নীলিম কুমাৰৰ সৈতে কিছু আন্তৰিকতাপূৰ্ণ আলোচনা

শব্দক অৰ্থৰ পৰা মুক্তি দিয়াই হ’ল কবিসকলৰ প্ৰধান কাম

যুগুতাইছে বিবেকানন্দ চৌধুৰীয়ে

উদয় ভাৰতী ৰাষ্ট্ৰীয় পুৰস্কাৰ, শব্দ পুৰস্কাৰ, ৰাজা ফাউণ্ডেশ্যন পুৰস্কাৰ, ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যন পুৰস্কাৰ, ডিষ্টিংগুইশ্বড্ লিডাৰশ্বিপ পুৰস্কাৰ, মফিজুদ্দিন আহমদ হাজৰিকা পুৰস্কাৰ, ঈগল সাহিত্য পুৰস্কাৰ আদিৰে সন্মানিত নীলিম কুমাৰৰ বৰ্তমানলৈ চব্বিশখন কাব্য-সংকলন, তিনিখন উপন্যাস প্ৰকাশিত হৈছে। তেওঁৰ কবিতা বঙালী, হিন্দী, মাৰাঠী, পঞ্জাৱী, কানাড়া, তামিল, তেলেগু, নেপালী, উৰ্দু আদি বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈ প্ৰকাশ হোৱাৰ উপৰি ইংৰাজী, ফৰাছী, স্পেনিছ, জাৰ্মান আদি সাংস্কৃতিকভাৱে চহকী ভাষালৈও অনূদিত হৈ প্ৰকাশ পাইছে। তেওঁৰ মূল কবিতাৰ অনুবাদৰ তিনিখন কাব্য-সংকলন ইংৰাজীত, তিনিখন হিন্দীত, এখন পঞ্জাৱীত আৰু এখন বঙালীত প্ৰকাশ পাইছে। তেওঁৰ কবিতা বাংগালোৰ বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, মিজোৰাম বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়, ভট্টদেৱ বিবিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। তেওঁ সাহিত্য অকাডেমীৰ দ্বাৰা আয়োজিত অনুষ্ঠানত বাংলাদেশলৈ ভাৰতক প্ৰতিনিধিত্ব কৰাৰ উপৰি ভাৰত-ফৰাচী সাংস্কৃতিক বিনিময় (Indo-French Cultural Exchange) কাৰ্যসূচীত ফান্সলৈ আমন্ত্ৰিত প্ৰতিনিধি হিচাপে যোগদান কৰিছিল।

নীলিম কুমাৰ

কবিতা সৃষ্টিকৰ্মৰ বিষয়েই অলপমান কওক৷

যিহেতু কবিতা লিখিছোঁ, সেয়ে কবিতা সম্পর্কে অনিবার্যভাৱেই কিছু কথা ক’বলগীয়া হয়েই। কিন্তু নিজৰ কবিতা সম্পর্কে ইমান কথা ক’বলগীয়া থাকে বাবে সেইবোৰ পৰিপাটিকৈ কোৱা টান হৈ পৰে মোৰ ক্ষেত্ৰত। কাৰণ মই গদ্যলেখক নহয়। সেয়ে কথাবোৰ খেলি-মেলিও হয়। আনহাতে মোৰ কথাবোৰত স্ববিৰোধ থাকেই। মোৰ কাব্যচিন্তাত মোৰ স্ববিৰোধক লৈও মোক ব্যংগ-তাচ্ছিল্য কৰা হয়। কিন্তু মোৰ স্ববিৰোধ মোৰ সমস্যা নহয়। মই জানো স্ববিৰোধ মানে একে ঠাইতে ৰৈ নথকা। একেবোৰ কথাকো খামুচি নথকা। আনকি স্ববিৰোধ উত্তৰণৰো পথ। মোৰ স্ববিৰোধ মোৰ জী থকাৰ লক্ষণহে!

নিজক খান্দি খান্দি নিজক প্ৰকাশ কৰিবলৈ অৱশেষত নিজৰ সুবিধা মতে যি এটা ভাষা বিচাৰি পাইছিলোঁ, সেই বাটতে দেখিছিলোঁ ভাষাৰ কালিকা আৰু বিশাল অর্থময়তা তথা একে সময়তে তাক অস্বীকাৰ কৰা দ্বান্দ্বিক চিন্তা। এনেদৰেই নিজৰ কাব্যযাত্ৰাত খোজ দিছিলোঁ। আৰু অৱশেষত এজন কবিৰ কপালত যি ঘটে— কিছু পাঠক আৰু কিছু প্রশংসা তথা নিন্দা, সেয়া লাভ কৰিবলৈ সমৰ্থ হ’লোঁ।

কবিতাৰ পাঠকৰ বিষয়ে অলপ

সদায় কবিতাই কম সংখ্যক পাঠকেই লাভ কৰে। ইয়াত কবিতাৰ একো ক্ষতি নহয়। গদ্যৰ তুলনাত কবিতাৰ দীৰ্ঘতা কম হ’লেও কবিতাই বিচাৰে সৰ্বোচ্চ ত্যাগ। জীৱনক জনাৰ আৰু তাৰ বাবে আত্মোৎসর্গৰ চৰম পৰীক্ষা দিবলগীয়া হয় কবিসকলকেই৷ এই পৃথিৱীত যিমান সংখ্যক কবি তিষ্ঠি আছে, তাৰ তুলনাত হেৰাই গৈছে লাখ লাখ কবি৷ মই ভাবোঁ কবিসকলে যিমানেই পৰিণতিৰ পিনে যায়, সিমানেই তেওঁৰ কবিতা মহৎ হৈ উঠাৰ সম্ভাৱনা থাকে!

কবিতাৰ ভাষা সম্পৰ্কে

এসময়ত আধুনিকতাৰ নামত কেৱল অস্পষ্টতা, ৰহস্যময়তা, দুর্বোধ্যতা আৰু জনবিচ্ছিন্নতা আদিক উন্নত শিল্পগুণসম্পন্ন তথা কাব্যশিল্পৰ চৰ্ত বুলি ভবা হৈছিল। শিল্প বা সাহিত্যত জনবিচ্ছিন্নতা পুঁজিবাদী চিন্তাৰ দ্বাৰা সৃষ্টি হোৱা। কবিতা ভাষাশিল্প। ভাষাৰ নতুন নির্মাণ হ’লেও কবিতা কেৱল বুদ্ধিনিৰ্ভৰ হ’ব নোৱাৰে। কাৰণ কেৱল নির্মিত কবিতাত আচল বস্তুটোৱেই অনুপস্থিত হৈ থাকে, সেয়া হ’ল শব্দবোৰৰ প্ৰাণ প্রতিষ্ঠা। আৰু শব্দবোৰৰ প্ৰাণ প্রতিষ্ঠা দিব পাৰে আৱেগেহে। অৰ্থাৎ কবিৰ জীৱনেহে। সেয়ে কবি এজন বাৰে বাৰে, প্ৰত্যেকটো কবিতা লিখাৰ সময়তে জী উঠিব লাগে। এয়ে হ’ল কবিৰ কাব্যজীৱন!

কবিতাৰ নিৰ্মাণৰ পূৰ্বচৰ্ত

মোৰ কবিতাৰ কোনো ৰেচিপি নাথাকে। মই কবিতাৰ নিৰ্মাণকাৰ্যক ৰন্ধন কৰ্মৰ লগত তুলনা কৰোঁ। অথচ কি ৰান্ধিম তাৰ কোনো পূৰ্ব নিৰ্ধাৰণ নাথাকে। ঘৰলৈ আহোঁতে বজাৰৰ পৰা যদি কিবা কিনি আনিছিলোঁ বা অনা নহ’ল বা ৰান্ধনী ঘৰত ৰান্ধিবলৈ একো নাথাকে, অথচ নাৰান্ধিলেই নহয়; কাৰণ ৰন্ধাৰ ইচ্ছা আৰু পেটত ভোক— তেতিয়া মই শূন্যতাকে জিভাত দি চাওঁ। শূন্যতাকে ম‍ই ভাতৰ কাঁহীত বাঢ়ি লওঁ আৰু খুৱাওঁ মোৰ পেটক। কাৰণ মই বিশ্বাস কৰোঁ শব্দক অৰ্থৰ পৰা মুক্তি দিয়াই হ’ল কবিসকলৰ প্ৰধান কাম। এই অর্থমুক্তি সম্ভৱ হওক বা নহওক, মই তাক উত্থাপন কৰি গৈছোঁ। ইয়াৰ মাজতেই নিহিত হৈ আছে কল্প আৰু জগত সম্পর্কীয় মোৰ পূৰ্বৰ সকলো ধ্যান-ধাৰণা তথা আধুনিকতাবাদীসকলে নিৰ্ণয় কৰা মূল্যবোধক অস্বীকাৰ আৰু ওলট-পালট কৰি দিয়াৰ ভংগী, লগতে নিশ্চয়তাৰ বিৰুদ্ধে মোৰ প্রশ্ন!

কবিতা লিখাৰ মুহূৰ্ত

কবিতা এটা লিখাৰ মুহূৰ্তত মই কেৱল কবিতাৰ প্ৰতি দায়বদ্ধ। আন কাৰো প্ৰতি নহয়। কোনো এটা শব্দ বা এশাৰী বাক্য লৈ কবিতা এটা যদি মোৰ মূৰত উপস্থিত হৈছে, তেন্তে কবিতাটো লিখি শেষ নকৰালৈকে মোৰ শান্তি নাথাকে। মই কবিতাটো লিখি শেষ নকৰালৈকে থাকোঁ ভীষণ অস্থিৰতাত। মই ভাত-পানী খাব নোৱৰা হৈ পৰোঁ। শুব নোৱৰা হওঁ। অন্য কথা-বিষয়বোৰৰ প্ৰতি হৈ পৰোঁ আনমনা। কবিতাটো লিখি শেষ কৰাৰ পাছতহে হৈ পৰোঁ শান্ত। শেষ হয় অস্থিৰতা।

আনহাতে কবিতা লিখাৰ সময়ত মই পাঠক, সমালোচক বা সমাজৰ কথা নাভাবোঁ। যদি কবিতা লিখি থকাৰ সময়ত কবিতাটো পাঠকসকলে বা সমালোচকসকলে ভাল পাবনে নাপায় বা কবিতাটো ভৱিষ্যতে জীয়াই থাকিবনে নাই— এইবোৰ কথা ভাবিলোঁহেঁতেন, তেন্তে মই নিশ্চয় স্বাধীনভাৱে লিখিব নোৱাৰিলোঁহেঁতেন। মোৰ কবিতাই, মোৰ কাব্যচিন্তাই আপোচ কৰিব লাগিলেহেঁতেন পাঠক বা সমাজৰ স’তে। এইবোৰ কথা লিখাৰ আগতেই ভবা মানে স্বাধীন হ’ব নোৱাৰোঁ। কিন্তু মই পাঠক-সমালোচক-সমাজৰ শ্ৰুতলিপি শুনা কবি নহয়। মই্ মোৰ স্বাধীনতাক বিসর্জন দিব নোৱাৰোঁ। অৱশ্যে অসমত লেখকৰ এই স্বাধীনতাক সম্মান জনোৱা নহয়। একান্ত স্বাধীন চিন্তাক তিৰস্কাৰ কৰি মষিমূৰ কৰাৰ চেষ্টাহে কৰা হয়। যাৰ বাবে মই কবিতাত নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ চেষ্টা কৰিলে বিতর্ক, তুচ্ছ-তাচ্ছিল্য আক্রমণেৰে সেইবোৰ চিন্তাক অৱজ্ঞা কৰা হয়।

অসমত কবিতাৰ সমস্যা, কবিৰ সমস্যা

এনেবোৰ কাৰণতে আমাৰ কাব্য-জগতত কোনো ধৰণৰ কাব্য আন্দোলন গঢ়ি নুঠিল। কোনো ধৰণৰ প্ৰতিষ্ঠানবিৰোধী চিন্তা থিয় দি নুঠিল। ভাষাৰ নতুন নির্মাণ নহ’ল। ভাষাৰ সম্ভাৱনা আৱিষ্কাৰ নহ’ল। নব্য আধুনিকতা আৰু উত্তৰ আধুনিকতাৰ চিন্তা-ভাবনা আদি ভালদৰে আহিবলৈয়ে নাপালে, কবিতাৰ পশ্চাৎমুখী যাত্ৰাহে আৰম্ভ হ’ল। অলপতে ‘প্রতীকৰ বিৰুদ্ধে’ নামৰ এটা কবিতা প্ৰকাশ হোৱাৰ লগে লগে কবিতাটোক এটা পাঠ হিচাপে গ্ৰহণ নকৰি তাক মোৰ মতবাদ বুলিহে গ্ৰহণ কৰি মোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অসমৰ কবি-সমাজ। সকলো কবি-পাঠকে ক’লে— প্রতীক নহ’লে কবিতা হ’বই নোৱাৰে। কবিতাটোক প্ৰতীকৰ বিৰুদ্ধে মোৰ আহ্বান বুলি মোক ধিক্কাৰ দিলে। কবিতাটোত থকা মোৰ আইৰনি আৰু শ্লেষক নুবুজা হ’ল পাঠক-সমালোচকসকলে। ইয়াৰ মূল কাৰণ হ’ল তেওঁলোকে মোৰ কবিতাটো নপঢ়ে। তেওঁলোকে পঢ়ে ‘নীলিম কুমাৰে কি লিখিছে!’ এয়া হ’ল বৌদ্ধিক দৈন্য। এনে বৌদ্ধিক দৈন্যৰ উদাহৰণ বহুত আছে। দুবছৰমান আগতে মোৰ ‘এখন অসুস্থ চিটিবাছ’ নামৰ কবিতাটোৰ বিৰুদ্ধে প্রবল প্রতিবাদ হৈছিল। কেইবাখনো থানাত মোৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল। মোক দিয়া হৈছিল মৃত্যুৰ ভাবুকি। প্রতিমূৰ্তি জ্বলোৱা হৈছিল। কিছুমান অঞ্চলত মোৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। মোৰ কাৰণে বৰ দুখ আৰু পৰিতাপৰ কথা যে সেই সময়ত মোৰ কাষত অসমৰ এজনো কবি-সাহিত্যিক থিয় দিয়া নাছিল। বৰং সেই সময়ত মোৰ সমসাময়িক কবিসকল আনন্দিতহে হৈছিল আৰু মুখ টিপি হাঁহিছিল এই বুলি যে— এইবাৰ নীলিম কুমাৰে বাৰুকৈয়ে পালে এসেকা! এয়া হ’ল কবিতাৰ সংকট কাল।

বৌদ্ধিক অসহিষ্ণুতা আৰু ঈৰ্ষা

বৌদ্ধিক অসহিষ্ণুতা আৰু ঈৰ্ষাও কিন্তু অসমীয়া কাব্য সাহিত্যৰ বিকাশত বহু বাধা হৈ আছে। বৌদ্ধিক অসহিষ্ণুতা আৰু ঈৰ্ষা বুলি কোৱাৰ যথাযথ কাৰণ আছে। কাৰণ কেইবছৰমান আগতে ভাৰতক প্রতিনিধিত্ব কৰি যেতিয়া সাহিত্য অকাদেমিৰ দ্বাৰা ফ্ৰান্সলৈ যোৱাৰ আমন্ত্ৰণ পাইছিলোঁ, তেতিয়া মোৰ যাত্ৰা বাতিল কৰাৰ বাবে চেষ্টা কৰা হৈছিল। আৰু অসমৰ কেইবাগৰাকী কবি-সাহিত্যিকৰ স্বাক্ষৰ সম্বলিত এখন পত্র সাহিত্য অকাদেমিৰ সচিবলৈ পঠিওৱা হৈছিল। চিঠিখনত মোক অসমৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত এজন ব্যক্তি বুলি কোৱা হৈছিল। সেই সময়ৰ সচিব কে সচ্চিদানন্দনে মোক চিঠিখন দেখুৱাই সুধিছিল— “এই চিঠিখন কিয় আহিছে তুমি জানানে?” মই কৈছিলোঁ— “নাজানো।” তেওঁ কৈছিল— “তুমি ভাল কবিতা লিখা কাৰণে।” মই সিদিনা অসমৰ হৈ বৰ লাজ পাইছিলোঁ। এনে সংকীর্ণতা অসমীয়া মানুহে ত্যাগ কৰিব পাৰিব কেতিয়া?

কবিৰ সংবিধান

প্লেটোৱে কবিসকলক ৰাষ্ট্ৰৰ পৰা নিৰ্বাসন দিব লাগে বুলি কৈছিল। প্লেটোৰ এই কথাখিনি পঢ়ি এসময়ত সেয়া কবিসকলৰ প্রতি অন্যায়সূচক কথা বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মই প্লেটোৰ সেই কথাক সমৰ্থন কৰোঁ আৰু সেয়া গৌৰৱৰ কথা বুলিহে ভাবোঁ। কাৰণ প্লেটোৱে জানিছিল যে কবিসকল ৰাষ্ট্ৰৰ সংবিধান মতে চলিব নোৱাৰে। কবিসকলৰ থাকে নিজা সংবিধান। আৰু সংবিধানত কবিসকলৰ মূল নীতিয়েই হ’ল লিখাৰ অসীম স্বাধীনতা। মোৰ উপৰিউক্ত কবিতাটোকে ধৰি বহু কবিতাৰ ক্ষেত্ৰত মোৰ কবিতাৰ বিষয়বস্তু আৰু ভাবনাক লৈ যেতিয়া বিতর্ক হৈছিল আৰু মোৰ হৈ মাত মতা কোনো সমালোচক বা পাঠক শ্রেণী নাছিল, তেতিয়া নিজকে এজন নির্বাসিত কবি বুলিয়েই অনুভব হৈছিল।

সমালোচকৰ বিষয়ে

এজন আধুনিক কবি, সমালোচক বীৰেশ্বৰ বৰুৱাই মোৰ কবিতাৰ সমালোচনা কৰিবলৈ গৈ মোক অপ্রকৃতিস্থ বুলি ঘোষণা কৰিছিল। অসমৰ এজন অতি নমস্য সমালোচক আৰু কবি কবীন ফুকনে মোৰ এটা কবিতাৰ আলোচনা কৰিছিল আমাৰ অসম কাকতত। তেওঁ মোক তীব্র সমালোচনা কৰি শেষৰ শাৰীটোত এনে ধৰণে লিখিছিল যে তেওঁ কবিতাটো পঢ়া নাই। পঢ়া হ’লে আৰু ভালকৈ লিখিব পাৰিলেহেঁতেন। মোৰ ক্ষেত্ৰত প্ৰখ্যাত সমালোচকসকলেও সমালোচনাৰ নীতি-নিয়ম (Ethics) বাদ দিব পাৰে। মই কবিতা লিখা কাৰণে অজ্ঞাত ব্যক্তিয়ে বেনামী চিঠি ঘৰলৈ পঠিয়াব পাৰে। মোৰ বিৰুদ্ধে পুস্তিকা বিতৰণ কৰিব পাৰে। মোৰ গাড়ী ভাঙিব পাৰে! মোৰ পৰিয়ালবৰ্গকো অপমান-অশালীন ব্যৱহাৰ কৰাৰ ভাবুকি দিব পাৰে! মোৰ কবিতাৰ কিতাপ জুই লগাই পুৰি পেলাব পাৰে! এনেবোৰ আৰু বহু অভিজ্ঞতাৰ সন্মুখীন হৈও মই এতিয়াও সক্ৰিয় হৈ আছোঁ। কাৰণ মই গুচি যাব নোৱাৰোঁ কবিতা এৰি। অসমীয়া কবিতা এৰি। কিন্তু মই উপলব্ধি কৰোঁ যে মই ভুল ঠাইত, ভুল সময়ত ভুলভাৱে জন্মিছোঁ। ৰাইজে বেয়া পালেও এই সত্য কথা মই উচ্চাৰণ নকৰাকৈ নাথাকিলোঁ!

কবিতাৰ সৈতে জীৱন

আজি চল্লিছ বছৰ ধৰি কবিতাৰ লগত যুক্ত হৈ আছোঁ। এই চল্লিছ বছৰ ধৰি এদিনো মই কবিতাৰ পৰা বিচ্ছিন্ন হোৱা নাই। সেয়ে কবিতা সম্পর্কে হোৱা অভিজ্ঞতা, উপলব্ধি সময়ে সময়ে আৰু প্ৰয়োজনত ক’বলগীয়া বুলিয়েই কৈ গৈছোঁ। আৰু বুজিছোঁ কবিতাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰি। কবিতা সংজ্ঞাতীত। পৃথিৱীৰ সকলো মহৎ কবিয়ে কবিতা সম্পর্কে বিভিন্ন সংজ্ঞা দি গৈছে। সেই সকলো সংজ্ঞা কবিতাই সামৰি লৈ আৰু সেইবোৰ একে সময়তে অতিক্রমি নিজৰ পথেৰে গতি কৰিছে। কিন্তু এটা কথা ঠিক যেনেদৰে সকলোৱে কবি নহয়, কোনো কোনোহে কবি, ঠিক তেনেদৰে সকলোৱে কবিতাৰ পাঠক হ’ব নোৱাৰে, কোনো কোনোহে পাঠক।

কবি হিচাপে মই

মই এজন অতি সাধাৰণ কবি। কাৰোবাৰ বিচাৰততো কবি নহয়েই। সেয়ে মোৰ মুখত কবিতাৰ কথা শুনিবলৈ কোনেও ভাল নাপায়। বহুদিনৰে পৰা মই কবিতা সম্পৰ্কে কোৱা বা সাক্ষাৎকাৰ আদিত প্ৰকাশ কৰা কথাবোৰ অসমত কোনেও মানি ল’ব নোখোজে। সেয়ে বাৰে বাৰে বিতৰ্কও হয়। সেই বিতৰ্কবোৰ মোৰ বাবে আমনিদায়ক হৈ পৰিছে, কিয়নো সেইবোৰ গভীৰ পৰ্যায়ৰ নহয়। সিবোৰত সত্যৰ সন্ধান নাথাকে। বিশ্লেষণো নাথাকে। থাকে কেৱল মোৰ কথাবোৰ কোনোমতে মানি নোলোৱাৰ প্ৰবৃত্তি। আজিকালিতো সামাজিক মাধ্যমত দেখা যায় জন্মিয়েই কবিতা কি, কবিতাৰ স্বৰূপ কি, সংজ্ঞা কি, দর্শন কি আদি সকলো ক’ব পৰা হৈ গৈছে। তেনে স্থলত মোৰ কবিতা সম্পৰ্কীয় এই একান্ত নিজৰ কথাবোৰ তেওঁলোকে মানি ল’বই বা কিয়?

কবিতাৰ ভাষা, কবিতাৰ পথ

কবিতাই অলৌকিক সংসাৰৰ দুৱাৰ খুলি দিয়ে। কবিতা হ’ল সেই ভাষা, যি ভাষাৰে আমি পৃথিৱীৰ বস্তুপুঞ্জৰ স’তে কথা পাতোঁ বা সংযোগ স্থাপন কৰোঁ। অন্যভাৱে ক’বলৈ হ’লে জীৱনৰ প্ৰতি, পৃথিৱীৰ বস্তুপুঞ্জৰ প্ৰতি ভাষাৰ প্ৰতিক্ৰিয়াই কবিতা। কেৱল সেয়ে নহয়, কোনো ঘটনাৰ প্ৰতি, কোনো অৱস্থা বা অৱস্থানৰ প্ৰতি ভাষাৰ প্ৰতিক্ৰিয়াই হৈ উঠে কবিতা। এই প্রতিক্রিয়া কেনে হ’ব পাৰে? যেনে ধৰক— মোৰ টেবুলখনৰ ওপৰত আছে এটা কলম। কলমটো দেখি মোৰ মনত উদ্ভৱ হ’ব পাৰে সেইটো এটা শুই থকা কলম। আৰু কলমটোক মই সুধিব পাৰোঁ— টোপনি গ’লা নেকি, কলম? বা শুই আছা নেকি, কলম? কলমটোৰ প্ৰতি উদ্ভৱ হোৱা মোৰ এই ভাষাৰ প্ৰতিক্ৰিয়াই হয়তো এশাৰী কবিতাৰ বাক্য সৃষ্টি কৰিছে। এতিয়া এই এশাৰী কবিতাৰ বাক্যৰে কবিতা এটাৰ শৰীৰ গঢ়ি উঠাৰ সম্ভাৱনাৰ জন্ম হ’ব পাৰে! এয়া হ’ল কবিতালৈ যাত্ৰাৰ এক ভাষা। জীৱন আৰু জগতৰ স’তে কথোপকথনৰ ভাষাই হ’ল মোৰ কাৰণে কবিতা। সাম্প্রতিক সময়ত পৃথিৱীত সংঘটিত হোৱা কোনো হত্যাকাণ্ড, দুৰ্ঘটনা, মহামাৰীৰ ঘটনাৰ পৰা ঐতিহাসিক ঘটনা, ঐতিহাসিক কোনো চৰিত্ৰৰ প্ৰতিও কবিৰ আন্তৰিক ভাষাৰ সঁহাৰি আৰু গভীৰ মনঃসংযোগ স্থাপনৰ ওপৰত নিৰ্ভৰ কৰে এনে কাব্যিক যাত্ৰা। নিজৰ ভিতৰত থকা এই ভাষাক আমি চিনি পাব লাগিব বা তাৰ সন্ধান কৰিব লাগিব। এনেকৈ আমি সমগ্ৰ পৃথিৱীৰ বস্তুপুঞ্জৰ লগত কাব্যিকভাৱে যুক্ত হৈ পৰিব লাগিব আৰু গঢ়ি তুলিব লাগিব একান্ত ব্যক্তিগত এক কাব্যজগত। য’ত ভাষা আৰু কবিজনৰ বাহিৰে আন কাৰো প্ৰৱেশ নাই।

কবিতাৰ ভাষাৰ নতুন নির্মাণ হয় কেনেকৈ? কবিতাৰ ভাষাৰ পৰিৱর্তন হয় আর্থ-সামাজিক কাৰণত। কবিতা উচ্চাৰিত হয় মানুহৰ শ্ৰম আৰু সংগ্ৰামৰ পৰা। প্রেম, অপ্ৰেম, মৃত্যু, যৌনতা, ভগ্নতা, নিঃসংগতা, শূন্যতা, প্ৰকৃতিৰ ৰূপ বৰ্ণ তথা সামাজিক আনন্দ-বেদনাৰ পৰা। কিন্তু সময়ে নতুন চেতনা আৰু অনুভূতিৰে প্ৰচলিত কাব্যভাষা নাকচ কৰি তাক স্বতন্ত্ৰ কৰি তোলে আৰু নিৰ্মাণ কৰে পৃথক ভাষা। নহ’লে প্রথাগত ভাব-চিন্তাৰ পৰিধিৰ বাহিৰলৈ যাব নোৱাৰিব সেই কাব্যভাষা।

কবিতাৰ আৰাধ্যা দেৱী

পোনপটীয়াকৈ ক’বলৈ হ’লে কবিসকলৰ কাৰণে কবিতাৰ আৰাধ্যা দেৱীগৰাকী হ’ল এগৰাকী নাৰী। অৰ্থাৎ কবিসকলে কবিতাৰ কাৰণে কল্পনাত ধাৰণ কৰে এগৰাকী প্ৰাৰ্থনাৰ নাৰী। বৈদিক যুগৰে পৰা ভাৰতীয় সাহিত্যত এনে এক ধাৰণা আমি গ্ৰহণ কৰি আছোঁ আৰু যি আমাৰ চিন্তা-চেতনাত জীণ গৈ আছে। সেই মৰ্মে সেই কাব্য নাৰীগৰাকীৰ বেশ-ভূষা বা সাজ-সজ্জা আৰু প্রকৃতিও কবিসকলে নিজৰ মতে চৈতন্যত গঢ়ি তোলে। সেই অনুসাৰে অসমৰ কবিসকলৰ ক্ষেত্ৰত সেইগৰাকী কাব্য-নাৰী হয় দীর্ঘকেশী আৰু বেশ-ভূষা উত্তৰীয়, স্তনপট্ট। অসমৰ পটভূমিত মেখেলা-চাদৰ। এতিয়া কথা হ’ল, সেই দীৰ্ঘকেশী আৰু মেখেলা-চাদৰ পৰিহিতা নাৰীগৰাকীয়ে সেই বৈদিক যুগৰে পৰা আজিও তেনেকৈয়ে মেখেলা-চাদৰ পিন্ধিয়েই আছেনে? তেওঁৰ জানো এতিয়া বেশ-ভূষা-মেখেলা-চাদৰ সলনি হোৱা নাই? আমি লক্ষ্য কৰিছোঁনে তেওঁ এতিয়া জীন্স পিন্ধিছে, ফটা জীন্স পিন্ধিছে। সেয়ে আমিতো এতিয়া ফটা জীন্স পিন্ধা কাব্য নাৰীগৰাকীৰ কবিতা লিখিব লাগিব। তেওঁৰ ভাষা লিখিব লাগিব। আমাৰ কল্পনাত কবিতাৰ সেই আৰাধ্য নাৰীগৰাকীয়ে ফটা জীন্স পিন্ধি উপস্থিত হ’ব পাৰিছেনে? কবিতাই ফটা জীন্স পিন্ধিব নোৱাৰিব বুলি যিসকলে ভাবে, যিসকলে ভাবে কবিতাই মেখেলা-চাদৰ পিন্ধি দীৰ্ঘকেশী হৈয়েই থাকিব লাগিব, তেওঁলোকে তাতেই সেই পুৰণি ভাষাকেই সাবটি থাকিব লাগিব। যুগৰ এই আহ্বান, ভৱিষ্যতৰ এই অৱশ্যম্ভাৱী ভাষাক যদি তেওঁলোকে অস্বীকাৰ কৰে, তেওঁলোকৰ কবিতাত নতুন স্বৰ আহিব কেনেকৈ? কবিতাইতো কাকো সুধি কাপোৰ নিপিন্ধে। কাপোৰ পিন্ধোতে কবিতাই কবিসকলক নোসোধে। কবিতা কবিসকলৰ দাসী নহয়।

কবিতাত বাস্তৱতা

সৰ্বস্তৰত যুক্তিৰ বিৰাট ব্যৰ্থতাই যি অনিশ্চয়তাক আঁকোৱালি ল’লে, সেই অযৌক্তিক অনিশ্চয়তাবোৰেই আকৌ মোক শিকায় বাস্তৱতাক অস্বীকাৰ কৰিবলৈ। সেয়ে মোৰ কবিতা প্ৰায়ে কল্পনাতে আৰম্ভ হয় আৰু কল্পনাতে হয় শেষ। বাস্তৱতা এখন আইনাহে, য’ত মোৰ কল্পনাই ধুনপেচ মাৰি বা জধলা হৈয়েই নিজকে এপাক চাই লয়। আচলতে মই সন্ধান কৰি থাকোঁ সেই ভাষা, যি ভাষা মানুহৰ স্বাধীনতাৰ উপায় হৈ উঠিব পাৰে। কিন্তু মই পাওঁ যুক্তি-শৃংখলাৰ বিপৰীতে অযৌক্তিক এক আকস্মিকতা আৰু এক অনিশ্চয়তা। এই অনিশ্চয়তাৰ মাজত তিষ্ঠি থকা সম্ভৱ কেৱল কল্পনাতহে। আনহাতে মোৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল– মোৰ এই কল্পনা-বিচৰণ মোৰ কবিতা নিৰ্মাণৰ উন্মাদনাহে। এই উন্মাদনাই মোক বাৰে বাৰে প্ৰক্ষেপ কৰে উকা কাগজবোৰলৈ। এই উকা কাগজবোৰত কিবা লিখিবলৈ মোক লাগে এটা কলম। আৰু এই কলমটো যে মই কিনো, সেয়া হ’ল বাস্তৱতা।

মই মনত ৰাখোঁ– আমি এনে এখন দেশৰ নাগৰিক– য’ত এতিয়াও বৃহৎ নাগৰিকক মুকলিত শৌচ নকৰিবলৈ শিক্ষা দিবলগীয়া হয়। শৌচগৃহ নিৰ্মাণৰ বাবে বাজেট গ্ৰহণ কৰিবলগীয়া হয় ৰাষ্ট্ৰই। ই মোৰ কাৰণে এক অন্যতম নাগৰিক কাৰুণ্য। সেয়ে আইনাত প্ৰতিবিম্ব চাই মই প্ৰায়ে ব্যংগ কৰোঁ নিজক। আৰু এই কাৰুণ্য শেষ হয় ব্যংগত। আমাৰ জীৱনত জীৱনতকৈ তাড়না বেছি। জীৱনতকৈ বিড়ম্বনা বেছি। মোক কবিতাবোৰ মোৰ স্মৃতি আৰু চেতনাৰ বিড়ম্বনাহে। এই বিড়ম্বনাৰ বাহিৰত মোৰ কাব্য জীৱন নাই। এই যে ‘মোৰ কাব্য জীৱন’ বুলি শব্দ দুটা ব্যৱহাৰ কৰিলোঁ, প্ৰকৃততে তেনে কাব্য জীৱন বুলিও মোৰ নিজা কোনো কাব্য জীৱন নাই। কিয়নো জীৱনটো আগতেই কোনোবাই যাপন কৰি থৈছে। আমাৰ ভৱিষ্যতৰ দিনবোৰ আগতেই যাপন কৰা হৈ গৈছে। মোৰ কবিতাবোৰ দৰাচলতে পুনৰুক্তিহে। হে পাঠক! মোৰ জীৱনটো আপোনালোকে আগতেই যাপন কৰি গৈছে বা কৰি আছে। মোৰ কথাবোৰ আপোনালোকে আগতেই কৈ গৈছে বা কৈ আছে। কোনে কেতিয়া কি কৈছে সেইবোৰ এতিয়া আপোনালোকেই মনত পেলাওক, বিচাৰি উলিয়াওক। মোৰ কবিতাবোৰেৰে আপোনালোকে আপোনালোককহে চিনাক্ত কৰিব লাগিব, মোক নহয়!

কবিতা বচাওক

কিছুবছৰ আগতে মইন গুৱাহাটীৰ গ্ৰন্থমেলাবোৰত মোৰ জেকেটত ‘SAVE POETRY’ লিখি ঘূৰি ফুৰিছিলোঁ মানুহ আৰু কিতাপৰ দোকানবোৰৰ মাজে মাজে। বহুতে মোক হাঁহিছিল। মই অৱশ্যে গুৰুত্ব দিয়া নাছিলোঁ কোনোদিনে। সেই ‘SAVE POETRY’ শব্দ দুটাৰ গভীৰতা আৰু প্ৰয়োজন তেওঁলোকে এই কাৰণেই বুজা নাই যে তেওঁলোকে যি লিখিছে বা ইতিমধ্যে যিবোৰ লিখা হৈছে তাতেই তেওঁলোক সন্তুষ্ট। তেওঁলোকে কবিতাৰ কোনো সংকট দেখা নাই। কবিতাৰ সংকট মানে কি? কবিতাৰ সংকট আহে কেনেকৈ? বজাৰবাদ, আতংকবাদ, উপভোক্তাবাদ, ৰাজনৈতিক অস্থিৰতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ভোগবাদী মনস্তত্ত্ব আৰু ভূমণ্ডলীকৰণৰ এই যুগত মানৱতা বিপন্ন হৈছে। মানৱতাৰ সংকট উপস্থিত হৈছে। আৰু কবিতাই কি বিচাৰে— কবিতাই বিচাৰে মানুহ— তেজ-মঙহৰ মানুহ। মানুহেই যদি নাথাকে কবিতা থাকিব কেনেকৈ? কবিতা লিখিব কোনে? কবিতা পঢ়িব কোনে? সেয়ে মানুহৰ সংকট হোৱা মানে জানো কবিতাৰেই সংকট হোৱা নহয়! এয়া অনস্বীকার্য যে আজি আমি আমাৰ সামাজিক জীৱন, ৰাজনৈতিক জীৱনত বাক্-স্বাধীনতা হেৰুৱাই পেলাইছোঁ। বাক-স্বাধীনতা নাথাকিলে এজন কবিয়ে বা লেখকে স্বাধীনভাবে লিখিব কেনেকৈ? কবি-লেখকে স্বাধীনভাৱে লিখিব নোৱৰা মানে জানো সাহিত্যৰ সংকট নহয়? এজন কবিৰ কাৰণে কবিতাৰ সংকট নহয়? গতিকে ‘SAVE POETRY’ বুলি মই গাত লিখি ল’লে তাত হাঁহিবলগীয়া কি আছে? তাত প্ৰতিবাদ কৰিবলগীয়া কি আছে? মই  ‘SAVE POETRY’ বুলি লিখোঁতে অন্য কবিয়ে কৈছে— কবিতাক বচাবলৈ আহ্বান অথবা কবিতাৰ মৃত্যু ঘোষণা কৰিবলৈ মই কোন? হয়, কবিতাৰ জন্ম হৈছিল প্ৰকৃতি আৰু মানুহৰ শ্রমশিল্পৰ দ্বাৰা। কিন্তু আজি আমাৰ প্ৰকৃতি বিপন্ন নহয়নে? আমি দেখোন এতিয়া SAVE GREEN, SAVE TREE, SAVE WATER-ৰ ফেষ্টুন লিখিবলগীয়া হৈছে! প্রকৃতি যদি বিপন্ন, মানুহৰ বাক্‌-স্বাধীনতা যদি বিপন্ন, তেন্তে কবিতা জানো বিপন্ন নহয়? এতিয়াতো কৃত্রিম বুদ্ধিমত্তা (Artificial Intelligence) ব্যৱহাৰ কৰিও কবিতা লিখিব পৰা হৈ উঠিছে। তেন্তে? তেন্তে?? কল্পজগতৰ পৰা বস্তু-চেতনালৈ নামি আহক হে কবিসকল!

সাম্প্ৰতিক জাগতিক পৰিস্থিতি

মানৱতাৰ সংকটৰ কালতো কবিতাই কিন্তু নিজৰ ঠাই উলিয়াই লৈছে। সর্বগ্রাসী বিশ্বায়নে মানুহক যি এক ভোগবাদী জীৱন দান কৰিলে, তাত ঈশ্বৰৰ মৃত্যু হৈছে। ধৰ্মৰ মৃত্যু হৈছে। এতিয়া আৰু মানুহৰ চিন্তা-ভাবনাত পূৰ্বৰ সেই আধ্যাত্মিক ঈশ্বৰৰ উপস্থিতি নাই। আমাৰ ৰাষ্ট্রযন্ত্ৰ আৰু সমাজ ব্যৱস্থাই ভোগবাদী চিন্তা-চেতনাৰে ঈশ্বৰকো ভোগবাদী ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰি পেলাইছে। এতিয়া চৰম দুৰ্নীতিপৰায়ণ ব্যক্তিয়েও কোনো দুর্নীতিত লিপ্ত হোৱাৰ আগমুহূৰ্তত মন্দিৰত সেৱা কৰি যায়, পূজা-অৰ্চনা, দান-দক্ষিণা আগবঢ়াই যায়। হত্যাকাৰী এজনেও কাৰোবাক হত্যা কৰিবলৈ ওলাই যোৱাৰ আগমুহূৰ্তত ঈশ্বৰক প্ৰাৰ্থনা কৰে যাতে তেওঁ যি হত্যাকাণ্ডৰ বাবে যাবলৈ ওলাইছে, তাত যেন সফল হয়।

ধৰ্ম – মোৰ দৰ্শনত

ধর্মও এতিয়া হৈ পৰিছে ৰাজনৈতিক বিষয়হে! ধর্মও হৈছে আধ্যাত্মিকতাশূন্য। এতিয়া সমগ্ৰ বিশ্বতে ধর্মীয় চিন্তা-ভাবনাৰে কোনো আধ্যাত্মিকতা তিষ্ঠি থকা নাই। তাৰ বিপৰীতে ধৰ্ম হৈ পৰিছে ৰাজনৈতিক নেতাসকলৰ হাথিয়াৰ। এতিয়া ধৰ্ম হৈছে সাম্প্ৰদায়িকতাৰ প্ৰতিষ্ঠান। ঈশ্বৰ আৰু ধৰ্মৰ মৃত্যুৱে বিশ্বৰ সৰ্বত্ৰ যি নৈৰাজ্যবাদৰ জন্ম দিছে, তাৰ মাজত যদি আধ্যাত্মিকতা জীয়াই থকাৰ অকণমান সম্ভাৱনা ৰৈছে, সেয়া হ’ল কবিতা বা সাহিত্য। এতিয়া কবিতা বা সাহিত্যই ঈশ্বৰ আৰু ধৰ্মৰ ঠাই গ্ৰহণ কৰিবলগীয়া হৈছে। যি ধৰ্ম আৰু ঈশ্বৰে মানৱতাৰ কথা কৈছিল, আধ্যাত্মিকতাৰ কথা কৈছিল, সেই আধ্যাত্মিকতা আৰু মানৱতাৰ পাঠ এতিয়া দিবলগীয়া হৈছে কবিতাই, সাহিত্যই। কবিতা বা সাহিত্য অবিহনে এতিয়া আমাক আধ্যাত্মিক চিন্তাৰ পিনে প্রবুদ্ধ কৰি ৰাখিবলৈ অন্য কোনো পথেই ৰৈ যোৱা নাই। সেয়ে মই উল্লেখ কৰিছিলোঁ মানৱতাৰ ভীষণ সংকটৰ কালতো কবিতাই নিশ্চয় নিজৰ ঠাই উলিয়াই লৈছে! এনেদৰে কবিতাই যুগে যুগে নিজৰ পথ ৰচনা কৰি যাব আৰু কবিতা থাকিব সদায়ে মানুহৰ পক্ষত ।

সময় আৰু কবিতা

সেয়ে মই প্রয়োজনমুখী কবিতাৰ বিৰোধী নহওঁ। কবিতাত আমি সময়কো চিহ্নিত কৰি যাব লাগিব। সময়ক চিহ্নিত কৰিব পৰাটোৱে সমগ্ৰতাক আঁকোৱালি লোৱাৰ কথাটোকে সূচায়। এই সমগ্ৰতাৰ মাজত থাকিব সত্য আৰু ন্যায়ৰ সন্ধান। কবিতা হ’ল সত্যৰ প্ৰতিষ্ঠান। কবিতাত আমি সত্যক প্রতিষ্ঠা কৰিব পাৰিবই লাগিব। এটা কবিতাত যদি সত্য নিহিত হৈ নাথাকে, সি কবিতা হৈ উঠিব নোৱাৰে। কবিতাই সদায় বিচাৰে সত্য আৰু ন্যায়। সাহিত্যত সময়ৰ চিহ্ন বা ছাপ থাকিবই। যদিহে কাৰোবাৰ ৰচনাত সেয়া অনুপস্থিত, তেন্তে ক’বলৈ দ্বিধা নকৰোঁ যে সেই ৰচনাকাৰে তেওঁৰ সময়, ভাষা আৰু সমাজৰ পিনে চকু মুদি আছে। ইয়াৰ দ্বাৰা তেওঁৰ কলাত্মক ক্ষমতা বা প্ৰতিভাৰ অভাৱৰ কথা প্রমাণ নহয়। প্রমাণ হয় তেওঁৰ নৈতিক সাহসৰ অভাৱ।

সাম্প্ৰতিক বিশ্ব আৰু কবিতা

সাম্প্রতিক বিশ্বত ৰাষ্ট্ৰযন্ত্ৰসমূহে সমাজত সত্য আৰু ন্যায়ক ঢাকিবলৈ বাস্তৱতাৰ এই কঠোৰতাত উদাৰবাদ (Liberalization) আৰু বিশ্বায়ন (Globalization) আদি যি সুন্দৰ শব্দৰ সৃষ্টি কৰিছে, সেয়া এতিয়া মানুহৰ মুখে মুখে। সকলোৱে এতিয়া এই শব্দবোৰৰ গাত ভেজা দিয়েই কথা কয়। এতিয়া আৰু কোনেও এইবোৰ বিষয়ক লৈ প্ৰতিবাদ নকৰে। কাৰণ এই শব্দ দুটাৰ হাত ধৰি বিশ্ব ভ্রাতৃত্বৰ কথাও ঘোষণা কৰা হয়। সেয়ে বিশ্বায়ন আৰু উদাৰতাবাদৰ বিৰুদ্ধে কিবা কোৱাটো নিজকে নাদৰ ভেকুলী বুলি প্ৰমাণ কৰাহে!

এই সুন্দৰ কথাবোৰৰ অন্তৰালত যে আমি বহুজাতিক কোম্পানীবোৰৰ ওচৰত নিজৰ দেশক আৰু আমাক কেনেকৈ বিক্ৰী কৰি আছোঁ, সেইবোৰ চিন্তা আমাৰ কবিতাত আমি প্ৰকাশ কৰাটো নিৰাপদ নহয়।

বিশ্বায়ন কি? আমাৰ খোৱা মেজৰ পৰা দৈ-চিৰা, ৰুটী-তৰকাৰী কাঢ়ি নি যিয়ে তুলি দিছে পিজ্জা, হটডগ্‌, বাৰ্গাৰ, আমাৰ হাতৰ পৰা লাডু-পিঠা কাঢ়ি নি যিয়ে তুলি দিছে কে- চকলেট, আমাৰ হাতৰ পৰা গাখীৰ কাঢ়ি নি যিয়ে তুলি দিছে ক’ল্ড ড্রিংক, দৈৰ সলনি আইচক্ৰীম— সিয়েই জানো বিশ্বায়ন নহয়! আমাৰ গাৰুৰ কাষৰ পৰা কিতাপ কাঢ়ি নি যিয়ে ৰাখিছে মোবাইল ফোন— সিয়েই জানো বিশ্বায়ন নহয়! আনকি আমাৰ মুখৰ পৰা মাতৃভাষাও কাঢ়ি নিবলৈ ওলাইছে বিশ্বায়নে।

আমি বিশ্বায়নক এৰাই চলিব নোৱাৰোঁ। অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু আমি সচেতন হ’ব লাগিব, লক্ষ্য ৰাখিব লাগিব — বিশ্বায়ন জীৱনবিৰোধী হৈ উঠিছে নেকি! যদি জীৱনবিৰোধী হৈ উঠিছে, কি হ’ব আমাৰ কবিতাৰ? কবিতাতো জীবনবিৰোধী হ’ব নোৱাৰে! আমি বচাব লাগিব মানুহৰ জীৱনক। বিশ্বায়নৰ এনে ধামখুমিয়াত মানুহৰ জীৱনক বচাব পাৰে কেৱল কবিতাই। আমি সেই কবিতাৰ সন্ধান কৰিব লাগিব। কবিতা যদি নামি আহিবলগীয়া হয়, আহক মানুহৰ কাষলৈ৷ আমি মানুহক বচাব লাগিব। কবিতাক বচাব লাগিব। SAVE POETRY।

সর্বশেষত কওঁ মই নিজকে অন্তঃকৰণেৰে এজন কবি বুলি বিশ্বাস কৰোঁ। মোৰ জীৱনে মোৰ কাব্যিক চিন্তা-ভাবনাই, মোৰ ভাষা আৰু পৰীক্ষা-নিৰীক্ষা তথা কল্পনাৰ স্রোতে এজন কবি বুলি মোক পতিয়ন নিয়ায়। এই জগতত যিমানে আগবাঢ়ি গৈ আছিলোঁ, সিমানে মই গম পাইছিলোঁ কবিতা মোৰ উশাহ-নিশাহ। মোক জীয়াই ৰাখিবলৈ কবিতাৰ আশ্ৰয়ৰ বাহিৰে মোৰ গত্যন্তৰ নাছিল। মোৰ অস্থিৰতাবোৰে, মোৰ স্ববিৰোধ আৰু ভুলবোৰে, মোৰ বিষাদ আৰু নিঃসংগতাই প্ৰায়ে মোক ধ্বংসৰ কাষলৈ লৈ যায় আৰু কবিতাবোৰে মোক সেই ধ্বংসৰ গৰাখহনীয়াৰ কাষৰ পৰা বাৰে বাৰে ওভতাই আনে। মোৰ জীৱনত ইমান কবিতা আছিল, ইমান কবিতা আছিল যেন মোৰ জীৱন নাছিলেই। মোৰ কবিতাবোৰত সেই মানুহজনক নিবিচাৰিব যাৰ গুণ বা প্ৰশংসা কৰিব পাৰি! তাৰ বিপৰীতে মোৰ কবিতাবোৰত আছে সেইজন মানুহ, যিয়ে নিজকে বধ্যভূমিলৈ লৈ গৈ আছোঁ।

লগতে পঢ়ক: নীলিম কুমাৰ: মই কিয় লিখোঁ?