অগস্ত্য বৰুৱাৰ কবিতা

থেকেৰা ফুলা ৰাতি

চিঞৰ এটাৰ পম খেদি
গুচি গৈছিল এটা ফৰকাল ৰাতিপুৱা

গাঁওখনত এতিয়া সূৰ্যোদয় হয়নে

নাহৰৰ মাকোৱেদি পাৰ হয়নে 
পাণকটাৰ ৰঙা সূতা

নৈঃশব্দ্যৰ মাজেৰে আহে সেমেকা ব’হাগ

ঢাকি থোৱা ভাতৰ লগত কথা পাতে
বেৰৰ জলঙাইদি সোমাই অহা 
জোনাকি পোহৰে

উদ্গ্ৰীৱ হৈ ৰৈ থাকে ঘৰখন

এটা থেকেৰা ফুলা ৰাতি।



কবিতা

কৈ দিয়াৰ পাছত
কথাবোৰ আৰু কথা হৈ নাথাকে
যেনেকৈ ঘটনাৰ পাছত দুৰ্ঘটনাবোৰ

পথৰ কাষত কোনোবাই পেলাই থোৱা
লৰচৰ কৰিব নোৱাৰা মানুহজনক লৈও কবিতা লিখিব পাৰি
যেনেকৈ পাৰি পক্ষাঘাতগ্ৰস্ত প্ৰতিবেশীহঁতক লৈ

পোছাকেৰে ভদ্ৰ মানুহজনৰ অভদ্ৰামিত
শব্দৰে আফালি মৰোঁ এটা নপুংশক সন্ধিয়া

তোমাৰ চকুত চকু থৈ
কথা ক’বৰ মন যোৱা সময়ত
তোমাৰ হাঁহিত অস্ত যোৱাৰ যে মন আছিল অন্য এটা সন্ধিয়া

কেতিয়াবা শব্দৰে আঁকি পেলাওঁ
বিষণ্ণ আবেলি এটা

পাঠকে ভাবি লয় কবি প্ৰকৃতিপ্ৰেমী

কৈ দিয়াৰ পাছত কথাবোৰ আৰু কথা হৈ নাথাকে
যেনেকৈ ঘটনাৰ পাছত দুৰ্ঘটনাবোৰ

একাবেঁকা বাটেৰে কথাবোৰ গুচি যায় মানুহৰ মাজলৈ
নিজা নিজা ৰূপ লৈ 

আচলতে কবিতা ঠিক তোমাৰ আৰু মোৰ দৰে

দুয়ো দুয়োকে জানো বুলি ভাবোঁ

বহু কথা নজনাকৈয়ে৷ 

An English translation of the Poems.