লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা

মোৰ দেশ


অ' মোৰ আপোনাৰ দেশ!
অ' মোৰ চিকুনী দেশ!
এনেখন সুৱলা,
এনেখন সুফলা,
এনেখন মৰমৰ দেশ৷৷

অ' মোৰ সুৰীয়া মাত!
অসমৰ সুৱদী মাত!
পৃথিৱীৰ ক'তো 
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত৷

অ' মোৰ ওপজা ঠাই!
অ' মোৰ অসমী আই!
চাই লওঁ তোমাৰ 
মুখনি এবাৰ,
হেঁপাহ মোৰ পলোৱা নাই৷

অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ সুকীয়া দেশ!!

১৮৩২ শক
জেঠ, হাওড়া

বেজবৰুৱাগ্ৰন্থাৱলী, দ্বিতীয় খণ্ড, প্ৰথম প্ৰকাশ, ১৯৭੦, দ্বিতীয় প্ৰকাশ ১৯৮৮, পৃ.৯৬৪-৫।

Click here for an English translation of the poem.