মৃত্যুৰ বিভীষিকা
জন-অৰণ্যখনৰ পৰা ভাহি আহে এটি কৰুণ বাঁহীৰ সুৰ হৃদয়ত ঠাহ খাই পৰিছে বহু বেদনা বহুজন আপোন মানুহ হেৰুৱালোঁ আদ বাটতে, অকালতে ধৰিত্ৰী আইৰ বুকু খালি হৈ ৰ'ল বাজি থাকিল মাথোঁ এটি কৰুণ সুৰ ! হাৰ মানিছে নেকি অতিমাৰীৰ ওচৰত ? আমি আছোঁ মৃত্যুৰ বিভীষিকা গণি গণি কিমান খেলিম আৰু লুকাচুৰি খেল বন্ধ কোঠাত আপোনলোকৰ আঁতৰত আন্তৰিকতাৰে বান্ধি থোৱা হৃদয়বোৰ সামাজিক দূৰত্বৰ কবলত, আৰু কিমান দিন ? কিমান ৰাতি ? কেতিয়া মুক্ত হ'ম কুটিল সময়ৰ অদৃশ্য শত্ৰুৰ কবলৰ পৰা ? আজি ধৰাশায়ী মন আৰু শৰীৰ নৰমেধ যজ্ঞৰ অন্ত হওক মৃত্যুৰ কিৰিলিবোৰ আঁতৰি যাওক অদৃশ্য শক্তিয়ে জোঁকাৰি যোৱা অৰণ্যখন পুনৰ চিৰসেউজীয়া হৈ উঠক হাৰ নামানে মনুষ্যই দুৰ্যোগৰ ওচৰত।
স্হবিৰ হৈ পৰিছে হৰিৎকণা
বিলৰ পাৰত বহি গীত গোৱা পৰিভ্ৰমী চৰাইজাকে হতাশাত ভুগিছে উৰন্ত ডেউকাৰ শব্দত উদাহীনতাৰ সপোন স্বৰভংগ কণ্ঠেৰে অভিশাপ দি যায় আৰ্দ্ৰতাৰ পম খেদা জলাশয়বোৰক যাত্ৰা পথত অগা-ডেৱা কৰা ফাগুনক মাথোঁ কৈ যায় মনৰ নীৰৱ ব্যথা শুষ্কতাৰ বলিশালত সেউজীয়াবোৰ থৰথৰকৈ কঁপিছে স্হবিৰ হৈ পৰিছে হৰিৎকণা বৃন্তচ্যুত পাতৰ বিননি শুনিব জানো ফাগুনে ? ফাগুন আজি আত্মবিভোৰ পছোৱাৰ সৈতে লঠঙা গছবোৰে আতুৰ কণ্ঠেৰে আকাশক ধিয়াই স্তুতি কৰে সেউজীয়াবোৰ ঘূৰাই দিবলৈ
ইন্দু দত্ত উজীৰ সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট কবি।