ডাঃ জীতেন ভূঞা
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
এজন শিক্ষিত ব্যক্তি বুলি নিজকে কোৱাৰ পৰিৱৰ্তে অলপ-অচৰপ পঢ়া-শুনা কৰি ভালপোৱা মানুহ বুলি ক’লেহে ভাল হ’ব। কবিতাৰ সৈতে মোৰ সম্পৰ্কটো কেনে ধৰণৰ বুলি সুধিলে একেষাৰতে উত্তৰ এটি দিয়াটো মোৰ বাবে অলপ কঠিন হয়। সঁচা কথা ক’বলৈ গ’লে আখৰ আৰু শব্দৰ লগত মোৰ চিনাকি হোৱাৰ সময়ৰপৰা খুব সণ্ঢালনিকৈ মই কবিতা পঢ়িছোঁ বুলি দাবী কৰিব নোৱাৰোঁ। হাইস্কুলীয়া নাইবা মহাবিদ্যালয়ৰ শিক্ষাৰ কালছোৱাত সাধাৰণতে শিক্ষা সম্পৰ্কীয় পাঠ্যপুথিৰ কবিতাৰ বাহিৰে অন্য ধৰণৰ প্ৰকাশিত কবিতাৰ লগত সামগ্ৰিক সম্পৰ্ক এটা গঢ়ি নুঠিলেয়েও (সম্ভৱ বিদ্যায়তনিক দিশৰ কবিতাৰ গতিধাৰাৰপৰা কবিতাৰ আধুনিক, উত্তৰ আধুনিক ধাৰাৰ সৃষ্টি হোৱাৰ বাবে) কবিতাৰ সৈতে এৰাধৰাকৈ সম্পৰ্ক এটা গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ দেৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু সময় সাপেক্ষে আলোচনী, বাতৰিকাগজত প্ৰকাশিত কবিতাৰ লগত চিনাকি হোৱাৰ পৰা।
আপুনি কবিতা কিয় পঢ়ে?
প্ৰাত্যহিক জীৱনৰ দৃষ্টিত ধৰা দিয়া বিভিন্ন বিষয়ক দৃশ্যপট যেনে প্ৰকৃতিৰ অপৰূপ শোভা, ঋতুৰ পৰিৱৰ্তনে আঁকি দিয়া এখন ছবি, খাটি খোৱা মানুহৰ কঠিন জীৱনধাৰাৰ বিষাদগাথা, ক্ষয়িষ্ণু মানৱীয় মূল্যবোধৰ বৰ্ণনা, বিশাল ব্ৰহ্মাণ্ডত মানৱ জীৱনৰ অতি নগণ্য স্থিতি আদিৰ মূৰ্তিমান ছবি এখন বিচাৰিয়েই মই কবিতা পঢ়াৰ প্ৰয়াস কৰোঁ, যিয়েই মোৰ মন আৰু চেতনাক উদ্বেলিত কৰি কেতিয়াবা সুখৰ অনুৰণন নাইবা কাৰুণ্যৰ অনুভৱৰ অভিজ্ঞতাই জীৱনবোধক সমৃদ্ধ কৰে।
কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
ওপৰত কৈ অহা অনুভৱখিনিতেই মোক কেনে ধৰণৰ কবিতাই তৃপ্তি দিয়ে তাৰ আভাস এটা সোমাই আছে। জীৱন-জগতৰ যিকোনো ঘটনা-পৰিঘটনাক পৰিশীলিত শব্দৰ সম্ভাৰৰ সৈতে বুদ্ধিদীপ্ত বাক্যৰ গাঁথনিৰে সাধাৰণ মানুহ বা পাঠকৰ মাজত সোমাই থকা বিমূৰ্ত ভাব বা ছবি এখন মূৰ্তিমান কৰি সজাই পাঠকৰ মাজলৈ আগবঢ়াই দিয়া কবিতাৰ সৃষ্টিয়ে মোৰ কবিতা পঢ়াৰ তৃপ্তিৰ খোৰাক যোগাই বুলি মই অনুভৱ কৰোঁ। অৱশ্যে প্ৰকৃতিৰ অনুপম চিত্ৰৰ কবিময় প্ৰকাশ, জীৱনৰ ক্ষুদ্ৰ পৰিক্ৰমাৰ পৰা জগতৰ বিশালতাত বিলীন হোৱা আদি প্ৰাপ্তিৰ সুখানুভূতি যোগাব পৰাকৈ সংগঠিত, সৰল অথচ অপূৰ্ব শব্দৰ সম্ভাৰ আৰু সন্তুলিত বাক্য চয়নৰ কবিতাই মোক আনন্দ দিয়ে বুলি ভাবোঁ। এটি সৰু উদাহৰণ দিব খুজিছোঁ, ড০ আনন্দ বৰমুদৈ ডাঙৰীয়াৰ দ্বাৰা সম্পাদিত স্পন্দন জীৱনৰৰ এপ্ৰিল-ছেপ্টেম্বৰ, ২০২২ সংখ্যাত খলিল জিব্ৰানৰ কল্যাণ ভূঞাই অনুবাদ কৰা ’ভয়’ শীৰ্ষক কবিতাটিত নদী এখনে নিজৰ অস্তিত্বক সাগৰত হেৰুৱাৰ ভয়ৰ বিপৰীতে নদীখনে সাগৰৰ বিশালতাত মিলি যোৱাৰ সুখৰ যি চিত্ৰপট কবিতাটিত প্ৰকাশ হৈছে সেয়া পাঠকৰ চিত্তক আন্দোলিত কৰিব পৰা সুখানুভূতি। নিৰাশাবাদৰ কবিতাৰ বিপৰীতে আশাবাদৰ কবিতা মোৰ প্ৰিয়। কাৰণ আশাবাদেই জীৱন-পৰিক্ৰমাত আগবাঢ়ি যোৱাৰ নিৰ্ণায়ক ভূমিকা পালন কৰে।
সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতাৰ পাঠক হিচাপে অসমীয়া কবিতা সম্পৰ্কে একে উশাহতে মন্তব্য দিয়াটো মোৰ দৰে সাধাৰণ পাঠকৰ বাবে অলপ কঠিন। সঁচা কথা ক’বলৈ গ’লে বহুত কবিৰ কবিতা মই কেইবাবাৰো পঢ়াৰ পাছতো তাৰ সাৰমৰ্ম উলিয়াবলৈ অসমৰ্থ হওঁ। যদিও অসমীয়া বৰ্তমানৰ কাব্যচৰ্চাৰ পৰিধি ক্ৰমশঃ বিস্তাৰিত হৈছে বুলি ভাবোঁ, যিটো কছৰতে অসমীয়া কাব্য সাহিত্যৰ দিশটোৰ উত্তৰণ ঘটা যেন অনুভৱ কৰোঁ আৰু ভাষা-সাহিত্যৰ সমৃদ্ধিৰ বাবে ই এক প্ৰশংসনীয় পদক্ষেপ। ইয়াৰ মাজতো বহুতো কবিৰ সৃষ্টিৰ সাধাৰণ পাঠকৰ ওচৰত গ্ৰহণযোগ্যতাৰ ওপৰত এক সন্দেহ থাকি যায়। কিছু লেখকৰ (কবি বুলি লিখিবলৈ অলপ দ্বিধাবোধ কৰিছোঁ) কবিতা একোটা পঢ়ি মোৰ এনে ভাব হয় যেন কবিতাটোৰ অন্তৰ্নিহিত ভাবটো তলত কেইটামান শব্দৰে প্ৰকাশ কৰি দিলে পাঠকজনৰ বাবে কবিতাৰ মূল ভাবটো বুজাত সহায়ক হ’ব! কবিতা ৰচকসকলে এটা কথাত মনোযোগ দিয়াটো ভাল যে সাহিত্যৰ আনবোৰ দিশতকৈ কবিতাৰ পাঠকৰ সংখ্যা এনেয়ে কম। কিছু দুৰ্বোধ্য শব্দৰ বাক্য আৰু সহজে বুজিব নোৱাৰা বিষয়বস্তুৰে কবিতা ৰূপৰ অ-কবিতা কিছুমান সৃষ্টি কৰি পাঠকৰ মাজত সংশয় তথা কবিতাভীতি সৃষ্টি নকৰাই ভাল হ’ব বুলি অনুভৱ কৰোঁ। অৱশ্যে মোৰ এই মতামতটি সাধাৰণী কৰাটোও উচিত নহ’ব। কিন্তু এইটোও সঠিক যে অসমীয়া কাব্যচৰ্চা ধাৰাৰ বুৰবুৰণি ক্ৰমশঃ পূৰ্বতকৈ বৃদ্ধি হৈছে বুলি ভাবোঁ, যিটো অসমীয়া ভাষা-সাহিত্যৰ বাবে ধনাত্মক দিশ।
কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
বৰ্তমান কবিসকললৈ (সকলোলৈকে কিন্তু নহয়) মোৰ মাথোন এটিয়েই আহ্বান যে তেওঁলোকে কবিতা সৃষ্টি কৰোতে যি বিষয়বস্তু বাছনি কৰে সেয়া যেন সাধাৰণ পাঠকৰ সহজে বোধগম্য হয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখে। ইয়াৰ উপৰি যিমান দূৰ সম্ভৱ হয় বিষয়বস্তু পৰিৱেশতন্ত্ৰী হোৱাটো প্ৰয়োজনীয়, যাতে প্ৰকৃতিৰ ধ্বংসৰ ফলত আমাৰ পৃথিৱীখলৈ নামি অহা দুৰ্যোগপূৰ্ণ অৱস্থাৰ অলপ হ’লেও উপশমৰ এটি বাৰ্তা থাকে। পৃথিৱীখনেই যদি নাথাকে সাহিত্যৰ জানো কিবা মূল্য থাকিব! ইয়াৰ লগতে ক্ষয়িষ্ণু মানৱীয় মূল্যবোধৰ উত্তৰণৰ বিষয়বস্তুৱে কবিতাৰ জনপ্ৰিয়তা বঢ়াব পাৰিব বুলি মোৰ অনুভৱ হয়।
ডাঃ জীতেন ভূঞা গুৱাহাটী-নিবাসী এগৰাকী অৱসৰপ্ৰাপ্ত পশু-চিকিৎসক আৰু লেখক।