কবীন ফুকন
সোৱাদ সুগন্ধি তোমাৰ ফাগুনে নিশাহৰ উমে আলোড়িত তাপে ওঁঠ আঙুলিৰ মহা বৈভৱে সিক্ত সজল বিদেহে দেহে মনৰ কুঁৱলি দেহৰ শীত দূৰদূৰণিলৈ উৰুৱাই নিয়ে... মহুৱা ৰহণে মৌসনা মাতে দেহেৰে দেহত মৃদুল পৰশে নিটোল বুকুত হাঁহিৰ দোলনে গলাই পমাই পুহৰ ক্লেশ গীত-উৰুলিৰে সাবটি ধৰে... তোমাৰ ফাগুনে মোৰ ব’হাগক নিচেই কাষলে’ চপাই আনে।