কবিতাৰ মাজত জীৱনক লাভ কৰিব পাৰি

শশীকান্ত শইকীয়া

শশীকান্ত শইকীয়া
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?
সাহিত্য আৰু কবিতা এই দুয়োটাৰে স'তে মোৰ এক আত্মিক সম্পৰ্ক আছে। স্কুলীয়া দিনৰ পৰা পদ্য আবৃত্তি কৰিছিলোঁ, পদ্য বা কবিতাৰ স'তে সম্পৰ্ক গঢ়ি তুলিছিলোঁ। বিভিন্ন আবৃত্তি প্ৰতিযোগিতাসমূহত যোগদান কৰি স্কুলীয়া দিনতে কবিতা, পদ্য আদিৰ প্ৰেমত পৰিছিলোঁ। সেই ধাৰা এতিয়াও আছে আৰু কবিতাৰ স'তে সম্পৰ্ক ছেদ হোৱা নাই। কাকত-আলোচনীত প্ৰকাশিত কবিতাৰ লগতে নতুনকৈ প্ৰকাশিত হোৱা কবিতাপুথি পালে সংগ্ৰহ কৰোঁ আৰু পঢ়োঁ। কবিতাই জীৱনৰ বহু অভিজ্ঞতা জনা আৰু বুজাত সহায় কৰে। কবিতাত সমাজ আৰু সংস্কৃতিৰ একো একোখন ছবি ফুটি উঠে। জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ কবিতাৰ মাজত সোমাই পৰোঁ। আজৰি সময়খিনিত দেশ-বিদেশৰ কবিতাৰ উপৰি অসমীয়া কবিতা পঢ়োঁ। কবিতাৰ স'তে সম্পৰ্ক গঢ়ি তোলাৰ আন এটা কাৰণ হ'ল কবিতাই বহুমুখী চিন্তা-চেতনা জাগ্ৰত কৰে। কবিসকলে ব্যৱহাৰ কৰা বিভিন্ন চিত্ৰকল্প, প্ৰতীক, আংগিক, কবিতাৰ নিৰ্মাণ ইত্যাদি বিষয়বোৰ গভীৰভাবে জানিবলৈ আৰু বুজিবলৈ কবিতাৰ জগতত প্ৰৱেশৰ চেষ্টা কৰোঁ। মই ভাবোঁ, জীৱনৰ অভিজ্ঞতাসমূহ লাভ কৰিবলৈ হ'লে কবিতা অধ্যয়ন কৰাটো অতীব প্ৰয়োজন। কাৰণ কবিতাৰ মাজত জীৱনক লাভ কৰিব পাৰি। কবিসকলে বিভিন্ন উপায়েৰে তেনে অভিজ্ঞতাসমূহ ভিন ভিন দৃষ্টিকোণৰ পৰা লিপিবদ্ধ কৰে।    


আপুনি কবিতা কিয় পঢ়ে?
কবিতাৰ স'তে মোৰ আৱেগিক সম্পৰ্ক আছে। কবিতা মানুহৰ জীৱনৰ সমালোচনা, জীৱন অধ্যয়ন আৰু জীৱনৰ গতি। কবিতাই প্ৰেম, আনন্দ, নিৰানন্দ, দুখ, ক্ষোভ, হতাশা, নিৰাশা, আশা, আকাংক্ষা ইত্যাদি সামৰি লয়। নিজৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু কবিসকলে কবিতাৰ মাধ্যমত ফুটাই তোলা জীৱনৰ ছবিসমূহ অনুভৱ কৰিবলৈ মই কবিতা পঢ়োঁ। ভাষা মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় যদিও কবিতাৰ ভাষা এক সুকীয়া। কবিতাৰ সৃষ্টিশীলতা, কবিতাৰ কৌশল প্ৰকৃতাৰ্থতে মানুহৰ জীৱনৰ স'তে সংযোগ হৈ থকা এক কলা। কবিসকলে শব্দ ব্যৱহাৰত সদায় সজাগ আৰু সচেতন হয়। সেয়ে কবিতা অধ্যয়ন কৰিলে শব্দ, বাক্যৰ ভঁড়াল চহকী কৰিব পাৰি। কবিতাৰ যোগেদিয়ে মানুহৰ জীৱনৰ প্ৰতিফলন ঘটে আৰু নিজক কবিতাৰ মাজত বিচাৰি উলিওৱাত সহজ হয়। জীৱনৰ যন্ত্ৰণা, জটিলতা, সমাজ আৰু সংস্কৃতিৰ অস্তিত্ব, আত্ম চিন্তা, আত্ম বিশ্লেষণ ইত্যাদি কবিতাৰ মাজত লাভ কৰিব পাৰি। গুৰুত্বপূৰ্ণ কথা হ'ল কবিতাৰ ছন্দময় প্ৰৱাহ আৰু সংগীতময়তা, নান্দনিক সৌন্দৰ্যই মানুহৰ জীৱন পৰিক্ৰমাত জীৱন সম্পৰ্কে বুজাত যথেষ্ট সহায় কৰে। সৌন্দৰ্যৰ সূক্ষ্ম অনুভূতি, জীৱন শিল্পৰ অভিজ্ঞতা আৰু লিখা, পঢ়া ইত্যাদি কামৰ মাজত এক অনাবিল মনোৰঞ্জন লাভৰ বাবে কবিতা পঢ়োঁ। কবিতাই মানুহৰ মন বহল কৰিব পাৰে, দিগন্তব্যাপি মন-মগজুৰ সীমা বৃদ্ধি হ'ব পাৰে। কবিতাই মানুহৰ সৃষ্টিশীল কৰ্মক সদায় অনুপ্ৰাণিত কৰে আৰু কবিতা অধ্যয়নৰ যোগেদি সৃষ্টিশীল অনুভূতি, উপলব্ধি ইত্যাদি গভীৰভাবে ফুটি উঠে। কবিতা অধ্যয়নৰ যোগেদি মানুহৰ মনৰ উদ্ভাৱন শক্তি বৃদ্ধি হয়। এনে বহুবোৰ কাৰণত কবিতাক কলাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰি আহিছোঁ আৰু কবিতা যিমান পাৰোঁ সময় উলিয়াই পঢ়োঁ। কবিতা পঢ়াটো বা অধ্যয়ন কৰাটো সম্পূৰ্ণ ব্যক্তিগত কথা। কবিতা অধ্যয়ন, চৰ্চা ব্যক্তিগত হ'লেও মানুহৰ জীৱনৰ অন্বেষণ, জীৱনৰ অভিজ্ঞতা, আৱেগ, অনুভূতি, ভাষাৰ সৰলতা বোধগম্য হ'বৰ বাবেই কবিতা পঢ়োঁ।
      

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
সমসাময়িক জীৱন পদ্ধতিৰ ওপৰত থকা কবিতাসমূহ মই পঢ়িবলৈ চেষ্টা কৰোঁ। সমসাময়িক সমাজব্যৱস্থাক লৈ সৃষ্টি হোৱা কবিতাসমূহ আচলতে সমাজৰ একো-একোটা ইতিহাস। কবি, সাহিত্যিকসকলে কবিতাৰ যোগেদি সমসাময়িক সমাজখনৰ ইতিহাস লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰে। সমাজত ঘটি থকা বিভিন্ন জ্বলন্ত ঘটনাসমূহক লৈ সৃষ্টি কৰা কবিতাসমূহে মোক আকৰ্ষণ কৰে। কৰোণাৰ পটভূমিত লিপিবদ্ধ হোৱা কবিতাসমূহে যেনেদৰে মোক আকৰ্ষণ কৰিছিল ঠিক তেনেকৈ কা আন্দোলনৰ পটভূমিত ৰচিত কবিতাসমূহেও মোক কাষ চপাই নিছিল। ৰোমাণ্টিক কবিতাসমূহেও বহু ক্ষেত্ৰত মোক আকৰ্ষিত কৰে। প্ৰেম, ভালপোৱা, সৌন্দৰ্য, প্ৰকৃতি, কল্পনা, অনুভৱ, আৱেগ ইত্যাদি সৌন্দৰ্যৰে নিৰ্মাণ কৰা কবিতাসমূহে মোক বাৰুকৈ আকৰ্ষণ কৰি আহিছে। কৰোণাৰ বিভীষিকাৰ সময়ত লকডাউন তোমাৰ নাম  শিৰোনামৰ এখন কবিতা-পুথি এনেবোৰ কাৰণতে মই প্ৰকাশ কৰিছিলোঁ। বোধকৰোঁ লকডাউনক লৈ অসমৰ সাহিত্য-জগতত লকডাউন তোমাৰ নাম নামৰ কবিতা-পুথিখনেই প্ৰথমখন গ্ৰন্থ হিচাপে প্ৰকাশ পাইছিল।  


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া ভাষাত যথেষ্ট সংখ্যক কবিতাৰ সৃষ্টি হৈছে। কাকত, আলোচনী, গ্ৰন্থৰ উপৰি সামাজিক মাধ্যমত হাজাৰ হাজাৰ কবিতা প্ৰকাশ পোৱা দেখা গৈছে। দৈনিক কিমান কবিতা অসমৰ কাকত-আলোচনীত প্ৰকাশ হয় সেয়া হিচাপ নাথাকিলেও এই কবিতাসমূহত কবিতাৰ সৌন্দৰ্য প্ৰায়ে ফুটি উঠা পৰিলক্ষিত হৈছে। কবিতাৰ সংখ্যা বাঢ়িছে, কবিৰ সংখ্যা বাঢ়িছে, সেইদৰে কবিতা-গ্ৰন্থৰ চৰ্চা, আলোচনা বৃদ্ধি পোৱা নাই যেন বোধ হয়। একো একোজন জনপ্ৰিয় কবিৰ কবিতা-পুথিৰে বজাৰত ভাল চাহিদা নাই। সেই দিশেৰে অসমীয়া ভাষা-সাহিত্য যিদৰে চহকী হ'ব লাগিছিল, সেইদৰে চহকী হোৱা নাই যেন লাগে। অসমীয়া কবিতাই এতিয়াও বিশ্বৰ মানচিত্ৰত সঠিকভাবে খোজ পেলাবলৈ সক্ষম হোৱা নাই। ১৯১৩ চনতে বাংলা কবি, সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাংলা কবিতাপুথি গীতাঞ্জলীয়ে নোবেল বঁটা পাবলৈ সক্ষম হ'লেও অসমীয়া ভাষাৰ কবিতাই সেই স্থানলৈ এতিয়াও আগুৱাই যাব পৰা নাই। অসমীয়া কবিতা সৃষ্টি হৈছে আৰু একেদৰে সাম্প্ৰতিক সময়তো গীনিপিগৰ দৰে কেৱল পৰীক্ষা-নিৰীক্ষা চলি আছে। অসমীয়া কবিতা পৰীক্ষা-নিৰীক্ষাৰ মাজতে আৱদ্ধ হৈ আছে। কবিয়ে সামাজিক স্বীকৃতি পালেও অৰ্থনৈতিকভাবে স্বাৱলম্বী হ'ব নোৱাৰাত বহু কবিয়ে জীৱনৰ তাড়নাত কবিতাৰ সৃষ্টিৰ যন্ত্ৰণাৰ পৰা আঁতৰি অহা পৰিলক্ষিত হয়। বহু প্ৰতিষ্ঠিত কবিয়েও কবিতা লিখিবলৈ, সৃষ্টি কৰিবলৈ এৰি দিছে। কবিসকলক এটা সামাজিক স্বীকৃতি, অৰ্থনৈতিক নিৰাপত্তা দিলে আশা কৰিব পাৰি কবিসকলে বহু উৎসাহেৰে কবিতা সৃষ্টি কৰাত মনোনিৱেশ কৰিব। বহু জনপ্ৰিয় কবিৰ দীৰ্ঘকালীন ব্যৱধানৰ পিছতো কবিতাৰ সোৱাদ কবিতা-প্ৰেমীসকলে লাভ নকৰাটো তেনেবোৰ কাৰকে প্ৰভাৱ পেলোৱা বুলি নিশ্চিতভাবে ক'ব পাৰি।
   

কবিসকলৰ প্ৰতি আপোনাৰ কি আহবান?
কবিতাৰ স'তে, কবিতা সৃষ্টিৰ স'তে জড়িত থকা কবিসকলে সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে কবিতাৰ মান নিম্নগামী নকৰি সমসাময়িক জীৱনপ্ৰৱাহক সামৰি কবিতা সৃষ্টি কৰি যোৱা প্ৰয়োজন। কবিতা সহজবোধ্য হোৱা প্ৰয়োজন। সাধাৰণ পাঠকে কবিতা পঢ়িব কিয় যদি কবিতাটোৱে কি কৈছে সেয়া পাঠকজনে বুজি নাপায়। সকলো পাঠকলৈ দৃষ্টি দি কবিতা সৃষ্টি হোৱা প্ৰয়োজন।  সহজবোধ্য নোহোৱাৰ বাবে ভাল কবিতাপুথিও প্ৰচাৰৰ দিশত সীমাবদ্ধ হৈয়ে থাকে। কবিসকল ইতিহাসকাৰ। প্ৰথম বিশ্বযুদ্ধৰ সময়ত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেনেদৰে হাজাৰ হাজাৰ কবিতাৰ সৃষ্টি হৈছিল, মহামাৰী কলেৰা, বিভিন্ন যুদ্ধ-বিগ্ৰহৰ সময়ত, সমাজৰ মানৱীয় প্ৰমূল্য অৱক্ষয়ৰ মুহূৰ্তবোৰত যেনেদৰে কবিতাৰ সৃষ্টি হৈ আহিছে, তেনেদৰে সাম্প্ৰতিক সময়ৰ কবিসকলেও সমাজখনক পথ নিৰ্ণয় কৰি আগুৱাই নিবলৈকে কবিতা সৃষ্টি কৰা প্ৰয়োজন। সমাজেও কবি-সাহিত্যিকসকলক কবিতা বা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন। ইজৰাইলৰ কবি, সাহিত্যিক যোচেফ এগননক যেনেদৰে নোবেল বঁটা পোৱাৰ পূৰ্বে সমাজে এক সুষম পৰিৱেশ সৃষ্টি কৰি দিছিল ঠিক তেনেদৰে অসমৰ কবি, সাহিত্যিকসকলকো কবিতা, সাহিত্য সৃষ্টিৰ বাবে পৰিৱেশ সৃষ্টি কৰি দিয়াৰ প্ৰয়োজন। কবিসকলে সমাজৰ অৱক্ষয়ৰ প্ৰতিটো দিশ, ঘটনা লিপিবদ্ধ কৰি ৰখাটো প্ৰয়োজন বুলি ভাবোঁ। কবি, সাহিত্যিকসকলেই একো একোজন ইতিহাস ৰচোঁতা, সমাজৰ বুৰঞ্জী প্ৰণেতা। কবি, সাহিত্যিকসকলে সাম্প্ৰতিক সময়ৰ সমাজব্যৱস্থাৰ ঘটনাপ্ৰৱাহ লিপিবদ্ধ কৰি যদিহে নাৰাখে, তেন্তে সমাজৰ একো একোখন ছবি হয়তো হেৰাই যোৱাৰ সম্ভাৱনা থাকে।

শশীকান্তশইকীয়া এগৰাকী নিয়মীয়া স্তম্ভ লেখক, সাহিত্যিক, কবি আৰু সমাজ সংগঠক। ডি. এইচ এচ. কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা ড শইকীয়াই ইয়াৰ পূৰ্বে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। সাতাইছখনৰো অধিক গ্ৰন্থৰ প্ৰণেতা ড শইকীয়াৰ অধিকাংশ লেখাই জীৱনকেন্দ্ৰিক। ড শইকীয়াৰ ওৱেবছাইট: www.sashikantasaikia.com

Leave a Reply

Your email address will not be published. Required fields are marked *