এই সন্দৰ্ভত প্ৰথমেই মনলৈ অহা নাম হৈছে প্ৰয়াত কবি হীৰেন ভট্টাচাৰ্য আৰু তেওঁৰ কবিতাৰ আন্দোলিত ভাবোচ্ছ্বাসৰ লগত থকা পৰিশীলিত ভাষাৰ বৈভৱ। কবি হীৰেন ভট্টাচাৰ্যই তেওঁৰ জীৱনৰ পৰম প্ৰাপ্তি কবিতাতেই বুলি অনভৱ কৰিছে আৰু এটা বৰ আচৰিত, মৰ্মস্পৰ্শী চিত্ৰকল্প প্ৰয়োগ কৰিছে, এক অতিকায় পুৰুষৰ—
‘’মোৰ পিঠিত হাত থৈ এটা প্ৰকাণ্ড মানুহ কবিতা পুৰুষ; মই তাৰ ছাঁৰ কাষে কাষে সোঁৱৰণীৰ লেচেৰি বুটলৈ গৈ আছোঁ ... ... ... মুক্ত স্বপ্নৰ আগত পোহৰৰ অগা-ডেৱা, মই নেজানো কবিতা কি? মোৰ ভয়ংকৰ যাত্ৰাৰ সংগী আৰু কোন—‘’
এই কবিতা অতিপুৰুষৰ অতিকায় অৱয়বৰ সিপাৰে যেন লুকাই আছে অস্কাৰ ওৱাইল্ডে বৰ্ণনা কৰা মৰমিয়াল দৈত্যটো— কবিৰ লগত তেওঁৰ অদ্ভূত মায়াময় সম্পৰ্কৰ মাজতেই তেওঁৰ কবিতা বৰ্তি আছে, য’ত জীৱনৰ আহ লুকুৱাই লৈ ফুৰিছে। কবি অকলশৰীয়া হৈয়ো অকলশৰীয়া নহয়— দুৰ্বল হ’লেও দুৰ্বল নহয়। তেওঁৰ হাতত থকা যাদুদণ্ডৰ মাজতে আছে পৃথিৱীৰ প্ৰাণ।
কবিৰ সামাজিক দায়িত্ব আৰু কবিতাত সামাজিক সত্তাৰ মাজত স্বতঃস্ফূৰ্ত সম্পৰ্ক তৈয়াৰ হয় কেতিয়াবা মুহূৰ্ততে, যেতিয়া সেই মুহূৰ্তই বহন কৰে ইতিহাসৰ বোজা— আৰু তীব্ৰ সংবেদনশীল কবিয়ে তাত এক illuminating মুহূৰ্তৰ ৰূপ দেখা পায় (সি এক জ্বলন্ত বোধোদয়ৰ ক্ষণ)। সাধাৰণ মানুহৰ জীৱনবোধ আৰু বেদনাই তাক চমৎকাৰিতা প্ৰদান কৰে, যাৰ মানৱীয় পৰ্যায়ৰপৰা উত্তৰণ ঘটি এক নিৰ্বিকাৰ, নিৰ্মোহ স্তৰৰ প্ৰতিফলন হয়গৈ। কলা আৰু জীৱনৰ এক সন্মিলিত পৰ্যায়ত কবিতা উপনীত হয়।
হীৰেন ভট্টাচৰ্যৰ ’কবিতা যেতিয়া’ কবিতাত এনে এক সামাজিক সত্তাৰ আটকধুনীয়া প্ৰকাশ আছে—
‘’যেতিয়া উজ্জ্বল হয় সাধাৰণ মানুহ, সিহঁতৰ আলোকধন্য হাতে স্পৰ্শ কৰিব পাৰে অসামান্য আকাশ, তেনে এটা মহাৰ্ঘ্য দিনৰ প্ৰহৰী কবিতা, ইতিহাস যাৰ জনক, কবি য’ত অনিবাৰ্য সময়ৰ মন্ত্ৰমুগ্ধ লিপিকাৰ’’
তেনে সময়তেই কবিয়ে ব্যক্তিগত হতাশাৰ অথাই সমুদ্ৰৰ পৰা তট পোৱা নাৱিকৰ দৰে অন্য এক জগতত প্ৰৱেশ কৰে— এক ঐতিহাসিক মুহূৰ্তৰ তেওঁ সহযোগী হয় আৰু ধাৰাভাষ্যকাৰ ৰূপে, অজৰ-অমৰ এক খনিকৰৰ ৰূপ পৰিগ্ৰহ কৰে। দেশ, মানুহ আৰু মাটিৰ প্ৰতি কবিৰ অসীম ভালপোৱা। এই আত্মীয়তা আৰু প্ৰীতি কবিয়ে অৰ্জন কৰিছে জন্মাৱধি। মাটিৰ সৈতে থকা এই মিতিৰালি তৰল নহয়, ই গভীৰ শংখধ্বনিৰ দৰে ধাৰ্মিক তাৎপৰ্য বহন কৰিছে। সেয়ে মাটিৰ ভালপোৱাত নতজানু কবিয়ে প্ৰদক্ষিণ কৰে মানুহ-মাটি—
‘’মূৰ দোঁৱাই ছুই আহ মানুহ-মাটি স্পৰ্শ কৰ প্ৰতিজন সৎ কবিৰ কবিতা, অকুতোভয় ভালপোৱা— গ্ৰহণ কৰ মানুহ সম্পৰ্কীয় সুগভীৰ পাঠ, মাতৃভাষাৰ তেজাল আখৰ পৰিণত ভালপোৱাৰ গানেৰে ভৰাই দে শব্দ প্ৰতিমাৰ ঘৰ প্ৰদক্ষিণ কৰ মাটি-মানুহ’’
কবিয়ে কবিতা মুহূৰ্তৰ উচ্ছ্বাসত নিলিখে— বিষয়/ভাবে যেতিয়া একপ্ৰকাৰ দীঘলীয়াকৈ ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে কবিৰ মনত শব্দ আৰু বাক্যই অগা-ডেৱা আৰম্ভ কৰে আৰু একো একোটা শব্দকল্পৰ জন্ম হয়। কবিতা ৰচনা নে নিৰ্মাণ এই বিষয়ৰ বহল ব্যাখ্যাৰ প্ৰয়োজন নাই। কবিসকলে কবি-জীৱনৰ দীঘলীয়া কাব্য পৰিক্ৰমাৰ অন্তত একে ধৰণৰ কথাকেই কৈছে। হীৰেন ভট্টাচাৰ্যই তেওঁৰ অসম উপত্যকা সাহিত্য বঁটা গ্ৰহণ কৰি দিয়া ভাষণত প্ৰসংগক্ৰমে কৈছিল, ‘’কবিতা স্বতঃস্ফূৰ্ত নহয়। কবিতা নিৰ্মাণ কৰিব লাগে। এই নিৰ্মাণৰ আঁৰত হয়তো আছে একধৰণৰ সংৰচিত স্বতঃস্ফূৰ্ততা (cultivated spontaneity)।’’ (পৃ. ৮৯০, হীৰেন ভট্টাচাৰ্য ৰচনাৱলী)
নীলমণি ফুকনৰ বক্তব্য এই বিষয়ত কিন্তু স্বতন্ত্ৰ। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে হোৱা কথোপকথনত তেওঁ কবিতাত সাৰ ভাব নাই বুলিয়েই কৈছে— কিন্তু তাৰ লগতে নিৰ্মাণ আৰু revision (নতুনকৈ নিৰ্মাণ বুলিও ক’ব পাৰি) সম্পৰ্কতো কিছু মতামত আগবঢ়াইছে। কবিতা সৃষ্টিৰ কথাটো তেওঁৰ মতে— ‘’ভালেখিনি সচেতন প্ৰয়াস বুলি ক’ব পাৰে। প্ৰস্তুতি যিমানেই নহওক, প্ৰতীক্ষাৰ, অনিশ্চয়তাৰ যন্ত্ৰণাৰ পৰা কবিৰ মুক্তি নাই। যিহেতু কবিতা লিখিবলৈ তন্ময় মুহূৰ্ত এটা অৰ্থাৎ সৃষ্টিশীল মুহূৰ্ত এটা লাগে।‘’ পিছে একেজন কবিয়েই কবিতাৰ revision সম্পৰ্কত কৈছে যে ‘’মোৰ প্ৰায় প্ৰতিটো কবিতাই মই বহুবাৰ পৰিমাৰ্জন কৰিছোঁ। দুশৰীয়া কবিতা এটা কিমান বাৰ যে পৰিমাৰ্জনা কৰিছিলোঁ তাৰ লেখ-জোখ নাই। প্ৰথম খচৰাত কবিতাটোৰ বত্ৰিছটা শাৰী আছিল, শেহত গৈ ৰাখিলোঁগৈ মাত্ৰ দুটা শাৰী।
হৰিৎ প্ৰান্তৰত বাজি উঠিল এটা ঘণ্টা জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা’’
তেওঁ অন্য এক কথোপকথনত হৰেকৃষ্ণ ডেকাক কৈছে, ‘’কবিতা সৃষ্টি আৰু নিৰ্মাণো। নিৰ্মাণ সৃষ্টি প্ৰক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়। কোনো কোনো কবিৰ হাতত, সৃষ্টিশীলতাতকৈ নিৰ্মাণে অধিক গুৰুত্ব পোৱা দেখা যায়। সৃষ্টিশীলতাতকৈ নিৰ্মাণ কৌশল বেছি গুৰুত্বপূৰ্ণ হ’লে কবিতাটো দুৰ্বোধ্য হ’ব পাৰে বুলি মই নেভাবোঁ।’’ (পৃ. ৬৩৮, নীলমণি ফুকন ৰচনাৱলী)
নৃত্যৰতা পৃথিৱী কবিতা-সংকলনৰ প্ৰায় আটাইবোৰ কবিতাই সংকটকালৰ কবিতা— মানুহৰ দুখ আৰু শোকৰ কবিতা। এটা কবিতাৰ মাজেৰেই যেন কবিৰ তাপিত হৃদয় মানুহৰ বাবে উছৰ্গিত হৈছে। ৩ নং নে ৬ নং কবিতাত আছে—
‘’বাটৰ কাষতে পেলাই থৈ যায় উৱলি যোৱা শটো—‘’
পিছৰ দুশাৰী যেন ধ্যানভঙ্গ হোৱা কবিৰ অন্তৰাত্মাৰপৰা নিগৰি ওলোৱা ক্ষোভ—
‘’জীয়া মৰাৰ তফাৎ কি ইয়াত জীয়া মানুহৰো গাৰ পচে মঙহ’’
এইবাৰ ফুকনৰ শান্ত সমাহিত কবিসত্তাই তাৰ কবিতাৰ অভূতপূৰ্ব ৰূপকত (যি অসমীয়া সাহিত্যত একক আৰু অনন্য) পৰিণত কৰিছে। এই ৰূপক তীৰ্যক, অসমীয়া জনজীৱনৰ সৈতে সাঙোৰ খাই থকা লোকবিশ্বাস আৰু লোকগাথাৰ সৈতে সানমিহলি হৈ গৈছে। এই সংকটকালৰ বাবে ই শিহৰিত আত্মাৰ প্ৰতিনিধি যেন।
‘’জোনৰ দৰে চেঁচা মুখৰ ৰাতিটোৱে কাৰ পানীপতাত কৰকৰকৈ চোবায় হাড়’’
কবিতাৰ আস্বাদন এনে তীব্ৰ আৰু তিক্তমধুৰ যে ই একক অনন্য স্বাদ প্ৰদান কৰে। কবিতাত যেন পোৱা যায় সেই চিনাকি অথচ অচিনাকি জগতৰ খবৰ। ফ্ৰান্সৰ প্ৰতীকবাদী কবি আৰু লেখক Albert Samain-এ কোৱাৰ দৰে– ‘’Fruit of death upon the Tree of life’’। এনেধৰণৰ যোগাত্মাক আৰু ঋণাত্মাক—দুয়োটাৰে দ্বন্দ্বাত্মক সহাৱস্থান সকলো প্ৰতীকবাদী কবিৰ দৰে আমাৰ নীলমণি ফুকনৰ কবিতাৰ শাৰীতো আছে। প্ৰতীক ব্যঞ্জনাৰ বস্তু— ইয়াক কেৱল বৰ্ণনাৰে জীৱিত কৰা নাযায়। তেওঁৰ পাতি সোণাৰুৰ ফুল নামৰ অনিন্দ্যসুন্দৰ ৰচনাখনি পঢ়িলে বৰষুণে ধোৱা ঘাঁহনিত খোজকঢ়াৰ ব্যঞ্জনা যেন কুঁৱলীৰ মাজেৰে উটি-ভাহি আহে। ইয়াৰ চমৎকাৰ গদ্যশৈলীয়ে একো একোটা কবিতাৰ ভাবতকৈয়ো গভীৰভাবে ক্ৰিয়া কৰে। তেওঁৰ জন্ম, ল’ৰালিকাল, গাঁৱৰ চাৰিওফালৰ নৈসৰ্গ যি ভাষাত বৰ্ণনা কৰিছে, নপঢ়িলে তাৰ আস্বাদ আৰু ব্যঞ্জনা অনুভৱ কৰিব নোৱাৰি।
‘’ফুলি থকা এজাৰ গছবোৰ ৰাতি সপোনাত পছিমলৈ গৈ থকা দেখোঁ। আচম্বিতে অহা এজাক বৰষুণত তিতি এচপৰা মেঘৰ সৈতে মনটো ক’ৰবালৈ ভাহি যায়।’’ (কথোপকথন ২ — হীৰেন গোঁহাইৰ সৈতে)
বোধকৰো তেওঁ ক’ব খুজিছে নিসৰ্গই তেওঁৰ ওপৰত কৰা প্ৰতিক্ৰিয়াৰ কথা— যি সুৰ আৰু কবিতা হৈ অচেতনত বাহ লয়।
‘’আন্ধাৰে ছাটি ধৰে গোটেইটো মানুহ, কেৱল মনৰ মাজত জিলমিলাই থাকে কণকণ কেইটামান জোনাকীপৰুৱা।’’
কবিতাৰ শাহ আৰু ভাবৰ বোজা বৈ ফুৰা শৈশৱৰ সেই উৎসুক, উৎকৰ্ণ ল’ৰাটো আজিও পৈণত কবিৰ কবিতাত ভুমুকি মাৰে। অপূৰ্ব কথাশৈলীৰে তেওঁ এক আত্মকথনমূলক কবিতাৰ দৰেই সেই সময় আৰু সেই শৈশৱ ধৰি ৰাখিছে। মোৰ বোধেৰে ফুকনৰ অনুৰাগী প্ৰত্যেকজন পাঠকেই এই আত্মকথাসম্বলিত ৰচনাসমূহ আৰু ড০ হীৰেন গোহাঁইৰ সৈতে হোৱা কথোপকথন অন্য এক দৃষ্টিভংগীৰে পাঠ কৰা দৰকাৰ।
অন্য এখন অনন্যসুন্দৰ ৰচনা আছে– ’বাৰিষাৰ সেই অলৌকিক দুপৰীয়াটো’। বয়ঃসন্ধি আৰু প্ৰথম যৌৱনৰ অনুভৱৰ বোধকৰো ই এক অনন্য চিত্ৰকল্প।
‘’আৰু হালধীয়াত পমি পমি সোণপৰুৱা এটা হৈ পাত খাবলৈ লতা এডালত পৰিলোঁ। পাত খাব খুজিও খাব নোৱাৰিলোঁ।’’
আন এজন আধুনিক অসমীয়া কবিৰ কবিতাৰ প্ৰতি থকা ধাৰণা আৰু শব্দ ভাবৰ অনুষংগতে প্ৰোথিত শব্দকল্পৰ কথা ক’ব খুজিছোঁ। তেওঁ হৈছে ইউৰোপীয় আধুনিকতাৰ সম্পূৰ্ণ অসমীয়া প্ৰতিনিধি কবি অজিৎ বৰুৱা। তেওঁৰ কবিতাৰ উৎস বহু ক্ষেত্ৰত আধুনিক ইউৰোপীয় কবিসকল হয়তো— এলিয়ট, পাউণ্ড বা হিউমৰ কবিতাৰ তত্ত্ব তেওঁ অসমীয়া শব্দ ভাষাৰে একেবাৰে থলুৱা কৰি পেলাইছে। বডলেয়াৰৰ একান্ত অনুৰাগী হিচাপে কবি বৰুৱাই নৈসৰ্গৰ লগতে সমাজ আৰু মানুহৰ নিৰলস সম্বন্ধৰ কথা সোঁৱৰাই থাকে। দেশ আৰু বিদেশ এই বিপৰীতাৰ্থক দ্বন্দ্বাত্মক ভাবক তেওঁ কিছুমান অতি চিত্তাকৰ্ষক ৰূপকেৰে ফুটাই তুলিছে। আত্মসচেতনতা সকলো কবিৰে প্ৰিয় বিষয়, পিছে কবি অজিৎ বৰুৱাৰ সচেতনতা cogitoৰ সমপৰ্যায়ৰ হয়নে নহয় তাকো বিচাৰ কৰা দৰকাৰ।
‘’আন্ধাৰ হোৱাৰ অলপ আগেয়ে আমি সোৱণশিৰিত পৰিলোঁ। আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালোঁ ... ... ... নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি! বাঘৰ গোজৰ ম’হৰ ঘণ্টা জলকুঁৱৰীৰ গীত একেলগে বাজে বেসুৰা সুৰীয়াকৈ!!’’ (’জেংৰাই ১৯৬৩’)
মই যি বৈপৰীত্যত আশ্বৰ্যসুন্দৰ সঙ্গমৰ কথা ক’ব খুজিছিলোঁ, সি বোধকৰোঁ অজিৎ বৰুৱাৰ অন্য এটি সাৰ্থক কবিতা ’চেনৰ পাৰত’ত প্ৰকাশ হৈছে।
‘’মই অসমক ভাল পালোঁ গোঁৱাৰৰ দৰে বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ। সেয়ে চেনৰ পাৰত মনোৰম বসন্তত মই বহি আছোঁ ব’হাগৰ ভৰ দুপৰীয়া মাজপথাৰৰ নিথৰুৱা এক শাওঁৰা গছৰ তলত আজাৰা গাঁৱত। ... ... ... দেখি আছোঁ ফৰকাটিং জংচনত এখন ৰাতিৰ ৰেল অনন্ত কালৰ বাবে স্থিৰ।’’
তেওঁ বৰ বেছি কবিতা লিখা নাই। সম্পাদক কুশল দত্তৰ মতে, ‘’সেই মন মোৰ নাথাকে ইয়াত, ’তাজমহল’ৰ পৰা আৰম্ভ কৰি শেহতীয়া ’নিবনুৱা পুৱাৰামে’ বা ’পুৱাৰ খিৰিকী’লৈ ৯৩টা কবিতা, ১২টা গীত, একমাত্ৰ উপন্যাস–’’ তেওঁ ৰচনা কৰিছে। এই ক্ষেত্ৰত তেওঁৰ জড়তাৰ পিছপিনে আছে সুতীব্ৰ আত্মসমালোচনা। সকলোখিনি কৈয়ো, সকলোখিনি অনুভৱ কৰি হ’লেও তেওঁ কয় ‘’শব্দৰ ব্যৱহাৰেই সকলো।’’ (পৃ. ৪৪, অজিৎ বৰুৱা কবিতা সমগ্ৰ)
‘’পুৱা ৰাতিৰ আন্ধাৰত বাট হেৰুৱাই বহি পৰিছিলোঁ ওপৰত এজোপা যেন আন্ধাৰ গছ, ক’লা গছ পাটৰ ছাতি-গছ-যেন। ... ... ... মোৰ চকুটো কাটি দূৰত হাতেৰে ধৰি থাকিলোঁ তাতে এটা সজোৱা ঘোঁৰা ঘূৰা দেখিবলৈ পালোঁ’’ (‘এজোপা জাকাৰান্দা’, পৃ.৯৫)
কবিতা এনে এক আকৰ্ষণৰ বস্তু যে তাৰ বিষয়ে কৈ থাকিলে নতুন নতুন ভাব আৰু প্ৰতীতি ওলায়েই থাকে। কবিতা পঠনৰ প্ৰত্যেকটো খুটি-নাতি আচলতে হৃদয়ংগমহে কৰিব পাৰি, তাক শিক্ষণৰ অংগ কৰাটো সঁচাকৈয়ে কঠিন। মই অসমীয়া আধুনিক কবিতাৰ প্ৰথম পৰ্যায়ৰ প্ৰথিতযশা কেইজনমান কবিৰ বিষয়ে কেইশাৰীমান লিখিলোঁ। তেওঁলোকৰ মাজৰ এজন প্ৰণিধানযোগ্য আছিল নৱকান্ত বৰুৱা। এইজন ক্ষণজন্মা সাহিত্যিকৰ এটি মাত্ৰ কবিতাৰ পাঠৰ সাৰাংশহে মই উল্লেখ কৰিম। পিছে এই শক্তিশালী কবিতাটোৱে অসমীয়া কবিতাৰ ইতিহাসত এক সুকীয়া আসন দখল কৰিছে। ’ইয়াত নদী আছিল’ নামৰ এই ব্যঞ্জনাগধুৰ কবিতাটোৱে আজি পৰ্যন্ত আধুনিক মানুহৰ অস্তিত্বৰ সংকট বৰ নিদাৰুণভাৱে উদঙাই দেখুৱাইছে। ই উত্তৰ আধুনিকতাৰ vacuum বা সাহ-উদং চৰিত্ৰ প্ৰতিভাত কৰিছে। কালৰ কুটিল অৱক্ষয়ৰ এক ভয়াৱহ ছবি ইয়াত আছে। যিকেইটা ৰূপক কবিয়ে তৈয়াৰ কৰিছে তাৰ ব্যঞ্জনা অপৰিসীম। নদী, পলস, মৰুভূমি, পানী, জীৱন ইত্যাদিক লৈয়েই এক উদগ্ৰ ধ্বংসৰ ৰূপৰেখা তৈয়াৰ কৰিছে। মৰুভূমি এতিয়া জীৱন্ত বাস্তৱ আৰু নদী এক কৰুণ অতীত। সামগ্ৰিকভাৱে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ব্যক্তিগত সকলো দিশতেই আজিৰ আধুনিক মানুহে প্ৰত্যক্ষ কৰা অৱক্ষয়ৰ কৰালে যে সকলোকে গ্ৰাস কৰিছে, সেয়েই যেন এই কবিতাৰ শেষ কথা।
দুটা মৰ্মস্পৰ্শী স্তৱকেৰে কবি নৱকান্তই এক বহল সমাজবীক্ষা ডাঙি ধৰিছে—
‘’কিন্তু মৰুভূমি আহে, লাহে লাহে মাহে মাহে বছৰে বছৰে ... গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে প্ৰাণৰ যিমান ৰং, সেউজী সোণালী, আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী’’
কবিতাটোৰ শেষৰ পিনেহে কবিৰ ধাৰাল শব্দ বেছি শাণিত হৈ পৰিছে— আৰু সেই কঠিন সত্য বৰ ভয়াৱহ ৰূপত ধৰা পৰিছে। কবিতা পঢ়িবৰ বাবে শব্দৰ অৰ্থ দৰকাৰী ঠিকেই, কিন্তু তাতোকৈয়ো দৰকাৰী হৈছে শব্দৰ অনুৰণন বা প্ৰতিধ্বনি, যাক আমি ব্যঞ্জনা বুলি কওঁ। ই আচলতে ভাবৰ ব্যাপ্তি। ভাবানুষংগ বা close associationৰ মাধ্যেমেৰ আমি আচলতে অৰ্থৰ জগতত প্ৰৱেশ কৰোঁ আৰু তাতেই সাঁতুৰি-নাদুৰি, নাচি-বাগি ক্ৰীড়াৰত হৈ থাকোঁ। শব্দ যি নাদৰ পৰাই উদ্ভূত নহওক কিয় (সচেতন বা গভীৰ অৱচেতন), তাৰ স্বৰূপ, প্ৰকৃতি হৈছে ভাবক অধিক প্ৰোজ্জ্বল কৰা বা অধিক অৰ্থৱহ কৰি তোলা। কবিৰ ব্যক্তিগত বা সামাজিক দায়িত্ব বোধকৰো সেয়াই— জীৱন আৰু ইয়াৰ খুটিনাতিক বাৰে বাৰে অসাধাৰণ পৰ্যায়লৈ পৰ্যবসিত কৰা আৰু চিনাকিক অচিনাকি ৰূপত প্ৰতিভাত কৰি অধিক চিনাকি আৰু হিৰন্ময় ৰূপত পৰিচিত কৰোৱা।
(ড০ গৰিমা কলিতা এগৰাকী লেখক-সমালোচক আৰু কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক।)
ড০গৰিমা কলিতাৰ লেখা অতি সুন্দৰ, কবিতাৰ সমালোচনাৰে পাঠকক তৃপ্ত কৰিব পৰা লেখা।