পূৰবী শইকীয়া বৰুৱাৰ কবিতা

প্ৰেমৰ ঈশ্বৰ

বুদ্ধৰ বাটেৰে খোজবোৰ দিওঁতে
তেওঁ আমাক কয়—'ঈশ্বৰ নাই, শূন্যতাই ঈশ্বৰ,
প্ৰেমৰ জ্যোতিৰেহে উজ্বলি থাকে সৌধ।'

প্ৰেমময় সময়ে ক'লে—‘আহা , হাতত ৰঙা গোলাপ লৈ আহা।'
মিঠা বিষাদ এটা অনন্ত সংগী হৈ এতিয়া
মোৰ কাষে কাষে,
দূৰ দিগন্তৰ অন্তৰ্লীণ শূন্যতাতো মই মুগ্ধ।

তেওঁ প্ৰতিদিনেই মোৰ হাতত তুলি দিয়ে
বিশ্বাসৰ একোপাহ ৰঙা গোলাপ,
আৰু কয়—ঈশ্বৰ নাই শূন্যতাই ঈশ্বৰ।
সহযাত্ৰী

আজিৰপৰাই আৰম্ভ হওক 
এই যাত্ৰা,
আপুনিও হ'ব নেকি অংশীদাৰ?
ক'ত অন্ত পৰিব হয়তো নাজানিম
তথাপি বিচাৰোঁ
এই যাত্ৰা হওক অনন্ত কালৰ বাবে,
এৰি অহা দিনবোৰে সংগ 
উন্মুচিত হ'ব জীৱনৰ জলছৱিৰ
হেজাৰ মিছিল,

বিচাৰি যাম দিয়ক
জীৱনৰ কথকতাৰ নীৰৱ প্ৰাৰ্থনা,
পাম নে বিচাৰি 
বিমূৰ্ত মান স্বপ্নৰ সম্ভেদ।

এই যে আমি গৈ আছোঁ
মাথোঁ গৈ আছোঁ
এই যাত্ৰাত কিমান দূৰলৈকে
হাতত ধৰি যাব,
সহযাত্ৰী হ’ব নেকি
আপোনাৰ বা মোৰ
এই অন্তহীন যাত্ৰাত।

Click here for an English translation of the poems.