প্ৰকল্প ৰঞ্জন ভাগৱতী
অৱহেলা-বঞ্চনা, দুখ-যন্ত্ৰণা, অৱদমনে কণ্ঠৰুদ্ধ কৰা লোকৰ সুধাকণ্ঠ হোৱাৰ চেষ্টাকে যেন ভূপেন হাজৰিকাই জীৱনৰ সৰহখিনি সময় চলাই গ’ল।
ইংৰাজী লিৰিক (Lyric) শব্দই lyre বা তেনে কোনো বাদ্যৰে সৈতে গাব পৰা চুটি কবিতাক বুজায়। গীতবোৰ লিৰিক বা গীতিকবিতাই। গীতিকবিতাত বক্তাৰ ব্যক্তিগত আৱেগ-অনুভূতি আৰু ভাবনা-চিন্তা প্ৰকাশ পায়। আধুনিক কালত লিখা চুটি কবিতাবোৰ একধৰণৰ গীতিকবিতা। ভূপেন হাজৰিকাৰ গীতবোৰকো আমি গীতিকবিতা হিচাপে পঢ়িব পাৰোঁ।
কবি হিচাপে ভূপেন হাজৰিকাৰ আটাইতকৈ সৃষ্টিশীল সময়ছোৱা আছিল যোৱা শতিকাৰ ষাঠি আৰু সত্তৰ দশক। সেইখিনি সময় আধুনিক অসমীয়া কবিতাৰো থিয় দঙা দিয়াৰ সময়। যি সময়ত ৰামধেনু আলোচনীক কেন্দ্ৰ কৰি আধুনিক কবিতাই পশ্চিমীয়া কাব্য-কৌশলৰ থলুৱাকৰণৰ সুচল বাট বিচাৰি নাপায় জটিলতাৰ ফালে ঢাল লৈছিল, সেই সময়ত ভূপেন হাজৰিকাৰ গীতিকবিতাই সৰল প্ৰকাশভংগীৰে পাঠক-শ্ৰোতাৰ অন্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। কাৰ বাবে লিখিব, কাৰ কথা লিখিব, কেনেকৈ লিখিব সেই সম্পৰ্কে ভূপেন হাজৰিকাৰ এক সুস্পষ্ট নীতি আছিল, যিটো ৰামধেনু আলোচনীৰ কবি-কুলৰ বহুতৰে নাছিল। ‘শীতৰে সেমেকা ৰাতি’ (১৯৬৯) কবিতাত হাজৰিকাৰ সেই নীতি-আদৰ্শৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। কুৰি শাৰীৰ কবিতাটোত ‘শীতৰে সেমেকা ৰাতি’ শাৰীটো পাঁচবাৰ পুনৰাবৃত্ত হৈছে। শীতৰ ৰাতিবোৰ যেন দুখ-কষ্ট আৰু যন্ত্ৰণাৰ প্ৰতীক। দুখ-কষ্টৰপৰা পৰিত্ৰাণ পাবৰ বাবে মানুহৰ চেষ্টাৰ অন্ত নাই। কিন্তু সকলোৱে পাৰিছে জানো পৰিত্ৰাণ পাব? দৰিদ্ৰ খেতিয়কজনৰ বাবে শীতৰপৰা পৰিত্ৰাণৰ উপায় হ’ল তুঁহজুই একুৰা। কবিতাটোত বক্তা হ’ব বিচাৰিছে উমি উমি জ্বলি থকা তেনে তুঁহজুই একুৰাৰ উত্তাপ; একেদৰে বক্তা হ’ব বিচাৰিছে কোনো ভোকাতুৰ মজদুৰৰ হঠাৎ ভমকি উঠা ক্ষুধাগ্নিৰ প্ৰতাপ, কোনো সংখ্যালঘু জনৰ আৰ্ত স্বৰ আৰু কণ্ঠৰুদ্ধ কোনো গায়কৰ প্ৰভাত আনিব পৰা অথচ নোগোৱা অমৰ গীতৰ কণ্ঠ। গোটেই কবিতাটোত বক্তাই সমাজৰ বঞ্চিত আৰু অৱহেলিত লোকৰ সহমৰ্মী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছে। ‘শীত’ আৰু ‘ৰাতি’ শব্দ দুটা দুখ আৰু কষ্টৰ সমাৰ্থক হৈছে। বিপৰীতে ‘জুই’, ‘উত্তাপ’, ‘অগনি’, ‘প্ৰতাপ’, ‘প্ৰভাত’ আৰু ‘সুধাকণ্ঠ’ শব্দই তেনে দুখ-যন্ত্ৰণাৰপৰা পৰিত্ৰাণ পোৱাৰ আশা দেখুৱাইছে। অৱহেলা-বঞ্চনা, দুখ-যন্ত্ৰণা, অৱদমনে কণ্ঠৰুদ্ধ কৰা লোকৰ সুধাকণ্ঠ হোৱাৰ চেষ্টাকে যেন ভূপেন হাজৰিকাই জীৱনৰ সৰহখিনি সময় চলাই গ’ল।
লগতে পঢ়ক: ভূপেন্দ্ৰ সংগীতৰ বৈচিত্ৰ্য আৰু বৈশিষ্ট্য –এটি চমু আভাস
হাজৰিকাৰ ভালেমান গীতত তেওঁৰ কাব্যপ্ৰতিভা উজ্জ্বল ৰূপত প্ৰকাশ পাইছে। কাঁচঘৰ (১৯৭৫) নামৰ এখন চলচ্চিত্ৰৰ বাবে লিখা ‘জীৱন ঘড়ীৰ প্ৰতিটো পল’ গীতটো তাৰ এক উদাহৰণ। চৈধ্য শাৰীৰ গীতটোত স্পেনিছ চিত্ৰশিল্পী ছালভাডৰ ডালিৰ ‘The Persistence of Memory’ শীৰ্ষক তৈলচিত্ৰ এখনৰ প্ৰসংগ আহিছে। তৈলচিত্ৰখন অধিবাস্তৱবাদী ধাৰাৰ এক উৎকৃষ্ট উদাহৰণ। প্ৰথম বিশ্বযুদ্ধৰ পিছতে য়ুৰোপত আৰম্ভ হোৱা এই অধিবাস্তৱবাদী ধাৰাত ব্যক্তিৰ অৱচেতন মনৰ ভাবনা-চিন্তাক প্ৰকাশ কৰিবলৈ অযৌক্তিক আৰু অবাস্তৱ দৃশ্যক কৌশল হিচাপে ব্যৱহাৰ কৰা হয়। ডালিৰ উক্ত তৈলচিত্ৰখন হ’ল এক নিসৰ্গচিত্ৰ, য’ত তিনিটা লেতুসেতু (soft) জেপঘড়ী, এটা গোটা (hard) জেপঘড়ী আৰু এটা ছাইবৰণীয়া দৈত্যকায় প্ৰাণী চকুত পৰে। গীতটোৰ প্ৰথম স্তৱকটোতে ডালিৰ তৈলচিত্ৰখনৰ প্ৰসংগ আহিছে–
“জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ'ল”
ডালিৰ তৈলচিত্ৰত সময়ৰ সংকেত দিয়া ঘড়ীবোৰ গলিবলৈ ধৰিছে। চিত্ৰখনৰ উজ্জ্বল পোহৰৰ পৰিৱেশটোলৈ চাই ধাৰণা হয় সূৰ্যৰ পোহৰতে ঘড়ীবোৰ গলিবলৈ ধৰিছে। অৰ্থাৎ গলা প্ৰক্ৰিয়াটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া। গোটা ঘড়ীটোৰ ওপৰভাগ পৰুৱা কিছুমানে আগুৰি ৰাখিছে। ডালিৰ শিল্পত পৰুৱা প্ৰায়ে ক্ষয়ৰ প্ৰতীক। পৰুৱাজাকে যেন সময়ৰ সংকেত দিয়া যন্ত্ৰটো অচিৰেই ক্ষয় কৰি পেলাব। যন্ত্ৰটো নোহোৱা হ’লে সময়ৰো কোনো হিচাপ নোহোৱা হ’ব। কিন্তু হাজৰিকাৰ গীতত নিঃসংগতাৰ অৱশেষ হিচাপেহে পৰুৱাৰ কথা আহিছে–
“নিসংগতাৰ পৰুৱা এটি মাথোঁ তাতে পৰি ৰ'ল।”
ইয়াৰ পিছৰ দুটা স্তৱকৰ সৈতে চলচ্চিত্ৰখনৰ কাহিনীৰ সম্পৰ্ক থাকিলেও কবিতাটোক তেনে প্ৰেক্ষাপটৰপৰা আঁতৰাই পঢ়িলেও অৰ্থ আৰু তাৎপৰ্যৰ অকণো হীন-দেঢ়ী নঘটে। দ্বিতীয় স্তৱকত বক্তা কোনো ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পাওঁ। তৃতীয় তথা অন্তিম স্তৱকত পাওঁ সেই কাৰণেই বক্তাৰ জীৱন নাযায় নুপুৱায় যেন হৈ পৰিছে। কবিতাটোত বক্তা এগৰাকী মৃত্যুপথযাত্ৰী। তেওঁ বোধহয় ৰক্তজনিত কোনো ৰোগত আক্ৰান্ত। সেয়ে জীৱনৰ লয় বিলম্বিত হৈ পৰিছে। স্মৃতিবোৰ হাহাকাৰ ধ্বনিলৈ পৰিণত হৈছে। অন্ধকাৰৰ দিগ্বলয়ত পোহৰ হেৰাই যাবলৈ ধৰিছে। মৃত্যু-চেতনাই ব্যক্তিক মানসিকভাৱে কিমান বেছি নিঃসংগ আৰু বেদনা-বিধুৰ কৰি তুলিব পাৰে সেই কথা কবিতাটোৰ শেষৰ স্তৱকত গম পোৱা যায়—
“দিনবোৰ যেন সাগৰ পাৰৰ অঘৰী চৰাই হ’ল অন্ধকাৰৰ দিগ্বলয়ত পোহৰ হেৰাই গ’ল।”
অধিবাস্তৱবাদী কৌশল ব্যৱহাৰ কৰিলেও কবিতাটোৰ তাৎপৰ্য অনুধাৱনত পাঠকৰ অলপো অসুবিধা নহয়।
লগতে পঢ়ক: কবিতাত জীৱনৰ উদযাপন
‘এটুকুৰা আলসুৱা মেঘ ভাহি যায়’ কবিৰ আন এটা উৎকৃষ্ট কবিতা। ষোল শাৰীৰ কবিতাটোৰ ৰচনাকাল ১৯৬৯ চনৰ ২০ মে’। এপ্ৰিল-মে’ মাহ বসন্তকাল। কিন্তু কবিতাটোৰ পটভূমি শৰত কালৰ প্ৰাক মুহূৰ্ত। বসন্ত কাল হ’ল নাৰী-পুৰুষৰ প্ৰেম-মিলনৰ আৰু প্ৰকৃতি গছে-পাতে ভৰুণ হোৱাৰ কাল। শৰত কাল হ’ল উছৱৰ কাল। বসন্ত আৰু শৰতৰ মাজত বৰ্ষা ঋতু। বৰ্ষা নৱজীৱনৰ ঋতু। বৰষাই প্ৰকৃতিলৈ আনে সঞ্জীৱনী। কবিতাটোত বক্তা শাৰদীয় খিৰিকীমুখত ৰৈ থকা বুলি কৈছে। অৰ্থাৎ বৰ্ষা ঋতু চলি আছে। কিছুদিনৰ পিছতে শৰৎ আহিব। কালিদাসৰ মেঘদূত কাব্যৰ প্ৰসংগ কবিতাটোত ব্যৱহৃত হৈছে। বক্তাই নিজকে এক বিৰহী ‘যক্ষ মহানগৰীৰ’ বুলি কৈছে। প্ৰথম স্তৱকত আলফুল মেঘ, বনহংস আৰু শাৰদীয় খিৰিকী আদি চিত্ৰকল্পই প্ৰেম আৰু বিৰহত কাতৰ বক্তাৰ মনৰ চঞ্চল অৱস্থা তুলি ধৰিছে। দ্বিতীয় স্তৱকৰ বিজুলী চাকিৰ তাঁৰত ওলমি থকা নিয়ৰৰ অভিনৱ চিত্ৰকল্পত প্ৰিয়জনলৈ মনত পৰি বক্তাৰ মনত হোৱা অধীৰতাখিনি প্ৰকাশ পাইছে। তৃতীয় স্তৱকত মহানগৰৰ যান্ত্ৰিকতাত বন্দী হৈ পৰা বক্তাৰ হাহাকাৰ ধ্বনি প্ৰকাশ পাইছে–
“মই এক যক্ষ মহানগৰীৰ মিছলীয়া মৰমত কাৰাৰুদ্ধ সোঁৱৰণী শ্ৰাৱণতে আৱদ্ধ”
বক্তাই মহানগৰৰ যান্ত্ৰিক জীৱনত কাৰাৰুদ্ধ অনুভৱ কৰিছে। মহানগৰৰ মৰম মিছলীয়া। প্ৰাক-শৰতৰ আকাশৰ এটুকুৰা আলসুৱা মেঘে বক্তাৰ মনত প্ৰেম আৰু বিৰহ ভাব জগাই তুলিছে আৰু তাৰেই মাদকতাৰে তেওঁ চিঠি লিখিছে প্ৰিয়জনলৈ। মেঘে দূত হৈ তাক কঢ়িয়াই নিব লাগে। বিচ্ছেদে প্ৰেমৰ অনুভূতি তীব্ৰ কৰি তোলে। কবিতাটোত তাৰেই সুন্দৰ প্ৰকাশ দেখিবলৈ পাওঁ।
লগতে পঢ়ক: কবিতা পঢ়াৰ আনন্দ বনাম তাত্ত্বিক ব্যাখ্যা
১৯৫৪ চনত লিখা ‘পৰহি পুৱাতে টুলুঙা নাৱতে’ কবিতাটোক এটা আধুনিক মালিতা বা বেলাড হিচাপে পঢ়িব পাৰি। মালিতাবোৰত সাধাৰণতে ধেমেলীয়া, দুখজনক পৰিণতিৰ অথবা সুখদায়ক পৰিণতিৰ একোটা কাহিনী থাকে। এই কবিতাটোত এক দুখজনক কাহিনী বৰ্ণিত হৈছে। ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক কেতিয়াবা চৰিত্ৰ কৰি, আন কেতিয়াবা পটভূমি কৰি আৰু কেতিয়াবা বিষয় কৰি ভালেমান গীত লিখিছে। তেওঁৰ বাবে ব্ৰহ্মপুত্ৰ মহাবাহু, বহ্নিমান, অসমীয়া জাতিৰ আয়ুস ৰেখা। অসমৰ প্ৰকৃতি, ভূগোল, সমাজ, সংস্কৃতি আৰু জনজীৱনৰ সৈতে ব্ৰহ্মপুত্ৰৰ যি এৰাব নোৱৰা সম্বন্ধ সেয়া তেওঁৰ অনেক গীতত প্ৰত্যয়দীপ্ত ৰূপত প্ৰকাশ পোৱা দেখিবলৈ পাওঁ। এই কবিতাটোৰ পটভূমি ব্ৰহ্মপুত্ৰ। ইয়াত ব্ৰহ্মপুত্ৰ একে সময়তে জীৱন আৰু মৃত্যুৰ দ্যোতক হৈছে। ব্ৰহ্মপুত্ৰত মাছ মাৰি ৰংমন-ৰহদৈৰ জীৱন চলে। সেই একেখন নদীৰে ঢৌবোৰে মাছ মাৰিবলৈ যোৱা ৰংমনৰ প্ৰাণহীন শৰীৰ পাৰত শুৱাই থৈ যায়। কবিতাটোত টুলুঙা নাৱৰ প্ৰতীকটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। টুলুঙা নাও খীণকায় পাতল নাও। ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীত যিকোনো মুহূৰ্ততে সোঁতত উটি যোৱাৰ ভয়। টুলুঙা নাৱৰ দৰেই ৰংমন-ৰহদৈহঁতৰ জীৱন চঞ্চল, থৰক-বৰক। ৰহদৈয়ে ৰংমনক মাছ মাৰিবলৈ যাবলৈ হাক দিছে– ধুমুহা আহিব পাৰে; ক’ৰবাত কেনেবাকৈ ঘঁৰিয়ালে ধৰিব পাৰে। কিন্তু পেটৰ দায়ত, জীয়াই থকাৰ তাড়নাত ৰংমনহঁতৰ দৰে মানুহবোৰ যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু থাকে। সেয়ে প্ৰিয়জনৰ বাধা নেওচি ৰংমন মাছলৈ যায় আৰু গধূলি ব্ৰহ্মপুত্ৰৰ বুকুত নোহোৱা হয়। ৰংমন উভতি নহা দেখি ৰহদৈ কান্দি বাউলি হয়। কাহিনীটোৰ কথকে ঢৌবোৰক অনুৰোধ কৰে–
“অ' ঢৌ যাঃ গুচি নিশাকে নেওচি ৰংমনক আনিবৰ হ'ল। ঢৌবোৰে সাবটি ৰংমনৰ দেহাটি পাৰতে শুৱাই থৈ গ'ল।”
ঢৌবোৰে ৰংমনক পাৰত শুৱাই থৈ যায়। ৰংমনৰ মৃত্যুৰ বাতৰি ইয়াত ইংগিতপূৰ্ণ আৰু সেয়ে মৰ্মস্পৰ্শী। ‘ঢৌবোৰে সাবটি’ কথাষাৰে মানুহৰ প্ৰকৃতিৰ সৈতে গভীৰ আত্মীয়তাৰ তাৎপৰ্য বহন কৰিছে।
২০১৬ চনত আমেৰিকান গায়ক, গীতিকাৰ, সুৰকাৰ বব ডিলান(১৯৪১-)ক আমেৰিকাৰ চহকী গীতৰ পৰম্পৰালৈ এক নতুন ধৰণৰ কাব্যিক প্ৰকাশভংগী অনাৰ বাবে নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল (for having created new poetic expressions within the great American song tradition)। শঙ্কৰদেৱ-মাধৱদেৱৰ বৰগীতৰ সময়ৰ পৰা বেজবৰুৱা, জ্যোতিপ্ৰসাদ, পাৰ্বতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ সময়লৈ অসমতো গীতিকবিতাৰ এক চহকী পৰম্পৰা আছে। ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ এই চহকী পৰম্পৰাটোলৈ এক নতুন কাব্যিক প্ৰকাশ ভংগী আনিলে, যি একে সময়তে জনজীৱনৰ মাত-কথা, ভাব-চিন্তাৰ অধিক ওচৰচপা আৰু পশ্চিমীয়া আধুনিক কবিতাৰো কাষচপা। ডেভিড লেহমেনে সম্পাদনা কৰা দি অক্সফ’ৰ্ড বুক অৱ আমেৰিকান পোয়েট্ৰি (২০০৬) কাব্য-সংকলনত বব ডিলানৰ ‘Desolation Row’ শীৰ্ষক গীতটো সন্নিৱিষ্ট হৈছে। হোমেন বৰগোহাঞি সম্পাদিত এশ বছৰৰ অসমীয়া কবিতাত মিত্ৰদেৱ মহন্তৰ ‘চিৰচেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীত অন্তৰ্ভুক্ত হৈছে। কিন্তু ভূপেন হাজৰিকাৰ গীত এতিয়ালৈকে কোনো এখন আধুনিক অসমীয়া কবিতা-সংকলনতে অন্তৰ্ভুক্ত হোৱা নাই। আশা কৰোঁ অনাগত দিনত অসমৰ বৌদ্ধিক সমাজে তেওঁৰ কাব্য প্ৰতিভাৰ সঠিক সমীক্ষা কৰিব আৰু কাব্য-সংকলনবোৰত তেওঁৰ কবিতা উপেক্ষিত হৈ নাথাকিব।
প্ৰকল্প ৰঞ্জন ভাগৱতী এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু অনুবাদক। তেওঁ Poetry without Fearৰ যুটীয়া সম্পাদক।
হয়, ভূপেনদাৰ গানবোৰ এটা এটা ধুনীয়া কবিতা… আচলতে যি মেজিক -ভ ইছ বা যাদুকণ্ঠ.. সেই কণ্ঠৰ যাদুত মোহাচ্ছন্ন হৈ আমি সৰহভাগেইপাহৰি গৈছো… যে সেগানবোৰো সুকীয়া কৈ হ’বপাৰে একো একোটা সাংঘাটিক কবিতা….।আশাকৰোঁ…অনাগত দিনত সুধাকণ্ঠৰ গানবোৰ.. কবিতাআকাৰে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব।
ইমান আলফুলকৈ,সৰলভাৱে কথাখিনি ক’লে ,কিবা এটা বিষাদৰ হুমুনিয়াহ ওলাই আহিল ।
বিষয়বস্তুৱে হৃদয় বিগলিত কৰি পেলাইছে ৷ আৰু .. . আপোনাৰ গদ্য ইমান কোমল , বাৰে বাৰে পঢ়িব পাৰি ৷ লগতে সুধাকণ্ঠৰ গীতৰ মৰ্মাৰ্থ বুজিলোঁ ৷ ইমান দিনে গান বুলিহে শুনি আছিলোঁ ৷ অশেষ ধন্যবাদ ৷
সুন্দৰ বিশ্লেষণ, গ্ৰীক লোক সাহিত্যৰ লাইৰে lyre ৰ পৰা সঞ্জীৱীত লোক সাহিত্যৰ সম্ভেদ দাঙি ধৰিছে হেম বৰুৱা ই তেখেতৰ লেখনিৰ জৰিয়তে। হাজৰিকা এগৰাকী ৱাল্ট হুইটমেনৰ দৰে যাযাবৰী লোক -কলা -কৃষ্টি ৰ লাইৰে lyre গায়ক হিচাবে বিশ্ব বন্দিত অনুসন্ধানী গায়ক,কবি, সাহিত্যিক আৰু সমাজ সংস্কাৰক ( গীতৰ কথাৰে মানৱতাৰ কথা উনুকিয়াই গৈছে এগৰাকী বিখ্যাত সমাজ সংস্কাৰক হিচাপেও)।
পৃথিৱীৰ চাৰিওকোণৰ শিল্প কলা কৃষ্টি বিপ্লৱৰ ছবি খন সুন্দৰ কৈ দেখিবলৈ পাইছিল পিকাচুৰ ব্লু পীৰিয়দৰ পৰা কিউবিজম লৈ, ছাত্ৰেৰ অস্তিত্ব বাদৰ পৰা বেজবৰুৱা আৰু গুৰুজনাৰ ভক্তি আন্দোলনৰ সূচনা ৰে জীৱনক জগাই তোলাৰ দিশটোক সাঙুৰি আমাৰ অসমীয়া গীতি -সাহিত্যৰ পাত সমৃদ্ধ কৰি গৈছে।
চালভাদোৰ দালিৰ চিত্ৰ শিল্পৰ প্ৰভাৱত তেওঁ এনে ৰচনা ৰ চিন্তা ধাৰাৰ সৈতে পৰিচিত হোৱাৰ কাৰণ নোহোৱা ন’হয়।
আমি তেওঁৰ লোক গীতৰ সুৰ বিলাক অনুধাৱন কৰিলে কিছুমান জনগোষ্ঠীৰ লোকসকলৰ লোক কলা কৃষ্টি ৰ জনজীৱনৰ সাংগিতীক লয়,লিৰিক,লাইৰে lyre দেখিবলৈ পাওঁ।
অৰুণাচল প্ৰদেশত থাকোঁতে দেখিবলৈ পাওঁ নিচি( Nyshi) সম্প্ৰদায়ৰ লোক সকলৰ মাজত এটি লোক গীত আছে; নিয়াকুম(Nyakum Festival) ৰ প্ৰথম আৰম্ভণি লোক গীত টি হ’ল:
“ৰিকাম ব
পাদাঙ অ
আয়েঙে যা ….”
এই লোক গীত টিৰ সুৰটো এবাৰ শুনিলে তেওঁ গোৱা অসমীয়া গীতটিৰ সুৰটো অবিকল যেন
নিচি লোক গীতৰ গুঞ্জন শুনিবলৈ পাওঁ!
এই কথা নুই কৰিব নোৱাৰি যে তেওঁ এসময়ৰ বন্ধু অৰুণাচল প্ৰদেশৰ উপ ৰাজ্যপাল পাল আৰ,এন হালদিপুৰ চাহিবে তেওঁক “মেৰী মা মেৰী ধৰম” চলচ্চিত্ৰ খনৰ পৰিচালনা ৰ দায়িত্ব দিছিল। ইয়াত অভিনয় কৰা টাটাৰ হুহুক আমি ইটানগৰত থাকোতে লগ পোৱাৰ সৌভাগ্য হৈছিল তেখেতৰ ভাতৃ অমৰ হাজৰিকাৰ সৈতে।ড° ভূপেন হাজৰিকাই নিচি অধ্যুষিত অঞ্চলসমূহত এই চলচ্চিত্ৰখনৰ ছুটিঙৰ বাবে “ইয়াজালি”( Yazali)লৈ গৈছিল আৰু কেম্প কৰি আছিল। তেওঁ সম্ভৱত তেতিয়া লোক জীৱনৰ শিল্প-কলা কৃষ্টি, জনজীৱনৰ সুৰ,টন, ফিলিংছ বিলাক আয়ত্ব কৰিছিল বুলি মনে ধৰে।
সুন্দৰ ব্যাখ্যা।