কবি, কবিতা আৰু স্মৃতি

ৰমেন শইকীয়া

ই কথাটো কেতিয়াবা ভাবি আচৰিত লাগে যে, আমাক জীয়াই থাকিবলৈ কবিতাৰো প্ৰয়োজন। আমাৰ দৈহিক সত্তাটোৰ উপৰি আধ্যাত্মিক সত্তা এটাও আছে। অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ দৰেই আমাৰ আধ্যাত্মিক সত্তাটোৰ কাৰণেও কবিতাৰ প্ৰয়োজন। পৃথিৱীত কবিতাৰ উৎপত্তি নোহোৱাহেঁতেন, কাব্যহীন পৃথিৱীখন কেনেকুৱা হʼলহেঁতেন কʼব পৰা নাযাব, কিন্তু কবি আৰু কবিতাৰ কি শক্তি তাক আমি সকলোৱেই জানো। প্ৰাচীন কালৰপৰাই মানুহৰ কাষত কবিতা আছে। প্ৰাচীন মহাকাব্যৰপৰা আধুনিক কবিতালৈকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিৰৱচ্ছিন্নভাৱে কবিতাই নানান ৰূপত আত্মপ্ৰকাশ কৰি আহিছে আৰু আমাৰ জীৱনক সমৃদ্ধ কৰিছে। কবিসকলেও নিৰলস ভাষা-সাহিত্যৰ সাধনাৰে নিজ নিজ ভাষাক মহিমামণ্ডিত কৰি আহিছে। কবিয়ে কি পৰিস্থিতিত, কি পৰিৱেশত, কি ভাবনাৰ মাজত বুৰ গৈ একোটা কবিতা ৰচনা কৰে, তাৰো কিছু বিচিত্র কাহিনী আছে। ইংৰাজ কবি কʼলেৰিজে ‘কুবলাখান’ নামৰ কবিতাটো সপোনতে ৰচনা কৰিছিল। কবি নীলমণি ফুকনে কৈছে, “কবিতা লিখি থকা কাৰবাৰটো সপোন দেখি থকাৰ নিচিনা কথা, যʼত আন্ধাৰ-পোহৰ, সপোন-বাস্তৱ একাকাৰ হৈ পৰে, মনিব নোৱাৰা হয়। পাৰাপাৰ নাথাকে।” (‘অন্তৰধ্বনি’ —নীলমণিফুকন ৰচনাৱলী, কথা) কবিতা সপোনো নহয়, বাস্তৱো নহয়। কবিতাই অস্তিত্বৰ প্ৰশ্ন আৰু জীৱনৰ জটিলতাসমূহৰ লগতে সংবেদনশীল অভিজ্ঞতাৰে সৌন্দৰ্যৰ সন্ধানতো মনোনিৱেশ কৰে। চন্দ্ৰকুমাৰ আগৰৱালাই কৈছিল, সৌন্দৰ্যৰ সাধনা জীৱনৰ খেল।

কবিতা আৰু গানৰ মাজত বিশেষ পাৰ্থক্য নাই, কিন্তু দুয়োটা স্বতন্ত্র। অৱশ্যে পেলগ্ৰেভে সম্পাদনা কৰা ʼল্ডেন ট্ৰেজাৰীত সন্নিৱিষ্ট হোৱা কবিতাবোৰ “…best songs and lyrical poems” বুলিয়েই কৈছে। গানৰ লিৰিকবোৰে প্ৰায়ে সুৰ আৰু তালৰ সৈতে সমলয় (synchronize) তৈয়াৰ কৰাৰ বাবে এটা আৰ্হি অনুসৰণ কৰে। গানৰ সুৰে আমাৰ মনত তীব্ৰ আনুভূতিক প্ৰভাৱ পেলায়, যিটো কবিতাৰ ক্ষেত্রত কবিতাৰ আবৃত্তিয়ে কিছু পৰিমাণে সৃষ্টি কৰিব পাৰে। কবি কীটছে কেৱল গানৰ ক্ষেত্রতেই এই কথাষাৰ কৈছিল, “Heard melodies are sweet but those unheard are sweeter.” উত্তৰ ভাৰতত গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত কাজৰি নামৰ এবিধ লোকগীত অতি জনপ্ৰিয় আৰু আজিও প্ৰচলিত। তিৰোতাসকলে জুম পাতি বৰ্ষাকালত গীতবোৰ গায়। গীতৰ মূল বিষয়বোৰ হৈছে, জীৱিকাৰ সন্ধানত অন্য প্ৰদেশলৈ পুৰুষৰ প্ৰব্ৰজন আৰু দীৰ্ঘ দিন ঘৰৰপৰা অনুপস্থিতিয়ে সৃষ্টি কৰা বিষাদবোধ আৰু শূন্যতা, দ্বিতীয় পত্নীৰ দ্বন্দ্ব আৰু বিষাদ, প্ৰাকৃতিক দুৰ্যোগ, তিৰোতাৰ অপূৰ্ণ যৌন ইচ্ছা, মানসিক আৰু শাৰীৰিক দুখ-কষ্ট আদি। উত্তৰ ভাৰতৰ সমাজত মহিলাসকলৰ বাবে সুৰক্ষা পথ (safety valve) হিচাপে কাজৰী গীতৰ ভূমিকা গুৰুত্বপূৰ্ণ। অদ্ভূত যেন লগা উত্তৰ ভাৰতৰ দৰিদ্ৰসকলৰ মাজত দেখা পোৱা এটা দৃশ্য: পাৰিবাৰিক বা গোষ্ঠীগত সংঘাত বা কাজিয়া-পেচালৰ ফলত যদি পৰিয়ালৰ কোনো মানুহ বিপৰ্যয়ৰ বলি হয়, তেতিয়া মানুহজনৰ কাষত বহি তিৰোতাজনীয়ে ইনাই-বিনাই কন্দাৰ বিপৰীতে দেখা যায় দীঘল দীঘলকৈ কৰুণ সুৰত গীত এটাহে ইনাই-বিনাই গাই থাকে। আমি বোধকৰো ইয়াৰ এনে অৰ্থ কৰিব পাৰোঁ যে, যিসকল সম্বলহীন আৰু অসহায়, যাৰ একোৱেই নাই বা যাৰ কাষত কোনো নাই তেওঁলোকৰ গান আছে। কবিয়ে কোৱাৰ দৰে ʼকেৱল মানুহৰ আছে গান’। নিজৰ সকলো বৈষয়িক সম্পতি দৰিদ্ৰ মানুহৰ মাজত বিলাই দি সম্বলহীন হৈ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ শেষ বয়সত দুৰাৰোগ্য ব্যাধিত ভোগী যেতিয়া চিকিৎসালয়ৰ বিছনাত পৰি মৃত্যুক্ষণ গণিছিল, সেই সময়ত তেওঁ লিখিছিল এটা গীত, তেওঁৰ জীৱনৰ শেষ গীত: ʼএয়ে  মোৰ জীৱনৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমানʼ। সমাজৰ ৰূপান্তৰ ঘটাবলৈ আজীৱন সংগ্ৰাম কৰা বিপ্লৱী বিষ্ণু ৰাভাৰো সম্বল আছিল গান। বিষ্ণু ৰাভাৰ এই গীতটোৱে আমাৰ হৃদয়ত আজিও এক অনুনাদ সৃষ্টি কৰে। কিন্তু গীতৰ দৰে কবিতাৰ এনে শক্তি নাই। অৱশ্যে কিছু কবিতাৰো আকৰ্ষণীয় বা যাদুকৰী শক্তি আছে, যাক এবাৰ পঢ়িলেই গোটেই জীৱনৰ বাবে মনত সাঁচ বহুৱাই থৈ যায়। তেনে কবিতাবোৰে জীৱনৰ বিশেষ মুহূৰ্তত মনৰ মাজত বাৰে বাৰে ভুমুকি মাৰে। এই প্ৰসংগতে এটা কথা উল্লেখ কৰা প্ৰয়োজন। বোধকৰো এইটো সকলোৰে ক্ষেত্রতে প্ৰযোজ্য যে, আমাৰ জীৱনত প্ৰথম বাৰৰ বাবে কাব্যজগতৰ সৈতে পৰিচয় কৰাই দিছিল স্কুলৰ পাঠ্যপুথিত সন্নিৱিষ্ট কবিতাবোৰে। স্কুলীয়া কালতে পঢ়া আৰু মুখস্থ কৰা কিছু কবিতা আজীৱন আমাৰ মনৰ মাজত নিগাজি ঠাই লৈ বহি গʼল। তাৰ পৰাই আমাৰ বহুতৰে মাজত গঢ় লৈ উঠিল কাব্যচৰ্চাৰ এটা পৰিমণ্ডল। গতিকে যিসকলে পাঠ্যক্ৰম প্ৰস্তুত কৰে তেওঁলোকৰ এইটো অতি গুৰুত্বপূৰ্ণ আৰু নৈতিক দায়িত্ব যে, ভবিষ্যৎ প্ৰজন্মৰ বাবে পথৰ সমল হিচাবে যিবোৰ কবিতা আৰু পাঠ তেওঁলোকৰ হাতত তুলি দিবলৈ বিচাৰে, সেইবোৰ অতি সাৱধানতাৰে নিৰ্বাচিত কৰা।

পুনৰ আমাৰ ভাল লগা কবিতাৰ প্ৰসংগলৈ ঘূৰি অহা যাওক। কোনবোৰ আমাৰ ভাল লগা কবিতা আৰু কিয় ভাল লাগে, তাৰ এটা সুস্পষ্ট আৰু বিৰ্তকহীন উত্তৰ দিয়াটো সম্ভৱ নহয়। কবিতাৰ স্বৰূপ কি অথবা কবিতা সম্পৰ্কে বিশিষ্ট কবিসকলৰ কি মতামত সেই বিষয়বোৰ চৰ্চা কৰিব পাৰি। কোনো কোনো কবিৰ বাবে কবিতা ৰচনা কৰাটো কেৱল এক চৰ্চাৰ বিষয় নহয়, তেওঁৰ জীৱনৰ বিচাৰ আৰু চিন্তাধাৰা, জীৱন-জিজ্ঞাসা, অভিজ্ঞতা আৰু অনুভৱ আৰু কিভাৱে তেওঁ জীৱন কটাইছে, কিভাৱে তেওঁ জীয়াই থাকিবলৈ বিচাৰে —এই সকলোবোৰ সামৰি লৈয়েই কবিৰ জীৱন আৰু তাৰেই প্ৰতিফলন ঘটে তেওঁৰ কবিতাত। তেওঁৰ জীৱন-দৰ্শনৰ আভাস আৰু তেওঁৰ সমগ্ৰ সত্তাৰ অন্তৰ্নিহিত স্বৰূপ আমি অনুভৱ কৰিব পাৰোঁ তেওঁৰ কলমৰ পৰা নিজৰি ওলোৱা কবিতাৰ প্ৰতিটো শব্দ, বাক্য আৰু প্ৰকাশভঙ্গীত। পাবলো নেৰুদাই তেওঁৰ আত্মজীৱনী The Complete Memoirsত লিখিছে, “মোৰ কবিতা কি? মই নাজানো। মই কোন মোৰ কবিতাক সোধা, সেইটো সহজ হ’ব। আত্মাৰ অন্ধকাৰ ৰাতি মোৰ নির্জনতাৰ মাজত কবিতা মোৰ পথপ্রদর্শক, যি মোক শৃংখলিত আৰু মুক্ত কৰিছে, ভালপোৱাৰ মাজেৰে, মানুহৰ মাজেৰে মোক পৰিচালিত কৰিছে।”(What is my poetry? I don’t know. It would be easier to ask my poetry who am I. She has been my guide amid the dark night of the soul, has chained and unchained me, driven me through solitude, through love, through people.) তেওঁ পুনৰ লিখিছে, ‘‘এই যে পৃষ্ঠা ভৰাই যিবোৰ লিখি গʼলোঁ, এদিন এইবোৰ শৰতৰ তৰুবিথিকাৰ পাতৰ দৰে সৰি পৰিব, দ্ৰাক্ষাৰ খেতিৰ সময়ত যিদৰে পকা হালধীয়া পাতবোৰ সৰি পৰাৰ সময় আহে, অথবা পাব নতুন জীৱন যিদৰে আঙুৰে পায় পৱিত্র সুৰাৰ মাজত।” বিংশ শতাব্দীৰ এজন শ্ৰেষ্ঠ কবি, যাৰ কবিতা কবিৰ জীৱনকালত চিলিৰ জনসাধাৰণৰ মুখে মুখে, যি কেৱল নিজৰ জীৱনৰ পৰিধিৰ মাজত জীয়াই থাকিবলৈ বিচৰা নাছিল, বিচাৰিছিল হেজাৰজনৰ সৈতে জীয়াই থাকিবলৈ, কিন্তু সেই কবিয়েও কি নিৰ্যাতনৰপৰা ৰেহাই পাইছিল? তেওঁৰ কুৰিটা প্ৰেমৰ কবিতাতকৈ এদিন তীব্ৰ কৰুণ সুৰত বাজি উঠিল হতাশাৰ গানটোহে। কবিৰ নিৰ্যাতন আৰু নৱজন্মৰ কথা কবি নীলমণি ফুকনেও কৈ গৈছে, “কবিও এজন নিৰ্যাতিত মানুহ।… কি নিৰ্যাতনৰ মাজেৰে তেওঁৰ প্ৰতিটো জোনাক নিশা, প্ৰতিটো বৰ্ষা আৰু শীত বসন্তৰ নিশা কটায়। …যি আছিল এতিয়া সকলো জ্বলি শেষ। কেৱল নিৰ্যাতনৰ বাহিৰে। মৰিশালীখনত ফুলি থকা কেইপাহমান তিলফুলৰ বাহিৰে।” নীলমণি ফুকনৰ কবিতাবোৰ পঢ়িলে অনুভৱ হয়, তেওঁৰ কবিতাৰ প্ৰতিটো শব্দ আৰু বাক্যৰ সৈতে তেওঁৰ সত্তা আৰু দেহৰ প্ৰতিটো সিৰা-উপসিৰা যেন সংযুক্ত হৈ আছে। তেওঁৰ কবিতাৰ এটা পংক্তিৰ ঢাকনি খুলিলেই শুনো নিৰ্যাতিত আত্মাৰ অনুনাদ।

Also Read: কাব্যিক সংবেদনশীলতা আৰু এন্টি-পয়েট্ৰি

আমি যি বাস্তৱত বাস কৰিছোঁ, আমি যি বাস্তৱ বা বৰ্তমানৰ কথা কওঁ, আচলতে আমাৰ মানসিক স্থিতিৰ ফালৰ পৰা বিচাৰ কৰিলে দেখা যাব এই বাস্তৱৰ এটা অংশ অতীতত নিমজ্জিত আৰু এটা অংশ ভৱিষ্যতৰ দিশে আগবাঢ়ি আছে। আমাৰ হাতৰ আঙুলিৰ ফাকেৰ অতীত সৰকি গʼলেও অতীতৰ কিছু কিছু অংশ স্মৃতিৰ সহায়ত পুনৰ ঘূৰাই আনো। কিন্তু কিয় আমি অতীতলৈ উভতি চাওঁ? স্মৃতিৰ সহায়ত কিয় আমি অতীতক পুনঃনিৰ্মাণ কৰিবলৈ বিচাৰোঁ? নিজৰ উৎপত্তি অৰ্থাৎ আমি কোন, কʼৰপৰা আহিছোঁ, তাৰ সন্ধান বিচাৰি? নে আমাৰ সত্তাৰ অস্তিত্ব আৰু জীৱনৰ ধাৰাবাহিকতা অনুভৱ কৰিবলৈ? ইয়াৰ প্ৰকৃত উত্তৰ যিয়েই নহওক, এটা কথা নিশ্চিত যে, শান্ত সমাহিত আৰু নিঃসংগতাৰ বিশেষ মুহূৰ্ততহে স্মৃতিয়ে আমাৰ মনত ভূমুকি মাৰেহি। কবিতাৰ ক্ষেত্রত স্মৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰায় সকলো কবিতাই ওৱৰ্ডছৱৰ্থে কোৱাৰ দৰে “Poetry is the spontaneous overflow of powerful feelings: it takes its origin from emotion recollected in tranquility.” (Lyrical Ballads) আমাৰ ভাল লগা বহুতো কবিতা কবিৰ স্মৃতিত সজীৱ হৈ থকা কোনো বিশেষ ঘটনাৰ আত্মদৰ্শন। বৰ্তমানৰ দৰে স্মৃতিৰ ছবিবোৰ সুস্পষ্ট নহয়, কুঁৱলীৰে ঢকা এক ৰহস্যঘন আভৰণৰ মাজেৰেহে অতীতৰ ছবিবোৰ আমাৰ আগত ভাহি উঠে। এই ছাঁ-পোহৰ, আধা সপোন, আধা ৱাস্তৱ, সচেতন-অৱচেতন, স্পষ্ট-অস্পষ্ট, কেতিয়াবা কেৱল ইঙ্গিত —এই পৰিমণ্ডলটোতে কবিতাৰ বিচৰণ। কবিতাৰ এনে স্মৃতিবিজৰিত বিষয়ৰ আলোচনাৰ বাবে আমি হিলেইৰি বেলʼকৰ (Hilaire Belloc) ʼটাৰান্টেলাʼ নামৰ কবিতাটো লʼব পাৰোঁ। কবিতাটোৰ প্ৰথম স্তৱকটো হʼল, “Do you remember an Inn,/ Miranda?/Do you remember an Inn?” কবিতাটোৰ এই প্ৰথম স্তৱকটোৰ আৱেগ-স্পন্দিত কথাষাৰত এনে এক যাদু আছে যে, ইয়েই আমাক কবিতাটোৰ প্ৰতি আকৰ্ষিত কৰে আৰু ই আমাৰ পিছ নেৰে, আমাক অনুসৰণ (haunt) কৰি থাকে। ই এটা স্মৃতিচাৰণ কবিতা, বহু দিনৰ আগৰ এটা ৰং-ৰহইচৰ দিনলৈ উভতি চোৱা। এক পান্থশালাত কবি আৰু মিৰাণ্ডাৰ জীৱনৰ কোনো এটা ক্ষণিকৰ মিলনৰ ঘটনা, যি তেওঁৰ স্মৃতিত সজীৱ হৈ আছে। কবিতাটোৰ প্ৰথম স্তৱকটো কবিতাটোৰ মাজ ভাগতো দুবাৰ পুনৰুক্তি ঘটিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সেই স্মৃতিবিজৰিত ঘ়টনাটো কবিৰ বাবে এটা প্ৰবল আৱেগ-আলোড়িত বিষয়, যাৰ পৰা কবিয়ে নিস্কৃতি পোৱা নাই।

হিলেইৰি বেলʼক

বেলʼকৰ ʼটাৰাণ্টেলাʼ এটা ছন্দময় আৰু সজীৱ কবিতা যিয়ে টাৰাণ্টেলা নামেৰে জনাজাত পৰম্পৰাগত ইটালীয় লোকনৃত্যৰ আত্মাক ধৰি ৰাখিছে। পোন্ধৰ শতিকা বা তাৰ আগৰ টাৰেণ্টেলা ইটালীৰ অন্যতম বিখ্যাত লোকনৃত্য। ইয়াৰ আৰম্ভণি হৈছিল ৰোগীৰ টেৰেন্টিজম নামৰ অৱস্থাৰ নিৰাময় হিচাপে, যিটো বিষাক্ত বুলি ভবা এটা মকৰাৰ কামোৰৰ ফলত হোৱা বুলি বিশ্বাস কৰা হৈছিল। উন্মাদ গতিবিধি আৰু সজীৱ সংগীতে শৰীৰৰ পৰা বিষ বাহিৰ কৰি দিয়ে বুলি ভবা হৈছিল। এই নৃত্যক এতিয়া চিকিৎসা হিচাপে গণ্য কৰা নহয় যদিও টেৰেন্টিজমৰ সৈতে ইয়াৰ সম্পৰ্ক সাংস্কৃতিক ইতিহাসৰ এক কুটিল দিশ হৈয়েই আছে, আন অৰ্থত টাৰাণ্টেলা নৃত্য মৃত্যু আৰু প্ৰলয়ৰ আমন্ত্ৰণ। এনে এটা নৃত্যৰ নামেৰে স্মৃতি-চাৰণ কবিতাটোৰ নামকৰণ তাৎপৰ্যপূৰ্ণ। নৃত্যৰ লগত জড়িত দ্ৰুত গতি আৰু সজীৱ সংগীতৰ প্ৰতিফলন ঘটোৱা শক্তিশালী আৰু চঞ্চল সুৰৰ ছন্দ কবিতাটোৰ বৈশিষ্ট্য। নৃত্যৰ ৰূপটোৰ আনন্দ আৰু সজীৱতাক উদযাপন কৰা সেই মুহূৰ্তবোৰ কবিয়ে প্ৰাঞ্জল ভাষা আৰু বাক্যৰ ছন্দময় গঠনেৰে পাঠকৰ আগত তুলি ধৰিছে। কʼবলৈ গʼলে কবিতাটো সাংস্কৃতিক পৰম্পৰাৰ সাৰমৰ্ম ধৰি ৰখাৰ ক্ষেত্ৰত বেলʼকৰ দক্ষতাৰ এক নিদৰ্শন। হিলাৰী বেল’কৰ ‘টাৰেণ্টেলা’ৰ মিৰাণ্ডা হৈছে মিৰাণ্ডা মেকিনটছ, যাৰ সৈতে বেল’কে ১৯০৯ চনত আৰাগন নদীৰ পাইৰেনিয়ান গাঁও কেনৰাংকৰ এখন পান্থশালত কিছু নিবিড় মুহূৰ্ত অতিবাহিত কৰিছিল। বিশ বছৰৰ পিছত লিখা এই কবিতাটো আছিল স্কটিছ মিৰাণ্ডাক দিয়া নৱবৰ্ষৰ উপহাৰ। মিৰাণ্ডা কবিৰ প্ৰেমিক নে বান্ধৱী, এই কথা স্পষ্ট হোৱা নাই। কেৱল কোৱা হৈছে ঘাঁহ বা খেৰ কাটি শুকুৱাই তৈয়াৰ কৰা বিচনা আৰু আমনি দি থকা মাখিবোৰৰ প্ৰসংগ। লগতে উল্লেখ আছে আলকাতৰাৰ সোৱাদৰ মদৰ কথা। ‘উচ্চ পাইৰেনিছ’ হʼল ফ্ৰান্স আৰু স্পেইনৰ মাজৰ পৰ্বতমালা। পান্থশালখন ঘৰুৱা পৰিৱেশৰ পৰা বহু দূৰৈত, এহাতে খেৰৰ বিছনাৰ ৰুক্ষতা, আনহাতে প্ৰকৃতিৰ সৌন্দৰ্য, আনন্দৰ লগতে বিৰক্তিৰো ইংগিত দিয়ে। আকৰ্ষণ আৰু অস্বস্তিৰ এক পৰস্পৰ বিপৰীতমুখী ছবি। কবিয়ে যʼত সম্ভৱ সজীৱ ৰূপত সেই ৰাতিৰ এজাক উদণ্ড আৰ্থিকভাৱে সম্বলহীন ডেকা-গাভৰুৰ গীটাৰৰ টিং, টং, টাং সুৰে সুৰে প্ৰাণোচ্ছল গীত আৰু নৃত্যটোৰ ছবি তুলি ধৰিছে এইদৰে: “the Hip! Hop! Hap!/Of the clap/Of the hands to the twirl and the swirl/Of the girl gone chancing, /Glancing, /Dancing,/Backing and advancing,” নৃত্যটোৰ সম্পৰ্কত সংগৃহিত তথ্য অনুযায়ী দেখা গৈছে যে, কবিয়ে যথাসম্ভৱ উক্ত স্তৱকটোত নৃত্যটোৰ ছন্দময় ৰূপটো তুলি ধৰিবলৈ চেষ্টা কৰিছে। নৃত্য, সংগীত আৰু যুৱক-যুৱতীসকলৰ উত্তাল আচৰণৰ চিত্ৰণৰ দ্বাৰা কবিয়ে এক স্মৰণীয় পৰিৱেশটোৰ আভাস এটা দাঙি ধৰিছে। কিন্তু কবিতাটোৰ চূড়ান্ত স্তৱকটোৰ হঠাতে হোৱা পৰিৱৰ্তনে সেই মুহূৰ্তৰ অস্থায়িত্বৰ কথা বুজাইছে, কিয়নো স্পন্দনশীল পান্থশালাখনৰ ঠাইত এক তীব্ৰ আৰু নিস্তব্ধ প্ৰাকৃতিক দৃশ্যই ঠাই লৈছে।

Also Read: কাব্যিক মৰ্মৰ উপলব্ধি আৰু টেৰী ঈগলটনৰ গ্ৰন্থ ʼহাউ টু ৰীড এ পয়েমʼ

কবিতাটোৰ শেষৰ স্তৱকৰ কেইটামান শাৰীত, যেনে ʼNever more;/ Miranda,/Never more. …’No sound/ In the walls of the Halls where falls,… But the boom/ Of the far Waterfall like Doom.’ সকলো কথাৰ শেষ হোৱাৰ ইংগিত দিয়া হৈছে। এয়া এটা বিশেষ ৰাতিৰ বাবে হাহাকাৰ নহয়, বৰঞ্চ সকলো হেৰুৱা অভিজ্ঞতাৰ বাবে বিলাপ। কবিতাটোৰ শেষৰ শাৰীকেইটা যাৰ অনূদিত ৰূপ হʼল: “আৰু কেতিয়াও নহয়, মিৰাণ্ডা৷ আৰু কেতিয়াও নহয়…  শব্দ নাই… হলঘৰৰ দেৱাল আৰু মাটি য’ত পৰিছিল ভৰিৰ খোজ/ কোনো শব্দ নাই… কিন্তু বুম/ দূৰৰ জলপ্ৰপাতটোৰ প্ৰলয়ৰ দৰে”। ইয়াৰ দ্বাৰা কবিয়ে প্ৰাকৃতিক চিত্ৰকল্পৰ আধাৰত হেৰুৱা বা বিচ্ছেদৰ আৱেগিক তীব্ৰতা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে। ‘কেতিয়াও নহয়ʼ (Never more) বোলা শাৰীটোৱে চিৰদিনৰ বাবে নোহোৱা বা আৰু কেতিয়াও হ’ব নোৱাৰা কিবা এটাক বুজাইছে। নিস্তব্ধতাৰ মাজত আন কোনো শব্দ নাই, শুনা যায় মাথোন দূৰৈৰ এটা জলপ্ৰপাতৰ শব্দ। ‘বুমʼ শব্দৰ লগত সংযোজিত ‘ডুমʼ শব্দই ইংগিত দিয়ে সকলোৰে শেষত অনিবাৰ্য প্ৰলয়ৰ। সমালোচকসকলৰ মতে কবিতাটোৱে ঊনবিংশ শতিকাৰ গ্ৰাম্য জীৱনৰ সজীৱ আৰু প্ৰায়ে বিশৃংখল দিশবোৰ প্ৰতিফলিত কৰিছে।

বেলʼকৰ কবিতাটোত ‘মিৰাণ্ডা’ৰ নাম উল্লেখ কৰাৰ পৰা আমি অনুমান কৰি লʼব পাৰোঁ যে, কবিয়ে নিশ্চিতভাৱে ‘মিৰাণ্ডা’ নামৰ কোনো এগৰাকী ব্যক্তিক বুজাইছে, যি তেওঁৰ বান্ধৱী অথবা প্ৰেমিকা আৰু যʼত বন্ধুত্ব বা প্ৰেম স্থায়ী নহʼল, কিন্তু অন্তিম বিশ্লেষণত এনে লাগে ‘মিৰাণ্ডা’ হেৰুৱা বা অপ্ৰাপ্য কিবা এটাৰহে প্ৰতীক। কোনো কোনো কবিৰ কবিতাই আমাক প্ৰেম, দুখ, আনন্দ বা হতাশাৰ আৱেগ বা অনুভূতিৰ মাজত এনে গভীৰভাৱে জড়িত কৰোৱাব পাৰে যিবোৰ অভিজ্ঞতা বা আৱেগ আমি ব্যক্তিগতভাৱে সন্মুখীন হোৱা নাই। কবিতাই আমাৰ হৃদয়ত এনে বৰ্ণময় অনুভূতি জগাই তুলিব পৰা ক্ষমতাৰ বাবেই কবিতা আমাৰ প্ৰিয়।

কবি নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?ʼ নামৰ কবিতাটোত বেলʼকৰ কবিতাটোৰ প্ৰথম শাৰীটো মহেন্দ্ৰ বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা নতুন কবিতা(যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ সংকলন)ত উদ্ধৃত কৰা হৈছিল, কিন্তু কবিতাটোৰ শিৰোনাম আছিল ‘এটা প্ৰেমৰ পদ্যʼ। কবিতাটোত উদ্ধৃত ইংৰাজী লিপিটোৰ লেখকজনৰ নাম উল্লেখ নাছিল। এই সংকলনতে প্ৰকাশ পোৱা ‘প্ৰাৰ্থনা : আকাশৰ প্ৰতি : খিৰিকিৰে’ শীৰ্ষক কবিতাতো এটা দীঘলীয়া ইংৰাজী লিপিৰ উদ্ধৃতি আছে, তাতো লিপিটোৰ লেখকজনৰ নাম উল্লেখ নাই। নৱকান্ত বৰুৱাৰ কবিতাটো প্ৰকাশ হোৱাৰ সময়ত হিলেইৰি বেলʼকৰ কবিতাটো সমসাময়িক পাঠকৰ মাজত অতি জনপ্ৰিয় আছিল নেকি যে, উদ্ধৃতিত কবিৰ নাম উল্লেখ কৰা প্ৰয়োজনেই নাছিল। এই বিষয়ত সঠিক সংবাদ আমাৰ হাতত নাই। পেলগ্ৰেভৰ গল্ডেন ট্ৰেজাৰীতো বেলʼকৰ কোনো কবিতা সন্নিৱিষ্ট হোৱা নাই। উইকিপীডিয়াৰ তথ্য অনুযায়ী বেলʼক ইংলেণ্ডত ইতিহাসবিদ আৰু কবি হিচাবেই জনপ্ৰিয় আছিল। নৱকান্ত বৰুৱাই কি কাৰণত লিপিটোৰ লেখকৰ নাম উল্লেখ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে, সেই কথাও জনা নাযায়। অৱশ্যে নৱকান্ত বৰুৱাৰ কবিতাটোত ʼমনত পৰেনেʼ বোলা কাথাষাৰৰ বাহিৰে বেলʼকৰ কবিতাটোৰ সৈতে তেওঁৰ কবিতাটোৰ কোনো সাদৃশ্য নাই। দুয়োটা কবিতাৰ বিষয়বস্তু সম্পূৰ্ণ পৃথক।

ৰমেন শইকীয়া গুৱাহাটী-নিবাসী এগৰাকী চিন্তাশীল লেখক৷