আমাৰ পঢ়াশালি কণকণ ল’ৰা-ছোৱালী আমি পঢ়াশালিলৈ যাওঁ, নানা ৰঙীন ফুলনিৰদৰেই জিলিকিবলৈ পাওঁ। ফুলনিৰদৰেই আমি ডাঙৰ-দীঘল হ’ম, ভৱিষ্যৎ জীৱনলৈ শিকিবলৈয়েই ৰ’ম। অভাৱ-অনাটনৰ মাজেৰেই আমি আগুৱাম, এদিন সঁচাকৈয়ে আমি মিলি পৃথিৱী উজ্বলাম।
জীৱনৰ নদী নীৰৱে নৈ বৈ গৈছে… আমাৰো জীৱনে গতি কৰিছে। শৈশৱৰ সোণালী পথাৰ আৰু পৰিৱেশ দিন বাগৰাত হয় সমাৱেশ! আকাশৰ তলত থাকি পঢ়া— ছবি অঁকা… পঢ়াশালিৰ সেই দিন আজি যেন চকামকা।
অকৃত্ৰিম ৷