শ্বৰীফা খাতুন চৌধুৰীৰ দুটা কবিতা

কি আশ্চৰ্য

অমাৱস্যাৰ অন্ধকাৰ যদিও 
ছিদ্ৰহীন ডাঠ কাপোৰেৰে 
বান্ধি ৰাখিছোঁ দুচকু 
তথাপি 
কেনেকৈ পোহৰময় চৌপাশ 
সকলো ফটফটীয়া 

দুয়োখন কাণ বন্ধ কৰি থৈ
বধিৰৰ এজন হৈ আছোঁ 
কিন্তু 
সকলো শব্দ শব্দধ্বনি আৰু স্পষ্ট 
নীৰৱে গ'লগৈ নীৰৱতা 

মুক হ'বলৈ চেষ্টা কৰোঁতে
শব্দৰ বৰষুণ এজাকে তিয়াই থৈ গ'ল 
আবৃত্তি কৰিলোঁ 
ৰবি ঠাকুৰৰ শেষেৰ কবিতা 
তৰ্ক কৰিলোঁ, কথা পাতিলোঁ 
আৰু বহুত কিবাকিবি কৰিলোঁ 

কেনিও নাযাওঁ বুলি 
গেটত তলা মাৰিলোঁ 
দুৱাৰ বন্ধ কৰিলোঁ 
অথচ আৰম্ভ হ'ল পদব্ৰজে যাত্ৰা

মৰুভূমি, অৰণ্য পাৰ হ'লোঁ 
নদ-নদী পাৰ হ'লোঁ
সাগৰৰ উপকূলত থিয় হৈ 
অনন্তলৈ দুহাত মেলিলোঁ
অথচ আঁটি আঁটি 
দুয়োখনি হাত বন্ধা

কি আশ্চৰ্য 
কি আশ্চৰ্য!
পদ পথেৰে অকলশৰে

নিশা দুপৰত 
চহৰৰ পদপথেৰে পাৰ হৈ গ'ল 
মানুহ নে মানুহৰ ছায়া 
উমান লোৱাৰ আগতেই 
ধুমুহা এজাক আহিল 
আৰু 
পলিথিনৰ তলত শুই থকা 
যন্ত্ৰণা এজাক উজাৰ খাই উঠিল 

কোনো নাই
তেনেহ'লে কোন গ'ল 
সৰাপাতৰ শব্দৰ মাজেৰে 
একেলগে সৰিছে হুমুনিয়াহ 

বৃত্তাকাৰে বহি আছে 
পুৰণি আহঁতৰ তলত 
কোন সিহঁত 
সম্ভৱ 
সিহঁতৰে কথোপকথন আছিল 
দুপৰ নিশা 
পদপথেৰে পাৰ হৈ যোৱা 
মানুহৰ দৰে ছায়াবোৰ 

দিনৰ পাছত দিন 
চহৰৰ বুকুত দ’ম বান্ধে 
আমাৰ চিনাকি-অচিনাকি অজস্ৰ ছবিৰ ক'লাজ 
বতাহ গধুৰ হয়
চিঞৰ-বাখৰ, আনন্দ-উল্লাস,  
ক্ৰোধ প্ৰেম আদি প্ৰাচীন শব্দেৰে 

ৰাতিৰ পাছত ৰাতি 
যন্ত্ৰণাবোৰ সাৰ পাই উঠে 
হুমুনিয়াহবোৰ অহা-যোৱা কৰে 

কোনে ক'ব পাৰে সেই কথা 
কাৰ বুকু খান্দি আহিছে
আৰু ক'লৈ গৈ আছে সিহঁত  
সিহঁতৰ সৈতে আমিও গৈ আছোঁ 
তুমি মই আমি সকলো 
গৈ আছোঁ পদপথেৰে 
নজনাকৈ অকলশৰে অচিনাকি হৈ

Click here for an English translation of the poems.

2 thoughts on “শ্বৰীফা খাতুন চৌধুৰীৰ দুটা কবিতা

  1. গভীৰ, অৰ্থবহ কবিতা। মুগ্ধ হ’লোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *