জ্যোতিপ্ৰসাদ আগৰৱালা
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ--
আই নাকান্দিবি,
থাপনাত তেজেৰে বন্তি দিলেহি
ল'ৰা-ছোৱালীয়ে তোৰ।
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ' নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
গুচকে আন্ধাৰে ঘোৰ--
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ।
…………………………
+ 'লভিতা', ৫ম অংক-৪ৰ্থ দৰ্শন, চপলা বুক ষ্টল, শ্বিলং, ১৯৪৮, পৃ. ৯৯-১০০