সহজ

দিনেশ গোস্বামী

দিনৰ প্ৰখৰ ৰ’দে ঢাকি থ’লে আকাশৰ উজ্জ্বল প্যালেট
তোমাৰ সমস্ত শৰীৰ জুৰি ঝৰে ঘাম
পুৱতিৰ বননিত নীৰৱে নিঃশব্দে মৰা যেন শেৱালিৰ পাহি
আ্ৰৰু মোৰ দুহাতেদি পাৰ হয় ক্লান্তি অবিৰাম৷
তথাপি এক মনোময় স্বপ্নৰ আলোত বহি
মাতালৰ দৰে মই ভাবোঁ ৰ’দৰ নিচাত—
গভীৰ বিশ্বাসে হয়তোবা অলক্ষিতে যাচিছে আশ্বাস
জীৱনক, জগতক : প্ৰেম সহজাত৷
স্মৃতিৰ কুঁৱলিবোৰ জহি গ’লে থাকে কিছু কথা মাথোঁ
অলপ ফুলৰ নাম, দু-এটা কবিতা আৰু ভালপোৱা এজনী ছোৱালী
যেতিয়া নিজৰ বুলি ক’বলই নাই একো আৰু৷
কেৱল শূন্যতা থাকে৷ হঠাত্ যেতিয়া এক সোণালী
নদীৰ পাৰে পাৰে নামি আ্হে ৰাতিৰ বিস্ময়
পৃথিৱীৰ মৰুভূত ছায়া পৰে অনন্ত ক্লান্তিৰ
স্বপ্নাতুৰ হৃদয়ৰ সৌৰভ বিয়পি যায় মহাবিশ্বময়,
অনুভৱ কৰোঁ মহত্ সাহস এক জীৱনৰ দৰে স্পন্দমান
মাটিৰ তৰংগ ভেদি উঠা আঘোণৰ ধাননিৰ দৰে লাগে
প্ৰিয়তমা ৰমণীৰ শৰীৰৰ ঘ্ৰাণ৷

Click for an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *