নীলকান্ত শইকীয়াৰ কবিতা

Issue: Vol. IV, No. 3, November-January, 2025-26

সোণালী বন্দিত্ব

তৰাবোৰে মানি লৈছে আকাশৰ বন্দিত্ব
সিহঁতে হাঁহি থাকে কান্দি থাকে
নাচি থাকে গান গায়
কিন্তু সকলো শূন্যতাৰ দ্বাৰা নিৰ্ণীত।

মাছবোৰে মানি লৈছে নদীৰ গভীৰত্ব
সিহঁতে দুখ কৰে সুখ কৰে
মেল মাৰে ছবি আঁকে
সিহঁতৰ সুখ-দুখ পানীৰ দ্বাৰা নিয়ন্ত্ৰিত৷

চৰাইবোৰে মানি লৈছে বতাহৰ মহত্ত্ব
সিহঁতে উৰি ফুৰে খেল খেলে
ঠেঁহ পাতে ঠেঁহ ভাঙে
সকলো ডেউকাৰ দ্বাৰা নিৰ্ধাৰিত৷

সকলোৱে মানি লৈছে সোণালী বন্দিত্ব
তৰাবোৰে
মাছবোৰে
চৰাইবোৰে

যি শৃংখলিত অথচ উন্মুক্ত৷


বজাৰত এদিন এজন কবি

পিছ পকেটত এপেকেট কোলাহল লৈ কবি
ঘূৰিছে বজাৰত৷ ফল-মূলৰ বেপাৰী, কণীৰ বিক্রেতা
গেলামালৰ দোকানী, কছাইৰ ওলোমাই থোৱা
ছাগলীয়ে তেওঁক মাতিছে৷ তেওঁ মাজে মাজে
পেকেটটো খোঁচৰে আৰু হিচাপৰ কোলাহল
হিচাপ মতে দি কান্ধৰ মোনাত ভৰাই শূন্যতা৷

গেলামালৰ দোকানত তেওঁ পদার্পণ কৰিছে৷
পিয়াঁজকেইটামানে তেওঁক দেখি চুকত সোমাইছেগৈ
আলুকেইটামান তেওঁৰ কাষ চাপি আহিছে৷

আমাক কিনিবানে?
আছেনে তোমাৰ জেপত ইমানখিনি কোলাহল!

কবি চিন্তিত হ’ল৷ তেওঁ খুচুৰা কোলাহলকেইটা
জোঁকাৰি চালে আৰু নীৰৱে আঁতৰি আহিল৷

এইবাৰ তেওঁ নিজক উন্মোচন কৰিলে পাচলিৰ সন্মুখত
কবি দুটামান আগুৱাই আহি সম্ভাষণ জনালে
: কেনে আছা কবি বন্ধু৷ ভালনে তোমাৰ?

কবিৰ উলাহ-আদৰ দেখি কবিৰ গা উঠিল৷
ঘপহকৈ তেওঁ আটাইখিনি কোলাহল দোকানীৰ
হাতত গুঁজি দিলে৷

এতিয়া তেওঁৰ সমস্তত কেৱল শূন্যতা৷

English translation of thne poems.