হেমপ্ৰভা মৰাণৰ দুটা কবিতা

নিষিদ্ধ যাত্ৰা

তুমি, মই একে বাটেৰেই  যাম৷
হাতে হাত ধৰি থকাৰ পাছতো 
আমি  হ'ব নোৱাৰোঁ সহযাত্ৰী৷
বৰ নিঃসংগ এই যাত্ৰা
নিষ্কৰ নিষ্কণ্টক যাত্ৰাপথ
অথচ,
নিষিদ্ধ সহযাত্ৰী।
সংগোপনে সোলোকাই থৈ পুৰণি পোছাক
দলিয়াই থৈ জীৱনৰ সেউজী সপোন
নিসাৰ নিস্তব্ধ এই যাত্ৰা।
আজীৱন কাম কৰি শীৰ্ণ হৈ পৰা
দুহাতো উদং ।
নিমাওমাও হৈ পৰা বেদনাঘন ক্ষণত
এটি মাথোঁ সঁচা প্ৰতিশ্ৰুতি
কেতিয়াও উভতি নহাৰ।

পদূলিত দুখৰ ডাকোৱাল

মোৰ হৃদয়ৰ পদূলিত অহা-যোৱা কৰে
দুখৰ ডাকোৱাল৷
ঘনে ঘনে লৈ আহে দুখেভৰা শব্দৰ চিঠি।
কেতিয়াবা শব্দবোৰ আহে 
বিষাদৰ ক’লীয়া ডাৱৰ হৈ
কেতিয়াবা ধুমুহা হৈ,
থানবান কৰি থৈ যায় মোৰ বুকুত সজা
আশাৰ ঘৰখন।
কেতিয়াবা শব্দবোৰ নামি আহে 
দুখৰ দোপালপিটা বৰষুণ হৈ,
মোৰ কলিজাত বন্যা নামে ।
শব্দবোৰ হৈ পৰে
এখন সুবিশাল উত্তাল সাগৰ ।   
সাঁতুৰি-নাদুৰি মই 
নাপাওঁ পাৰাপাৰ ।
গছবোৰে উচুপে 
বোঁৱতী নদীখনে মোলৈ পিঠি দিয়ে
শব্দবোৰৰ বুকু খান্দি খান্দি
মই নিজেই হৈ পৰোঁ এখনি 
দুখৰ নদী৷

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *