নিজৰ কথাখিনি নিজৰ ধৰণেৰে ক’বলৈ মাতটো নিজৰ হোৱাটো প্ৰয়োজনীয়

হৰ্ষবৰ্দ্ধন

হৰ্ষবৰ্দ্ধন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
আমাৰ মতে সাহিত্যত শিক্ষিত বা অশিক্ষিতৰ ধাৰণাটো বহু পৰিমাণে আপেক্ষিক। এইক্ষেত্ৰত আমি অসমীয়া সংস্কৃতিলৈকে আঙুলিয়াব পাৰোঁ। আমাৰ লোকগীত (বিহুনাম আদি) চহা নিৰক্ষৰ কৃষকৰে সৃষ্টি। তেওঁলোকে প্ৰতীক, চিত্ৰকল্প আদিৰ তাত্ত্বিক কথাবোৰ কোনোদিনে অধ্যয়ন কৰা নাছিল, কিন্তু লোককবিতাত তাক বৰ সুন্দৰকৈ ব্যৱহাৰ কৰিব জানিছিল। সেয়েহে কবিতাৰ ক্ষেত্ৰত শিক্ষাৰ দিশটো আপেক্ষিক বুলি কৈছোঁ।

অৱশ্যে কবিতাৰ সৈতে আমাৰ সম্পৰ্ক বেছ নিবিড়। সেয়েহে কবিতা পঢ়ি তাৰ বিষয়ে আলোচনা কৰিয়েই আমি আটাইতকৈ বেছি আনন্দ পাওঁ। সৰুৰে পৰা কবিতা পঢ়া আৰু আবৃত্তি কৰাৰ চখ এটাই লগ লৈছিল। তেনেকৈয়ে আৰম্ভণি। পপুলাৰ জনাৰ অৰ্থাৎ প্ৰেমৰ কবিতা পঢ়িয়েই পঠনৰ এই যাত্ৰাৰ আৰম্ভণি কৰিছিলোঁ। বোধহয় কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ বাবে আৰু আমাৰ স্কুলখন ইংৰাজী মাধ্যমৰ আছিল বাবে ইংৰাজী, হিন্দী আৰু উৰ্দু সাহিত্যৰ প্ৰতি খুব সোনকালেই টান অনুভৱ কৰিছিলোঁ। চুবুৰীয়া বৰদেউতা (যাক আমি বৰ্তা বুলি কওঁ) তেখেতে আগ্ৰহী কৰিছিল বাংলা কবিতা পঢ়িবলৈ। সুকান্ত, জীবনানন্দ, শঙ্খ ঘোষ এইবোৰ সৰুতেই আমাৰ বাবে বেছ চিনাকি নাম আছিল। কোনোবাই এওঁলোকৰ বিষয়ে খুব গভীৰ আলোচনা কৰিলে ভাগ ল'ব নোৱাৰিলেও তেওঁলোকৰ দুই-এটা কবিতাৰ পংক্তি তেতিয়াই ফুটাবলৈ সক্ষম হৈছিলোঁ। এনেকৈয়ে মোৰ কবিতা পঠনৰ আৰম্ভণি। সি এতিয়াও চলি আছে অবিৰতভাৱে। মাত্ৰ ৰুচিৰ কিছু সালসলনি ঘটিছে।


আপুনি কবিতা কিয় পঢ়ে?
সাধাৰণ অৰ্থত ক'বলৈ গ'লে কবিতা পঢ়াটো প্ৰথমতে এটা চখ বা অভ্যাস আছিল, এতিয়া সি নিচা হৈ পৰিছে। এইবিষয়ে দকৈ কেতিয়াও ভাবি চোৱা হোৱা নাই। তথাপি সাম্প্ৰতিক সময়ৰ কঠিন বাস্তৱক কবিতাই যিধৰণেৰে পাঠকৰ বুকুত সংস্থাপিত কৰিব পাৰে তেনেদৰে আন সাহিত্যই নোৱাৰে। কবিতা পঢ়িলে আন এটা লাভ হয় কি যে ভাষাটো কিধৰণে ক’লৈ গতি কৰিছে, ভাষা এটাৰ assimilation কিধৰণে হৈছে তাৰ গতি-গোত্ৰ ধৰিব পৰা যায়। আনহাতে কবিতাই বহুসময়ত আপোনাক বিষয়বোৰ পাগুলিবলৈ আৰু চিন্তা কৰিবলৈ শিকায়। সাম্প্ৰতিক আমি সমালোচনা সাহিত্যৰ এজন আগ্ৰহী ছাত্ৰ। সেয়েহে কবিতা পঢ়াটো আৱশ্যক হৈ পৰে। আমাৰ কবিতা পঠনৰ ইও কিজানি এটা প্ৰধান কাৰণ।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
গভীৰ ৰাজনৈতিক কিম্বা সামাজিক বক্তব্য থকা, সাম্প্ৰতিক যুগটোৰ সমস্যাসমূহ (যেনে ধৰক আত্মকেন্দ্ৰিকতা, নৈতিক আদৰ্শ আৰু প্ৰমূল্যবোধৰ অৱক্ষয়, মহানগৰীয় জীৱনৰ সমস্যা) আদিক প্ৰতিফলিত কৰা, বাস্তৱিক জীৱনৰ সদৰ্থক বা নঞাৰ্থক দিশবোৰ মুকলিকৈ দেখুওৱা সৰলকৈ লিখা তৰলতা নথকা কবিতা পঢ়ি ভাল পাওঁ। সেইবোৰ কবিতা পঢ়ি ভাল পাওঁ যত উত্তৰ আধুনিকতা আৰু poetic licenseৰ দোহাই দি ফাগুনত ধান চপোৱা নহয় বা ব'হাগত শেৱালি ফুলোৱা নহয়। প্ৰতীক আৰু চিত্ৰকল্পৰ দোহাই দি প্ৰথম শাৰীৰ লগত দ্বিতীয় শাৰীৰ কোনো সম্পৰ্ক ৰক্ষা নকৰাকৈ এখন কাল্পনিক জগৎ আৰু ক্লীচ্ছেৰ সৃষ্টি কৰি পাঠকৰ সৈতে কাৰচাজী কৰা নহয়। মুঠতে যিবোৰ কবিতাৰ অৰ্থ বিচাৰি পাঠকে বেৰত মূৰ মাৰিবলগীয়া নহয় বা পাঠকে যিবোৰ কবিতাত একাত্ম বোধ কৰে, আমাৰ দৃষ্টিত সিয়েই ভাল কবিতা, আমি তেনে কবিতাৰেই আগ্ৰহী পাঠক।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
বৰ্তমান অসমীয়া কবিতাত নতুনত্ব আৰু অৰ্থতকৈ কবিতাৰ মাজত ক্লীচ্ছে আৰু কেৰিকেচাৰৰ সংখ্যাগৰিষ্ঠতা চকুত পৰে। আমাৰ সাহিত্যত বিশেষকৈ কবিতাত এতিয়াও চলি থকা কেইটামান বিষয় হ'ল ফুল, পাত, বসন্ত, নদী, ফাগুন, আঘোণ ইত্যাদি। বিষয় একেই হোৱাটো সমস্যা নাছিল যদি বক্তব্য নতুন হ'লহেঁতেন। এতিয়া সমস্যাটো হ'ল এইকেইটা বিষয়ক লৈ কিছুমান অনৰ্থক কেৰিকেচাৰ চলি আছে। যদি কবিতা এটা পঢ়িবলৈ লৈ সুৰ, স্বৰ, বা বক্তব্য চিনাকি যেন লাগে, ৰূপকল্পটো আগেয়ে দেখাৰ দৰে লাগে, তেন্তে তাৰ প্ৰতি টানটো নিজে নিজেই কমি যায়। উদাহৰণৰ বাবে যিকোনো এটা বিষয় ধৰি লওক যেনে নদী। প্ৰত্যেক মানুহৰ অৱচেতন মনত নদীক লৈ কিছুমান ধাৰণা থাকে। অৱশ্যে সি সকলোৰে বাবে পৃথক। তেওঁলোকৰ ভৌগোলিক অৱস্থানো ইয়াৰ এটা মূল কাৰণ। গুৱাহাটীৰ ল'ৰা এজনৰ মনত নদীক লৈ যি ধাৰণা থাকে সি বানৰ তাণ্ডব দেখা লখিমপুৰ বা মাজুলীৰ ল'ৰা এজনৰ ধাৰণাতকৈ সম্পূৰ্ণ পৃথক। গৰিষ্ঠসংখ্যক সৃষ্টিতে আমি নদীকেন্দ্ৰিক কিছুমান ৰমণ্যাসিক ইউটোপীয়ান ধাৰণাহে দেখিবলৈ পাওঁ। কিন্তু ইয়াৰ মাজতে কিছুমান প্ৰয়োজনীয় দিশ আমি চেৰাই গৈছোঁ। প্ৰত্যেক নৈয়েই কিছুমান কাহিনী গঢ়ে, কিছুমান কাহিনী ভাঙে। মূল প্ৰশ্নটো হ'ল আমাৰ সাহিত্যই এই কাহিনীবোৰ কিমান দূৰ সামৰি লৈছে। নদীক কেন্দ্ৰ কৰি গঢ় লোৱা সামাজিক পৰিৱেশতন্ত্ৰ বা নৈখনক সম্বল হিচাপে লৈ জীয়াই থকা সমাজৰ অৱহেলিত মিছিং, কৈবৰ্ত বা মিয়া জনগোষ্ঠীটোৰ দিন-প্ৰতিদিনৰ সংগ্ৰাম বা সমস্যাৰ ছবিখনৰ উপস্থাপন আমাৰ সাহিত্যত হৈছেনে? অৱশ্যে এনে কবিতা নোহোৱা নহয়। মন কৰক:
(১) "আকাশখন গলিলে
       বুকুখন বুৰে
        দুখৰ কামিজত নৈপৰীয়া মলঙে" (‘নৈপৰীয়া’, হিতেশ মেধি)

(২) "উশাহ চটা মাৰিলে মানুহ মৰে। তোৰচোন ডিঙিলৈকে বালি ।
       তই মৰিছ ভোগদৈ,
       মৰিছোঁ মই।" (‘ভোগদৈ’, সুশান্ত বৰা)

মন কৰক দুয়োটা কবিতাই নৈক লৈ লিখা হৈছে। এটাই যদি নৈখনে সকলো লৈ যোৱাৰ সেই ছবি, খং, অভিমান, হাহাকাৰ ফুটাই তুলিছে আনটোৱে আকৌ দেখুৱাব খুজিছে নৈখন নোহোৱা হোৱাৰ উপক্ৰম ঘটাত তাক সম্বল হিচাপে লৈ জীয়াই থকা মানুহবোৰৰ কষ্ট। দুয়োটা কবিতাৰ বিষয়বস্তু একেই, নদী। কিন্তু perspective পৃথক।

বৰ্তমান অসমীয়া কবিতাত মূল সমস্যাটো হ'ল কথনৰীতিত নতুনত্বহীন অনৰ্থক শব্দৰ কাৰচাজীবোৰ। আজিৰ বহুতো কবিৰ এটা neophobic tendency বা নতুন বস্তুৰ প্ৰতি ভীতিগস্ততা দেখা যায়। কবিসকল কোনোবাখিনিত নিশ্চয় পৰাধীন। সেই দুৰ্লংঘ্য বুলি ভবা ভ্ৰমৰ প্ৰাচীৰ অতিক্ৰম নকৰিলে পৰীক্ষা-নিৰীক্ষা কৰা সম্ভৱ নহয়। আগৰ কথাখিনিকে একে ধৰণেই পখালি থাকিলে পুখুৰীৰ পানী নৈলৈ কেনেকৈ ওলাই বব? নৈ কেতিয়াকৈ উজাই আহি ওখ পুখুৰীৰ পাৰ পাৰ হ'ব? 
"কমি আহে কমি আহে
শ্ৰম মেধা সততাৰ দাম দৰ কমি আহে
সৰ্বময়ী হৈ আহে বিকৃতিৰ ছায়া ছবি
জেউ ধৰা জুৱাৰীৰ যাদুকৰী তাচ্ছ।"

কিয় নাজানো কিন্ত সাম্প্ৰতিক সময়ৰ গৰিষ্ঠসংখ্যক কবিতা পঢ়িলে আজিকালি প্ৰায়েই মোক অধ্যাপক ড কবীন ফুকনৰ কবিতাৰ এই পংক্তিকেইটাই খুন্দিয়াই যায়। এনে লাগে যেন সময়ৰ লগে লগে এই পংক্তিকেইটা অধিক বাস্তৱ আৰু অৰ্থবহ হৈ উঠিছে। সাম্প্ৰতিক সময়ত অসমীয়া কবিতাত মই আটাইতকৈ অভাৱ অনুভৱ কৰা দিশটো হ'ল পলিটিকেল পয়েট্ৰী আৰু ছেটায়াৰ পয়েট্ৰী। অসমীয়া মানুহ সজাগ নহয় পলিটিকেল পয়েট্ৰী, ছেটায়াৰ পয়েট্ৰী আদিৰ প্ৰতি। System-ক কটাক্ষ কৰি লিখা কবিতা আমাৰ সাহিত্যত তেনেই নগণ্য। চৰকাৰ, ভ্ৰষ্টাচাৰ আদিৰ কথা কোৱা কবিতা আমাৰ সাহিত্যত কম, যদি কোনোবাই লিখিছেও তেন্তে সেয়া কাকত-আলোচনীত ছপা হোৱা নাই। আমাৰ পাঠকে এতিয়াও ছেটায়াৰ পয়েট্ৰী বুলি ক'লে খুব তৰল পৰ্যায়ৰ কিবা এটা বুলি ভাবে। অৱশ্যে সাম্প্ৰতিক মনোজ নেওগ, কোকিল শইকীয়া, ধন দাস, হিমাংগ দাস আদিৰ ৰাজনৈতিক কবিতাবোৰ মন কৰিবলগীয়া। কেঁচা বয়স এটাত আমি প্ৰণৱ বৰ্মন, জীৱন নৰহ আদিৰ কবিতাৰে কবিতাৰ যাত্ৰা আৰম্ভ্ কৰিছিলোঁ। বয়স বঢ়াৰ লগে লগে কবীন ফুকন, জ্ঞান পূজাৰী, সনন্ত তাঁতি, ৰাহত ইণ্ডোৰী আদিৰ কবিতাই আমাৰ সত্তাক জোঁকাৰি গ'ল (হয়তো সলনিও কৰি গ'ল)। তাৰ পাছত ছিৰিয়াছ পঢ়া-শুনা আৰম্ভ কৰোঁতে আমাৰ চকুত ধৰা দিলেহি অসমীয়া কবিতাৰ এটা "পনীয়া" ৰূপে। আজিকালি কবিতা একোটা বুজি নাপালে আৰ্চিবল্ড মেকেলিছৰ বিখ্যাত উক্তি "A poem should not mean/ but be"-ৰ প্ৰসংগ আনি নিজৰেই সীমাবদ্ধতাক দোষাৰোপ কৰোঁ যদিও আমিও জানো কবিতা এটা বুজি নোপোৱাটো কেতিয়াবা পাঠকৰ দূৰ্বলতা নহ'বও পাৰে। কবিতাৰে পাঠকক নিজৰ কথাখিনি ক'ব নোৱাৰাটো কবিৰো অক্ষমতা হ'ব পাৰে। সেয়েহে নিজৰ ভোটা মগজু, অধ্যয়নহীনতা, বেয়াক বেয়া বোলাৰ নঞাৰ্থক প্ৰৱণতাক দমাব নোৱাৰাৰ বাবে আৰু "কবিতা বেয়া হোৱা"ৰ দুখটোৰ পৰা হাত সাৰিবলৈ পলায়নবাদী মনোভাবেৰে আজিকালি দূৰত্ব বজাই ৰাখোঁ অসমীয়া কবিতাৰ পৰা। তথাপি জেঠ মহীয়া শীতল বতাহজাকৰ দৰে কবিতাৰ পট পৰিৱৰ্তন কৰিব পৰা তৰুণ কবিৰ কবিতা বা সংকলনৰ খবৰ যেতিয়া পাওঁ তেতিয়া তাক উদৰস্থ কৰাৰ ভোকটো সম্বৰণ কৰিব নোৱাৰোঁ। হয়তো বেয়াবোৰৰ মাজত ভালবোৰ বিচাৰিবলৈ আৰু অসমীয়া কবিতাৰ এক নতুন বাট আৰু স্বৰৰ সন্ধান কৰাৰ স্বাৰ্থত যি দুই-চাৰিটা তৰুণ সম্ভাৱনা দেখোঁ তেওঁলোকৰ বিষয়ে আলোচনা হৈ থকাটো প্ৰয়োজনীয় বুলি ভাবোঁ।

অসমীয়া কবিতাত বহুসময়ত বিশ্বজনীন আবেদনৰ অভাৱ অনুভৱ কৰোঁ। প্ৰায়েই দেখোঁ যে আমাৰ গৰিষ্ঠসংখ্যক অসমীয়া কবিয়ে (সেয়া লাগিলে নীলমণি ফুকনেই হওক বা সাম্প্ৰতিক সময়ৰ একাংশ কবিয়েই হওক) তেওঁলোকৰ কবিতাবোৰ অসমৰ চাৰিসীমাৰ মাজতে আবদ্ধ কৰি থয়। মেইনলেণ্ড বা বিশ্বৰ কথা বাদেই দিলোঁ বহুসময়ত নৰ্থইষ্ট অথবা মহানগৰীয় জীৱনটোকে সামৰি নলয়। তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰ ক্ষেত্ৰতে অসমীয়া গঞা জীৱনটোৰ প্ৰতি এটা টান দেখোঁ। কিন্তু কেৱল জানো গাঁওখনৰ কথা গাঁৱলীয়া জীৱনৰ কথা কৈ থাকিলে সাহিত্যলৈ বিশ্বজনীন আবেদন আনিব পৰা যাব?


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান? 
নৱকান্ত বৰুৱাই হয়তো অসমীয়া কাব্য-জগতৰ আটাইতকৈ সৌভাগ্যৱান কবি। তেখেতে জীৱনকালত কেইবাটাও যুগ দেখিছে। নৱকান্তই অসমীয়া কবিতাৰ ৰোমাণ্টিক যুগটো দেখিছে, পাছৰ পৰ্যায়ত বাস্তৱবাদী কবিতাৰ যুগো দেখিছে, আধুনিক যুগটোও দেখিছে আৰু জীৱনৰ শেষ বয়সত তেখেতে প্ৰায় উত্তৰ আধুনিক যুগটোও দেখিছে। আৰু আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল প্ৰতিটো যুগৰ হিচাপত নৱকান্তই নিজকে গঢ়িছে, reform কৰিছে। প্ৰাসংগিক আৰু পাঠকৰ প্ৰিয়জন কবি হ'বলৈ সময়ৰ সৈতে সলনি হোৱাটো যে জৰুৰী এই কথাটো নৱকান্তই ভালকৈ জানিছিল। আৰু জানিছিল নিজকে ৰিফৰ্ম কৰাৰ যিটো আৰ্ট বা প্ৰক্ৰিয়া। আমাৰ বহু সাম্প্ৰতিক কবিয়ে বৰ্তমান যুগৰ সৈতে খাপ খোৱাৰ এই কলাটো আয়ত্ত কৰিব পৰা নাই যেন অনুভৱ হয়। শতিকাৰ আৰম্ভণিৰ দশকটোত ২০০৩-৪ত যিধৰণৰ কবিতা লিখিছিল এতিয়াও সেই ধৰণৰ কবিতাই লিখি আছে। 

শেষত তৰুণসকলক মাত্ৰ এষাৰ কথাই ক'ম, নিজৰ কথাখিনি নিজৰ ধৰণেৰে ক'বলৈ মাতটো নিজৰ হোৱাটো প্ৰয়োজনীয়। সেয়েহে আনৰ কণ্ঠটো নিজৰ কণ্ঠৰ পৰা আঁতৰ কৰিব পাৰিব লাগে। অগ্ৰজক অনুসৰণ কৰাটো প্ৰয়োজনীয় কিন্তু অনুকৰণ কৰাটো ভুলেই নহয় নিজৰ উত্তৰণৰ বাবে মাৰাত্মকো। আমাৰ কবিতা আৰু সাহিত্যৰ উত্তৰণৰ বাবে কবিসকলে এই বেওটো ভঙাটো অৱশ্যক। অন্যথা ৫০, ৬০, ৭০ আদি দশকৰ কবিসকলৰ আদৰ্শৰে যদি সাম্প্ৰতিক সাহিত্য আগবাঢ়িবলৈ হয় তেন্তে তেনেকৈ আমাৰ জাতীয় সাহিত্য আগবাঢ়ি নাযায় বৰঞ্চ পিছ পৰিহে ৰ'ব। আমাৰ কবিসকলে নিজকে সেই বেওটোৰ পৰা মুক্ত কৰাৰ কথা চিন্তা কৰিব লাগে। অজিৎ বৰুৱাৰ দৃষ্টিৰে যদি চাওঁ তেন্তে হয় সাহিত্য আত্ম আনন্দৰ বাবে চৰ্চা কৰা বিষয় কিন্তু জাতীয় সাহিত্য আগবাঢ়ি যোৱাটোও আৰু আগবঢ়াই নিয়াটোও প্ৰয়োজনীয়। যদি নতুনেই গুৰি নধৰে, এইক্ষেত্ৰত কোনো initiative  নলয় তেন্তে ল'ব কোনে? সাম্প্ৰতিক কবিতাক কিতাপৰ পৰা উলিয়াই আনি পাঠকৰ মাজলৈ লৈ অনাৰ প্ৰয়োজন আছে। আমি এটা কথা খুব ভালকৈ বুজিব লাগিব যে সাহিত্য কেৱল সমাজৰ তথাকথিত elite শ্ৰেণীটোৰ পৈত্ৰিক সম্পত্তি নহয়। হয়তো জ্যোতিপ্ৰসাদে কোৱা জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তোলাটোহে কবিতাৰ কাম বুলি ভাবোঁ। তাৰ বাবে আমি পাঠকৰ কবিতা (Reader’s Poems) লিখিব লাগিব। পাঠক কবিতাৰ ওচৰলৈ নিজে নিজে আহিব বুলি বহি থাকিলে নহ’ব। বাকী নৱকান্ত বৰুৱাই লিখিছিল:
"মৈথুন আৰু শস্যৰ প্ৰয়োজন থকালৈকে 
পৃথিৱীত থাকিব মানুহ আৰু
কবিতা থাকিব মানুহৰ ৰখীয়া হৈ।"

গতিকে কবিতা নিজেই নিজৰ ৰখীয়া। আকৌ তাক ৰক্ষা কৰিবলৈ আমি একোটা অনৰ্থক অভিভাৱকত্ব দেখুওৱাৰ প্ৰয়োজন শূন্য।

হৰ্ষবৰ্দ্ধন বৰ্তমান স্নাতক মহলাত নামভৰ্তি কৰিবলৈ ৰৈ থকা এজন ছাত্ৰ। নিজকে ছিৰিয়াছ পাঠক হিচাপে পৰিচয় দিয়া হৰ্ষৰ প্ৰিয় বিষয় সাহিত্য। তেওঁ Marxist Criticism-ৰ আগ্ৰহী ছাত্ৰ আৰু এজন occasional writer। সাহিত্য, ৰাজনীতি বিজ্ঞান আৰু ইতিহাস তেওঁৰ অধ্যয়নৰ মূল বিষয়।

One thought on “নিজৰ কথাখিনি নিজৰ ধৰণেৰে ক’বলৈ মাতটো নিজৰ হোৱাটো প্ৰয়োজনীয়

  1. গধুৰ কথাবোৰ অনুধাৱন কৰিব পাৰিছোঁ৷ ধন্যবাদ হৰ্ষবৰ্ধন, ধন্যবাদ PWF.

Leave a Reply

Your email address will not be published. Required fields are marked *