মুনীন বায়ন
আমাৰ আধুনিকতাক সেয়ে পশ্চিমীয়া ঔপনিৱেশিকতাৰে অৱদান বুলি কোৱাটো যুক্তিসন্মত নহয়। এই আধুনিকতাই কেৱল যে যুক্তিবাদৰে প্ৰসাৰ ঘটাইছিল এনে নহয়, ব্যৱসায়-বাণিজ্য, যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তি-নিৰ্ভৰ ঔদ্যোগিক সভ্যতাৰো প্ৰসাৰ আৰু বিকাশ ঘটাই বহিঃবিশ্বৰ সৈতে ভাৰতৰ সম্পৰ্ক নিবিড় কৰি তুলিছিল।
অসমীয়া কবিতাৰ আধুনিকতাক লৈ, ইয়াৰ আধুনিক চৰিত্ৰক লৈ মতভেদ, বিভ্ৰান্তি আৰু সংশয়-দ্বিধাগ্ৰস্ততা আজিও কম নহয়। আধুনিক অসমীয়া কবিতাৰ এগৰাকী বিশিষ্ট ৰসবেত্তা, সমালোচক ড০ দিলীপ কুমাৰ বৰুৱাই তাহানিয়ে এই বিষয়ে প্ৰশ্ন তুলি কৈছিল, স্বাধীনতাৰ ৰ’দকাঁচলিৰ ঔৎসুক্য আৰু উদ্দীপনাৰ একাংশ নতুন কবিতাৰ প্ৰতি হোৱা আগ্ৰহৰ মাজেৰে প্ৰকাশ হৈছিল। কিন্তু আজি সেই উদ্দীপনা নিঃশেষ হৈ আহিছে। বহল দৃষ্টিৰপৰা ক’বলৈ গ’লে, আমাৰ সাহিত্য-জগত বৰ্তমান জঠৰ, ম্ৰিয়মান। “আধুনিক কবিতা সম্পৰ্কে এচাম লোকৰ প্ৰধান আপত্তি হ’ল আধুনিক কবিতাৰ বৌদ্ধিক প্ৰেৰণাৰ উৎস আছিল পাশ্চাত্য সাহিত্যাদৰ্শ আৰু মানসিকতা। ভাৰতীয় মানসিকতা আৰু পৰম্পৰাৰ সৈতে তাৰ সম্পৰ্ক আছিল ক্ষীণ। দ্বিতীয় আপত্তিটো ঘাইকৈ তাৰ প্ৰকৰণক লৈ। আধুনিক কবিতা ‘দুৰ্বোধ্য’ অৰ্থাৎ দুৰূহ। ইয়াক বুজিবলৈ বা তাৰ ৰস গ্ৰহণ কৰিবলৈ বিশেষ ধৰণৰ মানসিকতা তথা বৌদ্ধিক কছৰতৰ দৰকাৰ। ড০ দিলীপ বৰুৱাই ‘আধুনিক অসমীয়া কবিতা : এটি সমীক্ষা’ নামৰ গুৰুত্বপূৰ্ণ প্ৰবন্ধটোত আধুনিক অসমীয়া কবিতাই জন্মলগ্নৰেপৰা এনে সীমাবদ্ধতা বহন কৰি আহিছে বুলি অভিযোগ কৰিছে। এই সন্দৰ্ভত তেওঁ যোৱা শতিকাৰ ষাঠি-সত্তৰ দশকতে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধীসমাজলৈ বুলি উত্থাপন কৰিছিল। তেওঁৰ প্ৰশ্নকেইটা আছিল : আধুনিক কবিতা-আন্দোলনৰ কেৰোণ ক’ত? প্ৰথমৰেপৰা ই এক মাথোঁ ‘হুজুগ’ আছিল নেকি? ইয়াৰ লগত আমাৰ জাতীয় জীৱনৰ কোনো নিবিড় সম্বন্ধ নাছিল নেকি? কেৱল অভিনৱত্বৰ আগ্ৰহতে পৰীক্ষামূলকভাবে লিখা কবিতায়েই আমাৰ আধুনিক কাব্য-কলেৱৰ সৃষ্টি কৰিছিল নেকি?”
ড০ বৰুৱাই উত্থাপন কৰা প্ৰশ্নকেইটাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা উলাই কৰিব হয়তো নোৱাৰি। কিন্তু এনে অভিযোগ-আপত্তিৰ আঁৰত আধুনিকতাক একান্তই পশ্চিমীয়া অপৰিৱৰ্তনীয় অৱধাৰণা বুলি ধৰি লোৱাৰ প্ৰৱণতা বিদ্যমান। কিন্তু ইউৰোপীয় আধুনিকতাৰ বিচিত্ৰগামী চৰিত্ৰক আমি একেটা সাঁচতে ঢালি ইউৰোপৰে বিভিন্ন দেশৰ আধুনিকতাৰ চৰিত্ৰৰ স্বকীয়তাক ব্যাখ্যা কৰা সম্ভৱ নহয়। ভাৰতৰ বিভিন্ন প্ৰদেশৰ সাহিত্য-সংস্কৃতিত যোৱা দুশ বছৰীয়া আধুনিকতাৰ বিচিত্ৰ পৰীক্ষা-নিৰীক্ষা আৰু তাৰ জটিল গ্ৰন্থিবোৰক আমি আজি কেৱল পশ্চিমীয়া আধুনিকতাৰ মাপকাঠিৰে অনুধাৱন কৰাটো সম্ভৱ আৰু সমীচীন নে? এই কথা বহুলাংশে সঁচা যে উত্তৰ-আলোকপ্ৰাপ্তি পৰৱৰ্তী ইউৰোপীয় আধুনিকতাই গ্ৰীক পৰম্পৰা তথা ইলিয়াড-ওডিছিৰ পুৰাকথা আৰু কল্পজগতৰপৰা ইউৰোপ-উত্তৰ আমেৰিকাৰ অধিবাসীৰ মানসিকতা ভালেখিনি বিচ্ছিন্ন কৰি পেলাইছিল। কিন্তু ভাৰতকে ধৰি তৃতীয় বিশ্বৰ বহু দেশত দুই-আঢ়ৈ শতিকাৰ ঔপনিৱেশিক শাসনে চিন্তাজগতত বিপুল পৰিৱৰ্তন আনিলেও ঐতিহ্যলব্ধ অভিজ্ঞতা আৰু উপলব্ধি কিছুমানৰ মূলোৎপাটন কৰিব নোৱাৰিলে। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ জৰিয়তে ভাৰতীয় শিক্ষিত শ্ৰেণীয়ে অৰ্জন কৰা আধুনিকতাক হিন্দু পুনৰুত্থানবাদীসকলে বৌদ্ধিক আৰু মানসিক দাসত্ব বুলি অভিহিত কৰিছে। পিছে ভাৰতীয় নৱজাগৰণ আৰু আধুনিকতাৰ কিছুমান অন্তৰ্নিহিত দুৰ্বলতা আৰু সীমাৱদ্ধতা সম্পৰ্কে প্ৰথম অভিযোগ আনিছিল নক্সালপন্থীসকলেহে। ৰিফৰ্মেশ্যন-বিৰোধী স্পেইনৰপৰা যোৱা স্পেনীয় ঐতিহ্যৰ প্ৰভাৱত লেটিন আমেৰিকাতো আধুনিকতা বিশেষ ধৰণে গঢ় লৈ উঠিছিল। দুশ-আঢ়ৈশ বছৰীয়া পাশ্চাত্য প্ৰভাৱক অস্বীকাৰ নকৰাকৈয়ো এই কথা ক’ব পাৰি, শিক্ষিত-অশিক্ষিত ভাৰতীয়সকলৰ মানসত দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ প্ৰভাৱ আজিও সজীৱ হৈ আছে। ধাৰ্মিক ভাৰতীয়সকলৰ কথা বাদ দিলেও হিন্দু ধৰ্মীয় আচাৰৰ প্ৰতি দুৰ্বলতা নথকা বহু ভাৰতীয়ৰ মনতো মহাকাব্য দুখনৰ কাহিনী আৰু কথকতাৰ নানা অনুষংগ সুপ্ত হৈ আছে। এই কথা মহাভাৰতৰ আধুনিক ভাষ্যকাৰ জি. এন. দেৱীয়ে যে কৈছে এনে নহয়, ছালমান ৰুশ্বডিৰদৰে উত্তৰ-আধুনিক কাহিনীকাৰেও স্বীকাৰ কৰিছে।
এই সম্পৰ্কত দেৱীয়ে দুটামান তাৎপৰ্যপূৰ্ণ কথা কৈছে। তেওঁৰ মতে পাশ্চাত্য সমাজত প্ৰচলিত বহু পুৰাকথা ইলিয়াড আৰু ওডিছি —এই মহাকাব্য দুখনৰপৰাই আহিছে। অৱশ্যে বাইবেলীয় পৰম্পৰাতো আন কিছুমান পৌৰাণিক আখ্যান পশ্চিমীয়া অধিবাসীসকলে বিচাৰি পাইছিল। বিগত তিনি শতিকাত পশ্চিমীয়া আধুনিকতাই হোমাৰীয় পুৰাকথাক বহু পৰিমাণে গ্ৰাস কৰি পেলাইছিল। কিন্তু মহাভাৰতৰ বেলিকা এই অৱস্থা কাহানিও হোৱা নাই। একেদৰে ভাৰ্জিলৰ ঈনিড আৰু ডাণ্টেৰ ডিভাইন কমেডী আজিও ধ্ৰুপদী সাহিত্য হিচাপে সমাদৃত যদিও আধুনিক পশ্চিমীয়া জগতৰ কল্পলোকত তাৰ জীৱন্ত উপস্থিতি অনুভূত নহয়। জন মিল্টনৰ পেৰাডাইজ লষ্ট আজিকালি সাহিত্যৰ ছাত্ৰৰ পাঠ্যপুথি হিচাপেহে পঢ়ুওৱা হয়। (দ্ৰষ্টব্য : Mahabharata : The Epic and the Nation) দেৱীয়ে লগতে লিখিছে, “পশ্চিমত সৰু ল’ৰা-ছোৱালীবোৰক গ্ৰীক আৰু লেটিন মহাকাব্যিক পৰম্পৰাৰ সাধুবোৰ বিদ্যালয়ত জোৰকৈ পঢ়ুৱাবলগীয়া হয়। তেওঁলোকৰ পুৰাকথাৰ ঘাই উৎস মহাকাব্য নহয়, খ্ৰীষ্টীয় নতুবা জুডাইক ঐতিহ্যহে। কিন্তু ভাৰতত আজিও পুৰুষানুক্ৰমে সমাজৰ বিভিন্ন শ্ৰেণী, বৰ্ণ, জনজাতিৰ মাজত প্ৰচলিত পৌৰাণিক আখ্যানবোৰ মহাভাৰত বা ৰামায়ণৰ লগত জৈৱিকভাবে সম্পৃক্ত। সেইবোৰ বেদ তথা উপনিষদৰপৰা অহা নহয়।…ভাৰতীয় মানুহৰ মনন, স্মৃতি, কল্পলোক আৰু পৰিচিতিৰ নিৰ্মাণত ৰামায়ণ আৰু মহাভাৰতে পেলোৱা গভীৰ প্ৰভাৱৰ তুলনা ভাৰতৰ সাহিত্য ইতিহাস আৰু আন দেশৰ পৰম্পৰাতো বিচাৰি পোৱা নাযায়।” ভাৰতীয় মানুহৰ মানসিকতাত জীৱন্ত পৰম্পৰা হিচাপে ৰামায়ণ, মহাভাৰতৰ প্ৰভাৱৰ কথা অনুৰূপভাবে ছালমান ৰুশ্বডিয়েও উল্লেখ কৰিছে। আজিৰ হিন্দুত্ববাদীসকলে মহাকাব্য দুখনৰ এই ছেকুলাৰ ঐতিহ্যক লৈ ৰাজনীতি কৰাটো অতি বিপজ্জনক বিষয় বুলি তেওঁ মন্তব্য কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পৰৱৰ্তী কালত ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱত মহাভাৰতৰ মান্য সংস্কৰণবোৰত গীতাই কেন্দ্ৰীয় মৰ্যাদা লাভ কৰাৰ লগতে কৃষ্ণ চৰিত্ৰই অতি মানৱিক গুৰুত্ব লাভ কৰিছিল। তেনেদৰে পৰৱৰ্তী সময়ত তুলসীদাসৰ ৰামচৰিতমানসত ৰামচন্দ্ৰৰ চৰিত্ৰই অৱতাৰী পুৰুষৰূপে মৰ্যাদা পুৰুষোত্তম অভিধা পাইছিল। কিন্তু তাৰ আগলৈকে মহাভাৰত-ৰামায়ণৰ ছেকুলাৰ ঐতিহ্যই কথিত আৰু আঞ্চলিক তথা জনগোষ্ঠীয় সংস্কৰণত ঠাই পাইছিল। পূৰ্বৰ ধৰ্মীয় বিশ্বাসৰ ঠাইত আধুনিক যুক্তিবাদী চিন্তাই খোপনি পোতাৰ সময়তে ৰূপকথাৰ ঠাই ল’লে আধুনিক গল্প-উপন্যাসে। ৰুশ্বডিয়ে সেয়ে আজিৰ গল্প-উপন্যাসক ৰূপকথাৰ উত্তৰসূৰি আখ্যা দিছে। (দ্ৰষ্টব্য : Languages of Truth) অৰ্থাৎ মধ্যযুগ আৰু প্ৰাক-আধুনিক যুগৰ সৈতে আধুনিক যুগৰ মানসিকতাৰ পিনৰপৰা বিস্তৰ ব্যৱধান সত্ত্বেও তাৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ নাই বুলি কোৱাটো আহুকলীয়া।
আমাৰ আধুনিকতাক সেয়ে পশ্চিমীয়া ঔপনিৱেশিকতাৰে অৱদান বুলি কোৱাটো যুক্তিসন্মত নহয়। এই আধুনিকতাই কেৱল যে যুক্তিবাদৰে প্ৰসাৰ ঘটাইছিল এনে নহয়, ব্যৱসায়-বাণিজ্য, যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তি-নিৰ্ভৰ ঔদ্যোগিক সভ্যতাৰো প্ৰসাৰ আৰু বিকাশ ঘটাই বহিঃবিশ্বৰ সৈতে ভাৰতৰ সম্পৰ্ক নিবিড় কৰি তুলিছিল। ফলস্বৰূপে আমাৰ ইতিহাস আৰু ঐতিহ্য সম্পৰ্কেও নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে ঔপনিৱেশিকতাৰ হাত ধৰি অহা আধুনিকতাৰ পূৰ্বে ভাৰতত কোনো প্ৰযুক্তিৰ ব্যৱহাৰ হোৱা নাছিল বা যুক্তিবাদী চিন্তা-চৰ্চা হোৱা নাছিল। কিন্তু সেইবোৰে সাধাৰণ মানুহৰ জীৱনধাৰাত কোনো বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা নাছিল। ব্ৰিটিছ শাসন-ব্যৱস্থা আৰু নতুন অৰ্থনীতিয়ে ভাৰতীয় সমাজৰ ভিত্তিমূল পৰ্যন্ত জোঁকাৰি গৈছিল। চিন্তাজগতত তাৰ পৰিণাম আছিল নিঃসন্দেহে যুগান্তকাৰী। কিন্তু তাক সকলো সময়তে আমাৰ ঐতিহ্য-পৰম্পৰাৰ বিৰোধী বুলি ভবাটোও সমীচীন নহয়। উদাহৰণ স্বৰূপে, ঊনবিংশ শতিকাৰ ইউৰোপ, বিশেষকৈ ফৰাচী সাহিত্যত উপন্যাসত যিধৰণৰ বাস্তৱবাদৰ পৰীক্ষা চলিছিল তাৰ বিপৰীতে তৃতীয় বিশ্ব আৰু লেটিন আমেৰিকাৰ বিভিন্ন সাহিত্যত দেশজ অভিজ্ঞতা আৰু পৰম্পৰাৰ আধাৰত বাস্তৱতাক সুকীয়া দৃষ্টিকোণেৰে চোৱাৰ আৰু উপস্থাপনৰ যি প্ৰৱণতা তাক আমি আধুনিকতাৰ পৰিপন্থী বুলি ক’ম নেকি? ইউৰোপীয় যান্ত্ৰিক যুক্তিবাদৰ বিতচকুৰে চালে মাৰ্কেছৰ যাদু বাস্তৱবাদী উপন্যাসৰ বৰ্ণনাবোৰ উদ্ভট লগাটো স্বাভাৱিক। কিন্তু ৰূপকথাৰ দৰে আমাৰ গল্প-উপন্যাসতো প্ৰায়ে যাদু আৰু বাস্তৱৰ সীমাৰেখা অস্পষ্ট হৈ পৰাটো তেনেই স্বাভাৱিক কথা। … one can simultaneously know that the story is a work of imagination, which is to say untrue, and believe it to contain profound truth. The boundary between the magical and the real, at such moments, ceases to exist. (Language of Truth) ৰুশ্বডিয়ে কোৱা এই কথা ৰুশ্বডিৰ উপৰি মেক্সিকোৰ কাৰ্লোছ ফুয়েণ্টেছ, কলম্বিয়াৰ গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেছ, নাইজেৰিয়াৰ বেন ওকৰিৰ আধুনিক, উত্তৰ-আধুনিক উপন্যাসৰ ক্ষেত্ৰতো খাটে। তেওঁলোকৰ এই যাদুকৰী কথকতা স্থানীয় সমাজৰ সাধু কোৱাৰ পৰম্পৰাৰপৰাই আহিছে।
ড০ দিলীপ বৰুৱাই আধুনিক সাহিত্যক যুক্তি-বিদ্বেষী বুলি কৈছে। সম্ভৱত ব’ডলেয়াৰ, ৰাবঁৰ দৰে ফৰাচী কবিৰ হাত ধৰি প্ৰতীকবাদী সাহিত্য আন্দোলনে যি নৈৰাজ্যৰ সৃষ্টি কৰিছিল তাৰ বাবেই ড০ বৰুৱাই সমস্ত আধুনিকতাবাদী আন্দোলনটোকেই যুক্তিবিৰোধী বুলি ধাৰণা কৰিছিল। কিন্তু যান্ত্ৰিক যুক্তিবাদ(instrumental rationality)ৰ বিৰুদ্ধে সমালোচনাত্মক যুক্তিবাদ(critical rationality)ৰ এক শক্তিশালী অন্তঃস্ৰোত আধুনিকতাবাদৰ মাজত আৰম্ভণিৰপৰাই আছিল। মন কৰিবলগীয়া কথাটো হ’ল আধুনিক চিন্তাৰ অগ্ৰদূতসকলৰ ভিতৰত মাৰ্ক্সৰ লগতে নীৎসে আৰু ছিগমণ্ড ফ্ৰয়েডৰ নামো লোৱা হয়। মাৰ্ক্সৰ দ্বান্দ্বিক বস্তুবাদৰ আধাৰত পৰৱৰ্তী কালত শক্তিশালী হোৱা ঐতিহাসিক বস্তুবাদৰ মতান্ধ ব্যাখ্যাৰ বিৰুদ্ধে ফ্ৰাংকফুৰ্ট স্কুলৰ তাত্ত্বিকসকলে আগবঢ়োৱা মাৰ্ক্সবাদৰ বিকল্প ভাষ্যত আমি সমালোচনাত্মক যুক্তিবাদ আৰু উল্লিখিত চিন্তানায়কসকলৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰোঁ।
ড০ দিলীপ বৰুৱাই মূলতঃ অসমীয়া আধুনিক কবিতাৰ প্ৰসংগতে আধুনিকতাৰ এই সমালোচনা আগবঢ়াইছিল। তেওঁৰ যুক্তি আছিল আমাৰ কবি-সাহিত্যিকসকলে ইউৰোপৰ যান্ত্ৰিকোত্তৰ সভ্যতাৰ সাংস্কৃতিক শূন্যতা উপলব্ধি কৰিব নোৱাৰে। কিন্তু তেৱোঁ অসমৰ দৰে এখন পৰম্পৰাগত আৰু কৃষিজীৱী সমাজত আধুনিকতাৰ বৌদ্ধিক অভিঘাতৰ কথা অস্বীকাৰ কৰিব পৰা নাছিল। তেওঁৰ মতে আমাৰ জাতীয় পটভূমিত আধুনিকতাই ঘাইকৈ প্ৰকাশ পালে এক সামাজিক পৰিৱৰ্তনৰ দাবী আৰু এক সৰল দৃষ্টিভংগীৰ ঠাইত অভিজ্ঞতাৰ বৌদ্ধিক বিশ্লেষণৰ প্ৰতি দেখুওৱা আগ্ৰহত। অৰ্থাৎ আধুনিকতাৰ মাজেৰে ঐতিহ্যৰ সৈতে সজীৱ সংলাপৰ এক অভ্যাস আমাৰ শিল্পী-সাহিত্যিকসকলে আয়ত্ত কৰিলে। সেয়ে আমাৰ আধুনিকতাক সততে ঐতিহ্য-বিৰোধী আৰু জাতীয় জীৱনৰ সৈতে জীণ নোযোৱা বুলি কোৱাটো ভ্ৰান্তই নহয়, অভিসন্ধিমূলকো। এই আধুনিকতাৰ পৰশ নোপোৱাহেঁতেন আমি নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’, নীলমণি ফুকনৰ ‘তুমি যে তিলফুল হৈ’ আৰু অজিৎ বৰুৱাৰপৰা ‘ব্ৰহ্মপুত্ৰ’ৰ দৰে কবিতাবোৰ নাপালোঁহেঁতেন।
মুনীন বায়ন অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক। বৃত্তিত তেওঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক। জীৱনৰ স্বপ্ন দুৰ্নিবাৰ তেওঁৰ শেহতীয়া এখন সমালোচনামূলক গ্ৰন্থ।
উপকৃত হ’লোঁ ৷
সুন্দৰ প্ৰবন্ধ । ভাল লাগিল 👍👍👍
মূল্যবান লেখাটো পঢ়ি উপকৃত হ’লোঁ ৷
মননশীল প্ৰবন্ধ। পঢ়ি বৰ ভাল পালো।