ইণ্টিকাবুৰ ৰহমানৰ কবিতা

নিষিদ্ধ জোনাক

নিষিদ্ধ জোনাকত 
চকু মুদি দিলে তেওঁ।
প্ৰকৃতিয়ে ক'লে
তোমাৰ ইচ্ছাতে দেখোন
জোনাক নামিছিল।
চকুৰ পানী মচিবলৈ
উদাস চকুত, জীৰ্ণ-শীৰ্ণ শৰীৰত 
সবলতা আনিবলৈ
নিষিদ্ধ জোনাকৰ সৈতে মিতিৰালি তেওঁৰ।
ৰ'দত বহি তামোল চোবাবলৈ
সঙ্গী নাই তেওঁৰ।
বাধা দিব খুজিও দিব পৰা নাই
জোনাকৰ আগমনক।
তেওঁৰ বাবে অসাৰ সূৰ্য
নিষিদ্ধ জোনাকত ওমলিবলৈ
বাধ্য তেওঁ।


ৰ'দে পোৰা মানুহজন

হালধীয়া ৰ'দে পিঠি পোৰা
মানুহজন বৰ অকলশৰীয়া হৈ পৰিছে।
জেং-জাবৰৰ মাজেৰে ঘূৰি ফুৰোতে  
কাঁইটৰ আঁচোৰেও বাধা দিব নোৱাৰা
মানুহজনে
চিঞৰি উঠিছে।
উত্তাপে আমনি কৰিলেও 
ছাতি নলয়।
কাৰণ
হালধীয়া ৰ'দৰ
অহংকাৰৰ প্ৰতীক তেওঁ।

English translation of the Poems.