যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’

সত্যজিৎ গগৈ

সমীয়া কাব্যজগতত ডযতীন কোঁৱৰ এটি পৰিচিত নাম। যোৱা চাৰিটা দশক ধৰি কোঁৱৰে কাব্য-চৰ্চা কৰি আহিছে আৰু প্ৰান্তিক; সূত্ৰধাৰ; পষেক; শ্ৰীময়ী; অসমবাণী আদি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে তেওঁৰ কবিতা। কবি কোঁৱৰৰ কবিতাৰ মাজে মাজে জিলিকি থাকে মনোৰম চিত্ৰকল্পৰ মুকুতা, অসমীয়া লোকাচাৰৰ পোহৰ আৰু প্ৰকৃতিৰ সৈতে নিবিড় প্ৰেম। ছেফটিপিন মৰা ৰুমালবোৰ কবিৰ প্ৰথমখন কাব্য-সংকলন। প্ৰকাশক পাঞ্চজন্য বুকছ, গুৱাহাটী। প্ৰথম প্ৰকাশ ২০২২ চন। সংকলনখনত ছষষ্টিটা কবিতাক ঠাই দিছে। প্ৰতিটো কবিতাৰ লগত ৰচনাকাল উল্লেখ কৰাৰ লগতে ৰচনাকালৰ ক্ৰম অনুসাৰে কবিতাবোৰ সজাইছে। সেয়ে অনুসন্ধিৎসু পাঠকে যোৱা চাৰিটা দশকত কবিৰ কবিতাৰ শ্ৰী-বৃদ্ধি দেখা পাব এই সংকলনখনতে।

সংকলনখনৰ প্ৰথমটো কবিতা ‘যৌৱন’(১৯৭৯)ত কবিয়ে যৌৱনক এক কাব্যিক সংজ্ঞাৰে দাঙি ধৰিছে–

যৌৱনৰ এই অমৰ কবিতা অনুধাৱন কৰা প্ৰতিজনেই নিশ্চিতভাৱে কামনা কৰিব কবিৰ দৰেই–

সচেতন কবি, শিল্পী, সাহিত্যিকসকলৰ ৰচনা আৰু শিল্পত সমসাময়িক সমাজজীৱনৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়। সেয়া সুদূৰ ভৱিষ্যতে বুৰঞ্জীৰ দৰেই জিলিকি থাকে। কবিৰ ‘নীৰৱে আঁজুৰিছোঁ সূৰ্য’ও তেনে এটি কবিতা। ৰচনাকাল ১৯৮১ চন। ১৯৮০ চনৰ অসমৰ সমাজজীৱনৰ সেই ভয়াৱহ দিনবোৰৰ স্বাক্ষৰ বহন কৰিছে কবিতাটোৱে—

কবিতাৰ “উত্তাল নদীত জোবোৰ মাৰিলেই শুনিবলৈ পাম/আয়ে বোৱা কবচ কাপোৰৰ খচ্ মচ্ শব্দ।” এই কাব্যিক চিত্ৰখন অতি সুন্দৰ। দেশ বা সমাজৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিত সচেতন হৃদয়ে নিশ্চিত ভাৱে শুনা পাব “আয়ে বোৱা কবচ কাপোৰৰ খচ্ মচ্ শব্দ।”

সংকলনখনৰ ‘জখ্মী গধূলি’ এটা হৃদয়স্পৰ্শী কবিতা। ভোকাতুৰসকলৰ বাবে টোপনি এক ভোক পাহৰণিৰ মলমৰ নিচিনা। টোপনিত পাহৰি থাকিব পাৰি ভোকৰ যন্ত্ৰণা। কিন্তু ভোকাতুৰ পেটেৰে টোপনি সহজ নহয়। সেয়ে কবিয়ে ভোকাতুৰৰ কৰুণ প্ৰাৰ্থনাৰ ধাৰাল তৰোৱালেৰে গধূলিৰ গৰ্বী হিয়াক ছিৰাছিৰ কৰাৰ কথা কৈছে—

সংকলনখনৰ আন এটা মনোৰম কবিতা ‘স্পেনিছ গিটাৰ’। এই কবিতাটোৰ পাঠকে কবিক এজন চিত্ৰশিল্পীৰ ৰূপত দেখা পাব, যত শিল্পীজনে তুলিকাৰ ৰঙৰ ঠাইত ব্যৱহাৰ কৰিছে শব্দৰ মায়াময় ৰং। কবিতাটোত কবিয়ে স্পেনিছ গিটাৰখনক এটা গভাইত চোৰ বুলি অভিহিত কৰিছে, যি চুৰ কৰিছিল “মৌ মাখিৰ গুণ্ গুণ্ সুৰ, পানীপিয়া চৰাইৰ চিত, অপ্সৰাৰ ছডালে চুলি, ভেনাছ গছৰ কুন্দত কটা কঁকাল আৰু জঘন, টিউলিপ ফুলৰ গীত, কাঁচিজোনৰ জুই লগতে গাৰ্চিয়া লৰকাৰ ফুল-আলসুৱা হৃদয় আৰু সপোন”। আৰু সেই সমস্ত সম্ভাৰে সমৃদ্ধ  চোৰটোৱে “তাৰ মৌ গুণগুণ অপৰূপ গানে/ শুৱাই দিয়ে সংগোপনে/ হৃদয় চকীৰ সিয়ান চিপাহী”কো।

কবিয়ে অপ্সৰাৰ ছডালে চুলিৰে গিটাৰৰ ছডাল তাঁৰক, আৰু ভেনাছ গছৰ কুন্দত-কটা কঁকাল আৰু জঘনৰে গিটাৰৰ দেহ-অৱয়বক চকুৰ আগত দাঙি ধৰিছে। মৌমাখিৰ গুণ্ গুণ্ সুৰে গিটাৰৰ তাঁৰৰ ঝংকাৰক বৰ্ণনা কৰিছে। সেই গিটাৰখন যে স্পেনিছ গিটাৰ তাৰো ইংগিত দিছে স্পেনিছ কবি গাৰ্চিয়া লৰকাৰ প্ৰসংগৰে। কবি লৰকাৰ অতি প্ৰিয় আছিল গিটাৰ। জীৱনকালত তেওঁ গিটাৰ সম্পৰ্কীয় তিনিটা বিখ্যাত কবিতাও লিখিছিল। ‘The Guitar’; ‘The Six Strings’ আৰু ‘Riddle of the Guitar’। সেয়ে কবিতাৰ শিৰোনামত কবিয়ে ‘স্পেনিছ গিটাৰ’ নাৰাখিলেও অনুসন্ধিৎসু পাঠকে কবিতাৰ বিষয় আৰু অৰ্থ উদ্ধাৰ কৰিব পাৰিব।

কবিতাটোৰ এই ছবিখন আনন্দদায়ক।

সংকলনখনৰ শিৰোনামত ঠাই দিয়া কবিতা ‘ছেফটিপিন মৰা ৰুমালবোৰ’ এটি অতি আমোদজনক কবিতা। আমাৰ সমাজত ম’বাইল ফোন‌ সহজলভ্য হোৱাৰ ঠিক আগৰ সময়খিনিলৈকে ডেকা-গাভৰুসকলৰ মাজত প্ৰেমৰ চিঠিৰ আদান-প্ৰদান আছিল আৰু গাভৰুসকলে নিজৰ প্ৰেমিক ডেকাক নিজ হাতে ফুল বাছি তৈয়াৰ কৰা শুকুলা ৰুমালৰ লগতে নিজ হাতে ফুল বাছি গাৰুৰ গিলিপ এটাও উপহাৰ দিছিল গোপনে। তেনে ৰুমালখন ভাঁজ কৰি তাত‌ এটা ছেফটিপিন মাৰি দিয়া থাকে। সেই ছেফটিপিন মাৰি দিয়া কাৰ্যটোৰ অন্তৰালত নিশ্চয়কৈ কিবা এক প্ৰতীকী অৰ্থ আছে। সেয়া হয়তো ৰুমালখনত সানি দিয়া মৰমৰ প্ৰতীক ফুলতেলৰ গোন্ধটো যাতে ৰুমালৰ ভাঁজে ভাঁজে সদায়ে থাকে, অৰ্থাৎ হৃদয়ৰ মৰমবোৰ যাতে প্ৰেমিকে সদায় লগত লৈ ফুৰে তাৰেই কামনা। গাৰুৰ গিলিপতো বেজীৰ সূতাৰে বন কৰা থাকে য’ত লিখা থাকে সাধাৰণতে “মিঠা সপোন”, “মানৱ জীৱন নিশাৰ সপোন” এনে বাক্য। তাৰ প্ৰতীকী অৰ্থ নিশা টোপনিতো শিতানৰ গাৰুৰ গিলিপটোৱে প্ৰেয়সীৰ মৰমৰ অস্তিত্বক অনুভৱ কৰায়। তেনে ৰুমাল আৰু গাৰুৰ গিলিপ জ্যেষ্ঠজনে নেদেখাকৈ গোপনে ৰাখে। গোপনে লয় তাৰ সৌৰভ। কেতিয়াবা অতি সিয়ান ভনীয়েকে বিচাৰি উলিয়াই ককায়েকক লাজত পেলায়, বিচাৰি ফাদিল কৰে সেই উৰহী গছৰ ওৰ। সেয়ে তেনে বাস্তৱ অভিজ্ঞতা নথকাসকলক কবিয়ে কৈছে–“এনে ৰুমাল যি কাহানিও লৈ পোৱা নাই দেহি ঐ, সি হয়তো নেদেখিব এইটো কবিতাৰ শোকৰ আন্ধাৰ!”

অতি সৰল ভাষাৰে লিখা কবিতাটোৰ মনোৰম আৰম্ভণি–

সংকলনখনৰ কেইবাটাও কবিতাত দেখা পাওঁ কবি যতীন কোঁৱৰৰ গভীৰ শ্ৰদ্ধা প্ৰিয় শিল্পী আৰু কবিৰ প্ৰতি। প্ৰিয় কবি, শিল্পীৰ কথা কবিতাৰ মাজত কবিৰ দৃষ্টিৰে দাঙি ধৰিছে।

‘খাচ-গাঁৱলীয়া কবি’ (কবি চেনীৰাম গগৈৰ হাতত) কবিতাটিৰ হৃদয় চুই যোৱা এটি স্তৱক, য’ত মূৰ্ত হৈ উঠিছে সাধাৰণ গাঁৱলীয়া জীৱনৰ ছবি এখন।

সংকলনখনৰ ‘ব্যাঘগাথা’ কবিতাত বাঘৰ সৌন্দৰ্যক অতি মনোৰম চিত্ৰকল্পৰে প্ৰকাশ কৰিছে—

আৰু কবিয়ে ক’ব পাৰে—

কবি কোঁৱৰে হৃদয়ত লালন কৰা গভীৰ প্ৰকৃতি-প্ৰেমৰ উমান পাঠকে ল’ব পাৰিব কবিয়ে নদী, ফুল, পক্ষী, পৰ্বত সম্পৰ্কে লিখা কেইটামান হৃদয় চুই যোৱা কবিতাৰ স্তৱকৰ মাজত—

সংকলনখনৰ ‘নিমাতী’ এটা উল্লেখযোগ্য কবিতা। নিমাতী শব্দটোৱে প্ৰথমেই পাঠকৰ মনলৈ নিমাতী কইনা অৰ্থাৎ মানৱীয় ধাৰণা এটা আনি দিয়ে। কবিতাটোৰ কেন্দ্ৰবিন্দু নিমাতী ঘাট। কবিয়ে নিমাতীক এক মানস-কইনা ৰুপত প্ৰতিষ্ঠা কৰিছে আৰু নিমাতীৰ প্ৰেমত পৰিছে কবি। নিমাতীৰ সৈতে কবিৰ মনোৰম আলাপ—

আকৌ,

কবিতাটোৰ শেষৰ স্তৱকটি আকৰ্ষণীয়—

ধূসৰ শৰীৰ আৰু গাঢ় ৰঙা মূৰৰ কৰ্চন চৰাই জাকতজিলিকা। জনা যায়—সমগ্ৰ জীৱনৰ বাবে এই চৰায়ে জোৰা পাতে আৰু কিবা কাৰণত জোৰাৰ এটা মৰি গ’লে আনটোৱে নাখাই মৰি যায় বুলিও জনা যায়। ভাৰতত দেশীয় কৰ্চন চৰাই বৈবাহিক স্থায়িত্বৰ প্ৰতীক, আকৌ পূৰ্ণিমা মানেই উজ্জ্বল জোনাকৰ সমাহাৰ – তাতে বাসন্তী পূৰ্ণিমা অৰ্থাৎ বসন্তৰ সৌৰভো যোগ হৈছে তাত। সেয়ে নিভাঁজ প্ৰেমৰ স্থায়িত্ব প্ৰকাশ পাইছে।

মাতৃভাষাৰ কোনো হীন-দেঢ়ি সহ্য নকৰে কবিয়ে। সেয়ে এটা কবিতাত মাতৃৰ স্মৃতিকথাৰ মাজেৰে কৈছে—

আমাৰ পূৰ্বপুৰুষৰ ওঁঠেদি নিগৰা বহু কথিত শব্দ সঠিক সংৰক্ষণৰ অভাৱত হেৰাই গ’ল, যিবোৰ শব্দৰে আমাৰ অভিধানখন আৰু সমৃদ্ধিশালী হ’লহেঁতেন। বহু আভিধানিক শব্দও আমি ব্যৱহাৰ নকৰি মৃতপ্ৰায় কৰি পেলাইছোঁ – সেয়া বেজাৰ লগা কথা।

যতীন কোঁৱৰৰ কবিতাত কেতিয়াবা অসমীয়া লোকাচাৰে আলোকৰ সঞ্চাৰ কৰে।

কবি কোঁৱৰৰ কবিতাৰ বহু চিত্ৰকল্পই পাঠকক ভবাই তোলে।

কবিয়ে যদিও চাৰিটা দশক ধৰি কবিতা লিখি আহিছে আৰু বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে তথাপি তেওঁৰ কবিতা সমালোচকৰ আলোচনালৈ যেনেদৰে আহিব লাগিছিল সেয়া অহা চকুত পৰা নাই। ইয়াৰ কাৰণ কবিৰ কবিতাৰ সংকলন প্ৰকাশত পলম। কবিৰ এইখনেই প্ৰথম সংকলন, এই সংকলনখন পাঠক-সমোলোচকে আদৰি ল’ব বুলি আশা কৰিলোঁ।

সত্যজিৎ গগৈ এগৰাকী কবি আৰু তথ্যচিত্ৰ নিৰ্মাতা। দুলীয়াজান নিবাসী গগৈৰ প্ৰকাশিত কবিতা-সংকলন এখন।

Leave a Reply

Your email address will not be published. Required fields are marked *