কবিতাৰ নতুন ধাৰা : পাৰিপাৰ্শ্বিক কবিতা

প্ৰকল্প ৰঞ্জন ভাগৱতী

পাৰিপাৰ্শ্বিক কবিতা (Ecopoetry) সাম্প্ৰতিক সময়ত গঢ় লৈ উঠা কবিতাৰ এক স্বতন্ত্ৰ ধাৰা৷ প্ৰকৃতিৰ সৈতে কবিতাৰ সম্পৰ্ক অতি পুৰণি৷ অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত এক আন্দোলন হিচাপে আৰম্ভ হোৱা ৰোমাণ্টিক যুগৰ কবিতাত প্ৰকৃতিৰ প্ৰতি উচ্ছ্বাস প্ৰবল ৰূপত প্ৰকাশ পাইছিল, য’ত প্ৰকৃতিক আনন্দ আৰু প্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰা হৈছিল৷ কিন্তু সাম্প্ৰতিক সময়ৰ পাৰিপাৰ্শ্বিক কবিতাত প্ৰকৃতি আৰু মানুহৰ মাজৰ জটিল সম্পৰ্ক উন্মোচন কৰাত গুৰুত্ব দিয়া হয়৷ প্ৰকৃতিৰ সৌন্দৰ্যৰ উপাসনাতকৈ ইয়াৰ সংৰক্ষণ আৰু অস্তিত্বৰ প্ৰশ্নবোৰত গুৰুত্ব দিয়া হয়৷ পাৰিপাৰ্শ্বিক কবিতাৰ উত্থানৰ সৈতে পাৰিপাৰ্শ্বিক সমীক্ষা বা সমালোচনা তত্ত্ব(Ecocriticism)ৰ উত্থানৰ ইতিহাস জড়িত হৈ আছে৷ বিংশ শতিকাৰ সত্তৰ দশকত পাৰিপাৰ্শ্বিক সমীক্ষা তত্ত্বৰ উদ্ভৱ হয় আৰু নব্বৈ দশকৰপৰা ই সমালোচনাৰ এক নতুন ধাৰা হিচাপে বিদ্যায়তনিক প্ৰতিষ্ঠা লাভ কৰে৷ ‘Ecocriticism’ পৰিভাষাটো প্ৰথম ব্যৱহাৰ কৰিছিল আমেৰিকান সমালোচক উইলিয়ামে ৰুকাৰ্টে তেওঁৰ ‘লিটাৰেশ্যাৰ এণ্ড ইকলজী : এন এক্সপিৰিমেণ্ট ইন ইকক্ৰিটিচিজিম’ (১৯৭৮) নামৰ ৰচনাখনত৷ তেওঁ সাহিত্যৰ অধ্যয়নত পৰিৱেশতন্ত্ৰ আৰু পাৰিপাৰ্শ্বিক ধাৰণাবোৰৰ প্ৰয়োগ অৰ্থত পাৰিপাৰ্শ্বিক সমীক্ষা পৰিভাষাটো ব্যৱহাৰ কৰিছিল৷ ৰচনাখনত তেওঁ কবিতাক সঞ্চিত শক্তি (stored energy) বুলি অভিহিত কৰিছে৷ তেওঁ লগতে কৈছে যে কবিতা এক আনুষ্ঠানিক উত্তেজনা, এক জীৱন্ত বস্তু, সোঁতত এক ঘূৰ্ণিপাক৷ একেখন ৰচনাত তেওঁ আকৌ কৈছে যে কবিতা হ’ল জীৱাশ্ম ইন্ধনৰ শাব্দিক বিকল্প৷ ই লগতে শক্তিৰ নৱীকৃত উৎসও৷ পাঠ, শিক্ষণ আৰু সমীক্ষাত্মক ব্যাখ্যানে কবিতাত সঞ্চিত হৈ থকা শক্তিক পাঠকৰ বাবে মুকলি কৰি দিয়ে৷ ৰচনাখনত ৰুকাৰ্টে পাৰিপাৰ্শ্বিক কবিতা (ecopoetry) পৰিভাষাটি ব্যৱহাৰ কৰা নাই যদিও তেওঁ সাহিত্য আৰু পৰিৱেশতন্ত্ৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ গৈ পাৰিপাৰ্শ্বিক কবিতালৈকে ইংগিত কৰিছিল৷

পাৰিপাৰ্শ্বিক সমীক্ষা বা সমালোচনাত সাহিত্য আৰু বস্তুগত পৰিৱেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা হয়৷ নাৰীবাদী সমীক্ষাত যেনেকৈ লিংগ-সচেতন দৃষ্টিকোণেৰে ভাষা আৰু সাহিত্যক পৰীক্ষা কৰা হয়, অথবা মাক্সৰ্বাদী সমীক্ষাত যেনেকৈ সাহিত্য পাঠত উৎপাদন ব্যৱস্থা আৰু অৰ্থনৈতিক শ্ৰেণী-চেতনাক গুৰুত্ব দিয়া হয়, ঠিক তেনেকৈ পাৰিপাৰ্শ্বিক সমীক্ষা তত্ত্বত সাহিত্য অধ্যয়নত পৃথিৱী-কেন্দ্ৰিক (Earth-centric) দৃষ্টিভংগী গ্ৰহণ কৰা হয়৷ (দ্য ইকক্ৰিটিচিজিম ৰীডাৰ : লেণ্ডমাৰ্কছ ইন লিটাৰেৰি ইকলজী, সম্পা. : চেৰিল গ্লটফেল্টী আৰু হেৰল্ড ফ্ৰম, ১৯৯৬) পৃথিৱী-কেন্দ্ৰিক (earth-centric) বা পাৰিপাৰ্শ্বিক-কেন্দ্ৰিক (ecocentric) দৃষ্টিভংগীৰ বিপীৰতটো হ’ল নৃ-কেন্দ্ৰিক (anthropocentric) দৃষ্টিভংগী৷ নৃ-কেন্দ্ৰিকতাত (anthropocentrism) মানুহক সকলোৰে কেন্দ্ৰত ৰখা হয় আৰু জীৱৰ অন্য ৰূপবোৰ কেৱল মানুহৰ ভোগৰ বাবে বুলি ভবা হয়৷ পাৰিপাৰ্শ্বিক-কেন্দ্ৰিকতাত (ecocentrism) মানুহৰ পৰিৱৰ্তে পৰিৱেশতন্ত্ৰক কেন্দ্ৰ হিচাপে কল্পনা কৰা হয়৷

পাৰিপাৰ্শ্বিক কবিতাত জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশতন্ত্ৰৰ সমস্যাবোৰ পোনপটীয়াকৈ সম্বোধন কৰাৰ লগতে সেই বিষয়ে পাঠকৰ মাজত চেতনা জগাই তোলাত গুৰুত্ব দিয়া হৈছে৷ পৃথিৱীত জলবায়ুৰ সংকট আজি এক চিৰন্তন সত্য৷ প্ৰায় প্ৰতি দিনেই সংবাদ মাধ্যমত জলবায়ু পৰিৱৰ্তনৰ বা-বাতৰি প্ৰকাশ পাই আহিছে৷ মানুহৰ বিভিন্ন কাৰ্যকলাপে জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে৷ বিশেষকৈ জীৱাশ্ম ইন্ধনৰ জ্বালানিয়ে সেউজগৃহ গেছ নিৰ্গমনত সহায় কৰিছে আৰু জলবায়ুৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাইছে৷ দুই মিলিয়ন বছৰৰ ভিতৰত সম্প্ৰতি সেউজগৃহ গেছ ঘনীভৱন সৰ্বোচ্চ স্তৰত উপনীত হৈছে৷ ১৮০০ চনতকৈ পৃথিৱীৰ উষ্ণতা আজি ১.১০ চেণ্টিগ্ৰেড বৃদ্ধি পাইছে৷ জলবায়ু পৰিৱৰ্তনৰ পৰিণাম হিচাপে প্ৰচণ্ড খৰাং, পানীৰ অভাৱ, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, বানপানী, বনজুই, মেৰু অঞ্চলৰ বৰফ গলন, জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্য নষ্ট হোৱা ইত্যাদি ঘটনাবোৰ ঘটিব ধৰিছে৷ এইখিনিতে দ্য আছাম ট্ৰিবিউন (১৪ আগষ্ট, ২০২৩) কাকতত প্ৰকাশিত এটা বাতৰিৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ৷ পূব আৰু উত্তৰ-পূব ভাৰতত ২০২৩ চনৰ জুলাই মাহৰ নিম্নতম গড় তাপমান ১৯০১ চনৰ পিছত আটাইতকৈ বেছি (২৫.৫৩ ডিগ্ৰী চেলচিয়াছ)৷ ২০২২ চনৰ অভিলেখ (২৫.৩১ ডিগ্ৰী চেলচিয়াছ) ই ভংগ কৰিছে৷ আনহাতে ১৯০১ চনৰ পিছত জুলাই মাহত এই অঞ্চলটোত বৰষুণৰ পৰিমাণ চতুৰ্থ সৰ্বনিম্ন (২৮৬.৬ মি.মি.)৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বনিম্ন বছৰকেইটা আছিল– ২০২২ (২৩৪.৭ মি.মি.), ১৯০৩ (২৪৯.৫ মি.মি.) আৰু ১৯৭৩ (২৮৪.৩ মি.মি.)৷ ভাৰতীয় বতৰবিজ্ঞান বিভাগে (IMD) প্ৰকাশ কৰা এই তথ্যৰপৰা জলবায়ু পৰিৱৰ্তনৰ অস্বাভাৱিকতাৰ এক আভাস পাব পাৰি৷

জলবায়ু পৰিৱৰ্তনে মানুহক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে৷ ই মানুহৰ স্বাস্থ্যৰ লগতে খাদ্য উৎপাদনত, বাসগৃহ, নিৰাপত্তা আৰু কৰ্ম সংস্থানক প্ৰভাৱিত কৰিছে৷ ৰাষ্ট্ৰসংঘৰ ওৱেবছাইটত থকা তথ্য মতে অনাগত দিনত গোলকীয় উষ্ণতা বৃদ্ধি ১.৫০ চেণ্টিগ্ৰেডৰ তলত ৰাখিব পাৰিলে জলবায়ু পৰিৱৰ্তনৰ ক্ষতিকৰ প্ৰভাৱৰপৰা পৃথিৱীক বচাব পৰা যাব৷ সেয়ে ২০১৬ চনৰপৰা এতিয়ালৈকে বিজ্ঞানীসমাজ আৰু বহু দেশৰ চৰকাৰে জলবায়ু জৰুৰীকালিনতা (Climate emergency declaration) ঘোষণা কৰিছে৷ কোনো অঞ্চলত বা দেশত ঘটি থকা গোষ্ঠী সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ, গৃহযুদ্ধ আদিৰ প্ৰভাৱ সেই সেই অঞ্চলৰ মাজতে সীমিত থাকে৷ কিন্তু জলবায়ু সংকট এটা অঞ্চলত সীমিত নাথাকে৷ ই সমগ্ৰ পৃথিৱীৰ মানৱসমাজ আৰু জীৱকুলৰ ওপৰত প্ৰভাৱ পেলায়৷

জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কে জনসজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত লেখক আৰু সাহিত্যিকসকলৰ দায়িত্ব অপৰিসীম৷ জলবায়ু সংকট আৰু তাৰপৰা পৰিত্ৰাণৰ উপায় সম্পৰ্কে ইতিমধ্যে পৃথিৱীৰ সকলো ভাষাতে বিস্তৰ অ-কাহিনীমূলক গ্ৰন্থ প্ৰকাশ পাইছে৷ তাৰ তুলনাত উপন্যাস, গল্প আৰু কবিতা আদি সৃষ্টিশীল গ্ৰন্থৰ সংখ্যা অতি কম৷ শেহতীয়াকৈ বিশ্বৰ বিভিন্ন ভাষাত পাৰিপাৰ্শ্বিক উপন্যাস (eco fiction), জলবায়ু উপন্যাস (climate fiction), পাৰিপাৰ্শ্বিক কবিতা (ecopoems) আদি লিখা হ’ব ধৰিছে৷ সাহিত্য সৃষ্টিৰ জৰিয়তে জলবায়ু সংকট আৰু পৰিৱেশ সুৰক্ষা আন্দোলনৰ সক্ৰিয় অংশীদাৰ হ’বলৈ এদল লেখক, কবি আগুৱাই আহিছে৷

লগতে পঢ়ক একেজন লেখকৰ : নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ –এক পাঠ

অসমীয়া ভাষাতো বিক্ষিপ্তভাৱে হ’লেও পাৰিপাৰ্শ্বিক কবিতা বহু কবিয়ে ৰচনা কৰিছে৷ এই লেখকৰ সম্পাদনাত প্ৰকাশ পোৱা অসমীয়া পাৰিপাৰ্শ্বিক কবিতা (২০২৩, অসম পাবলিচিং কোম্পানী, গুৱাহাটী) শীৰ্ষক সংকলনখনত সাম্প্ৰতিক সময়ৰ প্ৰায়বোৰ ন-পুৰণি কবিৰ কবিতা সন্নিৱিষ্ট হৈছে। উক্ত সংকলনত স্থান পোৱা এটা পাৰিপাৰ্শ্বিক কবিতা হ’ল ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’৷ কবিতাটোৰ বক্তা এগৰাকী প্ৰকৃতিপ্ৰেমী বয়সস্থ লোক৷ তেওঁক ৰঘুনাথে পুতেকৰ বিয়া খাবলৈ মাতিছে৷ বিয়া খাবলৈ আহি দেখিছে ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলাইছে৷ গছজোপা কটাৰ প্ৰয়োজন নাছিল৷ বিয়া-সবাহ এইবোৰ আহিব-যাব৷ কিন্তু কাটি পেলোৱা গছজোপা দুনাই পোৱা নাযাব৷ সেয়ে বক্তাই গছজোপা কটাৰ খঙত দৰাক কেৱল আশীৰ্বাদ এজোলোকা দি একো নোখোৱাকৈ বিয়াঘৰৰপৰা গুচি যোৱাৰ সিদ্ধান্ত লৈছে৷ কবিতাটোৰ লক্ষ্য পাঠক হ’ল কিশোৰসকল৷ কিন্তু গছ কটাক লৈ ব্যক্ত কৰা সৰল অভিব্যক্তিখিনিয়ে প্ৰাপ্তবয়স্ক পাঠকৰো হৃদয় স্পৰ্শ কৰে৷ প্ৰকৃতি আৰু গছ-গছনি সংৰক্ষণ সম্পৰ্কে চেতনা জগোৱাত কবিতাটো সফল হৈছে৷

আনিছ-উজ জামানৰ ‘অৰণ্যত জুই’ এটা পাৰিপাৰ্শ্বিক কবিতা৷ অৰণ্যত জুই লাগিছে৷ জুই লগাৰ কাৰণ মানুহ৷ মৌবাহৰ ৰাণীজনী বাহ এৰি যাবলৈ অনিচ্ছুক৷ তাই মৌজাকক তাৰপৰা আঁতৰি যাবলৈ কৈছে৷ ওখ পাহাৰটোৰ সিপাৰে জান এটা আছে৷ তাতে হাত-ভৰিবোৰ ধুই ল’বলৈ অনুৰোধ কৰিছে৷ তাতো মানুহ থাকিব পাৰে৷ গতিকে মৌজাকক সাৱধানে যাবলৈ ৰাণীয়ে কাতৰ অনুৰোধ জনাইছে৷ মানুহৰ সীমাহীন লোভ আৰু স্বাৰ্থপৰতা প্ৰকৃতিৰ বাবে অভিশাপ হৈ পৰিছে৷ পাহাৰৰ সিপাৰে গৈ পালে যে মানুহৰ লোভৰপৰা হাত সাৰিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই৷ প্ৰকৃতিত জীৱকুলে সমুখীন হোৱা অসহায় অৱস্থাৰ এখন চিত্ৰ কবিতাটোত সুন্দৰকৈ তুলি ধৰা হৈছে। নীলকান্ত শইকীয়াৰ ‘বনভোজ’ এটা আমোদদায়ক পাৰিপাৰ্শ্বিক কবিতা৷ বনভোজ হ’ল মানুহে প্ৰকৃতিৰ সৈতে সংযুক্ত হ’ব বিচৰাৰ এক খন্তেকীয়া প্ৰয়াস৷ প্ৰকৃতিৰ স্বাৰ্থৰ বাবে মানুহ বনভোজ খাবলৈ নাযায়৷ যান্ত্ৰিক জীৱনযাত্ৰাৰপৰা এখন্তেক আজৰি হৈ মানুহে নিজকে উজ্জীৱিত কৰিবৰ বাবেহে বনভোজলৈ যায়৷ প্ৰকৃতিৰ স্বাৰ্থ তাত অনুপস্থিত৷ মানুহে নিজৰ অজ্ঞাতেই বনভোজ স্থলীৰ প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰত উৎপীড়ন চলায়– “গছ-বনৰ গালৈ দলিয়াই অগিয়ান ফৰ্মূটি/মদাহীৰ মাতৰ দুৰ্গন্ধত/হাবিৰ অপেছৰী পলাই ফাট মাৰে/পলিথিন নামৰ দানহটোৱে/মাটিৰ গভীৰলৈকে খেদে জ্ঞানক৷” এই লেখকৰ ‘এখন নদীৰ মৃত্যুৰ ঘটনাটো’ কবিতাত পৰিকল্পনাহীন নগৰীকৰণে প্ৰকৃতিৰ ওপৰত কেনেধৰণৰ কুপ্ৰভাৱ পেলাইছে তাৰ এখন চিত্ৰ প্ৰকাশ পাইছে৷ সত্যজিৎ গগৈৰ ‘পাহাৰৰ শিলত উঠি’ শীৰ্ষক এটা কবিতাতো প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ ছবি প্ৰকাশ পাইছে৷

লগতে পঢ়ক একেজন লেখকৰ : নীলমণি ফুকনৰ ‘হংসধ্বনি শুনিছোঁ’ : এক নিবিড় পাঠ

ৰোমাণ্টিক যুগৰ এগৰাকী কবি ভৈৰৱচন্দ্ৰ খাটনিয়াৰ(জ.১৮৮৯-মৃ.১৯৩১)ৰ ‘মানিমুনি শাক’ এটা বহুল পঠিত কবিতা৷ খাটনিয়াৰৰ সময়ত যদিও পাৰিপাৰ্শ্বিক সমস্যাবোৰে গা কৰি উঠা নাছিল, উক্ত কবিতাটোত পাৰিপাৰ্শ্বিক কেন্দ্ৰিক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ মানিমুনি শাক এই বিশাল প্ৰকৃতিৰ ক্ষুদ্ৰতম অংশ৷ ক্ষুদ্ৰ হ’লেও ‘জগতভৰা আয়োজন’ত তাৰো ভাগ আছে৷ কবিতাটোত মানিমুনি শাকক প্ৰকৃতিৰ মাজতে খুপনি পুতি থাকিবলৈ কৈছে৷ মানুহৰ হস্তক্ষেপত জীৱনলৈ শংকা আহিব পাৰে বুলি কবিয়ে মানিমুনি শাকক মাটিৰ লগত মিলি থাকিবলৈ কৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ শিখৰত উঠি মানুহে নিজকে প্ৰকৃতিৰপৰা বিচ্ছিন্ন কৰি তাৰ অধিকৰ্তা হ’বলৈ গৈছে। পাৰিপাৰ্শ্বিক কবিতাই মানুহক আকৌ প্ৰকৃতিৰ মাজত স্থাপন কৰিব বিচাৰে।

টোকা : প্ৰবন্ধটোৰ কিছু অংশ এই লেখকৰদ্বাৰা সম্পাদিত অসমীয়া পাৰিপাৰ্শ্বিক কবিতা শীৰ্ষক সংকলনৰ পাতনিৰপৰা গ্ৰহণ কৰা হৈছে।