নৈৰ আত্মজীৱনী
দুখবোৰ
বানপানীৰ মাজৰ
ভিন্ন গতিৰ সোঁতবোৰৰ দৰে
আহিয়ে থাকে
নৈখনো ৰয় বৈ
সোঁতবোৰ সাবটি
সিহঁতৰ গতিৰে গতি লৈ
উশাহৰ আয়ুকাল
যতিহীন গতিৰ
যতিৰ বিন্দু বিচৰা
ছন্দোবদ্ধ মায়াজল
মহাজাগতিক সময়ৰ বুকুত
যতি হল
ভাব বিচৰাৰ পূৰ্বনিৰ্ধাৰিত
সৰল সমীকৰণৰ ফেঁহুজালি।
সৈনিক
মানুহজন
নিজৰ শিলৰ মূৰ্তিৰ পৰা
নামি গৈছে পথাৰখনলৈ
চিৰন্তন গৰিলা যুঁজখন
আকৌ এহাত নতুনকৈ যুঁজিবলৈ
দূৰৈৰ ভিৰৰ মাজত
ডাল-পাত ভাঙি নিয়া
বতাহজাকৰ দৰে নিজৰ মাতটো
শুনা পাইছে মানুহজনে
মানুহজন সুযোগসন্ধানী,
বুজি পায়
দুখত কান্দিবলৈ যে জিলিকি উঠা নাই
সোণালী কাহিলিপুৱাৰ এই জাকজমক
সদ্যস্নাতা বেলিফুলৰ নিষ্কলুষ শৃংগাৰ
বতাহত পতাকাখন
ফৰফৰকৈ নাচি উঠিছে
ক্ৰমে ডাঙৰ হৈ অহা মাতবোৰত
ঝনঝনকৈ বাজি উঠিছে যুঁজৰ হাথিয়াৰ
হিচাপ কৰি চোৱা নাই
কেই ঘড়ী যুঁজৰ বাবে
ওলাই গৈছে মানুহজন
কলিজাত বান্ধি লৈছে ঢাল
কাপুৰুষালিতকৈ যুঁজেই ভাল।
শৰত-সংকট
এৰাখাঁতী চৰাইৰ মাত এটা
কুণ্ডলী পকাই উৰি আহে
কহুৱাৰ হালেজালে বুকুৰ মাজেৰে
নীল আকাশৰ থুপি থুপি
শিমলু ডাৱৰৰ কাৰ্চিপি
সেমেকা আমেজৰ কুঁৱলীৰে
ভৰি পৰে মন প্ৰান্তৰ
আৰু কিমান দিন
এটা অগ্নিকুণ্ডৰ তুঁহজুই একুৰা
ক্ৰমে বিয়পি পৰিছে উমি উমি
উশাহৰ অলিয় গলিয়ে
কমলা ৰঙৰ ৰ’দবোৰ
শিলটান জুই হৈ জ্বলিব
শুকান সাগৰে আঁকিব
সুউচ্চ গম্বুজৰ বেদনাময় ৰেখা
আৰু কিমান দিনলৈ
এই শাৰদীয় বিলাস
Click here to read an English translation of the poems.
খুবেই সুন্দৰ ৷ অপূৰ্ব শব্দ চয়ন