কৰবী ডেকা হাজৰিকা
Issue: Vol. IV, No. 2, August-October, 2025

মোৰ জীৱনত প্ৰভাৱ পেলোৱা কবিতাবোৰ বিচাৰি উলিওৱা বৰ সহজ নহয়৷ আটাইবোৰ কবিতাৰে প্ৰভাৱ মোৰ জীৱনত আছে। তাৰে কিছুমান ভাল কবিতা, কিছুমান ভাল কবিতা নহয়৷ কিছুমান কবিতা মোৰ বিশেষ মৰমৰ, কিন্তু পাঠক-সমালোচকৰ বাবে সেইবোৰৰ বিশেষত্ব নাই৷ অথচ এই আটাইবোৰ মিলিয়ে মোৰ কবিতাৰ জগতখন। প্ৰত্যেকটো সফল-অসফল কবিতাৰ সমূহীয়া কলৰৱেৰে ভৰা মোৰ কাব্য-জীৱন৷ এই জীৱন মোৰ বাবে বৰ আদৰৰ স্হান, যেন লৌকিক পৃথিৱীৰ মাজত নিজৰ দৰে জীয়াই থকাৰ অকণমান সংৰক্ষিত বনাঞ্চল। তথাপি ৰাজহুৱা জীৱনটো প্ৰভাৱিত কৰা দুই-এটা কবিতাৰ কথা হয়তো ক’ব পৰা যায়।
যিজনে মোক এধানি দুখ দিব পাৰে
তেওঁৰ ওচৰতে মই কৃতজ্ঞ,
অদ্ভূতভাৱে অস্বাভাৱিক মোৰ বুকুখন
দুখৰ উম নাপালে সেমেকি থাকে
হয়তো সুখৰ প্ৰতি আতংকই
মোৰ অসুখ৷
“সুখ, অসুখ ইত্যাদি” নামৰ এই কবিতাটোৱেই মোৰ জীৱনৰ গতি সলাই পেলালে। মইনাৰ চ’ৰাত কবিতা লিখি থকা ছোৱালীজনীক নতুন কবিতাৰ জগতলৈ প্ৰৱেশাধিকাৰ আনি দিলে৷ তাৰ মূলতে আছিল সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক হোমেন বৰগোহাঞিৰ এখন চিঠি। তেতিয়া মই কলেজত পঢ়ি আছোঁ, এজনী কবিতা লিখি থকা অথচ প্রতিষ্ঠিত কবিৰ সমাজত ঠাই নোপোৱা সদ্য কৈশোৰ এৰি অহা ছোৱালী। সাপ্তাহিক নীলাচলৰ পাতত কবিতাটো প্ৰকাশ পোৱাৰ আগতেই হোমেন বৰগোহাঞিয়ে এখন চমু চিঠিৰে মোৰ কবিতাটোৰ মাজত থকা “কবিতা” গুণৰ প্ৰশংসা কৰিছিল আৰু লিখিছিল যে “হয়তো সুখৰ প্ৰতি আতংকই মোৰ অসুখ” –এই বাক্যটোৱে মোক ওৰে জীৱন খেদি ফুৰিব। এই চিঠিখন মোৰ বাবে আছিল মহামূল্যবান মণি-মুকুতাতকৈও আপুৰুগীয়া। এজন অসম্ভৱ প্ৰভাৱশালী সম্পাদকৰ পৰা পোৱা এই উৎসাহে মোৰ মনত খলকনি তুলিছিল। সৰু কবিতাটো প্ৰকাশ হোৱাৰ পাছত পাঠকৰ চকুত পৰিছিল আৰু মই আগতীয়াকৈ অনুমান কৰিব নোৱৰাকৈ পাঠকৰ মনো জয় কৰিছিল। বৰগোহাঞিয়ে দুই-এজন ৰসগ্ৰাহীক বোলে এইবুলিও জনাইছিল যে এই কবিতাটো একেবাৰে মনৰ ভিতৰৰ জগতৰ পৰা ওলাই আহিছে, এইদৰে কবিতা লিখিব পৰা কবিৰ সংখ্যা খুব কম৷ কথাবোৰ শুনি, বয়স কম আছিল বাবেই, মই প্ৰয়োজনতকৈ বেছি উচ্ছ্বসিত হৈছিলোঁ। ভাবিছিলোঁ যে এজনী ভাল কবি হ’লোঁৱেই! তাৰ কিছুদিন পাছতে বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে গুৱাহাটী পালোহি৷ ইতিমধ্যে দুই-এটা কবিতা ইফালে-সিফালে প্ৰকাশ পোৱাৰ বাবে জালুকবাৰীৰ অনুৰাগী মহলত কবি বুলিয়েই পৰিচয় লাভ কৰিলোঁ৷ তথাপি গুৱাহাটীৰ বিয়াগোম সাহিত্যিকসকলৰ মাজত নিজকে ধূলিকণা বুলি বুজি পাবলৈ মুঠেই সময় নালাগিল। কবিতা চলি থাকিল, চলি থাকিল সাহিত্যৰ অনুশীলন। এইবাৰ মোৰ কবিতাৰ এগৰাকী মহৎ শ্রোতা ৰূপে লাভ কৰিলোঁ শিক্ষাগুৰু মহেশ্বৰ নেওগ ছাৰক। বিভাগীয় চ’ৰাৰ কবিতা পাঠৰ অনুষ্ঠানত ছাৰে মোৰ কবিতা মনোযোগেৰে শুনিছিল আৰু কেতিয়াবা আজৰি পৰত নিজৰ অফিচ ৰুমত তিনি-চাৰিজন ছাত্ৰ-ছাত্ৰী লৈ সৰুকৈ বৈঠক পাতি মোৰ কবিতা শুনিছিল আৰু নিজেও আমাক স্বৰচিত কবিতা শুনাইছিল। তাতে ছাৰৰ বাছনিত উঠিল মোৰ এটা কবিতা “মোৰ বুকুত এজাক মউমাখি”৷ ছাৰে কবিতাটো কাৰোবালৈ পঠিয়াই দিয়া গম পাওঁ। সেই বছৰৰ (১৯৭৩/৭৪) দৈনিক অসমৰ শাৰদীয় সংখ্যাত কবিতাটো প্ৰকাশ পালে। সেই সময়ত বিশেষ সংখ্যাত কবিতা প্রকাশ পালে একোজন কবিৰ মান উন্নত বুলি পৰোক্ষভাৱে স্বীকৃতি লাভ কৰা গৈছিল। গতিকে মোৰো আত্মবিশ্বাস বাঢ়িলে আৰু কবিতাৰ জগতত আগতকৈ নিৰ্ভয়ে ভৰি দিব পৰা হ’লোঁ৷ ছাৰৰ লগতে গুৱাহাটীৰ কবি-সম্মিলনবোৰলৈ সঘনে গৈ নৱকান্ত বৰুৱা, হীৰেন ভট্টাচার্য, নিৰ্মলপ্ৰভা বৰদলৈ আদিৰ লগত একেলগে কবিতা পাঠ কৰিবলৈ পোৱাটো আছিল পৰম সৌভাগ্যসূচক। সেই সময়ত জালুকবাৰী তল-ওপৰ কৰা মোৰ এটা সৰু কবিতা আছিল—
কালি আহিছিলা, আজি যাবাগৈ
কালিলৈ আমিও যাম,
জীৱনপথত অতিথিশালাহে
জালুকবাৰীৰ নাম।
ছাত্ৰীনবিাসৰ বিদায় সভাত এই কবিতাটো সৰু সৰু কাগজত লিখি ভোজমেলৰ টেবুলবোৰৰ স্বচ্ছ পলিথিনৰ তলত ভৰাই থোৱা হৈছিল। কবিতাটো সকলোৰে হাতে হাতে বাগৰিছিল আৰু পাছৰ বছৰবোৰলৈও জনপ্ৰিয় হৈ আছিল বুলি শুনিছিলোঁ। এই কবিতাটোৱে মোক বহুত যুৱ অনুৰাগী উপহাৰ দিছিল।
পিছে মোৰ জীৱনৰ সবাতোকৈ প্ৰভাৱশালী কবিতাটো মোৰ কবিতাৰ ধাৰাৰ মাজৰ এটা ব্যতিক্রমী কবিতা। সাধাৰণতে মানুহৰ মনৰ ভিতৰখন আৰু প্ৰকৃতিৰ লগত আৱেগ-অনভূতিৰ সংযোগ বিচাৰি ৰচনা কৰা মোৰ কবিতাবোৰৰ ভিতৰত কেইটামান প্রতিবাদী কবিতাও আছে। তাৰে এটি কবিতা হ’ল “চুলি নাবান্ধিবা যাজ্ঞসেনী”। কবিতাটো পাঠকে আদৰি ল’লে আৰু আজিও লৈ আছে। গৰীয়সীৰ পাতত প্ৰকাশ পোৱা এই কবিতাটোৱে মোক এক বিশাল সংখ্যক পাঠকৰ লগত চিনাকি কৰি দিলে। পঞ্চপতিৰ অনাথিনী প্ৰিয়া দ্রৌপদীৰ মাজত থকা অপমানৰ জ্বালা কবিতাটোৰ মাজেৰে প্ৰতিগৰাকী নাৰীৰ মাজলৈ বিয়পাই দিয়া হৈছে। এটি পৌৰাণিক কাহিনীক আধুনিক চিন্তাৰে নিৰ্মাণ কৰা কবিতাটো মোৰ নিজৰ সৰ্বাধিক প্রিয় কবিতা নহয় যদিও পাঠকৰ অভূতপূর্ব সঁহাৰি লাভ কৰাৰ বাবে মই কবিতাটোক মূল্য দিওঁ। এটি ছন্দময় ধনিৰে আগবঢ়া কবিতাটো আবৃত্তিৰ বাবে উপযোগী হোৱাত সেই দিশেৰেও আজিও প্ৰচুৰ জনপ্রিয়। ভাৰতৰ নানা ভাষালৈ কবিতাটো অনূদিত হৈছে। একাধিক সংকলনতো ঠাই পাইছে। গতিকে এই কবিতাই মোক এটা সুকীয়া পৰিচয় দান কৰিছে যেন মোৰ অনুভৱ হয়। কবিতাটোত এটা বার্তা আছে, এই বার্তা আজিও প্ৰাসংগিক হৈ আছে বাবেই হয়তো কবিতাটো মানুহে পাহৰা নাই।
মোৰ এটা মৰমৰ কবিতা “জন্ম নোহোৱা ছোৱালীজনী” বহু বছৰ আগতেই বিপুলজ্যেতি শকীয়াই কৰা অসমীয়া কবিতাৰ ইন্টাৰনেট সংকলনত ঠাই পাই জনপ্ৰিয় হৈছিল। এই কবিতাটোৱে মোক বহুতৰে মনৰ ওচৰ চপাইছে৷ অনুবাদৰ মাজেৰে কবিতাটো ভাৰতৰ নানা ঠাইলৈ আৰু পাঠকৰ মাজলৈ বিয়পি পৰিছে। আনটো কবিতা “ভগৱান আৰু নাৰীৰ জন্মৰ ইতিহাস বিচিত্র”৷ তিৰুপতি মন্দিৰত আয়োজন কৰা এখন সৰ্বভাৰতীয় কবি সন্মিলনৰ বাবে বিষয়বস্তু স্হিৰ কৰা হৈছিল ‘ভগৱান’৷ মই বৰ অস্বস্তিত পৰিছিলোঁ, কাৰণ আগতে বিষয় বাছি লৈ তাৰপিছত মই কবিতা লিখিবলৈ অসুবিধা পাওঁ, বিষয়টো আগৰে পৰা মনৰ কোনোবাখিনিত সোমাই থাকিলেহে কবিতা মোৰ বাবে সহজ হৈ পৰে। তদুপৰি ভগৱানক বিষয়বস্তু ৰূপে লৈ লিখা কবিতা কেনেকুৱা হ’ব পাৰে মোৰ ধাৰণা নাছিল। এইটো বিষয়ত অতি সুন্দৰ অত্যাধুনিক কবিতা লিখিব পাৰিলেহেঁতেন নৱকান্ত বৰুৱাই, কাৰণ সেইগৰাকী কবিৰ কলমৰ একোটা আঁচোৰত কি যে নহৈছিল! মোৰ প্ৰিয় বিষয় মাতৃ আৰু মমতা৷ কবিতাৰ জন্মৰ প্ৰক্ৰিয়াটোক সন্তান জন্মৰ লগত তুলনা কৰা এটা কবিতাত মই কবিতাক মোৰ সন্তান বুলিয়েই কৈছোঁ৷ সেয়েহে ভগৱানৰ বিষয়ে কবিতা লিখিবলৈ অতি অসুবিধাৰে লেপটপত হাত থওঁতে মোৰ নিজৰ মতে সর্বাধিক শান্তিময় কবিতাটো নিজে নিজে মোক মুঠেই কষ্ট নিদিয়াকৈ জন্ম হৈছিল। কবিতাটোত আশ্ৰয় বিচাৰি ফুৰা আতংকগ্রস্ত ভগৱানক ক’ত আশ্ৰয় দিছিলোঁ মই?—
মোৰ সন্তানৰ গাৰুৰ কাষত
ভগৱানক আলফুলকৈ শুৱাই দিলোঁ।
এতিয়া ওৰে জীৱন মই তেওঁক ৰখি থাকিম,
মাতৃতকৈ সতৰ্ক ৰক্ষক ভগৱানৰো জানো আছে!
মোৰ এটি কবিতা “পৰীৰ বাঁহী” আৰু “ভগৱান আৰু এজনী নাৰী”য়ে দেশ-বিদেশত সমাদৰ পোৱা মই নিজে লক্ষ্য কৰিছোঁ। বিশেকৈ পেৰুত হোৱা কবিতাৰ অধিৱেশনত “পৰীৰ বাঁহী”ৰ সমাদৰ আছিল অভূতপূর্ব। তেওঁলোকে কবিতাটোত মেজিক ৰিয়েলিজিমৰ স্পৰ্শ বিচাৰি পাইছিল আৰু সামান্য কাৰুণ্য থকা কবিতাটো অনুবাদত পঢ়াৰ পাচত এগৰাকী গাভৰু মাতৃয়ে পাছদিনা মোক জনাইছিল যে তেওঁৰ তিনি বছৰ বয়সত মৃত্যু হোৱা কন্যাৰ কথা মনত পৰি সেইদিনা গোটেই ৰাতি তেওঁ উচুপি থাকিল আৰু শুব নোৱাৰিলে৷ কবিতাটোত থকা এবাৰ দেখা দি গুচি যোৱা পৰীজনীৰ লগত তেওঁ নিজৰ সন্তানক এক কৰি পেলাইছিল৷ এই কথাই মোক আজিও আলোড়িত কৰে।
নিজে ৰচনা কৰা কবিতাৰ গঠনশৈলীত নিজে প্ৰভাৱিত হোৱাৰ কথাটো শুনাত ভাল নহয় যদিও দুটা কবিতা লিখি উঠি মই নিজৰ মাজত শক্তি বিচাৰি পাইছিলোঁ। কাৰণ মনৰ মাজৰ ৰহস্যময় জগতখনৰ কথা আনক জনাবৰ বাবে সঁচাৰকাঠি মই বিচাৰি পোৱা যেন লাগিছিল। সেই দুটা কবিতা হ’ল “নীল জোনাকী” আৰু “জলকুঁৱৰীৰ ছাঁ”৷ এই দুটা কবিতা ৰচনা কৰি মই যি তুষ্টি লাভ কৰিছিলোঁ সি মোক পাছৰবোৰ কবিতাৰ বাবে শক্তিৰ যোগান ধৰিছিল৷
এইবোৰ কাৰুকাৰ্যৰে ভৰা কবিতাৰ বহুত কথাই কোৱা হ’ল৷ কিন্তু ছপা আখৰৰ কবিতাৰ জগতলৈ মোক হাতত ধৰি লৈ অনা মোৰ প্ৰথমটো কবিতা “অঞ্জলি”ৰ কথা এষাৰ হ’লেও ক’বই লাগিব৷ পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে লিখা এই কবিতাটো অসমবাণীৰ মইনাচ’ৰাত ১৯৬২ চনত প্ৰকাশ হৈছিল। এটা আনন্দময় চমকেৰে সেয়া আছিল মোৰ কবিতাৰ জগতলৈ প্ৰথম খোজ। মোৰ কবিতা-জীৱনৰ কোনোবাখিনিত “অঞ্জলি”য়ে জোনাকী পৰুৱাৰ দৰে পোহৰ দি আছে। সেয়াও হয়তো এক প্রভাৱেই।
ড০ কৰবী ডেকা হাজৰিকা অসমৰ এগৰাকী আগশাৰীৰ কবি, লেখক, সমালোচক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন অধ্যাপক।
লগতে পঢ়ক: কৰবী ডেকা হাজৰিকা: কবিতাৰ শব্দময় গা