ননী বৰদলৈৰ দুটা কবিতা

পৰিক্ৰমা

সোধে জানো মাটিয়ে বৰষুণজাকক
কিমান ভালপোৱা মোক 
অথবা বৰষুণজাকে
তৃষাৰ্ত হৃদয় জুৰি উপচি পৰিবৰ বাবে 
সেউজীয়াৰ বিশাল আৰ্দ্ৰতা
সোধে জানো কিমান প্ৰয়োজন 
ইৰম্মদৰ জলীয় প্ৰেম

আকাশ, মেঘমল্লাৰ ,বৰষুণ, মাটি, সেউজীয়া 
আঃ! 

আজন্ম ভালপোৱাৰ কি অভিনৱ চানেকী
আমাৰ জীৱন যাচ্ঞাৰ পৰিক্ৰমা

সেউজীয়াৰ স’তে অনিবাৰ্য প্ৰেম!

জীৱন

বুকুৰ মাজৰ ধপধপনি এটা সকলোৰে থাকে
সেই ধপধপনিটো থকালৈকে
জীৱনটো দপদপাই থাকে

এখন হাতৰ  দুখৰ বৰ-পিয়লাটো
আৰু আনখন হাতৰ সুখৰ সৰু পিয়লাটোৰ
নীলা অথবা শুকুলাৰ
কোনটোৰ কিমান খালে
জীৱন বোলা ধাৰণাটো জীয়াই ৰাখিব পাৰি

কিমান ভালপোৱা 
আৰু কিমান ঘৃণাৰ সাৰ-জাবৰ দিলে
জীৱন নামৰ পথাৰখন উৰ্বৰা হয়

কিমান প্ৰেম আৰু জিঘাংসা প্ৰদৰ্শিত হ’লে
জীৱন নামৰ নাটকখন
উপভোগ্য হ’ব পাৰে

সততা আৰু শঠতাৰ
জমা খৰচৰ হিচাপ
কিমান সঠিক বা বেঠিককৈ কৰিলে
জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি

কিমান সম্পদ অথবা সম্পত্তি হ’লে
জীৱনৰ পাছৰ জীৱনটোক
নিৰাপত্তা দিব পাৰি

ধাৰাপাতৰ কোনটো নিয়মেৰে বাৰু
জীৱন গণিতৰ সঠিক ফলাফল 
নিৰ্ণয় কৰিব পাৰি

মৃত্যুৰ আন এটা নামোতো জীৱন হ’ব পাৰে 
কাৰণ মৃত্যুকো আমি প্ৰতিদিন
সযতনে লালন কৰোঁ  

তেন্তে জীৱনটোক লৈ ইমান চিন্তা কিহৰ!

ননী বৰদলৈ এগৰাকী সাম্প্ৰতিক অসমীয়া কবি।

Please click here to read an English translation of the poems

Leave a Reply

Your email address will not be published. Required fields are marked *