ৰবীন্দ্ৰ সৰকাৰৰ কবিতা

পাথৰেহে জানে

ছিন্নমূলৰ মানুহৰ দৰে
বাটপথ আগচি পাথৰ—
আঁঠুত মূৰ গুজি বহি আছে।
অতদিন জনা নাছিল
ক'ত কেনেকৈ লুকাই থাকে
চিপৰাঙৰ নিষ্ঠুৰতা,
ড্ৰিলিঙৰ অন্তৰ্ভেদী চিঞৰ।

শোকত শিল হোৱা মানুহ মই দেখিছোঁ।
পাথৰৰো শোক আছে, দুখ আছে,
ভাঁজ আৰু ভাষা আছে অন্তৰৰ;
ভাব তাৰ বুজিছিলে ভাস্কৰ মুৰে—
ছন্দ লয় উত্থান পতন
গতিহীনতাৰ মাজতো ইমান সচ্ছল, গতিময়—
মূৰ্ত মানৱতাৰ প্ৰতীক।

শেলুৱৈ ধৰা ওখ পাথৰ দেখিলেই
আজিও মোৰ সোণৰ চছমা পিন্ধা
বুৰঞ্জীৰ সেই প্ৰাজ্ঞ অধ্যাপকজনলৈ মনত পৰে;
তৰাফুলা ৰাতি কিলিঙৰ উপত্যকাত
শুনো মই ঘোঁৰাৰ খুৰাৰ শব্দ,
সময়ৰ কেইখিলামান উকা পাত

মানুহৰ কৃতঘ্নতা আয়ুষ্মান 
পাথৰেহে জানে!


(প্ৰথম প্ৰকাশ: ১৯৮৯)

An English translation of the Poem.