পাৰ্ছী বীছ্ শ্বেলীৰ ‘কবিতাৰ সপক্ষে’

বিবেকানন্দ চৌধুৰী

প্ৰস্তাৱনা

ইংলেণ্ডৰ ছাছেক্সত এক আঢ্যৱন্ত পৰিয়ালত পাৰ্ছী বীছি শ্বেলীৰ জন্ম হৈছিল। তেওঁ ইটন আৰু অক্সফ’ৰ্ডত শিক্ষা গ্ৰহণ কৰিছিল। অৱশ্যে তাৰপৰা তেওঁ নিৰীশ্বৰবাদ সমৰ্থন কৰি প্ৰচাৰপত্ৰ লিখাৰ অপৰাধত বিতাৰিত হৈছিল। মাত্ৰ ঊনত্ৰিশ বছৰ বয়সত নাও বুৰি প্ৰাণ হেৰুওৱা শ্বেলীয়ে দুবাৰ বিবাহ কৰাইছিল। তেওঁৰ প্ৰথমা পত্নীয়ে আত্মহত্যা কৰিছিল আৰু তাৰ কিছু পাছতেই তেওঁ দ্বিতীয়া পত্নী মেৰী উলষ্টোনক্ৰাফ্টৰ পাণিগ্ৰহণ কৰিছিল। মেৰী আছিল ফ্ৰাংকেনষ্টাইন গ্ৰন্থৰ ৰচক আৰু A Vindication of the Rights of Woman নামৰ গ্ৰন্থখনৰ প্ৰণেতা মেৰী উলষ্টোনক্ৰাফ্টৰ জীয়ৰী। সমসাময়িক জনপ্ৰিয় ৰোমাণ্টিক কবি জন কিটছ আৰু লৰ্ড বাইৰন আছিল তেওঁৰ নিকট বন্ধু। কিটছৰ মৃত্যুৱে তেওঁক ‘এড’নেইছ’ (Adonais) ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

পাৰ্ছী বীছি শ্বেলী

শ্বেলীৰ A Defence of Poetryত লিখা কথাখিনি একে নামৰ ‘Defenses’ of Poetry’ত থকা বক্তব্যৰ পৰা বহু পৃথক। শ্বেলীৰ এই ৰচনাত কবিতাৰ কোনো নিয়মৰ কথা লিখা নাই, বা তেওঁৰ সমসাময়িকসকলৰ সৌন্দৰ্যবিচাৰ সম্পৰ্কে কোনো মন্তব্যও নাই। বৰং কবি আৰু কবিতাৰ বিষয়ে শ্বেলীৰ দাৰ্শনিক অনুমানবোৰে সাধাৰণভাৱে ৰোমাণ্টিক আন্দোলন আৰম্ভণি কৰি দিয়া বুলি ধৰি ল’ব পাৰি। মৃত্যুৰ এবছৰ আগেয়ে লিখি যোৱা এই ৰচনাত শ্বেলীয়ে তেওঁৰ বন্ধু থমাছ লাভ পিককৰ এখন আলোচনীত প্ৰকাশিত কবিতাৰ চাৰি যুগ সম্বন্ধে লিখা এটা খুহুতীয়া নিবন্ধৰ ওপৰত বক্তব্য ৰাখিছে। পিককৰ লেখাটোত কিছু সংজ্ঞা আৰু মোখনিৰে কবিতাক ব্যংগ কৰিছে আৰু হাস্যকৰ মন্তব্য ৰাখিছে, বিশেষকৈ ইয়াকে লৈ যে বিজ্ঞান আৰু প্ৰযুক্তিৰ এই একাধিপত্যৰ যুগত কবিতা মূল্যহীন আৰু অপ্ৰয়োজনীয় আৰু বুদ্ধিমান লোকসকলে তেওঁলোকৰ সাহিত্যচৰ্চাত অবাবত সময় নষ্ট নকৰি তেওঁলোকৰ বুদ্ধিমত্তা অৰ্থপূৰ্ণ কামত লগাব লাগে। শ্বেলীয়ে এই কথাৰ আঁত ধৰিয়ে ইয়াক আৰু বহল পৰিসৰলৈ লৈ গৈছে, আৰু এই ৰচনাখন তাৰ পোনপটীয়া প্ৰত্যুত্তৰ নহৈ একধৰণৰ শ্লেষমিশ্ৰিত প্ৰতিক্ৰিয়া ৰূপেহে পৰিগণিত হৈছে। আৰম্ভণিতে শ্বেলীয়ে কাৰণ আৰু কল্পনাৰ আশ্ৰয় লৈছে, কাৰণক যুক্তিপূৰ্ণ চিন্তা আৰু কল্পনাক বোধ হিচাপে সংজ্ঞা দি। তেওঁ লগতে এই কথাও যোগ দিছে যে, “কাৰণে পাৰ্থক্যক সন্মান কৰে, আৰু কল্পনাই বস্তুবোৰৰ মাজৰ অভিন্নতাক।” (“reason respects the differences, and imagination the similitudes of things.”) কাৰণ আৰু কল্পনাৰ পৰা, মানৱে সৌন্দৰ্যৰ সন্ধান কৰে, আৰু সৌন্দৰ্যৰ জৰিয়তেহে সভ্যতাৰ উন্মেষ ঘটে। ভাষা, শ্বেলীৰ মতে মানৱসমাজৰ শৃংখলা আৰু সম্প্ৰীতিৰ প্ৰতি ধাউতি, যাৰ জৰিয়তে একতা আৰু সৌন্দৰ্যৰ মূল্যাংকন হয়। ভাষাৰ ‘আধিক্য’ থকাসকল হয় কবি, যিসকলৰ কাম হ’ল তেওঁলোকৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ আনন্দখিনি কবিতাত সুমুৱাই থোৱা। শ্বেলীয়ে যুক্তি দিয়ে যে, সভ্যতা কাব্যৰ যোগেৰেহে জীয়াই থাকে আৰু বিকশিত হয়। এই ধাৰণাই শ্বেলীৰ বোধেৰে, কাব্যৰচকক এজন ভৱিষ্যদ্ৰষ্টা হিচাপে পৰিগণিত কৰে, যিজনে আগন্তুক সম্ভাব্য ঘটনাৱলী সম্পৰ্কে ভৱিষ্যদ্বাণী কৰাজন নহয়, কিন্তু এনে এজন ব্যক্তিহে যি “শাশ্বতত, অসীমত আৰু একমেৱদ্বিতীয়মত অংশগ্ৰহণ কৰে” (“participates in the eternal, the infinite, and the one.”)। তেওঁ কাব্যক ঐশ্বৰিক আৰু জৈৱিক ক্ৰিয়া হিচাপে পৰিগণিত কৰে। “এটা কবিতা হ’ল জীৱনৰ প্ৰতিচ্ছবিখিনিক ইয়াৰ শাশ্বত সত্যত প্ৰকাশ কৰা… ইয়াৰ কা্ৰ্যৰ সৃষ্টি মানৱ প্ৰকৃতিৰ অপৰিবৰ্তনীয় ৰূপৰ দ্বাৰা নিয়ন্ত্ৰিত, স্ৰষ্টাৰ মনত ই যেনেদৰে থিতাপি লয়” (“A poem is the very image of life expressed in its eternal truth… the creation of actions according to the unchangeable forms of human nature, as existing in the mind of the Creator…”)। সেয়ে কবিৰ কাম হ’ল কাব্যক ব্যাখ্যা কৰা আৰু উপস্থাপন কৰা; শ্বেলীৰ ৰূপক এইখিনিতে দৃশ্যমান হৈছে:“কবিতা এনে এখন আইনা যি বিকৃত কিবা এটাকো সুন্দৰ ৰূপত উপস্থাপন কৰে” (“Poetry is a mirror which makes beautiful that which is distorted”)। 

শ্বেলীৰ যুক্তিৰ পৰৱৰ্তী অংশই কাব্যত নীতিশাস্ত্ৰ সম্পৰ্কে সততে উত্থাপিত প্ৰশ্নৰ বিষয়টো চৰ্চা কৰিছে। শ্বেলীৰ বাবে, কাব্য এক উপযোগী সৃষ্টি, কিয়নো ই মনক জাগ্ৰত কৰি তাৰ পৰিসৰ বৃদ্ধি কৰি চিন্তাৰ হেজাৰটা নভবা যুটিৰ গ্ৰহণৰ আধাৰ হিচাপে সাজু কৰি দি সভ্যতাৰ উন্মেষ ঘটায়। কাব্যই বিশ্বৰ লুকাই থকা সৌন্দৰ্যখিনিৰ আঁৰকাপোৰ গুচাই দিয়ে। শ্বেলীয়ে ধ্ৰুপদী কালছোৱাৰে আৰম্ভ কৰি, খ্ৰীষ্টীয় যুগেৰে যাত্ৰা কৰি মধ্যযুগত অৱগাহন কৰি বৰ্তমান সময়ত আহি উপস্থিত হোৱা যাত্ৰাত নাট্যশাস্ত্ৰ আৰু যুগে যুগে চলি অহা কাব্যৰ সমালোচনাত্মক ইতিহাসো স্পৰ্শ কৰে আৰু কাব্যৰচক আৰু কাব্যক “একেবাৰে স্বৰ্গীয়” বুলি অভিহিত কৰিছে আৰু কবিসকলে পালন কৰা তাৎপৰ্যপূৰ্ণ ভূমিকাক বলিষ্ঠ ভাষাৰে প্ৰতিষ্ঠা কৰিছে আৰু তেওঁৰ বিখ্যাত শেষ উক্তিৰে মোখনি মাৰিছে: “কবিসকল বিশ্বৰ অস্বীকৃত আইন প্ৰণেতা ।”

শ্বেলীৰ উক্ত সুবিখ্যাত ৰচনা A Defence of Poetryৰ অসমীয়া অনুবাদ পৰৱৰ্তী সংখ্যাৰপৰা ধাৰাবাহিকভাৱে প্ৰকাশ পাব।

লগতে পঢ়ক একেজন লেখকৰ : অনুবাদ আৰু অনুবাদকৰ অনুভৱ  

বিবেকানন্দ চৌধুৰী এগৰাকী অনুবাদক আৰু লেখক৷ বৃত্তিত এগৰাকী অভিযন্তা চৌধুৰীয়ে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অনুবাদ কৰিছে৷