Monthly Archives: June 2023

কবিতাৰ চৰ্চা একে সময়তে ভাষাটোৰো চৰ্চা

ৰুদ্ৰ সিংহ মটক

ৰুদ্ৰ সিংহ মটক
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতা মূলতঃ আত্মবোধৰ বীজ-বৰ্ণমালা। চৌপাশৰ পৃথিৱীখনৰ লগতে নিজৰ ভিতৰৰ অচিন জগতখনৰ স’তে মুখামুখি হ’বলৈ শিকায় কবিতাই। মাথোঁ আত্মবোধৰে নহয়, ই প্ৰসাৰিত বিশ্ববোধৰো বীজ-বৰ্ণমালা। সাহিত্যৰ আনবোৰ সংৰূপৰ দৰে কবিতাৰ স’তেও মোৰ সম্পৰ্ক আত্মিক বুলি ক'বলৈ ভাল পাম। আধুনিক জটিল জীৱন-প্ৰৱাহ আৰু আধুনিক শিক্ষাৰ বিশাল পৰিধিয়ে শিল্প-কলা-সাহিত্যৰ প্ৰতিটো শাখাকে সামৰি লোৱা পৰিলক্ষিত হয়। কাব্যৰ দৰেই শিক্ষাৰ লক্ষ্যও এজন ব্যক্তিৰ আত্মিক সত্তাৰ, সুপ্ত প্ৰতিভাৰ সৰ্বতোমুখী বিকাশ। আত্মিক বুলি কওঁতে বৌদ্ধিক প্ৰজ্ঞা আৰু জীৱনসত্যৰ উপলব্ধিৰে ভিতৰি ভিতৰি জাগ্ৰত, প্ৰবুদ্ধ, সংস্কৃতিবান (cultured) আৰু সমাজদৰ্শী এক পৰিপূৰ্ণ মানৱিক সত্তাৰ কথাকে ক'ব খুজিছোঁ। তেওঁ প্ৰখৰ মেধা, কল্পনাশক্তি আৰু অন্তৰ্দৃষ্টিসম্পন্ন এজন কবিও হ'ব পাৰে অথবা উচ্চ মানৰ কবিতাৰ চমজদাৰ পাঠকো হ'ব পাৰে। কিন্তু আজিৰ ভোগবাদী বিশ্বত কবি এজন বাস্তৱিকতেই তেনে এক মহৎ মানৱীয় সত্তাৰ অধিকাৰী হোৱাটো সম্ভৱ জানো? হয়তো সম্ভৱ হ'বও পাৰে। এইখিনিতে ৱৰ্ডছৱৰ্থে আগবঢ়োৱা কবিৰ সংজ্ঞাৰ একাংশ উদ্ধৃত কৰিছোঁ—"He is a man speaking to men; a man, it is true, endowed with more lively sensibility, more enthusiasm and tenderness, who has greater knowledge of human nature, and a more comprehensive soul, than are supposed to be common among mankind." (লীৰিকেল বেলাডছ, ২য় স্ংস্কৰণ)

মহাকবি শ্বেইক্সপীয়েৰৰ নাটকত হেমলেটৰ এটি উক্তিত চিৰ সুন্দৰ, চিৰ বিকশিত সেই মানৱায়তন প্ৰতিফলিত হৈছে এনেদৰে— "What a piece of work is man! How noble in reason! How infinite in faculties! In form and moving, how express and admirable! In action how like an angel! In apprehension, how like a god! the beauty of the world! The paragon of animals!" জীৱনৰ পূৰ্ণতাৰ সাগৰতীৰত থিয় দি তেৱেঁ গুৰু—আমাৰ দৃষ্টি, স্বপ্ন আৰু সৃষ্টিৰ ভিতৰে-বাহিৰে; বাৰে বাৰে সকীয়ায় আমাক— "সত্য যি সুন্দৰ যাৰ অনন্ত যৌৱন/ তাৰেই বুকুত মই পাতিম কানন।" এক বৌদ্ধিক ৰেনেছাঁৰ বাস্তৱ প্ৰয়োজনত বিদ্যায়তনিক শিক্ষাৰ যিদৰে প্ৰয়োজন, সেইদৰে কবিতাৰ দৰে বিশ্বজনীন সংস্কৃতিৰ চৰ্চা-অনুশীলনো সমানেই অপৰিহাৰ্য। অৱশ্যে ইয়ো এক মন কৰিবলগীয়া সত্য যে সমাজত গঢ়ি উঠা কাব্যপ্ৰেমীৰ বৌদ্ধিক, সাংস্কৃতিক পৰিমণ্ডল এটাইহে ন ন কবিপ্ৰতিভাৰ জন্ম দিব পাৰে। আৰু এটা কথা এইখিনিতে কৈ থোৱাটো ভাল হ'ব। কবিতাৰ চৰ্চা একে সময়তে আমাৰ ভাষাটোৰো চৰ্চা। সেয়ে কবিতা অনুৰাগী পাঠক আৰু নিষ্ঠাবান অনুশীলনকাৰীৰ সংখ্যা যিমানেই বাঢ়ে সেয়া ভাষা-জননীৰ লগতে জাতিটোৰ বাবেও মঙ্গল। বোধহয় এই একেটা কাৰণতে মই বাৰে বাৰে হৃদয়ৰ ভাষা কবিতাৰ প্ৰেমত পৰোঁ। কবিৰ দৰেই নিয়ত সন্ধান কৰোঁ "এ ব্ৰেভ্ নিউ ৱৰ্ল্ড"—এখন মুক্ত মানুহৰ পৃথিৱী ।


আপুনি কবিতা কিয় পঢ়ে?
সাহিত্য, সংগীত, নাটক, কবিতা—এনেবোৰ সুকুমাৰ কলাৰ অধ্যয়নে পাঠকচিত্তৰ মনোৰঞ্জনৰ লগতে বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰে। দাৰ্শনিক ফ্ৰেন্সিচ বেকনেও কৈছে—"Studies serve for delight, for ornament and for ability…" দীপ্ত জীৱন-জিজ্ঞাসা, প্ৰখৰ সমাজ-চেতনা আৰু প্ৰসাৰিত বিশ্ববোধেৰে মহিমান্বিত হোৱাটোৱেই সভ্য আৰু সংস্কৃতিপৰায়ণ লোক এজনৰ জীৱনৰ মূল ব্ৰত। হৃদয়বৃত্তিৰ পৰিৱৰ্তন, পৰিৱৰ্ধন, যুক্তিবোধ (rationality) আৰু মানৱিক চৈতন্যৰ পৰিপুষ্টিৰ বাবেই মই প্ৰায় নিয়মীয়াকৈয়ে গল্প, কবিতা পঢ়োঁ। গ্যেটেৰ দৰে মোৰো ক'বৰ মন যায়— "Green is the eternal tree of life." নপঢ়িলে মোৰ ভিতৰৰ সেউজীয়া গছজুপি যেন ক্ৰমশঃ শুকাই য়ায়। সেই গছজুপিৰ শিপাবোৰ সেউজীয়া কৰি ৰখাৰ আত্মিক তাগিদতে দুশাৰী পঢ়োঁ, দুশাৰী লিখোঁ। কবিতা নপঢ়াকৈ যিদৰে থাকিব নোৱাৰোঁ নিলিখাকৈ থকাও যেন অসম্ভৱ। পঢ়া-লিখাটো মোৰ বাবে যেন শ্বাস-প্ৰশ্বাসৰ দৰেই অপৰিহাৰ্য। আৰু এটা কথা। এই মৰতত জীৱন বিপদসংকুল এক অনিশ্চিত যাত্ৰা। দুখ-শোক-হুমুনিয়াহ আদি জীৱন-মৰুভূমিৰ হেজাৰ ধুমুহা জয় কৰিবলৈকো কবিতা অন্তৰৰ শকতি হ’ব পাৰে। এন্ধাৰ বাটৰ এগছি চাকি হ'ব পাৰে। বাস্তৱিকতে সুন্দৰ এক সাংস্কৃতিক শক্তি এই কবিতা। আমাৰ দৃষ্টিত ধ্ৰুপদী বিশ্বসাহিত্যৰ লগতে জীৱনঘনিষ্ঠ মহৎ মূল্যবোধ আৰু বিশ্বজনীনতাৰে বিধৃত সাৰস্বত কাব্যশিল্পৰ চৰ্চা-অনুশীলন-গৱেষণা এটা চহকী জাতিৰ উন্নত শিক্ষাব্যৱস্থাৰ অবিচ্ছেদ্য অংগ হোৱা উচিত। কিয়নো যি লোক এজন প্ৰকৃত দেশপ্ৰেমিক, তেওঁ একেসময়তে বিশ্ববীক্ষাৰে মহীয়ান এগৰাকী যথাৰ্থ বিশ্ব নাগৰিক। লগতে কওঁ মানৱ জাতিক, মানুহৰ জটিল, ৰহস্যময় বিচিত্ৰ হৃদয়বৃত্তিৰ সম্যক জ্ঞান লাভৰ বাবেও আমি কবিতা নামৰ বোধিদ্ৰূমজোপাৰ কাষ চাপিব লাগিব। আৰু খুব সচেতনভাৱেই উৰ্বৰ হৃদয়ৰ চিৰহৰিৎ শস্যৰাজীৰ স'তে, আত্মাৰ গহনৰ আৱেগিক, আনুভৃতিক জোনাক-জোৱাৰৰ জগতখনৰ স'তেও অন্তৰৰ সংযোগ স্থাপন কৰিব লাগিব। ইয়ো হয়তো আমাৰ সময়, সমাজ, সংস্কৃতি আৰু সভ্যতাৰ আত্মাৰে চিৰন্তন দাবী। নোবেল বিজয়ী কবি উইছলাৱা ছিমবৰ্স্কাৰ কবিতাৰ দুটা পংক্তি এইখিনিতে প্ৰণিধানযোগ্য—"At the cost of untold losses—a poem, a sigh./I reply with a whisper to a thunderous calling."


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
কবিতা পৰমাণুসূক্ষ্ম বিপুল জীৱনানুভৱ। ই হৃদয়স্তনিত স্মৃতি, কল্পনা বা মৰ্মৰিত অভিজ্ঞতাৰ নিৰ্লোভ শব্দচিত্ৰ। সহজ আনন্দ বা ক্ষণিকৰ তৃপ্তিয়েই মোৰ কাব্যপাঠৰ একমাত্ৰ উদ্দেশ্য হ'ব নোৱাৰে। আনে সততে নপঢ়া কবিতা মই পঢ়োঁ। আনে নোযোৱা বাটেৰে মই আগবাঢ়িব খোজোঁ। ‘The Road Not Taken’ৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ দৰে-- সহজ নহয়, কোনো কঠিন, বিপদসংকুল যাত্ৰাৰ প্ৰতিটো মুহূৰ্তৰ কৌতুহল আৰু বিৰল আনন্দহে মোৰ আত্মিক অভীপ্সা। "Two roads diverged in a wood, and I /I took the one less traveled by,/ And that has made all the difference." মোৰ জীৱনচেতনাক স্পৰ্শ কৰা, হৃদয়ৰ মৰ্মমূল জোঁকাৰি যোৱা বিষাদঘন কবিতাবোৰ বাৰে বাৰে পঢ়োঁ। এনে কবিতাৰ স্ৰষ্টা শ্বেলীয়ে লিখিছে— "Our sweetest songs are those that tell us of saddest thoughts." জীৱন সম্পৰ্কে ডাঙৰ সত্যটো হ'ল যাপন কৰিব জানিলে বিষাদ বা শূন্যতাও হ'ব পাৰে সুন্দৰৰ বুকুৰ ফুলাৰ মন্ত্ৰ—নতুন সৃষ্টিৰ আবাহনী। মনত পৰে নৈৰাশ্যৰ ক'লা মেঘৰ বিষয়ে কবিগুৰুৱে যে কৈছিল— "Clouds come floating into my life, no longer to carry rain or usher storm, but to add color to my sunset sky." চিলিৰ কবি নেৰুডাৰ প্ৰেমৰ কবিতাবোৰ নপঢ়াকৈ কেনেকৈ থাকোঁ? সেইবোৰ যেন বসন্তৰ তৰা-কুঁহি; তেজ আৰু জোনাক নিগৰা মোৰ কলমৰে কবিতা। সদায়েই নতুন, সদায়েই আপোন। হ'লেও কওঁ মোক দীপ্ত, গভীৰ, চিৰনতুন এক আধুনিক ভিছন প্ৰদান কৰিব পৰা সকলো ধৰণৰ কবিতাই মোৰ প্ৰিয়। আনহাতে সততে ছিৰিয়াছ— sublime প্ৰকৃতিৰ কবিতাবোৰ মোৰ সত্তাৰ যেন বহু ওচৰৰ। সেয়ে নৱকান্ত পঢ়োঁ; অৱশ্যে তেওঁৰ ‘ৰত্নাকৰ’ বা ‘সম্ৰাট’ কবিতাতকৈ  ‘ৰাৱণ’ মোৰ অধিক প্ৰিয়। নকৈ নোৱাৰোঁ তৃপ্তি নহ'লেও কিবা এক সংশয়বোধ আৰু অতৃপ্তিৰ শিহৰণেৰে মানসমণ্ডল জাগ্ৰত কৰা শইকীয়া ছাৰৰ মিত-ভাষবোৰ পঢ়াৰ সময়ত মই মাথোঁ বিস্ময়াভিভূত হওঁ আৰু বোবাৰ দৰে বিৰবিৰাওঁ : কি আশ্চৰ্য সুন্দৰ এই নিৰ্লোভ শব্দশিল্প! "ৰজাৰ দৌল ভাঙিব পায় নে নাপায় নাজানো/মোৰ হ'লে দেওলগা হাত।" বুকুৱে বুকুৱে জুই মেলি দিব পৰা এনে এফাকি বাৰুদভৰা কবিতা সম্ভৱতঃ বিশ্বসাহিত্যতে পাবলৈ নাই। খলিল জিব্ৰানৰ প্ৰফেট বাৰে বাৰে পঢ়িলেও দেখোঁ হেঁপাহ নপলায়। আৰু কেতিয়াবা শিতানত থৈ বাৰে বাৰে গুণগুণাওঁ হৃদয়ৰ নক্ষত্ৰমণ্ডলী আন্দোলিত কৰিব পৰা নাজিম হিকমতৰ দৰে বিদ্ৰোহী কবিৰ দেশাত্মবোধৰ কবিতা—যাৰ প্ৰতিটো শাৰীতে খোদিত যুদ্ধমগ্ন সৈনিকৰ আত্মবলিদানৰ মহত্ত্বম আকাংক্ষা–

মইতো মৰিব বিচৰা নাই, ভাই
যদি মোক হত্যা কৰা হয়—মই জানো
মই তোমালোকৰ মাজতেই জীয়াই থাকিম,
জীয়াই থাকিম আৰাঁগৰ কবিতাত—যিটো শাৰীত
তেওঁ  সুন্দৰ দিনৰ কথা কৈছে—
মই জীয়াই থাকিম পিকাছোৰ বগা কপৌত—

ৰবছনৰ গানত—সকলো মহত্ত্বম জীৱন ভাৱনাৰ মাজত
মই জীয়াই থাকিম।

কবিতা হ'ব পাৰে কুশল বাৰ্তা, জীৱন জগোৱা গান। মুহূৰ্তৰ উত্তেজনা মুগ্ধ অভিসাৰৰ বিপৰীতে হৃদয়ৰ মৰ্মমূল কঁপাব পৰা, জীয়া আৱেগ সঞ্চাৰ কৰিব পৰা বৌদ্ধিক আলোড়ন যেন মোৰ কাব্যপাঠৰ অন্যতম উদ্দেশ্য। আৰু কি আচৰিত! কেতিয়াবা এনে পবিত্ৰতম মুহূৰ্তত ময়ো হয়তো ক'ব নোৱাৰাকৈয়ে ভিতৰি ভিতৰি কবি হৈ উঠোঁ, আৰু মোৰ কলমৰ ৰক্তোজ্জ্বল জৰায়ুত গৰ্ভস্থ হয় এটি বা দুটি ধান-সোণালী কবিতাৰ স্তৱক। ইয়ো হয়তো মোৰ ব্যাকুল প্ৰাণৰ সৃষ্টিৰ সাধনা, মোৰ ভালপোৱাৰ প্ৰাৰ্থনাৰ পৰম প্ৰাপ্তি ।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতা বুলিলে আমি সত্তৰ, আশী আৰু নব্বৈ দশকৰ আধুনিক অসমীয়া কবিতাৰ চহকী ঐতিহ্যৰ কথাকে ক'ব লাগিব। ইয়াৰ পিছৰ দশক দুটাৰ সৃষ্টিৰাজী আমি অতিসাম্প্ৰতিক কবিতাৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, হৰেকৃষ্ণ ডেকা, সনন্ত তাঁতি, জ্ঞান পূজাৰী, ৰবীন্দ্ৰ বৰা, শংকৰ শইকীয়া আদি অগ্ৰজসকলে সাম্প্ৰতিক কবিতাৰ ধাৰাটোক নতুন ৰং-ৰূপ, তেজ-বীৰ্যৰে এক গতিশীলতা দান কৰিছে। তেওঁলোকে ভালকৈয়ে বুজি পায় আধুনিক কবিতা আলাসতে লিখা নাযায়। ই কৰ্ষণৰ শইচ। জুই আৰু জোনাকৰ, হৃদয় আৰু মগজুৰ ৰসায়ন। একে বহাতে, একে উশাহতে লিখা কবিতা এটাৰ ফৰ্ম, বা ভাবমণ্ডলত আধুনিক কবিতাৰ শৈলী কিম্বা শিল্পগুণ বিচৰাজন বহু সময়ত হতাশ হোৱাটোৱেই হয়তো স্বাভাৱিক। কেৱল আৱেগৰ আধাৰত লিখা কবিতা এটাৰ আবেদন নিমিষতে জ্বলি নুমাই যোৱা ধানখেৰৰ জুইৰ দৰেই ক্ষণিক, অস্থায়ী। মোৰ বিশ্বাস কবিৰ নিজা প্ৰজ্ঞা, ভাষাৰ কালিকা, ইতিহাসবীক্ষা আৰু সাধনাৰেহে সম্ভৱ সাৰস্বত প্ৰমূল্যৰে বিধৃত বিশ্বজনীন সৃষ্টি। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে আজন্ম সাধনাৰে, বাছকবনীয়া সাৰস্বত সৃষ্টিৰে সাম্প্ৰতিক অসমীয়া কবিতাক পৰমায়ু দান কৰিলে। হীৰেন ভট্টাচাৰ্যৰ কলমৰ সুগন্ধি পখিলা আজি অসমীয়াৰ ঘৰে ঘৰে। প্ৰেম-ভালপোৱা, মানৱতাবোধৰ লগতে ৰাজনৈতিক চেতনাৰ আধাৰত ৰচিত তেওঁৰ এমুঠিমান কবিতা গণচিন্তা আৰু গণ আন্দোলনৰো শক্তি হ'ব পাৰে–"বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস/ সন্ন্যাসে শোভা কৰে জানো কবিক/কলম যাৰ জাগৰ তৰোৱাল?" সনন্ত তাঁতিয়ে নতুন পৰীক্ষা-নিৰীক্ষাৰে, সমাজবাদী চহকী শিল্পবীক্ষাৰে সংগ্ৰামী চেতনাক স্পন্দনশীল এক নান্দনিক মাত্ৰা প্ৰদান কৰিলে। নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, জ্ঞান পূজাৰী, সনন্ত তাঁতি, সমীৰ তাঁতীৰ দৰে অগ্ৰজসকল অতিসাম্প্ৰতিক কবিকুলৰ বাবে সংগ্ৰাম আৰু ৰূপান্তৰৰ আৰ্হিস্বৰূপ হ'ব পাৰে। অৱশ্যে আমি পাহৰিলে নহ'ব সাৰ্থক সৃষ্টিৰ বাবে কোনো চমু বাট নাই। আমাক লাগিব কবিতাৰ মহত্ত্ব, সাৰৱত্তা আৰু ঐতিহ্যৰ প্ৰতি গভীৰ ভালপোৱাৰ লগতে অনলস অধ্যয়ন, অনুশীলন আৰু ঐকান্তিক সাধনা।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবি মূলতঃ স্ব-শিক্ষিত—"emotionally educated." ডেভিড হাৰ্বাৰ্ট ল'ৰেন্সে সমাজমানৱ হিচাপে কবিৰ চহকী বোধ আৰু ব্যক্তিত্ব সন্দৰ্ভত এনেকৈ মন্তব্য কৰিছে—"And a man who is emotionally educated is rare as a phoenix." স্বাভাৱিকতে ই স্ব-শিক্ষিত, গভীৰ দূৰদৃষ্টিসম্পন্ন কবিসকলৰ প্ৰতি আমাৰ দৰে নিতান্তই সাধাৰণজনৰ বিশেষ কিবা আহ্বান থাকিব পাৰে বুলি ভাবিবলৈ টান পাইছোঁ। 

সকলো গতি অগ্ৰগতি বা প্ৰগতি নহয়। মানুহৰ সমাজ, সংস্কৃতি আৰু সভ্যতা আজি এশ এবুৰি সংকটৰ আৱৰ্তত। এনে সময়ত আমি কবিসকলে আমাৰ সৃষ্টিৰ মাজেৰে চিৰন্তন মানৱীয় প্ৰমূল্যৰাজী তুলি ধৰিব লাগিব। তাকে কৰিবলৈ হ'লে আমাৰ জীৱনদৃষ্টি সূক্ষ্ম, গতিশীল আৰু প্ৰসাৰিত হ'ব লাগিব। আমাৰ  শিল্পদৃষ্টি সমাজবাস্তৱ আৰু ইতিহাসবীক্ষাৰে সম্পৃক্ত আৰু উদ্ভাসিত হ'ব লাগিব। বিপ্লৱী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই অন্তৰ্সংস্কৃতিৰে আলোকিত এক মহাসাত্ত্বিক সভ্যতাৰ কথা কৈছিল। সমতা আৰু সামাজিক ন্যায়ৰ আধাৰত প্ৰতিষ্ঠিত এখন শিল্পীৰ পৃথিৱীৰ সপোন দেখিছিল তেওঁ। আমি কবিসকলে কবিৰ মুক্ত এখন পৃথিৱীৰ সপোন দেখিব পাৰোঁ, যিখন পৃথিৱীত মানুহ আৰু মানুহৰ মাজত জাতি, গোষ্ঠী, ভাষা, ধৰ্মগত সংকীৰ্ণতা কিম্বা ভেদভাব নাথাকিব। ৰবীন্দ্ৰনাথৰ দৰে আমিও সেই সুন্দৰ সপোন দেখিবলৈ শিকিব লাগিব। হিংসা, কপটতা, অসহিষ্ণুতা আৰু বৰ্বৰতাক আমি প্ৰশ্ৰয় দিব নালাগিব। উগ্ৰ জাতীয়তা,  সাম্ৰাজ্যবাদ বা ভৌগোলিক সীমাই বিশ্বসভ্যতাক সংকীৰ্ণ অথবা খণ্ডিত কৰিব নোৱাৰিব—"where the world is not broken into fragments /By walls of narrow nationality." (‘Where the Mind is without Fear’) কবি হ'ব লাগিব জীৱনৰ নৱ বুদ্ধ, সততে বিনয়ী, উদাৰ, স্বাধীনমনা, দুঃসাহসী, চিৰ অশান্ত প্ৰমিথিয়েছ। কিন্তু সমাজ বিবেক হিচাপে আজিৰ কবিৰ সন্মুখত আছে অলেখ বাধা, অলেখ প্ৰত্যাহ্বান। আমি সকলোৱেই অৱগত যে আজি মুক্ত চিন্তা মুক্ত কণ্ঠৰ অবদমনেই হৈ পৰিছে অঘোষিত ৰাষ্ট্ৰনীতি। শৈক্ষিক, সামাজিক জীৱন অপবিজ্ঞান আৰু ছদ্মবেশী বিজ্ঞানৰে ভৰি পৰিছে। এনে এক জটিল পৰিৱেশত আমাৰ কবিতায়ো হয়তো দাবী কৰিব পৰিবৰ্তিত বাস্তৱতাৰ লগতে নতুন এক গতিশীল ছন্দৰীতি আৰু আপোচহীন এক বৈপ্লৱিক শিল্পবীক্ষা। বাছকবনীয়া কবিতাৰ ছিৰিয়াছ পাঠক গল্প বা উপন্যাসৰ পাঠকতকৈ তুলনামূলকভাৱে বহু কম। বিদ্যায়তনিক শিক্ষাৰপৰা আজিও বঞ্চিত একেবাৰে অশিক্ষিত, অৰ্ধশিক্ষিতসকলৰ কথা নক'লোৱেইবা। তেনে স্থলত সাহিত্য হিচাপে আধুনিক কবিতাৰ বোধগম্যতা, গ্ৰহণযোগ্যতা আৰু দীক্ষিত পাঠক সমাজৰ পৰিসৰ বৃদ্ধিৰ প্ৰশ্নটোৰো আমি মুখামুখি হ'ব লাগিব। আত্মসমালোচনাও লাগিব আমাক। এইটোও ঠিক এনেবোৰ সমস্যা সমাজ বিৱৰ্তনৰ সকলো স্তৰতে কম-বেছি পৰিমাণে থাকিবই। সেয়ে আমি কবিসকলে কবিতাৰ শক্তি আৰু সম্ভাৱনাৰ ওপৰত আস্থা ৰাখি আগবাঢ়িব লাগিব। মানুহৰ শুভবোধ আৰু নতুন দিনৰ পৰিৱৰ্তন অভীপ্সাৰ ওপৰত বিশ্বাস হেৰুৱালে হাতৰ কুঠাৰ ভৰিত মৰাহে হ'ব। বিপ্লৱৰ পথ ৰাজকীয় পথ নহয়। সেন্দূৰীয়া আলিয়েদি বিপ্লৱ নাহে; হেজাৰ সংঘাত, শিলাবৃষ্টি, উল্কাপাত, অগ্নিবৃষ্টি, ৰক্তপাতৰ মাজেৰেহে আহে। মাৰ্ক্সবাদী দৰ্শনৰ কথা নকওঁৱেই, মহাভাৰতৰ দৰে চিৰায়ত মহাকাব্যয়ো সহিংস বিপ্লৱকে সমাজ, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ একমাত্ৰ পথ হিচাপে চিহ্নিত কৰা পৰিলক্ষিত হৈছে। একবিংশ শতিকাৰ আধুনিক সভ্যতাৰ বাবে এয়া নিশ্চয় এক উদ্বেগৰ বিষয়। আমি কবিসকল হ'ব লাগিব সহিংস বিপ্লৱৰ পৰিৱৰ্তে সংস্কৃতি বিপ্লৱৰ জাগ্ৰত পুৰোহিত, সমাজ-সভ্যতাৰ নতুন যীশু। আমি পাহৰিলে নহ'ব কবিতা কেৱল আমাৰ দৰে ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট খেয়ালি মনৰ বা অভিমানী এমুঠিমান কবিৰ নহয়, পোহৰপিয়াসী সমগ্ৰ মানৱ জাতিৰ মাতৃভাষা; মৃতবৎস্য সভ্যতাৰ স্তনামৃত।

ৰুদ্ৰ সিংহ মটক এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক৷ গুৱাহাটীৰ আজাৰা-নিবাসী মটকৰ এতিয়ালৈকে সাতখন কবিতা-সংকলন প্ৰকাশ পাইেছ৷ নক্ষত্ৰৰ শোভাযাত্ৰা (২੦২৩) তেওঁৰ শেহতীয়া কবিতা-সংকলন৷

Now it is Time for Eco Poetry

Deben Sapcota

Deben Sapcota
As an educated person what is your relation with poetry?
Poetry resides in my subconscious mind. It always waits for an opportune moment to come out and express naturally. I feel that poetry is the best media to express my emotions and feelings. I wish to interact with others through the use of interesting and unique words in the form of poetry. I become mentally satisfied only after completing the poem. According to me whatever I know and feel, should be communicated with others and for this the apt medium is poetry. 


Why do you read poems if you read poems at  all? 
To satisfy my soul. The poet has a characteristic way of expressing his/her feelings through the words of poetry. I try to grasp the theme of the poems entering through his/her words. Sometimes I try to learn the art of expressing the feelings adopted by the poet. Often, the poet expresses an ordinary thing in an extraordinary way. I love it and wish to feel like the poet. Poetry, at first, gives us pleasure and then unveils the truth lying within. It also contains hidden messages in complex imagery, but with a meaningful philosophy. Its language is vibrant, charged, intensified and sophisticated.


What type of poems do you like best? 
Eco –(Ecology) poems. Because this is the need of the hour. So far we have given sufficient space for the natural poems. Now it is time for eco (green) poetry, which is a form of applied literature. Uptil now our earth has already passed the 5th phase of mass extinction (ME). Such extinction wipes out about 75% of the plant and animal kingdom. At the moment the earth is passing through the 6th ME. Scientists have speculated that this destruction has increased from 1000 to 10 thousand times. Due to this, many species of the plant and animal kingdom are dying. 

What is the reason behind ? The reason behind is apparently the anthropocentric activities. About 99% of the environmental destruction is man-made. Human beings have forgotten that this earth is not only for them but also other creatures as well. The ants, caterpillars, fishes have equal right for existence on this earth as that of elephants, whales and anthropoids. The present situation of the earth is absolutely alarming akin to that of a patient facing multiple organ failure. . Therefore, the mass people have to realise this crisis. Thus, ecopoetry is an effective medium to make the issue understandable for the common people.  Presently, environmental science has been taught in schools and colleges as a subject. But the students read it only to score in their exams and no practical application seems to have taken place thereafter. Therefore, initiation has to be taken to educate one and all about the present happenings. The matter, thus taught, ought to penetrate the subconscious level of the mind so as to remain there permanently.  This will definitely reflect in their thoughts and actions to save our mother earth.


What is your opinion on contemporary Assamese poetry? 
Contemporary Assamese poetry reflects progressive thinking. Assamese poetry is growing and flourishing well. The famous poet, Mr Nilim Kumar had once said somewhere that there are only 200 serious poets in Assam, the others being non-poets -- this statement was vehemently criticized. However, I go with the observations of the great literary person, Late Homen Borgohain. He said that in a forest there are big as well as small trees. The contribution of small trees/bushes are also significant in making the forestry green and beautiful. In the context of Assamese poetry, the contributions of the budding, unrecognized poets are also equally important. 


Do you have any suggestion for the young poets today? 
They should focus more on Eco–poems because it is the need of the hour considering the reasons mentioned above.

Deben Sapcota is a poet and writer, based in Guwahati, Assam, who writes in Nepali language. He has one collection of ecopoems to his credit.

মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ কবিতা পঢ়োঁ

শঙ্কৰ শইকীয়া

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ? 
‘শিক্ষিত’ শব্দটোৰ অৰ্থ বৰ বিশাল। শিক্ষিত মানুহৰ চিন্তা-চেতনা, বোধ, উপলব্ধি, সমাজ তথা ৰাষ্ট্ৰ সম্পৰ্কে ধাৰণা, মানুহৰ লগত ইয়াৰ সম্পৰ্ক, সমাজ তথা ৰাষ্ট্ৰৰ নাগৰিকৰ প্ৰতি দায়িত্ব তথা নাগৰিকৰো সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব,  সামাজিক বৈষম্য সন্দৰ্ভত দৃষ্টিভংগী, মূল্যবোধ, সৰ্বোপৰি আৰ্থ-ৰাজনৈতিক-সামাজিক চেতনা আদি অলেখ বিষয়ত ব্যক্তি এজনৰ ধাৰণাৰ ওপৰত ’শিক্ষিত’ শব্দটোৰ পৰিমাপ নিৰূপিত হয়। সেই পিনৰ পৰা ক'বলৈ গ'লে—মই এজন অৰ্দ্ধ-সাক্ষৰ, যিজনে এজন শিক্ষিত মানুহ হ'বৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আছোঁ । কবিতাৰ সৈতে মোৰ সম্পৰ্কটো—এটা জীৱন্ত শৰীৰৰ সৈতে শ্বাস-প্ৰশ্বাস আৰু ৰক্ত-প্ৰৱাহৰ সৈতে যি সম্পৰ্ক থাকে—সেই সম্পৰ্ক। 


আপুনি কবিতা কিয় পঢ়ে?
পৃথিৱীৰ লগতে জীৱন আৰু জগতক চাবলৈ, বুজিবলৈ, ইবোৰৰ সৌন্দৰ্য উপলব্ধি কৰিবলৈ, বোধ আৰু চেতনাৰে আত্মস্থ হ'বলৈ, ভাষাৰ কালিকাৰ মাজত বুৰ গৈ জাতিটোক চিনিবলৈ, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ লগত চিনাকি হ'বলৈ কবিতা পঢ়োঁ। সৰ্বোপৰি, মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ কবিতা পঢ়োঁ। কবিতা যে জীৱনৰ নিৰ্যাস। 


কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
যিবোৰ কবিতাই মানুহক মানুহৰ অধিকাৰ, আত্মসন্মানবোধ, আত্মচেতনা জগোৱাৰ লগতে দেশ আৰু জাতিক ভাল পাবলৈ শিকায়, পৃথিৱীৰ প্ৰতিজন নিৰ্যাতিত, লাঞ্ছিত, বঞ্চিত, শোষিত মানুহৰ লগত আত্মীয়তা অনুভৱ কৰিবলৈ উদগনি দিয়ে, তেওঁলোকৰ অধিকাৰৰ সংগ্ৰামৰ লগত একাত্ম হ'বলৈ উদ্বুদ্ধ কৰে, পৃথিৱীৰ প্ৰতিটো পৰাধীন জাতি আৰু জনসাধাৰণৰ মুক্তিৰ সংগ্ৰামক নিজৰ সংগ্ৰাম বুলি ভাবিবলৈ প্ৰেৰণা যোগায়—মানুহক অমৃতৰ সন্তান বুলি চাবলৈ শিকায়—তেনেবোৰ কবিতা পঢ়ি তৃপ্তি লাভ কৰোঁ। 


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
এইটো এটা অতি পুৰণি প্ৰশ্ন। চৰ্যাপদ, "অপ্ৰমাদী কবি মাধৱ কন্দলী"ৰপৰা শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱকে প্ৰমুখ্য কৰি থকা কাব্য সাহিত্যৰ সোণোৱালী সময়;  ১৮৩৬ চনত অসমীয়া ভাষা হেৰোৱাৰ পিছত মন নাভাঙি এঘঁড়ী যুঁজিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কবিতা হ'লেও হওক নহ'লেও নহওক বুলি লিখা কবিতাৰ পিছত কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা পোৱাৰ পিছত, দৃঢ়তাৰে ক'ব পাৰোঁ— সাম্প্ৰতিক অসমীয়া কবিতাই পৃথিৱীৰ যিকোনো উন্নত মানৰ কবিতাৰ সৈতে সন্দেহাতীতভাবে দৃঢ়তাৰে বাট বুলিব পাৰিছে। কেৱল যদিহে চৰকাৰে অসমীয়া ভাষাটোৰ প্ৰতি যেনেধৰণৰ অনীহা দেখুৱাইছে—জ্ঞানপীঠ বঁটা পাওঁতে কবি নীলমণি ফুকন ছাৰে মুখ্য মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিল—ভাষাটো নেৰিবা, ভাষা  হেৰালে মাত হেৰাব, মাত হেৰালে মাটি হেৰাব—সেই আশংকা যদি বাস্তৱায়িত হয়—তেনেহ'লে অসমীয়া কবিতা, ভাষা আৰু জাতি অহা দিনত বিলুপ্ত হ'ব!  


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলক আহ্বান জনাব পৰা অৰ্হতা আৰু যোগ্যতা দুয়োটাই মোৰ নাই! কেৱল যোৱা প্ৰায় আঢ়ৈকুৰি বছৰ ধৰি কবিতাক বুজিবলৈ আৰু কবিতা লিখিবলৈ সামৰ্থ্য অনুসৰি যি অনুশীলন কৰি আছোঁ—সেই অভিজ্ঞতাৰে অসমৰ কবিসকলক এজন সামান্য সহযাত্ৰী হিচাপে বিনম্ৰ অনুৰোধ জনাই ক'ব পাৰোঁ—অসমীয়া ভাষাটো অতি শুৱলা আৰু সুৰীয়া। অসমীয়া ভাষাৰ কালিকা প্ৰতিজন কবিয়ে অনুধাৱন কৰা উচিত, যিহেতু ভাষাৰে কবিতা লিখা হয় আৰু ভাষা শব্দৰ সমষ্টি। এনেক্ষেত্ৰত প্ৰতিজন কবিয়ে ভাষাটোৰ শব্দ সঠিক আৰু শুদ্ধভাবে প্ৰয়োগ কৰাৰ প্ৰতি দায়বদ্ধ হ'বই লাগিব। অৰ্থাৎ ভাষাটো গভীৰভাৱে ভাল পাব লাগিব। তেহে প্ৰতিজন কবিয়ে একোটা নিজা কাব্যভাষা নিৰ্মাণ কৰিব।

দ্বিতীয়তে, প্ৰতিজন কবিয়েই নিজে বাস কৰা আৰু চৌপাশৰ সমসাময়িক সমাজ, দেশ, দেশৰ ইতিহাস, আৰ্থ-ৰাজনীতি, সমসাময়িক বিশ্বৰ গতিধাৰা সম্পৰ্কে অৱগত হ'ব লাগিব। কাৰণ, কবি বিচ্ছিন্ন দ্বীপ নহয়—সমাজৰ এজন। কবিতা সমাজৰ প্ৰতিবিম্ব। মনত ৰখা উচিত—সমাজৰ অৰ্থ–ব্যক্তিৰ পৰা বিশ্বচৰাচৰলৈ ব্যাপ্ত হৈ আছে। আৰু বিশ্বচৰাচৰৰ বিস্তৃতি ধূলিকণাৰ পৰা চিন্তা আৰু চেতনাই ঢুকি পোৱা দিগন্তই অকল নহয়—তাৰো সিপাৰলৈ পৰিব্যাপ্ত হৈ আছে। কবি বৰ্তমানত থাকিও ভৱিষ্যতলৈ চাব পৰিব লাগিব। সুমেৰুত থাকিও কুমেৰুৰে নিজকে জড়িত কৰিব লাগিব। কবিৰ কৰ্তব্য হ'ল—দেশ আৰু দহৰ কল্যাণৰ বাবে, উন্নততৰ সাংস্কৃতিক, মানৱীয় মূল্যবোধসম্পন্ন সমাজ গঢ়াৰ বাবে নিজৰ সৃষ্টি উৎসৰ্গা কৰা, যাতে নিষ্ঠুৰ ব্যাধৰ শৰত বিদ্ধ ক্ৰৌঞ্চ চৰাইহালিৰ সমবেদনাৰে দগ্ধ হৈ বাল্মিকীৰ দৰে ৰক্তৰঞ্জিত হৃদয়েৰে কৰিব পাৰে মহৎ সৃষ্টি।

শঙ্কৰ শইকীয়া এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক। কামৰূপ দদৰা নিবাসী শইকীয়াৰ দুখন কবিতা-সংকলন প্ৰকাশ পাইছে। তেওঁ উপনিবেশৰ কবিতা নামৰ এখন কবিতা-আলোচনীও সম্পাদনা কৰিছিল।

প্ৰেম আৰু বিদ্ৰোহৰ কবিতাই মোৰ আত্মাক তৃপ্তি দিয়ে

তুলিকা চেতিয়া য়েইন

তুলিকা চেতিয়া য়েইন
তুলিকা চেতিয়া য়েইন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?
কবিতাৰ সৈতে শিক্ষিত বা অশিক্ষিতৰ প্ৰশ্ন নাহে। এজন চহা ব্যক্তিৰ বুকুৰ মাজুলীতো ৰু-ৰুৱাই বাজি থাকে কবিতাৰ আমোঘ গুঞ্জন। প্ৰতিজন মানুহেই আচলতে কবি। কবিতাৰ সৈতে প্ৰতিজন মানুহৰ আশৈশৱ চিনাকি। আধাফুটা মাতেৰেও, ‘জেক এণ্ড জিল, ওৱেণ্ট আপ টু দ্য হিল’, অথবা ‘কুঁহিপাত কুমলীয়া গছৰ আগত/কুঁহিপাঠ কুমলীয়া আমাৰ হাতত’ আমি পঢ়োঁ। আখৰ চিনি পোৱাৰ আগতেই আমাৰ জিভাত কবিতাৰ আখৈ ফুটে। আজিওতো আমাৰ বয়সৰ সকলোৰে মনত আছে— ‘নিচিনো তোমাক ক'ত আছা প্ৰভু/আমি অতি সৰু ল'ৰা/চিঞৰি চিঞৰি মাতিলে তোমাক/নামাতা দূৰৰপৰা...’ অথবা ‘তিনি বৰণীয়া জাতীয় পতাকা/নীল আকাশত নাচে।’ কবিতাইহে আমাক শিক্ষিত কৰে। শিক্ষাৰ পোহৰৰ বাটটোলৈ কবিতাই আমাক আঙুলিত ধৰি লৈ যায়। কবিতাই খুলি দিয়ে জ্ঞানৰ সোপাণ, প্ৰজ্ঞাৰ পথ। আন্ধাৰৰ কাল যৱনিকা ভেদি পোহৰৰ দিশলৈ মোৰ যি যাত্ৰা, সেই যাত্ৰাৰ মূল সুঁতিটোৱেই কবিতা। সেযে কবিতা মোৰ আত্মাৰ আত্মাত থিতাপি লোৱা এজোপা বটবৃক্ষ।


আপুনি কবিতা কিয় পঢ়ে?
মোৰ মনৰ মাজত উদ্বেলিত হোৱা হেজাৰটা জোঁৱাৰ-ভাটাক প্ৰশমিত কৰিবৰ বাবে মই কবিতা পঢ়োঁ।
      

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
মোৰ চাৰিওফালে থকা অগণিত জনতাই মোক কবি বুলি কয়। মই মানি নলওঁ। কিন্তু 'কবিতা' মোৰ প্ৰাণ আৰু আত্মা। মোৰ জীৱনৰ সূক্ষ্মতমৰো সূক্ষ্ম অনুভূতি। কবিতাৰ ডেউকাত উঠি মই প্ৰেমৰপৰা যন্ত্ৰণালৈ, মৃত্যুৰপৰা জীৱনলৈ, টোপনিৰপৰা সপোনলৈ অনন্ত যাত্ৰা কৰোঁ। সেয়ে কবিতাই হৈ পৰে মোৰ জীৱন। শব্দৰ সৈতে কটাওঁ বহু অন্তৰংগ মুহূৰ্ত।

কবিতাৰ বাবেই মই দুহাত প্ৰসাৰিত কৰি দিওঁ পূবাকাশৰ আৰক্তিম সূৰ্যৰ ফালে। কবিতাৰ বাবে উদযাপন কৰোঁ মোৰ জীৱনৰ প্ৰতিটো দিন— প্ৰতিটো ৰাতি, পল-অনুপল। কবিতাই মোৰ বাবে কঢ়িয়াই আনে হৰ্ষ আৰু বিষাদৰ জোনাক। কবিতাৰ বাবেই মই জী উঠোঁ আৰু প্ৰেম মোৰ বাবে এক প্ৰাৰ্থনা । মোৰ প্ৰাৰ্থনাই মোৰ কবিতা। প্ৰেম আছে বাবেই মোৰ বুকুত বিদ্ৰোহ আছে। সেয়ে প্ৰেম আৰু বিদ্ৰোহৰ কবিতাই মোৰ আত্মাক তৃপ্তি দিয়ে।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
চিৰপ্ৰৱহমান এখন নদীৰ দৰেই অসমীয়া কবিতাই গতি কৰি আছে। কেতিয়াবা ফল্গুৰ ৰূপ নোলোৱা নহয়। কেতিয়াবা ঠিকনা হেৰুৱাই পেলোৱা অশৰীৰি ছাঁ এটাও হৈ পৰে সাম্প্ৰতিক অসমীয়া কবিতা। কিন্তু নিৰৱধি বৈ আছে শব্দৰ নৈ। ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ গতিধাৰা যদি আমি লক্ষ্য কৰোঁ তাৰ তুলনাত অসমীয়া কবিতা সাৰুৱা৷
   

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
সততে এটা বদনাম শুনা যায়, কবিসকলে অধ্যয়ন নকৰে। আংশিক সঁচা কথা। প্ৰথম কথাটো হ'ল অধ্যয়ন অবিহনে নিটোল কবিতা নিৰ্মাণ কৰা সহজ নহয়। অধ্যয়নৰ অবিহনে যিদৰে কবিতা নিৰ্মাণ কৰা সহজ নহয়, একেদৰেই অভিযাত্ৰী নহ'লে আপুনি লিখিব নোৱাৰে। সেয়ে অধ্যয়ন আৰু ভ্ৰমণে কবিৰ শব্দৰ মেটমৰা ভড়াল সমৃদ্ধ কৰিব।

দ্বিতীয়তে, বহু কবিয়ে আৰ ছিগা চুলি তাৰ ছিগা চুলিৰে নেঘেৰী খোপা বন্ধাৰ আখৰা কৰে। ব্যক্তিগতভাৱে লক্ষ্য কৰিছোঁ, ফেচবুকত দিয়া মোৰ কেপশ্যনবোৰো বহুজনেই চুৰ কৰি কবিতা লিখে। এটা কথা মনত ৰখা ভাল— কেইশাৰীমান চুটি বাক্য অথবা দুৰ্বোধ্য শব্দ একগোট কৰিলেই কবিতা নহয়। কবিতাত জীৱন থাকে। কবিতাত প্ৰাণ থাকে। কবিতাত এটা কাহিনী থাকে। কবিতা এটাৰ মাজত এখন উপন্যাস শুই থাকে নীৰৱে।

সেয়ে কবিতাৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। মই আন্তৰিকতাৰে বিশ্বাস কৰোঁ, প্ৰতিজন মানুহৰ বুকুৰ মাজুলীত এজন কবিয়ে আলফুলে বিচৰণ কৰে, কিন্তু তাৰ মানে এইটো নহয় যে প্ৰতিজন মানুহেই কবি।

তেজৰ নৈত যি স্নান কৰি পোৱা নাই, অগ্নিয়ে যাক দাহন কৰা নাই, ষ্টেনগানৰ হিমশীতল নলীয়ে যাৰ কণ্ঠত এবাৰো স্পৰ্শ কৰা নাই, তেওঁ কিদৰে বিপ্লৱৰ কবিতা লিখিব?

প্ৰেমৰ যন্ত্ৰণাত যি শুই বিনিদ্ৰ নিশা যাপন কৰা নাই তেওঁৰ বাবে প্ৰেমৰ কবিতাৰ কি মূল্য আছে? ফুল-তৰা-পখিলা, সপ্তসুৰৰ কল্পনাৰ পৃথিৱীখন বেলেগ। মখমলৰ কাৰ্পেটত ভৰি থৈ খোজ কঢ়া জনে তামৰঙী পৃথিৱীৰ কবিতা লিখাটো এটা বিলাস। যান্ত্ৰণা, প্ৰেম, বিদ্ৰোহ বিলাসিতা হ'ব পাৰে জানো?

অগ্নিস্নান নকৰিলে অগ্নিৰ দাহনৰ কথা লিখিবলৈ যোৱাটো বাতুলতা মাত্ৰ। গল্প বা উপন্যাস লিখাটো সহজ। কিন্তু কবিতা লিখা সহজ নহয়। জীৱনৰ পৰা অভিজ্ঞতা আহৰণ কৰক। চকুৰ পানীৰে কবিতা লিখক—আপোনাৰ দেহৰ প্ৰতি টোপাল তেজ আৰু ঘামেৰে কবিতা লিখক। তেতিয়াহে প্ৰকৃতাৰ্থত এটা কবিতা হ'ব।

তুলিকা চেতিয়া য়েইন এগৰাকী কবি, ঔপন্যাসিক আৰু লেখক।  মৌনতাৰ আত্মপাঠ; আকাশ নথকা ৰাতি আৰু স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা তেওঁৰ কবিতা-সংকলন৷ ২੦১৮ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় তথাগত সৃজন সন্মান আৰু ২੦১৯ চনত বিহাৰ হিন্দী সাহিত্য সভাৰ ‘শতাব্দী বঁটা’ লাভ কৰে৷ আকাশৱাণী ডিব্ৰুগড়ৰ সাহিত্য কানন অনুষ্ঠানত তেওঁ নিয়মীয়াকৈ অংশগ্ৰহণ কৰি আহিছে৷

Poem of Love

Hiren Bhattacharya

What burns in my heart!
My woes, my joys
What keeps it widening more!

Within my feelings
The buzz of your love
Burns so briskly
That its ashes overfill
The inner and outer spaces of my heart.

Perhaps your cheeky love
Shall slowly burn me down into ashes.

Translated by Krishna Dulal Barua

Hiren Bhattacharya (b.1932-d.2012) was an Assamese poet and lyricist best known for his lyric poems.

Krishna Dulal Barua is a prominent translator and writer based in Nagaon, Assam. He received the Katha Award for translation in 2005.

Click here for the original Assamese poem.

পাঠক এজন কবিগৰাকীৰ দৰে শব্দ-চহকী নহ’বও পাৰে

ৰেজাউল কৰিম

ৰেজাউল কৰিম
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা?
মোৰ শিক্ষাৰ ক্ষেত্ৰখন আছিল পশু চিকিৎসা আৰু পশুপালন। সাহিত্যৰ ক্ষেত্ৰতকৈ অলপ বেলেগ। গতিকে কলেজত পঢ়ি থকা সময়ত কবিতা-চৰ্চা বৰকৈ হোৱা নাছিল। কিন্তু সাহিত্যৰ প্ৰতি দুৰ্বলতা আছিল কাৰণে সময়ৰ ফাঁকে-ফাঁকে সাহিত্য-চৰ্চা কৰিছিলোঁ।  সঁচা ক’বলৈ গ'লে তেতিয়া কবিতা-চৰ্চা কৰা নাছিলোঁ। কবিতাক দুৰ্বোধ্য যেন লাগিছিল। পৰৱৰ্তী সময়ত হীৰেন ভট্টাচাৰ্যৰ কবিতাই আকৰ্ষণ কৰিছিল। তেওঁৰ কবিতাবোৰ পঢ়িলে মন ভৰি গৈছিল। আজিও সেই আকৰ্ষণতে কবিতা পঢ়োঁ। 

কবিতাৰ সৈতে সম্পৰ্কৰ কথা ক'লে খুব সহজতে সঠিক উত্তৰ নিজেই দিব নোৱাৰোঁ। কাৰণ মই দেশী-বিদেশী বিখ্যাত কবিসকলৰ কবিতা বৰ বেছি পঢ়া নাই। কিন্তু যি সকল কবিৰ কবিতা পঢ়ি  ভাল পাইছোঁ সেই দিশৰ পৰা ক'বলৈ গ'লে কবিতাৰ সৈতে মোৰ সম্পৰ্ক নতুন সঙ্গীৰ দৰে। এই আকৰ্ষণতে নিজেও কবিতা লিখিবলৈ চেষ্টা কৰিছোঁ। কবিতাৰ মাজেৰে মই সমতাৰ কথা ক'ব বিচাৰোঁ। মানুহৰ হৃদয়ৰ কথা ক'ব বিচাৰোঁ।কবিতাই মোৰ মনৰ খোৰাক দিয়ে।


আপুনি কবিতা কিয় পঢ়ে ?
অনেক কবিতাই মনৰ ক্ষুধা নিবাৰণ কৰে। গতিকে সেই ভোক নিবাৰণ কৰা কবিতা বিচাৰি ফুৰোঁ। সাহিত্য-চৰ্চাত কবিতা পঢ়া বা লিখাটো মোৰ প্ৰাথমিক ক্ষেত্ৰ নহয়। মোৰ সীমিত অধ্যয়নেৰে মই ভাল পোৱা কবি সকলৰ কবিতা পঢ়ি তেওঁলোকৰ চিন্তা শক্তিৰ গভীৰতা উপলব্ধি কৰোঁ আৰু মানসিক ভাবে  তেওঁলোকৰ ওচৰ চাপি যাওঁ। অৱশ্যে মই নতুন কবি সকলৰ কবিতাও মাজে-মাজে পঢ়োঁ। মনৰ খোৰাক পালে আকৰ্ষণ অনুভৱ কৰোঁ। এটা কথা ঠিক যে কেৱল সময় পাৰ কৰিবলৈ মই কবিতা নপঢ়োঁ। 


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
বিষয়বস্তু হিচাপে চাব গ'লে মই সাধাৰণ মানুহৰ জীৱন যাত্ৰা, সমসাময়িক পৰিস্থিতি আৰু অন্যায়ৰ বিৰুদ্ধে তথা সমতাৰ কথা কোৱা প্ৰতিবাদ ধৰ্মী কবিতা ভাল পাওঁ। আনহাতে প্ৰকাশভংগীৰ দিশৰ পৰা চাব গ'লে মই শুৱলা শব্দৰ সুনিপুণ গাঁথনিৰ কবিতা পঢ়ি তৃপ্তি পাওঁ। টান শব্দৰ মধুৰ গাঁথনি থাকিলেও তেনে কবিতা বেছি ভাল নাপাওঁ। মোৰ বোধেৰে পাঠকে সহজে বুজি পোৱা কবিতাই কবিৰ সৈতে একাত্ম কৰে আৰু কবিতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে। পাঠক এজন কবিগৰাকীৰ দৰে শব্দ-চহকী নহ’বও পাৰে। গতিকে তেওঁ নিৰাশ হ'ব পাৰে। 


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
কবিতা-চৰ্চাৰ ক্ষেত্ৰত মই নবীন। আনকি অনেক প্ৰতিষ্ঠিত কবিৰ ভাল কবিতা কিছুমানো মই পঢ়া নাই। তথাপি এনে লাগে যে সামাজিক মাধ্যমত কবিতা-চৰ্চা হোৱা কাৰণে অনেক প্ৰতিভাসম্পন্ন কবিয়ে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছে। কিন্তু প্ৰতিষ্ঠিত কবিসকলৰ কবিতা পঢ়িবলৈ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। নতুন কবি যিমান ওলাইছে সেই অনুপাতে ভাল কবিতা খুব বেছি সৃষ্টি হোৱা নাই যেন লাগে। নীলমণি ফুকন ছাৰে জ্ঞানপীঠ বটা পোৱাৰ পাছত অসমৰ কবিতাই ভাৰতত বিশেষ মাত্ৰা পাইছে। মোৰ দৃষ্টিত নীলমণি ফুকন ছাৰৰ কবিতাবোৰ টান। তেওঁৰ কবিতাৰ প্ৰতিটো শাৰীত কেতিয়াবা একোটা ঘটনা বা কাহিনী সোমাই থাকে। প্ৰতিষ্ঠিত কবি সকলৰ বাহিৰে নতুন চামৰ মাজত সাগৰতলিৰ শংখ বিচৰা ধৰণৰ খুব গভীৰ চিন্তাৰ কবিতা প্ৰকাশ পোৱা দেখা নাই।  হয়তো মোৰহে দৃষ্টি গোচৰ হোৱা নাই। 

অসমৰ সাম্প্ৰতিক পৰিৱেশ খুব উৎসাহজনক নহয়। জাতি-মাটিৰ বাবে এইটো সংকটকাল বুলি ভাবোঁ। কবিতা যিহেতু জনমত সৃষ্টি কৰিব পৰা শক্তিশালী মাধ্যম তেনেক্ষেত্ৰত সাম্প্ৰতিক কালৰ অসমীয়া কবিতা কিছু নিস্তেজ যেন লাগে। এটা উদাহৰণ দিব খুজিছোঁ। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম ভাৰত উপমহাদেশৰ এজন শক্তিশালী সাম্যবাদী আদৰ্শৰ কবি। তেওঁৰ ‘বিদ্ৰোহী’ কবিতা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। সেই কবিতাটোৰ শতবৰ্ষ যোৱা বছৰ হৈ গ'ল। গোটেই পৃথিৱীৰ বাঙালী মানুহে বিভিন্ন দেশত ধুমধামেৰে ‘বিদ্ৰোহী’ কবিতাৰ শতবৰ্ষ উদযাপন কৰিছে। ‘বিদ্ৰোহী’ কবিতাটোক কেন্দ্ৰ কৰি পশ্চিম বংগত দুখন গ্ৰন্থ প্ৰকাশ হৈছে বুলি জানো।বিদ্ৰোহী কবি কাজী নজৰুল ইছলামক বাংলাদেশে জাতীয় কবিৰ মৰ্যাদা দি বাংলাদেশলৈ লৈ গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা নজৰুল ইছলামৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এতিয়া কথা হৈছে আমাৰ চুবুৰীয়া ৰাজ্যত সেই নজৰুলৰ কবিতাৰ শতবৰ্ষ উদযাপন কৰা হ'ল। নজৰুলৰ কবিতা এতিয়াও প্ৰতিবাদৰ ভাষা হৈ আছে। অসমত এনে ঘটনা ঘটা নাই।  অথচ অসমতো অগ্নি কবি আছে। গতিকে অসমত কবিতাৰ প্ৰাণটো কেনে অৱস্থাত আছে অনুভৱ কৰিব পাৰি।


কবি সকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
মোৰ আহ্বান এটাই। জাতিৰ সংকট কালত আপোনালোক নিৰ্বাক জনতাৰ শক্তিশালী কণ্ঠ হওক। সামগ্ৰীকভাৱে আপোনালোকে সাধাৰণ মানুহক প্ৰতিনিধিত্ব কৰক। কবিতা অমৰ হৈ ৰ'ব।

Rezaul Karim, retired as Special Officer, Planning (Deputy Director), Animal Husbandry and Veterinary Department, Assam, is a columnist and writer of Assam. He has several books in Assamese to his credit.