ড০ নগেন শইকীয়া
মইতো একেই আছোঁ।
একেই আকাংক্ষা লোভ কামনা বাসনা আৰু বিষাদ
আৰু একেই যন্ত্ৰণাৰে মইতো একেই আছোঁ।
মাজে মাজে কেৱল অজীৰ্ণ হয়। শৰীৰত বিষ হয়—
হয়তোবা বাতবিষ। কেতিয়াবা দাঁতৰ বিষত
সামান্য কাতৰ হওঁ। কেতিয়াবা দৃষ্টি আৰু শ্ৰুতিৰ
আপত্তিও গম পাওঁ।
কিন্তু মইতো একেই আছোঁ—
ধন-মান-যশ-খ্যাতি-নাৰীৰ প্ৰণয়
বাসনা একেই আছে। একেই মাত্ৰাত আছে ঈৰ্ষাৰ দহন।
দুডাল-এডাল চুলি পকিছে সৰিছে।
পোছাকত ধৰিছেহি হালধীয়া ৰং। মাজে মাজে ফিচিকিছে।
সন্তৰ্পণে চিলাই কৰিছোঁ মই।
ৰ’দ আৰু বৰষুণ আৰু কত প্ৰবল ধুমুহা
এইযোৰ কাপোৰেৰে পাৰ কৰি দিছোঁ।
কিন্তু কাপোৰৰ ভিতৰত কোনো সালসলনিৰ চিন
মই দেখা নাই।
সন্মানৰ বাবে মাথোঁ মাজে মাজে কওঁ—
‘সন্ন্যাসৰ ভাব মোৰ বাঢ়িব লাগিছে। ধন-মান-যশ-খ্যাতি-
নাৰীৰ প্ৰণয়— একোকে নালাগে মোক!
কিন্তু মইতো নিজকে জানো— মইতো একেই আছোঁ।
একেই সতেজ মোৰ ভিতৰত ৰুই লোৱা
যযাতিৰ গছৰ পুলিটি!
Click here to read an English translation of the poem.
অতি সাধাৰণ ভাষাৰ এটা গভীৰ অৰ্থপূৰ্ণ অসাধাৰণ কবিতা ৷
ছাৰৰ কবিতা, অনন্য
বৰ ভাল লাগিল ৷ আমি আছলতে একেই থাকোঁ ৷ মাত্ৰ অভিনয় কৰি যাওঁ ৷
সচাকৈ, সকলো,মুখৰ কথা। আচলতে বাসনা আমৃত্যু থাকি যায়।
শইকীয়াছাৰৰ কবিতা
সহজ আৰু অনন্য, ছাৰৰ এনে কবিতাৰ পঠনে আমাক বহু শিকাৰ সমল দিয়ে , জীৱন বীক্ষণ
আৰু সত্য আশ্ৰিত এক সাৱলীল কবিতা।
জীৱনৰ সঁচা ছবিৰ কি সাংঘাতিক উপস্থাপন !!
অনন্য কবিতাৰ সোৱাদ পালোঁ।