ড০ পৰী হিলৈদাৰী
ছাত্ৰাৱস্থাৰপৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা কবি কৌস্তুভমণি শইকীয়াই ইতিপূৰ্বে পাৰ হৈ যোৱা পাঁচটা দশকত চাৰিখনকৈ কবিতা-সংকলন প্ৰকাশ কৰি উলিয়াইছে৷ অন্তৰংগ স্তৱক; বদনামী চহৰত এভুমুকি; মৈ দিয়া পথাৰত আৰু কুঁহিপাতৰ ইচ্ছাপত্ৰ —এই চাৰিখন কবিতা-সংকলনৰ সৈতে ষাঠিটাতকৈয়ো অধিক অগ্ৰন্থিত কবিতা একত্ৰিত কৰি ২੦২২ চনত পূৰ্বাঞ্চল প্ৰকাশে প্ৰকাশ কৰি উলিয়াইছে কৌস্তুভমণি শইকীয়াৰ শেহতীয়া কাব্যগ্ৰন্থ মানুহৰপৰা মানুহলৈ৷ মানুহৰ সামূহিক স্বাৰ্থৰ কথা কোৱা এই কবিতাবোৰত অৱধাৰিতভাৱে অনুৰণিত হৈছে গভীৰ আশাবাদৰ সুৰ৷ কবিৰ প্ৰত্যয়পূৰ্ণ জীৱনবোধৰ মূলতে আছে তেওঁৰ পৰিচিত এখন গ্ৰাম্য সমাজ আৰু সেই সমাজখনৰ চালিকা শক্তি সনাতন মানৱীয় মূল্যবোধ৷ নষ্টালজিয়া নহয়, বৰং সেইখন সৰল মানুহৰ সমাজ কবিৰ বৰ্তমান জীৱনৰো পৰম সাৰথি আৰু কবিতাৰ সাৰ— যাৰপৰা তেওঁ পৰিৱেশ আৰু চৰিত্ৰ বুটলি লৈছে আৰু প্ৰজ্ঞাৰ পোহৰ আত্মস্থ কৰিছে৷ সেই কাৰণতেই কৌস্তুভমণি শইকীয়াৰ কবিতাই cynical অৰ্থাৎ নিৰাশাব্যঞ্জক, নৈৰাজ্যবাদী হা-হুমুনিয়াহেৰে পঢ়ুৱৈক ভাৰাক্ৰান্ত নকৰে৷
সত্তৰ দশকত নক্সালবাৰী আন্দোলনৰ সাংঘাতিক প্ৰভাৱ এটা অসমীয়া কবিতাত বোধকৰো পৰা নাছিল, যদিও এমুঠি কবিয়ে কৃষকশ্ৰেণীৰ দুখ-দুৰ্দশাত ক্ষুণ্ণ হৈ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ দাবী সৰব কৰিবৰ বাবে কবিতাৰ মঞ্চ ব্যৱহাৰ কৰিছিল৷ আশীৰ দশকৰ বিদেশী বহিষ্কাৰৰ দাবীত আৰম্ভ হোৱা আন্দোলনে কমিউনিষ্ট ভাবাদৰ্শী কবিতাৰ সুঁতিটো কিছু পৰিমাণে দুৰ্বল কৰি পেলালে৷ কবি কৌস্তুভমণি সেইছোৱা সময়ত আছিল তেনেই তৰুণ কবি৷ আন্দোলন দুটাৰ বিপৰীতমুখী চৰিত্ৰই এই তৰুণ কবিজনক কিদৰে আকৰ্ষিত অথবা বিকৰ্ষিত কৰিছিল সেইটো মন কৰিবলগীয়া কথা৷ ১৯৭৫ চনৰ এটি কবিতাৰ এয়া শেষৰটো স্তৱক—
হায় কেতিয়াকৈ বাজিব আপোন পথাৰত আপোন ডিঙিৰ সুৰ হুৰ হুৰ আপোন শ্ৰমেৰে হ’ব কেতিয়াকৈ আপোন ভঁৰাল পূৰ আঁৰি দিব কোনে ডিঙিয়ে ডিঙিয়ে সপোন সুৰ (‘টঙি ৰখোতাৰ স্বৰ’)
কৃষক মাটিৰ গৰাকী নহয়, শ্ৰমৰ বিনিময়ত কৃষকে নিজৰ ভঁৰাল পূৰাব নোৱাৰে৷ সত্তৰ দশকৰ ভাৰতবৰ্ষত কৃষিজীৱী শ্ৰমিকৰ অৱস্থাটোৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰি এচাম লেখকে কলম হাতত তুলি লোৱা দেখি এই কবি যে প্ৰভাৱান্বিত হৈছিল এই সময়ছোৱাত লিখা কবিতাবোৰ পঢ়ি তাৰ এটা স্পষ্ট আভাস লাভ কৰিব পাৰি৷ কবিয়ে বিচাৰে, “এতিয়া প্ৰতিজন কৃষকৰ মাজত মই/প্ৰতিজন শ্ৰমিক বনুৱাৰ মাজত মই” (‘ভাইৰ প্ৰতি’)৷ কিন্তু নিজকে নিৰাপদ স্থানত ৰাখি সৰ্বহাৰাৰ লগত থকাৰ ভাওনা দিয়াসকলক উদ্দেশ্য কৰি কবিয়ে সকিয়নী দিছে—
পাৰত ৰৈ নিচিঞৰিবা হেলৌ হেইচা বাউসি ফুলাই মাজলৈ আহা … … … লিখনি জুৰিলেই নহয় কাহানিও ইতিহাস ৰচা কাণ দি শুনা শোষকৰ বুকুত প্ৰতিবাদ হানা…
কৌস্তুভমণি শইকীয়াৰ কবিতাত পঢ়ুৱৈয়ে ভাবৰ নতুনত্ব বা ভাবান্তৰৰ চমক বিচাৰি নাপায়, সম্পৰীক্ষামূলক বাকশৈলীও তেওঁৰ কবিতাত নাই৷ কিন্তু চহাজীৱনৰ বাংময় অভি়জ্ঞতাৰে চহকী কবিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজিব পৰাকৈ সজীৱ, শিপা-সংলগ্ন আৰু প্ৰত্যয়পূৰ্ণ৷
কবিতা অবুজনক বুজোৱা এটা কাণতলীয়া চৰ (‘কালান্তৰৰ কবিতা’)
কবিতাৰ সংজ্ঞাবোৰৰ মাজত ‘কাণতলীয়া চৰ’ শব্দযুগল অপ্ৰত্যাশিতভাৱে অৰ্থৱহ৷ চহা জীৱনৰ স্মৃতি বুকুত বান্ধি নগৰীয়া জীৱনত বৃত্তিগত কাৰণত খাপ খুৱাই ল’বলগীয়া হোৱা কবিয়ে নিজৰ অসহজ অৱস্থাটো বৰ্ণনা কৰিছে এনেদৰে—
ফাঁচীবজাৰত হেৰালোঁ দৰদামৰ ভিৰত শিখমন্দিৰৰ তলত আশ্ৰয় লৈ এপলক উশাহ সলালোঁ গাত গা লগাই গ্ৰাহকবোৰে নিজকে কিনিব খুজিছে কম মূল্যত
স্বস্তিৰ কথা যে কবিয়ে সেই গ্ৰাহকসকলৰ মাজৰে এজন হিচাপে নিজৰ স্থিতি গ্ৰহণ কৰা নাই, বৰং তেওঁ মনৰ দুৱাৰত তলা লগাই সেই ভোগৰ মেলাৰপৰা স্বসত্তা হেৰুওৱাৰ ভয়ত আঁতৰি আহিছে৷ কবিয়ে দীপৰ বিলৰ পাৰ নিজগৰী ঘৰলৈ ঘূৰি আহি মাছবোৰৰ ফিচাবিচনীৰ বতাহ লৈ সপোনৰ গাৰুত মূৰ থৈ সুখনিদ্ৰা উপভোগ কৰাৰ নিশ্চয়তা বেকত কৰিছে৷ কিন্তু কবিৰ এই নিজগৰী ভাবনাৰ জগতখন সাধাৰণ মানুহৰ সংগ্ৰাম আৰু শূন্যতাৰে ভৰা নিৰ্মম বাস্তৱৰ পৰা বিচ্ছিন্ন নেকি— সেই প্ৰশ্নটোও আওকাণ কৰিব নোৱাৰি৷
শৈশৱৰ স্মৃতি-বিজড়িত ‘কাকডোঙা’ নামৰ কবিতাটোতে উজ্জীৱিত হৈ উঠা সজীৱ শব্দ-ছবিখন যেন এটা সৰলতাৰ গান—
আমাৰ চেঙেলীয়া মনো এৰালছিঙা হ’ল ধেতোৰ, টেপৰ, ফুটুকলাবনত নিয়ৰৰ ঘৰ ভাঙি পিতপিতাই ফুৰিলোঁ আমাৰ লেকাম নোহোৱা মুখত অবাইচ, উৎপাত বনৰীয়া চৰাইবোৰো লাজতে নিফাটফাট
লেকাম নোহোৱা শৈশৱে চাল-চলন, কথা-বতৰা একোতেই গৃহীত বিধি মানি নচলে৷ গৰু চৰাই ফুৰা কিশোৰজাকে ‘এৰালছিঙা’ কথাটোতেই নিয়ম ভঙাৰ আনন্দ এটা ফুটি উঠিছে৷ প্ৰাপ্তবয়স্কৰ পৃথিৱীৰপৰা আঁতৰত এইখন শিশু-কিশোৰৰ পৃথিৱীত নিয়মক তুচ্চ কৰাৰ অন্য এখন ছবি ফুটি উঠিছে কাকডোঙাৰ পানীত সাঁতোৰা অভিজ্ঞতাৰ বিৱৰণত৷ ‘এখনীয়াবোৰ পাৰলৈ দলিয়াই পানীৰে গা ঢাকিলোঁ’ —কৃত্ৰিমতাক এৰি থৈ প্ৰকৃতিৰ সৈতে একাত্মীয় হৈ পৰাৰ ছবিখন আৰু বেছি স্বচ্ছন্দ হৈ উঠিছে যেতিয়া মাছবোৰৰ লগতে পানীয়েও ল’ৰা-ছোৱালীজাকৰ লগতে খেলিবলৈ ল’লে—
পাক খাই খাই পানীবোৰে ‘ভাকুলকুল’ কৰি আমাৰ কাষলতি তলবোৰত সুৰসুৰালে চুলিৰ জাৰণিত চেঁচা বুৰবুৰণি
পানীবোৰ খেলাৰ লগৰী হ’ল, চুলিবোৰ জাৰণি হ’ল— সত্তাৰ এনে পাৰস্পৰিক বিলীন অৱস্থানলৈ কবি উভতি যাব বিচাৰে বৰ্তমানৰ ‘খিয়লীয়া সময়ৰ আত্ৰাহিত কোঙা হৈ’৷ হয়তো এক ৰোমাণ্টিক স্বপ্নই, কিন্তু আন্তৰিক কামনাৰে প্ৰোজ্জ্জ্বল৷
‘গৰুবাট’ নামৰ কবিতাটোতো কবিয়ে ‘গৰখীয়া পথিক’ হৈ তাহানিতে কাকডোঙাৰ পাৰত এটা ‘জাৰজ বাটেৰে’ অহা-যোৱা কৰা স্মৃতি সুঁৱৰিছে৷ কিন্তু ‘অভ্যাসৰ অহা-যোৱাত বনবাট মৰি যোৱা’ এই বাক্যটোৰ ৰূপকীয় বিস্তাৰহে কবিতাটোৰ মূল কথা—
আজিও বাট বিচাৰি ফুৰোঁ কুশল অনুভৱী মানুহৰ বুকুৰ মাজলৈ জুৰি থাকিব পাৰে যিটো বাট মৰণ পৰলৈ
সাম্প্ৰতিকক লৈ উদ্বিগ্নতা আৰু সমাধানৰ বাট বিচাৰি অতীত অভিজ্ঞতাত নতুন তাৎপৰ্যৰ সন্ধান কৰা তাড়নাই কৌস্তুভমণি শইকীয়াৰ কবিতাৰ অতীতমুখী ভাবনাক ৰোমাণ্টিক ভাবাৱেগৰপৰা আঁতৰাই ৰাখিছে৷
‘জোক’ নামৰ এটা কবিতাত কবিয়ে এটা কাহিনী কৈছে— এগৰাকী মাতৃয়ে জোকৰ ভয় জিনাৰ কাহিনী৷ জোকৰ ওপৰত ৰূপকীয় অৰ্থও আৰোপিত হৈছে— “তেজখোৱা হৈ বিয়পি পৰিছে তৃতীয় বিশ্বৰ দেশবোৰত”৷ কিন্তু কবিতাটোৰ গুৰুত্ব তাত ফুটি উঠা নাই; সেই গুৰুত্ব ফুটি উঠিছে জোকলৈ ভয় কৰা মানুহজনীয়ে জোকক ফেপেৰি পাতি ধৰা আৰু “মন পথাৰ ছন পৰিবলৈ নিদি নিছলাৰ ঘৰে ঘৰে আয়ে এতিয়াও সাহজৰী বটাৰ” কাহিনীত৷
দেউতা হ’ল নকৈ পতা বাৰীৰ খনিকৰ জোকে খাই ৰঙা কৰা গাৰ তেজ য’তে পৰিছিল তাৰপৰাই গজি উঠিল একো একোজোপা সাহৰ গছ এনেকুৱা এজোপা গছ গজিল আইৰ জৰায়ুত
“নকৈ পতা বাৰীৰ খনিকৰ”ৰপৰা “আইৰ জৰায়ু”লৈকে উল্লিখিত ভাবানুষংগবোৰৰ সংলগ্নতাত প্ৰকাশ পাইছে কবিৰ ৰাজনৈতিক কল্পনাশক্তি, যি সৰল-সাধাৰণ প্ৰসংগ এটাৰ মাজেৰে বহু কথাৰ ইংগিত দিছে৷ গ্ৰাম্য নাৰীৰ প্ৰতিৰোধী ক্ষমতাও তাৰ মাজৰে এটা; এৰাবাৰী, ছনমাটিক বাৰী কৰিবলৈ হ’লে জোকৰ সৈতে যুঁজিবই লাগিব— ইয়াত সমাজৰ সন্মিলিত শক্তিৰ ভূমিকাক এটা পৰিয়ালৰ যৌথ প্ৰয়াসৰ মাজেৰে প্ৰকট কৰি জীৱন ধাৰণৰ অপৰিহাৰ্য চৰ্ত হিচাপে তুলি ধৰা কথাটো তাৎপৰ্যপূৰ্ণ৷
কবিৰ প্ৰথম স্তৰৰ কবিতাবোৰত “শিঙি-শিঙৰাৰ শিং ভাঙা”, “তেজৰ বানক নিদিবা ভেটা”, “সন্মিলিত কদমত কদম বঢ়োৱা” ইত্যাদি শাৰীবোৰত প্ৰকট হৈ উঠা বিপ্লৱী চেতনাৰ মাজত স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ এটা বিশেষ ৰাজনৈতিকভাৱে অস্থিৰ সময়ৰ ছবিখন বিচাৰি পাব পাৰি৷ তাৰপাছত আহিল আশীৰ দশকৰ অসম আন্দোলন৷ এইছোৱা সময়ত লিখা কবিতাবোৰ পঢ়িলে ভাব হয় যে সমকালীন ৰাজনৈতিক অস্থিৰতাই তেওঁৰ কবিতাত বিষয়বস্তুৰ গুৰুত্বপূৰ্ণ অৱস্থান লাভ কৰা নাই৷ ‘শুনৰে অমৃতস্য পুত্ৰ’ নামৰ এটা কবিতাত তেওঁ “ইয়াত বতাহ ভীষণ অস্থিৰ”, “চৌদিশে ঘেৰি আছে অসহিষ্ণু আন্ধাৰ” ইত্যাদি উক্তিৰে সমসাময়িক ৰাজনৈতিক অস্থিৰতাৰ প্ৰসংগকে উল্লেখ কৰিছে৷ কবি কৌস্তুভমণি শইকীয়াৰ যোৱা দুটা দশকৰ কবিতাত ভাব আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ অনুশীলন চকুত পৰে৷ তেনে এটা কবিতা হৈছে ‘এদিন পাভজানত’ —প্ৰকাশকাল ২੦১৯ চন৷ মাছলৈ যোৱা কবিয়ে নিজকে জালত উঠা মাছুৱৈৰ ৰূপত আৱিষ্কাৰ কৰা মুহূৰ্তটোৰ বৰ্ণনা অৰ্থঘনত্বৰে অভিনৱ৷ ‘সিয়ান মাছৰ কেচেমা গোন্ধ’ গাতে পোৱা মাছুৱৈ কবিয়ে নিজকে জাকৰুৱা মাছৰ দয়াৰে চহকী হোৱাৰ অনুভৱ প্ৰকাশ কৰিছে এনেদৰে—
এদিন পাভজানত জাকৰুৱা মাছৰ মাজত এবেলা পৰ হেৰাইছিলোঁ দয়ালু মাছৰ চাইৰেন চকুৱে পৰ দি আছিল মোৰ ছন পৰা দেহাটো
মাছৰ সৈতে মাছুৱৈ কবিৰ মিতিৰালিৰ ছবিখনত নিঃস্ব ব্যক্তিসত্তাই প্ৰকৃতিৰ বিশালতাত অৱগাহন কৰি সমৃদ্ধ হোৱাৰ চেতনা আকৰ্ষণীয় ৰূপত মূৰ্ত হৈ উঠিছে৷ এইটো কবিগৰাকীৰ কবিতাৰ এটা উল্লেখযোগ্য দিশ— শব্দবোৰ বৰ্ণনামূলক নহৈ চিত্ৰধৰ্মী হৈ উঠিলে শব্দ-চিত্ৰবোৰে খুব পৰিমিত ৰূপত কবিৰ ভাবজগতৰ উমান পঢ়ুৱৈক দিব পাৰে৷
‘কেঁচু’ নামৰ কবিতাটোত কেঁচুক মটিফ হিচাপে ব্যৱহাৰ কৰি কবিয়ে এই জীৱবিধৰ সৈতে সংলগ্ন হৈ থকা শৈশৱৰ অভিজ্ঞতাক সুঁৱৰিছে যদিও এই সোঁৱৰণি কেৱল অতীত-বিলাস হৈ থকা নাই—
কেঁচুৰ কুছকাৱাজত অভ্যস্ত মোৰ শৈশৱৰ সপোন দোঁ খাই থাকে বৰশী ডাৰিৰ চিপত কেঁচুলৈ চোপ লৈ পথাৰত ৰৈ থাকে বগলী ভকত গৰালৰ হাঁহো গহীনাই ওলাই আহে কেঁচু চিকাৰত
কেঁচুৰ দৰে ইয়াত কবিয়ে নিজকে কাৰোবাৰ স্বাৰ্থ পূৰণৰ কাৰণে ব্যৱহৃত টোপ অথবা অন্য এচাম শক্তিশালীৰ ভোগৰ বলিৰ ৰূপত দেখা পাইছে৷ কেঁচুৰ মাজত কৃষক জীৱনৰ ৰূপক চিহ্নিত কৰাটোত অৱশ্যে অগতানুগতিক কথা নাই৷ কিন্তু “এবাৰ বাহিৰ ওলোৱা কেঁচু দুনাই সোমাব নোৱাৰে গাঁতত” শাৰীটোৰ মাজেৰে কবিয়ে অন্য এটা কাৰণতহে নিজৰ মাজত কেঁচুৰ পৰিচয় বিচাৰি পাইছে৷ ওপজা মাটিৰপৰা বিচ্ছিন্ন কবি এতিয়া “ঠটা মাটিত হাল বোৱা কামিলা হালোৱা”৷ মাটিৰ মানহে নিম্নস্তৰৰ, কিন্তু “বিঘিনিৰ যুঁৱলিত আঁউট জৰী আঁটিবলৈ” কবিতাৰ কথক সদায় সাজু৷ কেঁচু আৰু কৃষকৰ সৈতে নগৰীয়া জীৱনক সংলগ্ন কৰি দেখুওৱা ভাবৰ বিস্তাৰতহে কবিতাটোৰ সাফল্য; মেৰুকৰণত কবিতাটো এটা সাধাৰণ ৰোমাণ্টিক দুখ-বিলাসৰ বহু কথিত কাহিনী হৈ পৰিলহেঁতেন৷ কৌস্তুভমণি শইকীয়াৰ শব্দৰ পৃথিৱীখনকো কৃষিকেন্দ্ৰিক জীৱন-চৰ্যাৰ সৈতে থকা তেওঁৰ আশৈশৱ পৰিচিতিয়ে চহকী কৰি তুলিছে৷
"...মই বুকুৰ চোতালত দুখৰ মৰণা মাৰোঁ/ ওখোনেৰে জোঁকাৰি থাকোঁ খেৰ যেন কামিহাড়..."
এনেদৰে কৃষক জীৱনৰ লগত জড়িত হৈ থকা অনুষঙ্গবোৰে জীৱনৰ সুখ দুখ, আশা-নিৰাশাৰ প্ৰকাশক যি ৰূপকীয় বিস্তাৰ লাভ কৰিছে সেয়া কবিগৰাকীৰ জীৱনবোধৰ গভীৰতা আৰু শিপাৰ সৈতে থকা একাত্মীয়তাবোধৰো সূচক।
‘বাঁওমন’ নামৰ এটা কবিতাত কবি কৌস্তুভমণি শইকীয়াই তেওঁৰ বামপন্থী চিন্তাধাৰাই পৰিৱৰ্তিত সময় আৰু পৰিস্থিতিত মুখামুখি হোৱা সংশয় আৰু উদ্বেগৰ প্ৰসংগ অৱতাৰণা কৰিছে৷ একালত উদ্যোগী, সাহসী আৰু ‘সমগ্ৰ সত্তাৰ চালিকা শক্তি’ বাঁওচকু, বাঁওহাত, বাঁওভৰি আৰু বাঁওফালৰ কলিজা এতিয়া নিষ্প্ৰভ৷ কিন্তু কবিয়ে বাঁওচকুৰ প্ৰতিকাৰ বিচাৰি লাভ কৰা সমিধান ইতিবাচক— “চেতনাৰ ঔষধ আপোনাৰ তেজত/আপোনাৰ অসুখ ভাল হৈ যাব৷” কবিতাটোৱে বামপন্থী চিন্তাই মুখামুখি হোৱা সংকটৰ প্ৰশ্নটো তুচ্ছ জ্ঞান কৰা নাই আৰু এইটো কেৱল এজন ব্যক্তিৰ সমস্যা হিচাপেও প্ৰক্ষেপ কৰা হোৱা নাই৷ বামপন্থী আদৰ্শ পাবত গজা নহৈ যদি তেজত প্ৰৱাহিত হৈ থাকে তেন্তে ইয়াৰ তাৎপৰ্য হেৰাব নোৱাৰে৷ সকলো আদৰ্শ-মতাদৰ্শৰে পৰিৱৰ্তিত পৰিস্থিতত পুনৰমূল্যায়ন হয়, হোৱা উচিত৷ ‘ধৰ্মান্ধতা’ নামৰ কবিতাটোৰ (‘বাঁওমন’ কবিতাটোৰ পৰৱৰ্তী সময়ত লিখা) মাজেৰে কবিয়ে আমাক এই কথাটোৰে উমান দিছে যে সংশয়গ্ৰস্ততাৰ পৰা মুক্ত হৈ তেওঁ এতিয়া মানুহৰ পক্ষত থিয় দিছে আৰু মানুহৰ কাষত থিয় নিদিয়া ঈশ্বৰক প্ৰত্যাখ্যান কৰিছে: “দিহিঙে দিপাঙে বিপৰ্যয়ৰ বিচৰণ ভূমিত/মানুহৰ স’তে প্ৰতিবাদত নমা নাই ঈশ্বৰ৷”
লগতে পঢ়ক একেজন লেখকৰ : ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ
‘প্ৰেমৰ গছ’ নামৰ কবিতাটোত কবিয়ে “বিশ্বাসৰ বায়ু, অনুভূতিৰ পানী আৰু প্ৰতিদানৰ পোহৰে” পালন কৰা মানৱ প্ৰেমৰ গছজোপাৰ কথা কাহিনী কোৱাৰ ভংগীমাৰে বৰ্ণনা কৰিছে৷ এইজোপা গছ “কোনো মন্ত্ৰী, বিষয়া বা নেতাই যে ৰোৱা নাই…” চাৰিটা শাৰীৰ এই অংশটোৱে কিন্তু কবিতাটো অপ্ৰয়োজনীয়ভাৱে মেদবহুল কৰি পেলাইছে৷ প্ৰেমক এক বহল অৰ্থত প্ৰক্ষেপ কৰি কবি কৌস্তুভমণি শইকীয়াই লিখা কবিতাবোৰৰ ভিতৰত অন্যতম এটা কবিতা ‘প্ৰেমহাৰা গাঁৱৰ বাটেৰে’৷ কবিতাটোত কবি নৱকান্ত বৰুৱাৰ সৈতে একেলগে গৈ ছহীদ কুশল কোঁৱৰৰ ঘৰত উপস্থিত হোৱাৰ সাৱলীল বৰ্ণনাৰ সামৰণিত কবিয়ে কৈছে—
টুকটুক খোজ দি ৰৈ ৰৈ নৱকান্তই ক’লে— প্ৰেমহাৰা নহয়, আমি যে প্ৰেম বিচৰা মানুহ বুকুৰ ভাঁজ আঁতৰোৱা— সৰ্বকালৰ৷
নাম ‘প্ৰেমহাৰা’ হ’লেও গাঁওখনৰ মানুহ আৰু জ্যেষ্ঠ কবিৰ সৈতে কনিষ্ঠ কবিৰ আলাপ কিমান প্ৰেমভৰা আছিল কবিয়ে সেই অভিজ্ঞতাক অন্তৰংগ ভাষাৰে প্ৰকাশ কৰিছে৷ মোৰ ধাৰণা, কৌস্তুভমণি শইকীয়াৰা গ্ৰাম্য জীৱনকেন্দ্ৰিক কবিতাৰ ভাষা যিমান সজীৱ, ৰাজনৈতিক বিষয়-সম্বলিত কবিতাত ভাষাৰ সেই কালিকা অনুভূত হোৱা নাই৷ আনহাতে ‘মাজুলীয়াল’ নামৰ কবিতাটোত মাজুলীৰ দুখ-দৈন্যৰ মাজতো কবিয়ে ‘মাজুলীৰ দৰে মজাৰ ঠাই ক’তো দেখা নাই’ বুলি কোৱা কথাষাৰত শ্লেষৰ উপস্থিতিৰ উপলব্ধিয়ে সৰল বিশ্বাসযোগ্যতাক প্ৰশ্নও কৰিছে—
আহ! চিপ টানি টানি মাজুলী পানী ভাঙি ভাঙি মাজুলীয়াল…
শ্লেষাত্মক বক্তব্যই পঢ়ুৱৈক বহু কথাই কৈ যায়৷ পিছে ৰাজনৈতিক বিষয়-সম্বলিত কবিতাবোৰত কবিয়ে এই দিশটোৰ ওপৰত গুৰুত্ব দিয়া নাই৷
কৌস্তুভমণি শইকীয়াৰ প্ৰথমছোৱা সময়ৰ কবিতাত স্বাভাৱিকতেই ভাবোচ্ছ্বাসৰ প্ৰাবল্যৰ লগতে বহু ব্যৱহৃত শব্দসমষ্টি আৰু কৃত্ৰিম প্ৰকাশভংগী —এইকেইটা দুৰ্বলতা চকুত পৰে৷ ‘আলোকবাহী মানুহ হোৱা’ –এই কবিতাটোত “অন্ধকাৰৰ প্ৰাচীৰ ভাঙি”, “ঘৰে ঘৰে নিঃস্বজনৰ আকুতি”, “অন্ধকাৰত নিশ্চুপ নহ’বা” ইত্যাদি শাৰীবোৰত পঢ়ুৱৈক জোঁকাৰি দিব পৰা কোনো নতুন বক্তব্য নাই৷ “সন্মিলিত সম্বিতক সমবেত কৰা” শাৰীটোত ধ্বনিগত মাধুৰ্যক অগ্ৰাধিকাৰ দিবলৈ গৈ একে অৰ্থ বহন কৰা শব্দক ব্যৱহাৰ কৰিছে—‘সন্মিলিত’ হোৱা মানেই ‘সমবেত’ হোৱা নুবুজাই জানো? ‘বুদুৰাম’ নামৰ কবিতাটোত কবিয়ে শ্ৰমজীৱী, সৰ্বহাৰা কৃষকশ্ৰেণীৰ প্ৰতিনিধিৰ ৰূপত বুদুৰাম নামৰ ‘সেউজীপাম গাঁৱৰ এজন নিৰীহ কৃষক’ৰ কাহিনী কৈছে—“হোলগোঁজ হোজা সমস্যাৰে কুঁজা”, এনেধৰণৰ কবিতাৰ শাৰীত ধ্বনিমাধুৰ্য আৰু অৰ্থঘনত্ব যিদৰে আকৰ্ষণীয় হৈ পৰিছে তাৰ পাছৰ শাৰীবোৰৰ মেদবহুলতাই কিন্তু সেই সৌন্দৰ্যক ম্লান কৰিও পেলাইছে৷
ইতিহাসে সোঁৱৰাই চেতনাৰে সাৰ পাই বুদুৰামহঁত এদিন উঠিবই জাগি
কবিতাটোৰ শেষৰ স্তৱকটোত প্ৰক্ষেপ কৰা এই বিশ্বাসত তৰুণ কবিৰ ঐতিহাসিক চেতনাৰ যি জোৰ প্ৰকট হৈ উঠিছে সি সৰলীকৃত আৱেগৰ নামান্তৰ হৈ উঠাৰ আশংকাও নথকা নহয়৷ অশুভ শক্তিৰ উত্থানো অন্য এক ঐতিহাসিক সত্য৷ কবিতাটোৱে তাৰ বিপৰীতে কৃষিজীৱী সমাজখনত প্ৰতিৰোধৰ শিপাডাল বৰ্তমানৰ ভেটিত চিনাক্ত কৰিব নোৱাৰিলে৷
লগতে পঢ়ক একেজন লেখকৰ : কবিতা পঢ়াৰ আনন্দ বনাম তাত্ত্বিক ব্যাখ্যা : বিপুলজ্যোতি শইকীয়াৰ কবিতা– ‘মোৰ নোপজা ছোৱালীজনী’
কৌস্তুভমণি শইকীয়াৰ কবিতাৰ যাত্ৰা দীঘলীয়া৷ কৈশোৰ-যৌৱনত লিখা কবিতাবোৰত বয়সোচিত ভাবোচ্ছ্বাস অনিয়ন্ত্ৰিত ৰূপত প্ৰকাশ পাইছে৷ পাছৰ পৰ্যায়ত কবিতাবোৰৰ মেদবহুলতা কমিলেও কবিয়ে পৰোক্ষ সূচনাৰ প্ৰয়োগ কৰা নাই, যাৰ ফলত কিছুমান কবিতাত প্ৰত্যক্ষ বক্তব্যৰ পয়োভৰে পঢ়ুৱৈক আমনি দিয়াৰ আশংকা অনুভূত হৈছে৷ কবিৰ ভাব-চিন্তাই এটা সুনিৰ্দিষ্ট গতিপথত আগবাঢ়ি গৈ থাকে, যাৰ ফলত পঢ়ুৱৈৰ কাৰণে উচপ খাবলগীয়া কথা নাথাকে বুলি ক’লেও ভুল নহয়৷ এৰি থৈ অহা গাঁৱৰ জীৱন আৰু সুখকৰ স্মৃতি ৰোমন্থনে কিছুমান গভীৰ ভাব-সম্বলিত ছবি ৰচনা অৱশ্যে নকৰা নহয়, কিন্তু তাৰ মাজতো সূক্ষ্ম আৰু জটিল দিশবোৰ উন্মোচন হোৱাৰ অৱকাশ থাকি গ’ল৷
ড০ পৰী হিলৈদাৰী এগৰাকী বিশিষ্ট সমালোচক আৰু সাহিত্য অকাদেমী বঁটা-বিজয়ী অনুবাদক৷ তেওঁ সম্প্ৰতি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত হৈ আছে৷