এম. কামালুদ্দিন আহমেদ
মই কিয় লিখোঁ এই কথাটো ভাবিলে প্ৰাক-যৌৱন আৰু যৌৱনকালত মই প্ৰথমে লিখিবলৈ লোৱা কথাবোৰ মনলৈ আহে। একেবাৰে আৰম্ভণিতে ছপা আখৰত নিজৰ নামটো দেখাৰ এটা তীব্ৰ আকুলতা আছিল। অৱশ্যে নৱম শ্ৰেণীৰপৰা হাতেলিখা প্ৰাচীৰ পত্ৰিকাও সম্পাদনা কৰিবলৈ লৈছিলোঁ। হাইস্কুলত পঢ়োঁতে নৱম-দশম মানত স্কুলৰ আলোচনীত কিবা এটা প্ৰকাশ কৰিবলৈ বৰকৈ উদগ্ৰীৱ হৈ পৰিছিলোঁ। নৱম শ্ৰেণীত থাকোঁতে টংলা হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰ নৱজ্যোতি সম্পাদনা কৰিছিলোঁ। তাত মোৰ গদ্যৰ লগতে কবিতাও প্ৰকাশ পাইছিল। এক প্ৰকাৰৰ শিহৰণ অনুভৱ কৰিছিলোঁ। সেই সময়তে, ১৯৭৯ চনত অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, পিছলৈ বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনটোৰ সম্পৰ্কে বস্তুনিষ্ঠ দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱৰাকৈয়ে সামূহিক মন এটাৰ মাথোঁ অংশীদাৰ হিচাপে অসম-প্ৰেমমূলক কবিতা কেতবোৰ লিখিবলৈ লৈছিলোঁ আৰু নৱম শ্ৰেণীত কাব্যিক গুণ নোহোৱা কবিতাৰ এটা সংকলন অসমী নামেৰে নিজেই প্ৰকাশ কৰি বন্ধুবৰ প্ৰণৱ বৰাৰ সৈতে নিজে বিক্ৰী কৰি ফুৰিছিলোঁ। মিনাৰ্ভাৰ পখীটোৱে গধূলি হোৱাৰ লগে লগে ডেউকা কোবোৱাৰ দৰে এতিয়া যেতিয়া সেই সময়খিনি মনত পেলাওঁ তেতিয়া এই কথাও মোৰ মনলৈ আহে যে, শৈশৱতে কল্পনাপ্ৰৱণ মন এটাই গঢ় লৈ উঠিছিল। অকলে অকলে সময় কটাই ভাল পাইছিলোঁ, কিন্তু সেই সুযোগো কম পাইছিলোঁ। লগৰীয়াসকলৰ লগত খেলা ফুটবল, ক্ৰিকেট, ভলীবল, হকী আদিয়ে সেই ক্ষণস্থায়ী একাকীত্ব মষিমূৰ কৰিবলৈ যথেষ্ট আছিল। খেলুৱৈসুলভ মনোবৃত্তি এটা গঢ় লৈ উঠিছিল আৰু তাৰ অনিবাৰ্য পৰিণতি হিচাপে সামূহিকতাৰ অংশ হ’বলৈয়ে মনটোৱে ঢাপলি মেলিছিল। দশম শ্ৰেণীত থাকোতে হাইস্কুল শিক্ষান্ত পৰীক্ষাজনিত ব্যস্ততাৰ বাবে খেলা-ধূলাৰ যৱনিকা পৰিল আৰু পিছলৈ খেলত সক্ৰিয় অংশগ্ৰহণৰ অভিজ্ঞতা নাইকিয়া হৈ আহিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত ১৯৮২ চনত কটন কলেজলৈ পঢ়িবলৈ আহিছিলোঁ। তাত স্বাভাৱিকতেই সৃষ্টিশীলতাৰ এটা পৰিৱেশ আছিল। তথাপি মোৰ সহপাঠী আৰু সমসাময়িক কেইবাজনো ছাত্ৰই তেওঁলোকৰ সৃষ্টিশীলতাৰে মোৰ মনটোও সজীৱ আৰু স্পন্দনশীল কৰি ৰাখিবলৈ সক্ষম হৈছিল। আন্দোলনক লৈ কবিতা লিখাৰ তাড়না ইতিমধ্যে নাইকিয়া হৈ গৈছিল। তীব্ৰ আবেগময়তাৰে সেই কবিতাবোৰ লিখিছিলোঁ যদিও সেইবোৰত কাব্যিক গুণ আৰোপ কৰাৰ ধাৰণা বা যোগ্যতা গঢ় লৈ উঠা নাছিল। কটন কলেজত পঢ়া সময়ছোৱা(১৯৮২-৮৭)ত কবিতা লিখি অসমৰ বিভিন্ন কাকত-আলোচনীলৈ সেইবোৰ পঠিয়াই দিছিলোঁ আৰু বেছিভাগেই প্ৰকাশ পাইছিল। কবিতাবোৰত সামাজিক দায়বদ্ধতা প্ৰকাশ পাইছিল আৰু কবিতা সমাজ-কল্যাণৰ বাবে নিয়োজিত এবিধ শিল্প-কলা বুলি ধাৰণা উপজিছিল। পি. ইউ. ফাৰ্ষ্ট ইয়েৰত নীলমণি ফুকন ছাৰৰ সান্নিধ্যলৈ আহিছিলোঁ, মাহেকে-পষেকে ছাৰৰ ঘৰলৈ গৈছিলোঁ। কিন্তু কবিতা লিখাটো যে এবিধ ছিৰিয়াছ কথা সেই কথা অনুধাৱন কৰিব পৰা নাছিলোঁ। ক্লাছ আৰু পৰীক্ষাৰ বোজাৰ বাবেও মুকলি মন এটা লৈ কবিতা চৰ্চা কৰিব পৰা নাছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত এম. এ. পঢ়িবলৈ লোৱা সময়ছোৱা(১৯৮৯-৯১)ত বিশেষকৈ স্নাতকোত্তৰ চূড়ান্ত পৰ্যায়ৰ আধুনিক অসমীয়া কবিতা আৰু আধুনিক ইংৰাজী কবিতাৰ পাঠ্যক্ৰম আৰু পাঠদানে আধুনিক কবিতা সম্পৰ্কে এটি ধাৰণা দিয়াত সহায় কৰিলে। কিন্তু স্নাতকোত্তৰ পঢ়া সময়ত মই এটাও কবিতা নিলিখিলোঁ। অধ্যয়নতে মনোনিৱেশ কৰিছিলোঁ।
১৯৯২ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰোঁ। মুকলি মন আৰু মুকলি পৰিৱেশ এটা পাই আশ্বস্ত হ’লোঁ। নিসৰ্গৰ অপূৰ্ব শোভাই মন অহৰহ আন্দোলিত আৰু আলোড়িত কৰিবলৈ লৈছিল। জীবনানন্দ দাশ, শংখ ঘোষ, শক্তি চট্টোপাধ্যায় আদি প্ৰখ্যাত বাংলা কবিৰ কবিতা খুব মনোযোগেৰে পঢ়িবলৈ ল’লোঁ। ইয়েটছ, এলিয়ট, টেড হিউজৰ কবিতা বুজি পাওঁ নাপাওঁ পঢ়িবলৈ ধৰিলোঁ। কবিতাৰ নান্দনিকতা সম্পৰ্কে কিছু ধাৰণা গঢ় লৈ উঠিল। কেৱল কবিতা পঢ়িয়েই এই ধাৰণা হৈছিল বুলি ক’লে সঠিক নহ’ব।
সুধীন্দ্ৰনাথ দত্ত, আবু সয়ীদ আইয়ুব, জীবনানন্দ দাশ আদি দিগগজ বাংলা প্ৰবন্ধকাৰৰ ৰচনাই এই ক্ষেত্ৰত প্ৰভূতভাৱে সহায় কৰিলে। ১৯৯৭ চনলৈকে এনে ধৰণৰ পঢ়া-শুনা চলি থাকিল। কবিতাত যাতে ব্যঞ্জনা থাকে সেই কথাত মন দিবলৈ লৈছিলোঁ। ১৯৯২ চনৰ পৰাই কবিতাক মই সাধনা হিচাপে ল’লোঁ। যশ-মানৰ প্ৰতি মোৰ কোনো ভ্ৰূক্ষেপ নাই। ভাল কবিতা লিখাৰ এটা হাবিয়াস আছিল, কিন্তু কিমান দূৰ সফল হৈছোঁ নাজানো।
১৯৯৮ চনত আধুনিক কবিতাৰ ডক্তৰেটৰ বাবে আনুষ্ঠানিকভাৱে নামভৰ্তি কৰোঁ। অৱশ্যে ১৯৯৭ চনৰ পৰাই দুই এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। আধুনিক কাব্যতত্ত্বৰ অধ্যয়নে আধুনিক কবিতা সম্পৰ্কে মোৰ ধাৰণা স্পষ্টতৰ কৰি তুলিছিল। ১৯৯৮-২০০৪, গৱেষণাৰ এই কালছোৱাত কবিতা লিখাটো 1st Priority নাছিল যদিও bi-product হিচাপে কিছু কবিতা ওলাই আহিছিল। তাৰেই কিছুমান কবিতা সন্নিৱিষ্ট হৈছিল মোৰ ধোঁৱাৰ মাজৰ চৰাইটো (২০০১) আৰু বৰষুণ : ৰোমান্টিক আৰু এণ্টি ৰোমাণ্টিক (২০০৮) সংকলন দুটিত। গৱেষণা কৰাৰ সময়ৰে পৰা মোৰ কবিতাত অধ্যয়নশীলতাৰ চাপ পৰিবলৈ আৰম্ভ কৰে আৰু মননে মোৰ কবিতাৰ সমৃদ্ধিত ভূমিকা লাভ কৰিবলৈ আৰম্ভ কৰে। ২০১৪ চনত প্ৰকাশিত মোৰ কবিতা-সংকলন শুক্ৰেশ্বৰত ফুল কিনোতেৰ কবিতালানিত পৰ্বান্তৰৰ সূচনা হ’ল।
মই কিয় লিখোঁ, এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আৰু কিছু কথা মনলৈ আহে। প্ৰথম কবিতা-সংকলন দুখন প্ৰকাশ হোৱালৈকে মোৰ নিজৰ কবিতাত মোচৰ এটাৰ যে প্ৰয়োজন সেই কথা মনলৈ অহা নাছিল। কিন্তু বৰষুণ : ৰোমান্টিক আৰু এণ্টি ৰোমাণ্টিক সংকলনটিত কবিতা কিছুমানত এই প্ৰয়াস কিছু পৰিমাণে হ’লেও বাস্তৱায়িত হৈছিল বুলি মনে ধৰে। কথাখিনিৰ সাৰমৰ্ম হ’ল এয়ে যে, তেতিয়াৰে পৰা মই কবিতা লিখিবলৈ লৈছিলোঁ মোৰ কবিতাত পৰ্বান্তৰৰ স্বাক্ষৰ ধৰি ৰখাৰ বাবে। সেয়ে শুক্ৰেশ্বৰত ফুল কিনোতে প্ৰস্তুত কৰি উলিয়াওঁতে মোৰ আগৰ কবিতাৰ বিষয়-আংগিক যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি সাৱধান হৈছিলোঁ। ইয়াৰ পিছত আন দুখন কবিতা-সংকলন প্ৰকাশ পায় দৃশ্যান্তৰ (২০১৮) আৰু ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ(২০২১)তো নিজকে অনুকৰণ নকৰাৰ সংকল্প লৈছিলোঁ।
শেহৰখন কবিতা-সংকলনৰ কেতবোৰ কবিতাৰ প্ৰেৰণা হিচাপে আছে জা পল চাৰ্তৰ। তেওঁ ‘What is Literature’ গ্ৰন্থত থকা অনাহাৰী মানুহক লৈ লিখাৰ কথাটোৱে মোক বিশেষভাৱে আলোড়িত কৰে, তেনে ধাৰণা উদ্ভাসিত কৰা কেইটামান কবিতা এইখন সংকলনত আছে। তেনেদৰে বিভিন্ন অভিজ্ঞতাৰ শাব্দিক ৰূপায়ণ মোৰ কবিতা। কোনো কথাই, কোনো গ্ৰন্থই আবেগিকভাৱে হয়তো উদ্বেলিত কৰিছে, তাক প্ৰকাশ কৰিবলৈ কবিতা লিখিছোঁ; আৱেগক সংহত কৰাত গুৰুত্ব দিছোঁ, ভাষালৈ পৰিমিতি অনাৰ যত্ন কৰিছোঁ। এইদৰে বিভিন্ন কাৰণ আৰু উপলক্ষ্যত মই কবিতা লিখোঁ। ব্যক্তিগত অভিজ্ঞতাৰ নৈৰ্ব্যক্তিক ৰূপায়ণৰ বাবে যিমান পৰা যায় যত্ন কৰোঁ।
মই কিয় লিখোঁ বুলি কওঁতে আন এটা কথাও মই বিনয়েৰে ক’ব খোজোঁ। আধুনিক অসমীয়া কবিতাৰ সমৃদ্ধি সাধনৰ এটি তাড়না মোৰ অন্তৰত অহৰহ থাকে। তাকে কৰিবলৈ সাধ্যানুসাৰে চেষ্টা কৰোঁ। কেতিয়াবা হয়তো কিছু পৰিমাণে সফল হওঁ, কেতিয়াবা নহওঁ। আৰম্ভণি-পৰ্বৰ কেৱল ‘ছপাৰ বাবে ছপা’ এই ধাৰণা এতিয়া নাই, সেয়া থকাটো সম্ভৱো নহয়। নতুনকৈ কিবা এটা লিখাৰ প্ৰয়াস কৰোঁ। বিভিন্ন ধৰণৰ গ্ৰন্থৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ আশ্ৰয়ত মোৰ সপোন বাস্তৱায়িত কৰাৰ বাবেই মই লিখোঁ। অৱশ্যে আনুভূতিক তীব্ৰতাক সদায়েই মই গুৰুত্ব দি আহিছোঁ। গতিকে মই কিয় লিখোঁ, ইয়াৰ উত্তৰ সলনি হৈ আহিছে আৰু এতিয়া এটা প্ৰায় স্থিৰ উত্তৰ বিচাৰি পাইছোঁ।
এম. কামালুদ্দিন আহমেদ এগৰাকী কবি আৰু সমালোচক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।